নিকুঞ্জলতা সপোন মগন

নিকুঞ্জ লতা সপোন মগন
         বাঁহীৰ অমিয়া পি,
বসন্তই বঢ়ালে সপোনৰ ৰাগী
        মূৰত হাত বুলাই দি।
মলয়া বতাহে লতাটি জগালে
            মেলিলে ফুলৰে চকু,
জোনাকে ঢালিলে সুধাৰ নিজৰা
           উপচি পৰিল বুকু।