জালিয়ে চকুলো টুকি ক’লে,-“মানুহৰ অাশা ভৰসা
সকলো মিছা । ঈশ্বৰৰ যি ইচ্ছা সেয়ে হ’ব ৷ তই আকৌ
লগ লগাৰ কথা কৈছ, তাত মোৰ মত নাই ৷ ফটা বাঁহ যিমান
ভালকৈয়ে জোৰোৱা হওক জোৰা নালাগে । ছোৱালী
ধৰিবলৈ মোৰ ওচৰলৈকো মানুহ আহিছে । পিচে মোৰ
তাইক উলিয়াই দিবৰ মন নাই। মই ভাবিছোঁ তাইলৈ ভাল
লৰা এটা চপাই লওঁ। ঈশ্বৰে যেতিয়া চাইটাকৈ লৰা
দিও লৈ গ’ল, এতিয়া তায়েই লৰা, ছোৱালী সকলো ।
যি আছে সকলো তাইৰ হাততে অৰ্পি দিম বুলি ঠিক
কৰিছোঁ৷
হালিৰ ঘাই উদ্দেশ্য আছিল জালিৰ সম্পত্তিখিনি যাতে
আগলৈ তেওঁৰ হাতত পৰে তাৰ ব্যৱস্থা কৰা । জালিৰ কথাত
তেওঁ হতাশ হ’ল । জালিয়ে যে তেওঁৰ মনোভাব বুজিছে
সেইটোও তেওঁৰ কথাত প্ৰকাশ পালে । তথাপি হালিয়ে
নিজৰ কোনো স্বাৰ্থ নথকা যেন দেখুৱাই ক’লে-“সম্পত্তি
যাকে দিয়া, যি কৰা সি তোমাৰ ইচ্ছা । মই সেই বিষয়ে
ভবা নাই । মই ভাবিছোঁ, ভাল ঘৰৰ ভাল লৰা কেতিয়াও
চপনীয়া চাপিবলৈ নাহে । কৰবাৰ খাবলৈ নোপোৱা চোৰ
দগাবাজ এটাহে যদি আগ বাঢ়ে । তেনে লৰা জানো আমাৰ
ছোৱালীৰ যোগ্য হ’ব ! ইফালে যেয়ে সেয়ে কিবা অলপ
লাগিলেই ঢোকা চপনীয়া বুলি হাঁহিব, কথাই কথাই
ক’ব,—“মেল নষ্ট কৰে হোকাই, ঘৰ নষ্ট কৰে ঢোকাই ।”