এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অঞ্জামিল উপাখ্যান। এহি মতে দ্বিজে আনন্দতে চলি যায় । বৈকুণ্ঠক পালে সাতো স্বৰ্গক চৰায় । সক্ষাতে আছন্ত যৈত প্ৰভূলক্ষ্মী পতি। 'কৰিলন্ত হৰিসতে তৈকে লাগি গতি সেৱা কৰি ৰৈল হুৱা এক পাৰিষদ । ভকতি মিলাইলে মহা মুকুতি সম্পদ । তৰিল দুষ্টৰ যম যাতনাৰ ভিতি । দিব্য বিমানত ৰঙ্গে কৰিলন্ত গতি । লক্ষ্মী হেন ৰূপৱতী ৰমণী অনেক । হাতে তাল ধৰি বাৱে সঙ্গীত যতেক কৃষ্ণ গুণ গাৱে প্রেমে দ্রৱে অতি চিত । বহয়ে লোতক আতি তনু ৰোমাঞ্চিত ! কৃষ্ণৰ সদৃশ ৰূপ চিনন নাযায় । শ্রীবৎস কৌস্তুভ মাত্র দুই চিননায় । অনিছায়ে হুমৰিলে মৰন্তে নামক । তথাপিতো পাইলে অঞ্জামিলে বৈকুণ্ঠক ভৈল চতুৰ্ভুজ আনন্দৰ নাই সীমা । কি কহিবো নাৰায়ণ নামৰ মহিমা । শুনা সভাসদ পদ মহাভাগৱত । কেদিন থাকিবা ইটো মনুষ্য লোকত