পৃষ্ঠা:অদৃষ্ট.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অদৃষ্ট

   কৰাবৰে পৰা দেখোন ভায়েৰৰ মতি-গতি বদলি গৈছে । আগেয়ে তেও যেন তেন আছিল, মাৰ মৰাৰ পৰা তহঁতক ক’ৰবাৰ কোনোবা বুলিহে ভাবে । এনেকৈ পেটত কপট ৰাখি লগ হৈ থকাতকৈ আমি দেখাত বেলেগ হোৱাই ভাল । সিহঁতৰ জানো লৰা-ছোৱালী নহ’ব । তেতিয়া সেকাটো পাব
   জালিৰ বেলেগ হ’বৰ ইচ্ছা নাছিল। সেই বাবে ভায়েকক বুজাই-বৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু ভায়েক-বোৱা- ৰীয়েকহঁতৰ ব্যৱহাৰে দিনে দিনে বেচিকৈহে তিতা লগাবলৈ ধৰিলে । শেহত অান উপায় নেদেখি এদিন তেওঁ ৰাইজ গোটাই বয়-বস্তু মাটি-বাৰী সকলো ভাগ বাটি লৈ ভায়েকক বেলেগাই দিলে । সুমথিৰাই আনন্দ পালে ; তেওঁৰ মূৰৰ কামোৰ, পেটৰ বিষ আদিও নাইকিয়া হ’ল ।
   বেলেগ হোৱাৰ পৰা প্ৰথমতে জালিৰ কিছু অসুবিধা হৈছিল, কিন্তু লাহে লাহে সেই অসুবিধা আঁতৰি গ’ল । এফালে যেনেকৈ তেওঁৰ সন্তানৰ সংখ্যা বাঢ়িল, আনফালে তেনেকৈয়ে ডাঙৰকেইটাই সৰুকেইটাক চাব পৰা হ’ল ; নানা কামত বাপেক-মাকৰ সহায় হৈ আহিল ।    হালিৰ কিন্তু ওলোটা হ’ল । নিঃসন্তান থাকেঁতে তেওঁ একোলৈকে কেৰেপ নকৰিছিল, এতিয়া সন্তান হোৱাৰ লগে লগে সকলো অসুবিধাই দেখা দিলে। কেচুৱা এৰি সুমথিৰাই পথাৰত কাম কৰিব নোৱৰাত পৰিল, ভূঁই কবলৈ ৰোৱণী