[ পাতনি ]

পাতনি।

কমতাপুৰ ধ্বংস কাব্য (page 3 crop)

 আসামৰ আদৰ্শ সতী আহোম কুলৰ গৌৰৱ স্বৰূপা জয়মতী কুঁৱৰীয়ে যেনেকুৱা অমানুষিক ভীষণ অত্যাচাৰ সহ্য কৰিও, অসামান্য পতিপৰায়নতাৰ পৰিচয় দি গৈছে, সেইটো ভাবি চালে একেবাৰে বিস্ময়াপন্ন হ'ব লাগে। স্বামীৰ মঙ্গলৰ অৰ্থে তিৰুতাৰ আত্মদান জয়মতী কুঁৱৰীৰ চৰিত্ৰত সম্পূৰ্ণ ৰূপে বিকাশ পাইছে। মুঠতে কবলৈ গ'লে, সতী চিৰস্থানীয়া জয়মতী কুঁৱৰী মঙ্গলময় পৰমেশ্বৰৰ এক অপূৰ্ব্ব সৃষ্টি॥

 এই সতীৰ পবিত্ৰ কাহিনী সৰুতে পঢ়়াকালত সাধু কথাৰ দৰে আমাৰ স্বৰ্গীয়া আইদেউতাৰ মুখৰ পৰা অনেকবাৰ শুনিছিলো; ডাঙ্গৰ হৈ ইং ১৯০২ সনত শিৱসাগৰৰ ফালে এবাৰ ফুৰিবলৈ যাওঁতে জয়মতী কুঁৱৰীৰ যশস্তম্ভ স্বৰূপ “জয়সাগৰ’’ পুখুৰি আৰু “জয়দৌল’’ দেখা পাই, মনত এক অনীৰ্ব্বচনীয় ভাবৰ উদয় হোৱাত জয়মতী কুঁৱৰীৰ আত্মদানৰ কাহিনী লৈ, আমাৰ এখনি কাব্য লিখিবলৈ ইচ্ছা হয়। সেয়েই এই কাব্য খনিৰ প্ৰথম সূচনা। কাব্য লিখা কিন্তু মুখৰ কথা নহয়। আমাৰ নিচিনা মানুহে বৰ্তমান যুগৰ অসমীয়া ভাষাত কাব্য লিখি কৃতকাৰ্য্য হোৱাটো দূৰাশা যেন ভাবি, কেইবাবাৰো পুথিখনি লিখিবলৈ হাতত লৈ [ পাতনি ] কেই সৰ্গমানৰ অলপ অলপ লিখিয়েই, এৰি দিয়া হৈছিল। কিন্তু মনুষ্য জীৱনত সাধাৰণতঃ মানুহৰ দুৰাশা বিলাকেই বেচি প্ৰবল। আমাৰো অন্তৰৰ দূৰাশা বেচি প্ৰবল হৈ উঠাত, তাৰ ফল স্বৰূপে এই কাব্য খনি পাঠক পাঠিকা সকলৰ আগত দাঙি ধৰিলো। সেই সকলে অৱশ্যে বুজিছে:⸻⸻

মন্দঃ কবিযশঃ প্ৰাৰ্থী গমিষ্যম্যুপহাস্যতাম।
প্ৰাংগুলভ্যে ফলে লোভা দুৰাহৰিব বামনঃ॥

 কিন্তু উপাই কি? মন যে অবোধ নামানে প্ৰবোধ।"

 সেই যাহক, মৰমীয়াল পাঠক পাঠিকা সকলে আমাৰ “কমতাপুৰ ধ্বংস” আৰু “বিৰহিনী বিলাপ কাব্য”ক যি স্নেহৰ চকুৰে চাই লিখোতাক উৎসাহিত কৰিছিল,—“তিৰুতাৰ আত্মদান বা জয়মতী কাব্য"কো সেই স্নেহৰ চকুৰে চালেই, আমাৰ শ্ৰম সফল হ’ব।

 বৰ্তমান লিখোতাৰ মনত নিতান্ত অশান্তি। অশান্তি গতিকে ঠায়ে ঠায়ে যদি পুথি খনিৰ লালিত্য ৰক্ষা কৰিব পৰানাই, সেই বাবে যেন পাঠক পাঠিকা সকলে ক্ষমা দিয়ে। লিখোতাৰ অনেক অসুবিধা৷ গতিকে নিজে আহি কাকত চাব নোৱাৰাত, যোৰহাট মিউনিচিপেল অফিচৰ হেড ক্লাৰ্ক, আমাৰ সুযোগ্য বন্ধু শ্ৰীযুত মহেশ্চন্দ্ৰ শৰ্মা বৰ কটকী,— আৰু “ধৰ্ম্মপ্ৰকাশ প্ৰেছৰ মেনেজিং প্ৰোপ্ৰাইটীৰ শ্ৰীযুত ঘনকাৰ ভট্টাচাৰ্য্য, এওঁলোক দুজনে আৰ্হি কাকত চাই দি অনেক উপকাৰ কৰিছিল, সেই বুলি তেখেত [ পাতনি ] বিলাকৰ ওচৰত লিখোঁতা চিৰকৃতজ্ঞ থাকিল।

 শেহত কওঁ যে অশেষ চেষ্টা কৰাতো পুথি খনিত ভালে খিনি ভুল থাকি গ'ল। পাঠক পাঠিকা সকলৰ অনুগ্ৰহত পুথি খনিয়ে যদি কেতিয়াবা দ্বিতীয় তাঙ্গৰণ দেখিবলৈ পায় সেই ভুল বিলাক শুধৰাবলৈ ইচ্ছা থাকিল। সম্প্ৰতি অসহনীয় কেইটামানৰ এখন শুধৰণী পত্ৰ দিয়া গ'ল। পুথি খনি পঢ়়াৰ আগতে যেন মৰমীয়াল পাঠক পাঠিকা সকলে সেই ভুল বিলাক শুধৰাই লয়। ইতি

১ অক্টোবৰ ১৯১৩    শ্ৰীহিতেশ্বৰ বৰবৰুৱা।
যোৰহাট।