মূল মেনু খোলক

ৱিকিউৎস β

নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন

নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
নামৰ অন্বয়

কৃষ হেন শব্দ ইটো         পৃথিৱী-বাচক ভৈল

ণ আনন্দত প্ৰবৰ্ত্তয় |

দুইৰো এক পদ ভৈলে         পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ

নাম-আনন্দক মাত্ৰ কয় ||১৪০

ঈশ্বৰৰ পদ সেৱা         কৰন্তে জীৱৰ যত

কৃশতা গুচয় নিৰন্তৰ |

এহি হেতু্তেসে জানা         ঈশ্বৰক বুলি কৃষ্ণ

প্ৰসিদ্ধ আনয় মনোহৰ ||১৪১

নিৰন্তৰে নিজানন্দ-         সুখ-পৰিপূৰ্ণ-ৰূপ

অখণ্ড আনন্দ নুগুচয় |

এতেকেসে সদানন্দ         নিত্যানন্দ নামে ইটো

ঈশ্বৰকে বুলিয় নিশ্চয় ||১৪২

ক ইশ পদে         বিষ্ণু মহেশ্বৰ হৰি

প্ৰতি প্ৰতি তিনিৰো অন্বয় |

ৱ পদে নাৰায়ণে         তিনিকো আছয় চান্দি

এহি হেতু কেশৱ বোলয় ||১৪৩

ঈশ্বৰ কৃষ্ণৰ পদ         সেৱন্তে জীৱৰ চ্যুতি

গুচয় সংসাৰ অদভুত |

এহি হেতুতেসে জানা         যতেক মহন্তসৱে

ঈশ্বৰক বোলয় অচ্যুত ||১৪৪

ঈশ্বৰ কৃষ্ণৰ পদে         ভজিয়া অধমসৱো

আতিশয় হোৱয় উত্তম |

এহি হেতুতেসে জানা         লোকত প্ৰসিদ্ধ ভৈল

ঈশ্বৰৰ নাম নৰোত্তম ||১৪৫

ঈশ্বৰক জানি নৰে         ভজিয়া মায়াক তৰি

সিংহ যেন ভ্ৰমন্ত নিৰ্ভয় |

এতেকেসে ঈশ্বৰৰ         নাম নৰসিংহ ভৈল

মহাজনসকলে কহয় ||১৪৬

ঈশ্বৰৰ পাদ-পদ্ম         ভজি শুদ্ধ-চিত্ত হুয়া

অধমো তেজয় বামানয় |

এহি হেতুতেসে থাকি         নিৰন্তৰে মহাজনে

ঈশ্বৰকে বামন বোলয় ||১৪৭

মোক্ষ আদি কৰি যত সুখ         ঈশ্বৰ-সেৱাৰ জানা

অণু একো নুহি সমসৰ |

এহি হেতু মহাজনে         জানিবা পৰমানন্দ

নাম ধৰি আছন্ত ঈশ্বৰ ||১৪৮

যিহেতু কৃষ্ণেসে আত্মা         এতেকেসে জীৱ-ৰাশি

নিৰন্তৰে আনন্দ লভয় |

এহি হেতু সৰ্ব্বানন্দ         নাম ধৰি আছা হৰি

মহাজনে জানিবা নিশ্চয় ||১৪৯

যিকাৰণে নাৰায়ণে         পঞ্চ-ভুতে পঞ্চ-বৰ্ণ

মালা পিন্ধি প্ৰকাশ কৰন্ত |

এহি হেতু নিৰন্তৰে         জানিবাহা বনমালী

নাম ধৰি আছা ভগৱন্ত ||১৫০

ঈশ্বৰ সেৱাৰ সুখ         লভিয়া ইন্দ্ৰিয়-জন্য

সুখ জীৱে অধ:কৃত কৰে |

এহি কাৰণত সৱে         জানিবাহা অধোক্ষজ

নাম ধৰি আছা দামোদৰে ||১৫১

চৈতন্যত কৰি পৰ         মায়াত উপজি জড়

আছে তাক ৰমাৱন্ত হৰি |

এতিসে কাৰণে জানা         পৰম ঈশ্বৰ প্ৰভু

পৰ্শুৰাম নাম আছা ধৰি ||১৫২

চৈতন্য শক্তিৰ দ্বাৰে         ইটো জড় জগতক

ৰমাৱন্ত কৰ্ম্ম-অনুৰূপে |

এতেকেসে ঈশ্বৰৰ         পৰম প্ৰসিদ্ধ ৰাম

নাম আক জানিবা স্বৰূপে ||১৫৩

অনন্ত-চৈতন্য আত্মা         সদানন্দ ঈশ্বৰত

যোগীজনে সদায় ৰময় |

এহি হেতু ৰাম পদে         পৰমব্ৰহ্ম-স্বৰূপক

কহে ৰাম-নামৰ অন্বয় ||১৫৪


দুলড়ি

স্মৰণ মাত্ৰকে         যিহেতু দুৰ্ঘোৰ

সংসাৰ-দুখ হৰন্ত |

এহি হেতুতেসে         ঈশ্বৰক হৰি

বোলয় যত মহন্ত ||১৫৫

আত্মা-ৰূপে জানা         ইটো জগতত

আছন্ত হুয়া প্ৰৱেশ |

এহি হেতুতেসে         ঈশ্বৰক বিষ্ণু

বুলিয় নাম বিশেষ ||১৫৬

ইন্দ্ৰিয়-বৰ্গত         যিহেতু ঈশ্বৰ

আছন্ত হুয়া প্ৰৱেশ |

এতেকে মহন্ত-         সকলে বোলয়

ঈশ্বৰক হৃষীকেশ ||১৫৭

অন্তৰ্য্যামী-ৰূপে         যিহেতু জীৱক

সুখ-দুখ ভুঞ্জাৱন্ত |

এতেকেসে পৰ-         মাত্মা নাম ধৰি

আছা প্ৰভু ভগৱন্ত ||১৫৮

পৰম ঈশ্বৰ-         স্বৰূপে জীৱৰ

আছন্ত হুয়া আশ্ৰয় |

এতেকেসে তাঙ্ক         বুলি নাৰায়ণ

নামৰ দিব্য আন্বয় ||১৫৯

অহঙ্কাৰ আদি         একোৱে উপাধি

কৰিতে নপাৰে ছন্ন ||

এহিসে কাৰণে         মহন্তসকলে

বোলে তাঙ্ক নিৰঞ্জন ||১৬০

সত্ত্ব ৰজ তম         তিনি গুণ-বৃত্তি

লুপ্ত তাঙ্ক নকৰয় |

সেহিসে কাৰণে         বেদ-শাস্ত্ৰগণে

বোলে তাঙ্ক নিৰাময় ||১৬১

যতেক প্ৰাকৃত         আকাৰ-বৰ্জ্জিত

ভৈলন্ত যিহেতু হৰি |

সেহি হেতুতেসে         নিৰাকাৰ নাম

আছন্ত ঈশ্বৰে ধৰি ||১৬২

মা পদে লক্ষ্মী-         দেৱীক বোলয়

তাহান স্বামী ঈশ্বৰ |

এতেকেহে তাঙ্ক         বোলয় মাধৱ

মহাজন নিৰন্তৰ ||১৬৩

জনা পদে মায়া         দেৱীক বুলিয়

ভক্তৰ মায়া মৰ্দ্দন্ত |

এহি হেতুতেসে         জনাৰ্দ্দন নাম

ধৰি আছা ভগৱন্ত ||১৬৪

মধুৱতে মায়া         উন্মত কৰায়া

আছা যত জীৱগণ |

ভক্তৰ মায়াক         পীড়ন্ত নিমিত্তে

বুলিয় মধুসুদন ||১৬৫

গো পদে বেদ         ইন্দ্ৰিয়ক বুলি

কৰন্ত তাম পালন |

এতেকেসে তাঙ্ক         বুলিয় গোপাল

জানিবাহা মহাজন ||১৬৬

ইন্দ্ৰ আদি দেৱে         গোৰ ইন্দ্ৰ পাতি

কৰিলন্ত অভিষেক |

পৰম প্ৰসিদ্ধ         গোবিন্দ নামক

ধৰিলা হৰি প্ৰত্যেক ||১৬৭

দেশে কালে তাঙ্ক         একোৱে প্ৰকাৰে

কৰিতে নপাৰে অন্ত |

এহি হেতুতেসে         ঈশ্বৰৰ নাম

প্ৰসিদ্ধ ভৈল অনন্ত ||১৬৮

যত বেদবাদী         বেদক বিচাৰি

কৰিতে নপাৰে আদি |

এতেকেসে তান         পৰম প্ৰখ্যাত

হুয়াছে নাম অনাদি ||১৬৯

অধম পুৰুষো         হবয় উত্তম

ভজিয়া যাৰ চৰণে |

পুৰুষোত্তম         নামক ধৰিয়া

আছন্ত এহি কাৰণে ||১৭০

ক্ষৰ পদে ইটো         দেহক বুলিয়

অক্ষৰ শবদে ব্ৰহ্ম |

দুইটো কৰি ইটো         উত্তম নিমিত্তে

প্ৰখ্যাত পুৰুষোত্তম ||১৭১

প্ৰকৃতি পুৰুষ         দুইটো কৰি পৰ

দুইহানো নিজ কাৰণ |

পৰম ঈশ্বৰ         নামক ধৰিয়া

আছা তাতে নাৰায়ণ ||১৭২

কৰ্ম্ম অনুসাৰে         ইটো জগতক

পালন্ত হৰি সাক্ষাত |

এহি হেতুতেসে         জগন্নাথ নাম

আছন্ত হুয়া প্ৰখ্যাত ||১৭৩

ঈশ্বৰৰ সেৱা         কৰিলে জীৱৰ

গুচয় মায়াৰ ভ্ৰম |

ব্ৰহ্ম পদে শুধ         জীৱক বুলিয়

ঈশ্বৰক পৰমব্ৰহ্ম ||১৭৪

অন্তৰ্য্যামী ৰূপে         জীৱ আদি কৰি

নিয়মন্ত সমস্তক |

এহি হেতুতেসে         পৰমাত্মা পদে

বুলি জানা ঈশ্বৰক ||১৭৫

ব্ৰহ্ম পৰমাত্মা         কৰিয়া যিহেতু

ঐশ্বৰ্য্যৰ নাহি অন্ত |

এহি হেতু মহা-         মহন্তসকল

বোলে তাঙ্ক ভগৱন্ত ||১৭৬

নিজ ভক্ত পদে         গৰুড়ক ধ্বজ

কৰিলা হৰি যিহেতু |

সেহিসে কাৰণে         মহন্তসকলে

বোলয় গৰুড়-কেতু ||১৭৭

কাল মায়া আদি         যাহাৰ নামক

কৰিতে নপাৰে কুণ্ঠ |

এহিসে কাৰণে         ইশ্বৰৰ নাম

প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ ||১৭৮

সদানন্দ আত্মা         চৈতন্য অনন্তে

যিহেতু যোগী ৰময় |

এতেকেসে ৰাম         পদে পৰমব্ৰহ্ম

ৰূপক বুলি নিশ্চয় ||১৭৯

চৈতন্য স্বৰূপে         যিহেতু সদায়ে

ৰমাৱন্ত জগতক |

এতেকেসে ৰাম         সুমধুৰ পদে

বুলি জানা ঈশ্বৰক ||১৮০

জগততে কৰি         আছন্তে নিৱাস

জগতো তান্তে বসয় |

এতেকেসে তাঙ্ক         বুলি বাসুদেৱ

নামৰ দিব্য অন্বয় ||১৮১


শৰণ

হৰি-পদ-সেৱা         নকৰে নিমিত্তে

মায়ায়ে বান্ধি ফুৰাৱে |

তাৱত মায়াক         নতৰে হৰিত

শৰণ নলৱে যাৱে ||১৮২

মঞি দুৰাচাৰ         কেৱলে তোহ্মাৰ

অপৰাধী নাৰায়ণ |

ক্ষমিয়োক হৰি         লৈয়ো দাস কৰি

পশিলো হেৰা শৰণ ||১৮৩

হে কৃষ্ণ স্বামী         তযু পাৱে আমি

কেৱল শৰণ চাঞো |

কৰা অনুগ্ৰহ         মায়াৰ নিগ্ৰহ

তেৱেসে প্ৰভু এৰাঞো ||১৮৪

হে যদুপতি         মঞি মূঢ়-মতি

নজানো সেৱা তোহ্মাৰ |

কেৱল তোহ্মাৰ         চৰণ-পঙ্কজে

শৰণ কৰিলো সাৰ ||১৮৫

পুৰুষ-উত্তম         পৰম-পুৰুষ

পৰম-আনন্দ স্বামী |

তযু পাদ-পদ্ম-         মকৰন্দ আশে

শৰণ পশিলো আমি ||১৮৬

প্ৰভু ভগৱন্ত         অনন্ত ঈশ্বৰ

প্ৰপন্ন-জন তাৰণ |

তুমি প্ৰিয়তম         পৰম দেৱতা

জানিয়া লৈলো শৰণ ||১৮৭


ভজন

জয় জয় জয়         কৃষ্ণ কৃপাময়

ভজিলো তোহ্মাৰ পাৱে |

তোহ্মাৰ চৰণ-         পঙ্কজত মন

মজোক মোৰ স্বভাৱে ||১৮৮

জয় জয় ৰাম         জগত-কাৰণ

জগত-জীৱন স্বামী |

পৰম দেৱতা         জানিয়া তোহ্মাৰ

চৰণে ভজিলো আমি ||১৮৯

অনাদি অনন্ত         হে ভগৱন্ত

ভজো কৰি প্ৰণিপাত |

মুকুতি-ৰসকো         তেজি মহাজনে

শৰণ লৱে তোহ্মাত ||১৯০