দেৱাঙ্গভূষণ বস্ত্ৰ


নাতি৷-“ককাদেউতা,কালিৰ সাধুটো যদিও চুটি,কিন্তু বঢ়িয়া৷আজিও তেনেকুৱা এটাকে কোৱা৷”

ককা৷-“শুন৷”

এজন ৰজা আছিল৷এদিন তেওঁ পাত্ৰ-মন্ত্ৰী আৰু সভাসদসকলক ক’লে যে, “সকলো মানুহে দিনত বন কৰে আৰু ৰাতি হ’লে শুই থাকে;আমিওচোন দিনকে ৰাতি,ৰাতিকে দিন কৰি লওঁহঁক-আমি ৰাতি হ’লে দিন বুলি কাম-বন কৰিম,দিনত ৰাতি বুলি শুই থাকিমহঁক৷”পাত্ৰ-মন্ত্ৰীসকলে ৰজাৰ কথাত হয় দিলে৷পাছদিনা ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে আজিৰপৰা ৰাতিক দিন আৰু দিনক ৰাতি কৰা হ’ল৷যি এই নিয়ম নেপালিব তাৰ শাস্তি হ’ব৷ৰজাৰ দণ্ডৰ ভয়ত সকলো সেইদৰে চলিবলৈ ধৰিলে৷ইয়াৰ পিছত সেই ৰাজ্যৰ মানুহে ৰাতি কাম কৰে,দূৰলৈ যায়,সাৰে থাকে,কিন্তু দিন হ’লে সোনকালে খাই বৈ শুই থাকে৷ৰজাৰ পালী-পহৰীয়াই দিনত ৰাতি বুলি পহৰা দিয়ে৷

এদিন সেই দেশলৈ অন্য দেশৰপৰা কেইটামান তাঁতী আহিছিল৷সিহঁতে সেই দেশৰ নিয়ম নুবুজি দুপৰীয়া আলিয়ে আলিয়ে ফুৰি ফুৰিছিল আৰু পিয়াহ লগাত ৰজাৰ পুখুৰীত নামি পানী খাবলৈ গৈছিল৷পুখুৰী ৰখীয়াহঁতে সিহঁতক “দুপৰ ৰাতি কিয় আহিছ?”বুলি বন্দী কৰি থৈ দিলে৷সিহঁতে ক’লে, “কিয়,আমি দিনতহে আহিছোঁ;ৰাতি কেতিয়া আহিলোঁ?”তেতিয়া ৰখীয়াহঁতে কলে, “অ’ তহঁত এই দেশৰ মানুহ নহৱ;সেই কাৰণে নেজানহঁক৷আমাৰ ৰজাই দিনক ৰাতি,ৰাতিক দিন পাতিছে৷”তাঁতী কেইটাই ক’লে, “ককাইহঁত,আমি সেইবোৰ নেজানো; আমাক এইবাৰলৈ এৰি দেহঁক৷”সিহঁতে ক’লে, “নহয়,আমি তহঁতক এৰি দিব নোৱাৰোহঁক;কাইলৈ ৰজাই সুধি-পুছি যি কৰে কৰিব৷”সেইদিনা তাঁতী কেইটাই বন্দীশালতে থাকিল৷ৰাতি হ’লত ৰখীয়াই নি সিহঁতক ৰজাক গতাই দিলে;ৰজাই সিহঁতক প্ৰাণদণ্ড দিবলৈ হুকুম দিলে৷সিহঁতে সাৰিবলৈ এটা উপায় চিন্তি দুখ মনেৰে ৰজাৰ আগত এইদৰে ক’লে “মহাৰাজ,আমাৰ গাত এটি বিদ্যা হে গ’ল,কোনেও শিকিবলৈ নেপালে৷”ৰজাই সুধিলে, “কি বিদ্যা কহঁকচোন বাৰু?”সিহঁতে কলে, “মহাৰাজ,আমি দেৱাঙ্গভূষণ বস্ত্ৰ বব জানো৷”ৰজাই সুধিলে “দেৱাঙ্গভূষণ বস্ত্ৰণো কেনেকুৱা?”সিহঁতে ক’লে “দেৱাঙ্গভূষণ অৰ্থাৎ দেৱতাৰ গাৰ কাপোৰ৷”ৰজাই ভাবিলে,বাৰু ইহঁতৰ প্ৰাণ ৰক্ষা কৰি সেই বস্ত্ৰ এজোৰকে বোৱাই লওঁচোন৷ইয়াক ভাবি ৰজাই ক’লে, “তহঁতে যদি মোক এজোৰ দেৱাঙ্গভূষণ বস্ত্ৰ বৈ দিব পাৰ তেন্তে তহঁতৰ প্ৰাণ ৰক্ষা কৰিম৷”সিহঁতেও পাৰিমহঁক বুলি ক’লে৷সিহঁতে কাপোৰ ববলৈ বুলি ৰজাৰপৰা দহ সেৰ সোণ নিলে আৰু মিছামিছিকৈ এখন তাঁত শাল পাতি সূতা নাইকিয়া শাল খপৰ-খপৰকৈ ববলৈ ধৰিলে৷ভাটীফালৰ কেইজনমান তাঁতীয়ে ৰজালৈ এজোৰ দেৱাঙ্গভূষণ বস্ত্ৰ বৈছে,এই খবৰ নগৰৰ সকলো মানুহৰ মাজত জনাজাত হ’ল৷দেৱতাঙ্গভূষণ বস্ত্ৰনো কেনেকুৱা বুলি অনেক মানুহ তাঁত চাবলৈ যায়, কিন্তু তাঁতীহঁতে কয় যে যি মানুহ জহৰা সি এই দিব্য বস্ত্ৰ নেদেখে, যি প্ৰকৃততে বাপেকৰ সিহে দেখে৷সেই কাৰণে, তাঁত চাবলৈ যোৱা মানুহে “আমি দেখিছোঁ” বুলি আন মানুহৰ আগত কয়হি; কাৰণ যেয়ে নাই দেখা বুলিব সেয়ে জহৰা হব৷ সাতদিনমানৰ মূৰত তাঁতীহঁতে দহ সোণৰ সূতাই নাটিলে বুলি আৰু দহ সেৰ সোণ ৰাজ-ভঁৰালৰপৰা লৈ গ’লহি,আৰু মিছামিছিকৈ এটা যঁতৰ লৈ শূন্যতে হাত চলাই সূতা কটা হ’ল বুলি মানুহক দেখুৱাই খপং খপং কৰি তাঁত ববলৈ ধৰিলে৷ কাপোৰ কিমান বোৱা হৈছে এই কথা জানিবৰ নিমিত্তে ৰজাই এদিন তেওঁৰ তামূলী আৰু বৰকটকীক তাঁতশাললৈ পঠালে৷ তাঁতীহঁতে সেই দিনা তেওঁলোকক দেখুৱাই ধুমাধুমিকৈ তাঁত ববলৈ ধৰিলে; কিন্তু এজনেও কাপোৰ দেখা নাপালে৷ তামুলীয়ে ভাবিলে “মই তেন্তে জহৰা হবলা, নহলে কিয় কাপোৰ নেদেখিম?” কটকীয়ে মনে মনে ভাবিলে “হায়! মইও জহৰাহে, নহলে কাপোৰ দেখিলোহেঁতেন৷” এইদৰে দুয়ো ভাবি, লাজৰ ভয়ত আচল কথা প্ৰকাশ নকৰি “কাপোৰ দেখিছোহঁক, ভাল হৈছে” বুলি ঘৰলৈ গ’ল আৰু তাঁতীহঁতে উত্তম কাপোৰ বৈছে বুলি ৰজাক জনালেগৈ৷ তাৰ পাছদিনা তাঁতীহঁতে ফুল দিবলৈ বুলি এসেৰ হীৰা আৰু পাঁচ সেৰ মুকুতা ৰাজ ভঁৰালৰপৰা ৰজাক জনাই লৈ গ’লহি৷ আকৌ মিছামিছিকৈ সিহঁতে মানুহক দেখুৱাই কাঠি বাছি ফুল দিবলৈ লাগি গ’ল৷ তিনদিনমান ফুল দিয়াৰ ভাও দেখুৱাৰ পাছত, কাপোৰ ওলাল বুলি সিহঁতে খবৰ দিলে৷ এটি ভাল দিন চোৱাই ৰজাই দেৱাঙ্গভূষণ পিন্ধাৰ দিন; সেই নিমিত্তে আজিয়েই ঢোল কোবাই শুনাই দিয়া হ’ল যে কাইলৈ ৰজাই দেৱাঙ্গভূষণ বস্ত্ৰ পিন্ধিব, যাৰ ইচ্ছা আছে চাবলৈ যাব পাৰে৷ ৰজাই দেৱাঙ্গভূষণ বস্ত্ৰ পিন্ধিব শুনি নগৰৰ সকলো প্ৰজা ৰজাঘৰলৈ আহিল আৰু তাঁতী কেইটাইও এতা জপা, তাত দেৱাঙ্গভূষণ বস্ত্ৰ আছে বুলি লৈ আহি সেই সভাত উপস্থিত হ’লহি৷ নগৰৰ মানুহত বাজেও গাঁৱৰপৰা বুঢ়া, তিৰুতা, খোৰা, কোঙা, ল’ৰা-ছোৱালী অনেক আহিবলৈ ধৰিলে৷ নগৰ মানুহেৰে দল্‌দোপ-হেন্দোলদোপ্ লাগি পৰিল৷ কাপোৰ পিন্ধোৱাৰ সময় আহিলত তাঁতীহঁতৰ ভিতৰৰ মুখিয়ালটোৱে জপা মেলি মিছামিছিকৈয়ে কাপোৰ এখন উলিৱাব ভাও দেখুৱাই ক’লে “আমি আজি এই দেৱাঙ্গভূষণ বস্ত্ৰ মহাৰাজক পিন্ধাম, যিসকল লোক প্ৰকৃত বাপেকৰ সন্তান তেওঁলোকে হে বস্ত্ৰ দেখিব, যিসকল লোক জহৰা, তেওঁবিলাকে নেদেখে৷” এই বুলি সি মিছামিছিকৈ নতুন চুৰিয়া পিন্ধোৱাৰ ভাও দেখুৱালে, আৰু ৰজাৰ গাৰ কাপোৰ খহাই দি নতুন কাপোৰ গাত মেৰাই দিয়াৰ দৰে দিলে৷তাৰ পাছত সি ক’লে, “ৰাইজসকল, আপোনালোকে ৰজাক এতিয়া বস্ত্ৰ পিন্ধালত কেনে দেখিছে?” সকলোছে দেখিলে, ৰজাক নাঙঠ হে কৰিছে; কিন্তু আচল কথা ভাঙি ক’লে জহৰা হব লাগে বুলি কোনেও সেই কথা কবলৈ সাহ নকৰিলে৷ সেইদেখি সকলোৱে বৰ সুন্দৰ হৈছে বুলি কবলৈ ধৰিলে৷ ইফালে ৰজাই চাই দেখে যে তেওঁ নাঙঠ হে হৈছে, তেওঁৰ গাত একো কাপোৰ নাই৷ কিন্তু কথা ভাঙি ক’লে ৰজাই নিজেই জহৰা হ’ব লাগিব বুলি ৰজাই একো নোকোৱাকৈ মনে মনে থাকিল৷ এনেতে এটা সাহিয়াল মানুহে আগবাঢ়ি ক’লে, “মহাৰাজ, কাটক বা মাৰক, বন্দীয়ে আপোনাক নাঙঠ কৰা যেন দেখিছোঁ৷” তেতিয়া সাহ পাই ইটোৱে বোলে “হয়, আমিও নাঙঠ কৰা যেন হে দেখিছোঁ৷” সিটোৱে বোলে, “আমিও তেনে হে দেখিছোঁ৷” এইদৰে লাহে লাহে সকলো দৰ্শকেই ৰজাক নাঙঠ হে কৰিছে বুলি কবলৈ ধৰিলে৷ ৰজাই বৰ লাজ পালে, আৰু তেতিয়াই সেই তাঁতী কেইটাক কাটিবলৈ কটোৱালক আদেশ দিলে৷ তাঁতী কেইটাই প্ৰাণদণ্ডৰ হুকুম শুনি ৰজাৰ আগত আঁঠু লৈ ক’লে –“মহাৰাজ, আমাকতো কাটিবলৈ হুকুম দিলেই, কাটক; কিন্তু তাৰ আগেয়ে আমি এটি কথা মহাৰাজৰ আগত কওঁ৷ মহাৰাজে দিনক ৰাতি আৰু ৰাতিক দিন পাতিছে৷ আমি বিদেশী মানুহ, পৃথিৱী গোটেইখনত দিন ৰাতি যাক বোলে তাকে বুলি দিনত মহাৰাজৰ আলি ফুৰিছিলোঁ, আৰু পুখুৰীৰ পানী খাইছিলোঁ; মহাৰাজৰ এনে অদ্ভুত হুকুমৰ কথা নাজানিছিলোঁ; তথাপি মহাৰাজে আমাক কাটিবলৈ হুকুম দিছিল৷ মহাৰাজে দিনক ৰাতি বুলি ওলোটা শাস্ত্ৰ কৰিব পাৰে, নাঙঠটোৱে কাপোৰ পিন্ধা বুলিহে চলাব নোৱাৰে? আমি ভাবিছিলোঁ মহাৰাজৰ নিচিনা ক্ষমতাশালী ৰজাই ঠিক ইয়াকো চলাব পাৰিব৷ এতিয়া হে বুজিলোঁ, মহাৰাজৰ সেইটো ক্ষমতা নাই৷” ৰজাই তাঁতীহঁতৰ কথা শুনি ঠিক বুলি সিহঁতক এৰি দিলে আৰু সেই দিনাৰপৰা ৰাতিক দিন কৰা আৰু দিনক ৰাতি কৰা হুকুম ৰদ কৰিলে৷ তাঁতী কেইটাও সোণ, ৰূপ, হীৰা, মুকুতাবোৰ লৈ সিহঁতৰ দেশলৈ উভতি গ’ল৷