ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত

[ - ]

[ বকলা ]

ডুবি পৰিহৰেশ্বৰ
 দেৱালয়ৰ ইতিবৃত্ত

 
 

অধ্যাপক হেম চন্দ্ৰ শৰ্মা
 মুনীন্দ্ৰ নাথ শৰ্ম্মা
 সতীশ চন্দ্ৰ চৌধুৰী

 

পাঠশালা সাহিত্য সভা

[ পৰিচয় ] DUBI PARIHARESWAR DEVALAYAR ITIBRITTA : A brief account of Parihareswar Devalay (temple) as well as Devadasi or temple dencer, written by Prof Hem Chandra Sarma, Munindra Nath Sarma and Satish Chandra Choudhury, and Pablished by the Secretary, Pathsala Sahitya Sabha, Pathsala : Kamrup (Assam).

 

প্ৰকাশক :
পাঠশালা সাহিত্য সভা
পাঠশালা : কামৰূপ (অসম )

 

প্ৰথম প্ৰকাশ :
১৬ মাঘ, ১৩৮২
৩০ জানুৱাৰী, ১৯৭৬

 

বেটুপাত শিল্পী:
কানু চক্ৰবৰ্ত্তী

 

ছপাশাল:
চিটি প্ৰিন্টাৰ্ছ,
চিৰিয়াখানা পথ, দিছপুৰ
গুৱাহাটী ⸺ ৬ (অসম )


 

মূল্য ২.৭৫ টকা

[ উচৰ্গা ]
 

উৎসৰ্গ

যাৰ দিহা-পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰ ফলত ম্লান পৰি যোৱা ডুবিৰ দেৱদাসী নৃত্যই পোহৰৰ মুখ দেখা পালে, সেই জনা মহান ব্যক্তি কলাগুৰু বিষ্ণু ৰাভাৰ পৱিত্ৰ স্মৃতিত এই ক্ষুদ্ৰ পুথিখনি উৎসৰ্গ কৰা হ’ল।

 

[ আগকথা ]
 

॥ আগকথা ॥

 

 সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ‘পুৰণি পৃথিবীক নকৈ চাই’ লোৱাৰ হেপাহত ‘বীণ-বৰাগী’ক পুনৰ অতীত কাহিনী কীৰ্ত্তন কৰিবলৈ অনুৰোধ কৰিছিল। আজিৰ বিজ্ঞানৰ যুগত পৃথিবীৰ যি কোনো দেশৰ যি কোনো কীৰ্ত্তি-কথা লগে লগে জানিবলৈ সম্ভৱ হৈছে। ভবিষ্যতৰ কবিয়ে আজিৰ যুগৰ কীৰ্ত্তি-কাহিনী শুনাবলৈ কোনো বীণ-বৰাগীক অনুৰোধ কৰিবলগীয়া নহব।

 অৱশ্যে অতীতত তেনে কোনো সুবিধা নাছিল। প্ৰচাৰ, যাতা- য়াত, প্ৰাকৃতিক দুৰ্য্যোগ, ৰাজনৈতিক বিপৰ্য্যয় আদিত কত যে কীৰ্ত্তি- চিহ্ন নিঃচিহ্ন হৈ গৈছে, তাৰ নজিৰ পাবলৈ নোহোৱা হৈছে। কিংবদন্তি, বিদেশী পৰ্য্যটকৰ টোকা আৰু অনুমানৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক পণ্ডিতসকলে অতীত ধ্বংস-স্তূপৰ পৰা ধ্বংসাৱশেষ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। মহেঞ্জোদাৰো-হৰপ্পাৰ খনন কাৰ্য্যই বেদত বৰ্ণিত আৰ্য্যোত্তৰ সভ্যতাৰ অনেক তথ্য আমাক দিছে। চীন পৰিব্ৰাজক হিউৱেনচাঙৰ টোকাত উল্লেখিত নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ সৌ সিদিনা পুনৰ খান্দি উলিওৱা হৈছে। নৰকাসুৰ, বাণাসুৰ প্ৰভৃতি প্ৰাচীন কামৰূপৰ ৰজাসকলৰ কীৰ্ত্তি-চিহ্ন আজি বিস্মৃতিৰ গৰ্ভত। পৰৱৰ্ত্তী কোঁচ আৰু আহোম ৰজাসকলে নিৰ্ম্মাণ কৰা অধিক সংখ্যক দ’ল-দেৱালয় প্ৰাচীন ধ্বংসপ্ৰাপ্ত মন্দিৰৰ ওপৰতে পুনৰ নিৰ্ম্মাণ কৰা কাৰ্য্যই, অতীত অসমত দ’ল-দেৱালয়ৰ অস্তিত্বকে সমৰ্থন কৰে। [ আগকথা ]  বুকুৰ মাজৰ জপৰ বস্তু কৰি ৰাখোঁতে ৰাখোঁতে ৰজাদিনীয়া বহুতো তাম্ৰপত্ৰ, পেৰাকাকত আদি ক্ৰমে নষ্ট হৈ গৈ আছে। এইবোৰৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে একোখন বিজ্ঞান- সন্মত ইতিবৃত্ত প্ৰণয়ন কৰি উলিওৱা অতীব প্ৰয়োজন। কাৰণ, পিচলৈ উভতি চোৱাৰ অৰ্থই হ'ল সন্মুখলৈ আগবাঢ়ি যোৱাৰ প্ৰেৰণা লাভ কৰা।

 এনে এটি উদ্দেশ্যত প্ৰণোদিত হৈয়েই আমি ‘ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত’ এখন প্ৰণয়নত প্ৰবৃত্ত হৈছিলোঁ। ডুবিৰ দেৱদাসী সম্বন্ধে আজি কিছু বছৰৰ পৰা কাকতে-পত্ৰই দুই-এটা আলোচনা প্ৰকাশ হৈছে যদিও, সি মূলতঃ জনশ্ৰুতিৰ ওপৰত প্ৰতিষ্ঠিত। গৱেষণাৰ মনোভাব লৈ কোনোজনে সম্পূৰ্ণ দেৱালয়খনৰ ইতিবৃত্ত উদ্ধাৰত আগবাঢ়ি অহা নাই। কিংবদন্তি, জনশ্ৰুতি, প্ৰাচীন ধ্বংসা- ৱশেষ আৰু সংশ্লিষ্ট মহলৰ দুই-চাৰি সহৃদয় ব্যক্তিৰ পৰা পোৱা সাহায্যকে পাথেয় স্বৰূপে লৈ ইতিবৃত্ত সংকলনৰ কামত আগবঢ়া হৈছে। অৱশ্যে আমাৰ প্ৰচেষ্টা কলৰ ভূৰ সাজি মহাসাগৰ অতিক্ৰম কৰাৰ দুঃসাহস বুলিয়ে কব লাগিব নিশ্চয়। কলম্বচে ভাৰত আবিষ্কাৰ কৰিবলৈ গৈ আমেৰিকাকে ভাৰত বুলি ভাবি লোৱাৰ দৰে, আমিও যদি উদ্দেশ্যৰ পথত সামান্যভাৱে দিগ্‌ নিৰ্ণয়ত সমৰ্থ হৈছোঁ, তেনেহলে আমাৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। ইয়াৰে লেজুত ধৰি পৰৱৰ্ত্তী অনুসন্ধিৎসু ব্যক্তিয়ে আৰু অগ্ৰসৰ হবলৈ প্ৰয়াস কৰক, এয়ে আমাৰ আশা থাকিল।

 দেৱালয়ৰ তথ্য বিচাৰি আমি বিভিন্ন ব্যক্তিৰ সৈতে যোগাযোগ কৰিবলগীয়া হৈছে। কেতিয়াবা একেটা সাধাৰণ কথাৰ বাবে অহা- যোৱাৰ ‘তাঁত-বাটি’ কাঢ়িব লগাত পৰিছোঁ। কেতিয়াবা আকৌ একেটা তথ্যৰে একে সময়তে দুজন লোকৰ দুটা মত আমি পাইছোঁ। এইবোৰৰ শুদ্ধাশুদ্ধ নিৰূপণ কৰি উলিওৱা বৰ দুৰূহ। দেৱদাসী নৃত্য সম্পৰ্কেও তেনে মতদ্বৈধতা পোৱা হৈছে। ইতিমধ্যে দেৱালয় [ আগকথা ] সম্বন্ধে প্ৰকাশিত দুই-এটি তথ্যতে বিসঙ্গতি দেখা পাইছোঁ। সেইবাবে আমাৰ লিখনীৰ সকলোেবোৰ কথা সকলোৰে মনঃপুত নহবও পাৰে। আমাৰ যুক্তি-যুক্ততা যথাস্থানত উল্লেখ কৰি যোৱা হৈছে।

 বিষয়বস্তুৰ পৰা আঁতৰি যোৱা যেন দেখা গলেও সাধাৰণ পাঠকৰ বুজিবলৈ সুগম হব বুলি ভাবি দুই-চাৰিটা দিশত আমি মূল উৎস-ধাৰাৰ আভাস দিবলৈ যত্ন কৰিছোঁ। তাৰ বাবে কেবাখনো মূল্যবান গ্ৰন্থৰ সহায় লবলগীয়া হৈছে। বিভিন্ন সময়ত লিখা বিভিন্ন গৰাকীৰ আলোচনী, সাময়িক পত্ৰিকা আদিৰ পাতত সন্নিবিষ্ট কলা-সংস্কৃতিমূলক প্ৰবন্ধও আমাৰ সহায়ত আহিছে।

 বৰ্ত্তমানে দেৱালয়ৰ তথ্য সংগ্ৰহত ব্যক্তিগতভাৱে দেৱালয়ৰ দলৈ শ্ৰীযোগেন্দ্ৰ নাথ শৰ্ম্মাৰ পৰা যথেষ্ট সাহায্য হৈছে। গণাগাৱঁৰ শ্ৰীশশীমোহন শৰ্ম্মাদেৱে ৰঘুবৰ ব্ৰাহ্মণৰ বংশাৱলীখন দি আমাক নথৈ উপকৃত কৰিছে। দেৱদাসী নৃত্যৰ ক্ষেত্ৰত পাঠশালাৰ প্ৰবীণ শিল্পী শ্ৰীৰত্নকান্ত তালুকদাৰে মূল্যবান পৰামৰ্শ আৰু লাগতিয়াল তথ্য-পাতিৰ যোগান ধৰি আমাৰ পৰিশ্ৰম বহুখিনি উজু কৰি দিছে। তদুপৰি শেষ দেৱদাসী ৺কৌশল্যা বালাৰ পৰাও (জীৱিত কালতে ) আমাৰ কিছু কথা সংগ্ৰহ কৰি থোৱা আছিল। বৰ্ত্তমানে জীয়াই থকা দেৱদাসী নাচৰ খোল-বাদক ডুবি গাৱঁৰ শ্ৰীলোহিত চন্দ্ৰ বায়নে বাস্তৱ অভিজ্ঞতাৰ পৰা দেৱদাসী নৃত্য সম্পৰ্কে যোগান ধৰা কেইটিমান কথাই কিতাপৰ তথ্যৰ পৰিসৰ বৃদ্ধি কৰিছে।

 তদুপৰি দেৱালয়ৰ প্ৰতি অনুৰাগসম্পন্ন কেবাগৰাকী ব্যক্তিয়ে ইতিবৃত্ত প্ৰণয়নৰ ক্ষেত্ৰত উৎসাহ দান কৰিছে। বিশেষকৈ সাহিত্যসেৱী শ্ৰীহৰেন শৰ্ম্মাদেৱে আৰম্ভণিৰে পৰা লগে লগে থাকি যথেষ্ট সহায় কৰিছে। গণাগাওঁ নিবাসী শ্ৰীযোগেন্দ্ৰৰ পৰাও বহুত সহায় পাইছোঁ। এই ছেগতে উক্ত আটাইকেইগৰাকী গুণগ্ৰাহী ব্যক্তিৰ ওচৰত ঋণ স্বীকাৰ কৰিছোঁ।
[ আগকথা ]  নানা কৰ্মব্যস্ততাৰ মাজেদিও অসম সাংস্কৃতিক বিভাগৰ সঞ্চালক শিল্পী শ্ৰীৰুদ্ৰ বৰুৱাদেৱে পাণ্ডুলিপিটো পঢ়ি দুই-এটি খুটি-নাতি আঙুলিয়াই দিয়াৰ উপৰিও মূল্যবান অভিমত এটি লিখি দি পুথি- খনি গধুৰ কৰি তুলিছে। তেখেতলৈ আমাৰ শলাগ যাচিছোঁ।

 দৰাচলতে পাঠশালা সাহিত্য সভাৰ অনুপ্ৰেৰণাতেই ডুবি পৰি- হৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত যুগুত কৰা কামত আগবঢ়া হৈছিল আৰু শেষত সাহিত্য সভাই ইয়াৰ প্ৰকাশৰ ভাৰো গ্ৰহণ কৰিছে। তাৰ বাবে পাঠশালা সাহিত্য সভাৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

 পৰিশেষত— পুথিখনি যুগুত কৰোঁতে অনেক ত্ৰুটি-বিচ্যুতি ৰৈ যোৱাটো তেনেই স্বাভাৱিক। বিজ্ঞজনে ভুল-ভ্ৰন্তি আঙুলিয়াই দি সহায় কৰিলে পৰম উপকৃত হম। ইতি—


অধ্যাপক হেম চন্দ্ৰ শৰ্মা
 মুনীন্দ্ৰ নাথ শৰ্মা
 সতীশ চন্দ্ৰ চৌধুৰী

 পাঠশালা
১৭ জানুৱাৰী, ১৯৭৬
জ্যোতি দিৱস।

 

[ অভিমত ]
 

অভিমত

 

পাঠশালা সাহিত্য সভাই ‘ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত’ৰ লগতে গোটেই বজালী অঞ্চলটোৰে এটি থূল- মূল আভাস দি ৰচনা কৰা পুথিখন পঢ়ি নানান কথাৰ সম্ভেদ পালোঁ৷ কিতাপখন প্ৰকাশ পালে সকলোৰে সমাদৰ পাব আৰু এটা অঞ্চলৰ স্মৃতিৰ লগত পৰিচয় হোৱাৰ সুযোগ দিব। কিতাপখন যুগুতাওঁতা আৰু সাহিত্য সভাৰ এই কামৰ শলাগ নলৈ নোৱাৰি।


  শ্ৰীৰুদ্ৰ বৰুৱা
সঞ্চালক, সাংস্কৃতিক বিভাগ
  অসম।
গুৱাহাটী
৬।১।৭৬

[ উপক্ৰমণিকা ]
 

উপক্ৰমণিকা

 

 অসম সাহিত্য সভাৰ শাখাসমূহৰ ভিতৰত পাঠশালা সাহিত্য সভা অন্যতম। যোৱা চৈধ্যটাকৈ বছৰে এই সাহিত্য সভায়ো যথাযোগ্যভাৱে অসম সাহিত্য সভাৰ লগতে ৰাইজৰ সেৱা কৰি অহাটো অতি গৌৰৱৰ কথা।

 আজি কেবাবছৰ আগতেই পাঠশালা সাহিত্য সভাই ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত এখন সংকলনৰ আঁচনি লৈছিল। বিভিন্ন কাৰণত সেই আঁচনিত সফলতা লাভ কৰিব নোৱাৰিলে।

 সম্প্ৰতি পাঠশালা সাহিত্য সভাৰে বিশিষ্ট সদস্য তিনিগৰাকীয়ে যুটীয়াভাৱে এখন ‘ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত’ যুগুত কৰি উলিয়াইছে। উক্ত পুথিখনে আমাৰ উদ্দেশ্য পূৰণ কৰিব বুলি চিন্তা কৰি, সাহিত্য সভাৰ দ্বাৰাই প্ৰকাশ কৰি ৰাইজৰ হাতত তুলি দিয়া হ'ল। আশাকৰোঁ ৰাইজেও ইয়াৰ প্ৰতি সমাদৰ দেখুৱাব।

 পৰিশেষত আমাৰ আঁচনি পূৰণত স্বতঃপ্ৰণোদিত হৈ বৰঙনি যোগোৱাৰ বাবে লিখক তিনিওগৰাকীৰ প্ৰতি শলাগ জনাইছোঁ আৰু সভাৰ আন আন সদস্য সকলেও এনে অনুপ্ৰেৰণাৰে সাহিত্য-সংস্কৃতিৰ চৰ্চ্চাত ব্ৰতী হব বুলি কামনা কৰিছোঁ।


 ভবদীয়
শ্ৰীৰাজেন্দ্ৰ নাথ শৰ্ম্মা।
 সভাপতি
পাঠশালা সাহিত্য সভা

পাঠশালা
১০।১৭৬

[ সূচীপাত ]
 

॥ সুচী ॥

॥ ভূমিকা : বজালীৰ চমু পৰিচয়েৰে ॥ 
॥ ডুবি দেৱালয় : অতীত আৰু বৰ্ত্তমান ॥ 
 ডুবিৰ কথা : ঐতিহাসিক দৃষ্টিৰে
 ডুবি নামৰ তাৎপৰ্য্য
 জনশ্ৰুতিৰ পম খেদি : শিৱলিঙ্গৰ কথা
 ডুবি অঞ্চলটো : ভৌগোলিক দৃষ্টিৰে
 বুঢ়া গোসাঁইৰ ঘৰ
 ৰঘূবৰ ব্ৰাহ্মণৰ কথা : বংশাৱলীৰ পৰা
 অথ বংশাৱলী : পুৰুষনামা
 বিগ্ৰহৰ অৱস্থিতি
 বিগ্ৰহৰ পূজা
 আন আন পৰ্ব
 নাট মন্দিৰ : আন আন ঘৰ আদি
 ৰাজ-ছত্ৰছায়াত দেৱালয়
 দেৱালয় পৰিচালনা : বিষয়বাবসমূহ

॥ নাট-মন্দিৰৰ ভিতৰে বাহিৰে ॥ ৩১
 দেৱদাসী সম্প্ৰদায়ৰ পৰম্পৰা
 ভাৰতত দেৱদাসী প্ৰথা
 অসমত দেৱদাসী প্ৰথা
 সময়ৰ বিৱৰ্ত্তনত দেৱদাসী প্ৰথা

[ সূচীপাত ]

 দেৱদাসী নৃত্য : পৰিহৰেশ্বৰ দেৱালয়ত
 দেৱদাসীৰ সাজ-পাৰ
 নৃত্যৰ ভাগ
 বৰ্ত্তমান দেখুওৱা নাচটো : ভাবাৰ্থ
 মহাপ্ৰস্থানৰ পথত দেৱদাসী
 সময়ৰ প্ৰত্যাহ্বান : কলাকাৰসকললৈ
 পুনৰুদ্ধাৰৰ প্ৰচেষ্টা : দেৱদাসী নৃত্যৰ
 বিষ্ণুৰাভা : ৰত্ন তালুকদাৰ— মণিকাঞ্চন সংযোগ
 নাচোনৰ চেৱে চেৱে
 মৰহা পাপৰি : দেৱদাসী কৌশল্যা

॥ দেৱালয়ৰ সাম্প্ৰতিক দিগ্‌দৰ্শন ॥ ৪৯
 চৰকাৰৰ নতুন পদ্ধতিত দেৱালয়
 স্বাধীনতাৰ পিচত
 নতুন পৰিচালনা পদ্ধতি

॥ পৰিশিষ্ট ॥ (ক) দেৱদাসী নৃত্যৰ বোল  ৫২
 (খ) গ্ৰন্থপঞ্জী

 

[  ]
 

ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত

ভূমিকা : বজালীৰ চমু পৰিচয়েৰে

বজালী
 ইতিহাসে গৰকা এই পৰগণাখনে কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ এটি নাতিবৃহৎ অঞ্চল অধিকাৰ কৰি আছে। পুৰণি কালৰে পৰা অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত বজালীয়ে গ্ৰহণ কৰা ভূমিকা লেখত লবলগীয়া। মাজে মাজে হোঁহোকা-পিছলা হৈ থাকিলেও আঠখন মৌজাৰ সমষ্টিকেই বজালী বোলা হয়। আজিও বজালীৰ নামত স্থানীয় ৰাইজৰ আবেগিক ঐক্য বিশেষভাৱে লক্ষণীয়। কোঁচ ৰজা মহাৰাজ নৰনাৰায়ণৰ দিনৰ পৰা (১৫৪০-৮৪ খৃঃ) বজালী নামটো পোৱা যায়। তেতিয়া নাম আছিল ‘বজালী চাকলা’। কেবাখন গাওঁ মিলি একোখন চাকলা গঠিত হৈছিল আৰু একোজন ভূঞাৰদ্বাৰা সেই অঞ্চলটো শাসন কৰা হৈছিল। বজালী চাকলাও তেনে এজন ভূঞাৰ অধীনত আছিল।

 মহাৰাজ নৰনাৰায়ণৰ পিচত এই অঞ্চলটো ৰঘুদেৱৰ অধীনত; তেওঁৰ পিছত পৰীক্ষিত নাৰায়ণৰ অধীনলৈ যায়। ১৬১১ খৃঃত পৰীক্ষিতক পৰাজয় কৰি মোগলে কামৰূপ দখল কৰাৰ পিচত স্বাভাৱিকতে বজালীও মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পৰে। মোগল সম্ৰাট [  ] জাহাঙ্গীৰে ১৬১২ খৃঃত পৰীক্ষিত নাৰায়ণৰ ৰাজ্যখন চেখ ইব্ৰাহীম নামৰ আমিন এজনৰ হতুৱাই মোগল-শাসন প্ৰণালী মতে চাৰিটা চৰকাৰত ভাগ কৰি আগৰ চাকলাবন্দি গুচাই ‘পৰগণা’ কৰিলে। * বজালীও কামৰূপ চৰকাৰৰ অন্তৰ্গত তেনে এখন পৰগণাত পৰিণত হ'ল।

 মোগলৰ অধীনত বজালী পৰগণাৰ উত্তৰ অঞ্চলটো পানবাৰীৰ চৌধুৰীয়ে আৰু দক্ষিণ অঞ্চলটো কাজি বৰুৱাই শাসন কৰিছিল। বৰ্ত্তমান সৰিহ মৌজাৰ তিত্কা গাৱঁতে কাজি বৰুৱাৰ ঘৰ আছিল। কাজি বৰুৱাব বোধহয় মুছলমান সৈন্যও আছিল। আজিও গাওঁখন তিত্‌কা- গৰীয়া বোলা হয়। গৰীয়া পুখুৰী নামে তাত পুখুৰী এটাও আছে। কাজি বৰুৱাই ঘোঁৰা ৰখা ঠাইখিনি ঘোঁৰাশাল-পথাৰ নামে জনা- জাত। বৰপুখুৰী, কাহিধবা পুখুৰী তেওঁৰ আন কীৰ্ত্তিচিহ্ন।

 বজালী নামটোৰ ধাতুগত অৰ্থ বিচাৰি পোৱা টান। এই লৈ মত- ভেদো আছে। ড॰ সূৰ্য্যকুমাৰ ভূঞাদেৱৰ সম্পাদিত কামৰূপৰ বুৰঞ্জীত ‘বজালী কোঁৱৰে খাইছিল মানে পৰগণে বজালী হ'ল’ বুলি লিখা আছে। এই বজালী কোঁৱৰ কোন এই বিষয়ে বুৰঞ্জী নিমাত।

 মুছলমানে কমতা ৰাজ্য জয় কৰাৰ পিচত (১৪৯৮ খৃঃ) কিছুদিনলৈ কামৰূপত তেনে কোনো ক্ষমতাশালী ৰজা নাছিল। ঠায়ে ঠায়ে সৰু সৰু ৰজা কিছুমানে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিছিল। সেই সময়তে উত্তৰ অঞ্চলটো ভূটীয়বিলাকে অধিকাৰ কৰি লয়। পিচত বিশ্বসিংহৰ নেতৃত্বত (১৫১৫-৪০ খৃঃ) কোঁচ শক্তিৰ অভ্যুত্থান হোৱাত সমগ্ৰ অঞ্চলটো এটা সুশৃঙ্খল শাসনাধীনলৈ আহে। মহাৰাজ নৰনাৰায়ণে ভোটক যুঁজত ঘটুৱাই এই অঞ্চলটো উদ্ধাৰ কৰে। বোধহয় ভোটক ভেটা দিবলৈকেই বজালীৰ উত্তৰে থকা ‘গড়’ বোলা ঠাইত কোনো গড় মাৰিছিল; ভোটৰ পৰা উদ্ধাৰ হোৱা এই অঞ্চলটো


  • পৰগণা শব্দটো ফাৰ্চী ‘পৰগণহ’ শব্দৰ পৰা অহা। কিন্তু ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে ‘পৰগণহ’ সংস্কৃত ‘প্ৰগণহ’ শব্দৰ ফাৰ্চীকৰণ।
 
[  ]

কোনো বজালীয়া কোঁৱৰৰ হতুৱাই শাসন কৰাইছিল। তেওঁৰ নামৰ পৰাই ‘বজালী’ নাম হোৱাটো সম্ভৱ।

 কোঁচৰ পিচত কিছু বছৰ বজালী মোগলৰ অধীন হয়। শেষত শৰাইঘাটৰ যুদ্ধৰ ফল স্বৰূপে (১৬৭১ খৃঃ) আহোমৰ অধীনলৈ আহে। বৃটিছ অহাৰ আগলৈকে এই অধিকাৰ বাহাল অছিল।

 কোঁচ আৰু আহোমৰ ৰাজত্ব কালত বজালীত বহুতো জন-হিতকৰ কাম হয়। গোহাঁইকমল আলি মহাৰাজ নৰনাৰায়ণে বন্ধোৱা । উত্তৰৰ গড়ৰ পৰা দক্ষিণ ডুবিলৈ যিটো আলিক কঠোৰ আলি বোলা হয়, সিও সেই সময়তে নিৰ্ম্মাণ কৰা যেন লাগে। গোহাঁই- কমল আলি পুৰণি ধনেশ্বৰী পথৰ ওপৰেদি সজা হৈছিল বুলি কোৱা হয়। সাহিত্যসেৱী শ্ৰীৰঘুনাথ দেৱ চৌধুৰীৰ মতে ‘পোমাৰাৰ পাৰৰ থানাৰ পৰা কুঁৱাৰাৰ ঘাট আৰু ইয়াৰ পৰা বিছানকুছি দেউলগুৰিৰ পশ্চিম পাৰৰ ঘাটলৈ আৰু ইয়াৰ আন পাৰৰ পৰা পোনে পোনে উত্তৰ মুৱাকৈ বজালীৰ বেপাৰৰ কেন্দ্ৰস্থল নাওশালীলৈ থকা এই পথটোৰ নাম ধনেশ্বৰী পথ আছিল। এই পথৰ সময় নিৰ্ণয় কৰা টান হলেও ইয়াক চতুৰ্দ্দশ শতিকা মানৰ দুৰ্লভ নাৰায়ণ ৰজা বা কোনো কমতা-কামৰূপৰ ৰজাই সজোৱা বুলি বিশ্বাস কৰা হয়। •••গোহাঁই- কমল আলিৰ বজালীৰছোৱা গোহাঁইকমল আলি নাম পালে’ (প্ৰগতি)। বৰ্তমানে পাঠশালা-পাটাচাৰকুছি হৈ যোৱা গোহাঁইকমল আলি আচলতে ১৯০১ চনত ইংৰাজ আমোলত নিৰ্ম্মাণ কৰা হৈছে। মূল গোহাঁইকমল আলিটো ‘পুৰণ গোহাঁইকমল আলি’ বুলি কোৱা হয়।

 বজালীত বহুত প্ৰাচীন পুখুৰীৰ চিহ্ন আছে। তাৰ ভিতৰত পাঠশালাৰ পানীশালা আৰু অন্নশালা, মুগুৰীয়াৰ পিঠাখাইতী পুখুৰী, বামাখাটাৰ যোগীৰ পুখুৰী, ৰতনপুৰৰ মেধীৰ পুখুৰী, সাদেৰীৰ ধমধমা পুখুৰী, তিত্কাৰ ধনতোলা পুখুৰী, বৰপুখুৰী, ডুবিৰ গণক-পুখুৰী, [  ] ধোৱাৰ পুখুৰী, সৰিহ-হাউলীৰ বৰপুখুৰী প্ৰধান। ইয়াৰে কিছুমান কোঁচ আৰু কিছুমান আহোম যুগৰ বুলি অনুমান হয়। এই পুখুৰী- বোৰৰ অধিকসংখ্যক উপযুক্ত সংৰক্ষণৰ অভাৱত পিতনি আদি পৰি মৰি যোৱা যেন হৈছে। কিছুমান আকৌ থলুৱা লোকে ম্যাদী পট্টাদি কৰি নিজ দখললৈকো নিছে।

 অসমৰ আন আন ঠাইৰ দৰে বজালী অঞ্চলৰ লোকসকলে আদিতে শাক্ত, শৈৱ আৰু নানা লোকিক দেৱতাৰ উপাসক অছিল। শঙ্কৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ প্ৰভৃতি মহাপুৰুষসকলৰ আবিৰ্ভাৱৰ পিচত ইয়াৰ ওপৰত বৈষ্ণৱ ধৰ্ম্মৰ প্ৰভাৱ পৰিবলৈ ধৰে। গোৱিন্দপুৰ সত্ৰ দামোদৰদেৱব প্ৰিয়শিষ্য ভগৱানদেৱে স্থাপন কৰা। পাট্টা আৰু হৰিপুৰ হৰিদেৱী, অকয়া, বামাখাটা মহাপুৰুষীয়া আৰু কালজিৰাপাৰা গোপালদেৱী সত্ৰ। বজালীৰ গাৱেঁ গাৱেঁ একোটা নামঘৰ বা কীৰ্ত্তনঘৰ থকাটো আন এটা লক্ষ্য কৰিবলগীয়া কথা। শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় ৰজাদিনীয়া একমাত্ৰ শৈৱ-শাক্তৰ মিলনত গঢ়ি উঠা ধৰ্ম্মপীঠ। পূৰ্বতে হিচাবে ভোগ আদি দিয়া উলুৱাৰ ভোগী- গোসাঁইৰ থান এতিয়া উন্নত পৰ্য্যায়ৰ ধৰ্ম্মানুষ্ঠান ৰূপে পৰিগণিত হৈছে। পৰিহৰেশ্বৰ দেৱালয় আৰু ভোগীগোসাঁইৰ থানত বিহুৰ সময়ত কেবাদিন ধৰি অসংখ্য নৰনাৰীৰ সমাবেশ হয়। পাটাচাৰকুছিৰ ওচৰৰ বৰনলীকুছিত ‘চন্দ্ৰশেখৰ’ নামৰ দেৱালয় এখন আছিল বুলি শুনা যায়। কুজিদেওৰ চাপাগুৰি মৌজাৰ জালাহৰ উত্তৰে থকা এখন কৃষ্ণমূৰ্ত্তিৰ দেৱালয়। ভুটীয়া ৰজাৰ আমোলত এই মন্দিৰ আৰু বিগ্ৰহ স্থাপন কৰা হৈছিল।

 ধৰ্ম্মীয় আচাৰ নথকা কেবাখনো স্মৃতিসভা বজালীত আছে। সেইবোৰৰ ভিতৰত ৰণাবুঢ়াৰ সভা, মাজিউ বুঢ়াৰ সভা, গাঙাথেৰ সভা, কাইঠথেৰ সভা প্ৰধান। একোজন খ্যাতিমান পুৰুষৰ সোঁৱৰণত তেওঁলোকৰ বংশধৰসকলে এনেবোৰ সভা উদ্‌যাপন কৰে।
[  ]  বৰ্ত্তমানে বজালীৰ কেবাঠাইতো সাৰ্বজনীনভাৱে দৌল-উৎসৱ, ৰাসযাত্ৰা, দুৰ্গাপূজা, লক্ষ্মীপূজা আদি পালন কৰা হয়। এই উৎসৱ- বোৰে আমাৰ সমাজৰ গণজীৱনত জীৱনবোধ জগাই তোলাত সহায় কৰি আহিছে।

 বজালীৰ পূবে কালদিয়া আৰু পশ্চিমে পোমাৰা নদী উত্তৰা- দক্ষিণাকৈ বৈ গৈছে। পাঠশালাত ৰেলষ্টেচন স্থাপন হোৱাৰ আগলৈকে এই অঞ্চলৰ সকলোবোৰ যাতায়াত, বেহা-বেপাৰ এই নদী দুখনেৰে চলিছিল। পোমাৰা নদীৰ সৈতে কেবাটিও ঐতিহাসিক কাহিনীও জড়িত আছে।

 বজালীৰ প্ৰাচীনতম বাসিন্দা কোন কব নোৱাৰিলেও জনজাতীয় সম্প্ৰদায়টো যে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই ইয়াত আছে, সেইটো ঠিক মহাৰাজ নৰনাৰায়ণে গোহাঁইকমল আলিৰ উত্তৰ ফালটো জনজাতীয়সকলৰ বাবে স্ব-ধৰ্ম আৰু সংস্কৃতি পালনৰ সীমা দিয়াৰ পৰা ( দৰং ৰাজবংশাৱলী ) এই কথা প্ৰতীয়মান হয়। আজিও উত্তৰ ফালে জনজাতীয় লোকৰ সমষ্টি কম নহয়। এসময়ত একেবাৰে উত্তৰ অঞ্চলত ভূটীয়া লোকো আছিল।

 বজালীৰ অন্য সম্প্ৰদায়ৰ লোকসকল বোধহয় পিচত অহা। পুৰণি দান-পত্ৰ আদিৰ পৰা দেখা যায়, এই অঞ্চলৰ অধিক সংখ্যক ব্ৰাক্ষণেই ৰজাসকলৰ দ্বাৰা স্থাপিত। ডুবিৰ তামৰ ফলিত কোনোবা এগৰাকী ঘোষ উপাধিধাৰী ব্ৰাহ্মণক ৰজা ভাস্কৰবৰ্ম্মাই মাটি দান কৰাৰ কথা উল্লেখ আছে। ৰাষ্ট্ৰবিল্পৱ আদিতো আগৰ দিনত মানুহে বাসস্থানৰ সাল-সলনি কৰিছিল। বজালীতে থকা মুছলমান সম্প্ৰদায়ৰ লোকসকলক গৰীয়া বোলা হয়। তেওঁলোক ‘গৌৰ’ দেশৰ পৰা অহা বুলি বুৰঞ্জীয়ে কয়। এই সম্প্ৰদায়ৰ ভিতৰত থলুৱা হিন্দু লোকাচাৰো কিছু প্ৰবেশ কৰিছে। মান-ভগনতো আন ঠাইৰ পৰা বহু লোক আহি বজালীত আশ্ৰয় লৈছিল। ১৮৯৭ চনৰ ভূমিকম্পৰ সময়তো কিছুমান পৰিয়াল আহে। বজালীৰ [  ] পশ্চিম অঞ্চলত নৱাগত বঙালী হিন্দু আৰু মুছলমান কিছু আহি নিগাজীকৈ বসবাস কৰিবলৈ লৈছে। মুছলমানসকলে নিজকে ন-অসমীয়া বুলি পৰিচয় দিয়ে। তদুপৰি ব্যৱসায় আৰু চাকৰিৰ খাতিৰতো অসমৰ বাহিৰৰ কেবাটাও সম্প্ৰদায়ৰ লোক আহি বজালীত সোমাইছে।

 আহোম যুগত বজালীত সংস্কৃত আৰু কাইথেলী বিদ্যাৰ প্ৰচলন আছিল। ভোগপুৰ, পাটাচাৰকুছি, গোবিন্দপুৰ, বনগাওঁ আদিত সংস্কৃত চৰ্চ্চা হৈছিল। কেবাগৰাকী পণ্ডিতে কাশী, নৱদ্বীপ আদিত বিদ্যালাভ কৰি নিজ ঘৰতে চতুষ্পাঠী পাতি ছাত্ৰক বিদ্যা দান কৰিছিল। ৰতনপুৰ গাৱঁৰ ৺সৰ্বানন্দ বেদান্তবাগীশ কাশীত সুদীৰ্ঘ এঘাৰ বছৰ অতিবাহিত কৰি বিদ্যালাভ কৰি অহা তেনে এগৰাকী ঋষিতুল্য ব্যক্তি আছিল।

 ইংৰাজ আমোলত আধুনিক শিক্ষা আৰম্ভ হয়। সম্প্ৰতি বজালীত বজালী মহাবিদ্যালয়কে লৈ কেবাখনো মাধ্যমিক, দুখন উচ্চতৰ মাধ্যমিক আৰু বহুতো মজলীয়া আৰু প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছে। কেইবাগৰাকী ছাত্ৰই বিদেশত উচ্চশিক্ষা লাভ কৰি আহি অসম আইৰ উজ্জ্বল কৰিছে। বজালীৰ প্ৰথম বিদেশলৈ যোৱা ব্যক্তিজন হ’ল ৺সিন্ধুৰাম চৌধুৰী (সিন্ধু চাহাব বুলি স্থানীয় ৰাইজে জানে)। তেওঁৰ ঘৰ বামাখাটা গাৱঁত আছিল।

 স্বাধীনতা আন্দোলনত বজালীয়ে বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। ৰাইজ-মেলৰ বাহিৰেও ১৯২১ চন, ১৯৪২ চনৰ গণ আন্দোলনত বজালীৰ ভূমিকা সৰ্ব্বজনবিদিত। ’৪২ৰ শ্বহীদ মদন বৰ্ম্মণ আৰু ৰাউতা ৰাম কোঁচৰ নাম ভাৰতৰ স্বাধীনতাৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব। ৺কামেশ্বৰ দাস আৰু ৺চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ আগশাৰীৰ নেতৃস্থানীয় সমাজকৰ্ম্মী আছিল।

 কলা-সংস্কৃতিৰ দিশতো বজালীৰ ভূমিকা বিশেষভাৱে উল্লেখ যোগ্য। বৈষ্ণৱ যুগত সত্ৰবোৰত ভাওনা, নাম-প্ৰসঙ্গ আদিৰ প্ৰচলন [  ] আছিল। পৰৱৰ্ত্তী কালত ভাওনা লুপ্ত হ'ল। তাৰ ঠাইত গাৱেঁ গাৱেঁ গায়ন-বায়নৰ * দল আৰম্ভ হ'ল। গায়ন-বায়নৰো অস্তিত্ব সময়ৰ সোঁতত হেৰাই যায়। আধুনিক যাত্ৰাগান আৰু থিয়েটাৰ বজালীৰ আকৰ্ষণীয় বস্তু হৈ পৰিল। ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰত বজালী অসমৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি।

 অসমীয়া নাট্যকলাৰ অন্যতম পুৰোহিত ৺সন্তৰাম চৌধুৰীৰ ঘৰ পাঠশালাত। একেধাৰে নাট্যকাৰ, নাট্য-পৰিচালক আৰু সমাজসেৱী আছিল। তেখেতৰ পৰিচালনাতে ‘পাঠশালা নাট্য- সমিতি’য়ে আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰ আগতে ভ্ৰাম্যমান থিয়েটাৰ হিচাবে আদৰ্শ দেখুৱাইছিল। বজালীৰ আন কেইটিমান নাট্যানুষ্ঠান হ’ল পাটাচাৰকুছিৰ ‘হৰেন্দ্ৰ ভৱন’, পাঠশালাৰ বজালী প্ৰগতি সংঘৰ ‘আজাদ ভৱন’, মুগুৰীয়াৰ ‘চিত্ৰলেখা নাট্যমঞ্চ’। নটসূৰ্য্য ৺ফণী শৰ্ম্মাদেৱে নাট্যকলাৰ ক্ষেত্ৰত বজালীক অসমৰ ‘বিশ্ববিদ্যালয়’ বুলি কৈছে।

 মহ’হো, ওজাপালি, ঢুলীয়া, পুতুলা নাচ, মাঘবিহুৰ ভেলাঘৰ, ৰঙালী বিহুৰ পাউৰা তোলা, নাম-কীৰ্ত্তনৰ ৰাগ-ৰাগিনী বজালীৰ প্ৰাচীন লোক-সাংস্কৃতিক অনুষ্ঠান। আজি কিছু বছৰ আগলৈকে বজালীৰ অনেক অসমীয়া মুছলমান লোকেও ভোগালি বিহুত ভেলা- ঘৰ পুৰি বিহু উৎসৱ পালন কৰিছিল। মুছলমান সম্প্ৰদায়ৰ পৰা মাৰৈগোৱা ওজাপালিও বজালীত আছিল।

 ভাৰতৰ প্ৰথম গদ্য-সাহিত্যিক ভট্টদেৱ, অঙ্কৰ পুথি ‘লীলাৱতী’ ভাঙোঁতা বকুল কায়স্থ বজালীৰে মনীষী। ‘পদ্য গীতা’ৰ ৰচক গোবিন্দ মিশ্ৰ আৰু ‘সাত্বত-তন্ত্ৰ’ প্ৰণেতা ভাগৱত মিশ্ৰকো অনেক পণ্ডিতে বজালীতে জন্মা বুলি কয়।

 আধুনিক অসমীয়া সাহিত্যৰ কেবাগৰাকী সাহিত্যিকৰ জন্মও বজালীতে। সেইসকলৰ ভিতৰত স্বভাৱ কবি ৺ধৰ্ম্মকিঙ্কৰ গোস্বামী, কবি ৺ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ, স্বভাৱ কবি শ্ৰীকালিদাস খাটনিয়াৰ (সাহিত্যিক পেন্সনাৰ) ৺হৰেন্দ্ৰ নাথ শৰ্মা (সাহিত্যিক পেন্সনাৰ)


  • এই গায়ন-বায়ন অংকীয়া ভাওনাৰ লগত থকা গায়ন-বায়ন নহয়। ই এটা সুকীয়া নাট্যানুষ্ঠান। কামৰূপ অঞ্চলত ইয়াৰ প্ৰচলন আছিল। [  ] ৺কেশৱ নাৰায়ণ দত্ত, ৺ভৱানন্দ দত্ত, ৺প্ৰেমনাৰায়ণ দত্ত প্ৰধান।

‘পাতাল পুৰী’ৰ লিখক ৺হৰগোবিন্দ শৰ্ম্মা অসমৰ প্ৰথম শিশু ঔপন্যাসিক। অসমৰ সংবাদ সাহিত্যৰ জয়যাত্ৰাত মাইলৰ খুটি স্থাপন কৰোঁতা ‘আৱাহন’ আৰু ‘পাৰিজাত’ৰ সুযোগ্য সম্পাদক ডাঃ দীন নাথ শৰ্ম্মা বজালীৰে ব্যক্তি। ৺হৰেন্দ্ৰ নাথ শৰ্ম্মায়ে ‘পখিলা’ নামৰ শিশু আলোচনী এখন কলিকতাৰ পৰা সম্পাদনা কৰিছিল। ‘পখিলা’ অসমীয়া সাহিত্যৰ প্ৰথম শিশু আলোচনী। পাঠশালাৰ ‘বাণীপ্ৰকাশ’ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত ‘বিহুৱান’, ‘সংলাপ’ আৰু ‘সংজ্ঞা’ নামৰ আলোচনীয়ে চিন্তাবিদ সমাজৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।

 ইংৰাজে অসম লোৱাৰ সময়ত বজালী ন খন মৌজাৰ সমষ্টি আছিল। যথা— উত্তৰ বজালী, পূব বজালী, সৰিহ, পাকা, মাণিকপুৰ, হস্তিনাপুৰ, নমাতি, নামবৰভাগ আৰু দক্ষিণ বজালী। ১৯০৫ চনত নমাতি আৰু নামবৰভাগ গুৱাহাটী মহকুমালৈ, পাকা আৰু হস্তিনাপুৰ (বৰ্ত্তমানৰ হস্তিনাপুৰ মৌজা নহয় — এইখন আছিল সৰিহ মৌজাৰ গাতে লগা দক্ষিণে) বৰপেটা চাৰ্কললৈ যায়। বৰ্ত্তমানে বজালী চাৰ্কলত ছয়খন মৌজাহে আছে। ১৯৭০ চনত বিজনী আৰু হস্তিনাপুৰ মৌজাক ফালি নি সুকীয়া চাৰ্কল গঠন কৰা হয়।

 বজালীৰ উত্তৰে ভোটান, পূবে বাস্কা, নমাটি আৰু বৰভাগ মৌজা, দক্ষিণে পাকা মৌজা আৰু পশ্চিমে সৰুপেটা চাৰ্কল। ১৯৭১ চনৰ লোকপিয়ল অনুসৰি অবিভক্ত বজালীৰ (সৰুপেটা চাৰ্কলসহ) মুঠ জনসংখ্যা ২০৬৯৮৯ জন।

 বজালীৰ অনেক প্ৰাচীন কীৰ্ত্তি-চিহ্ন, ফলি, নথিপত্ৰ আদি অনাদৰ অৱস্থাতে নষ্ট হৈছে। কিছুমান ধোঁৱাচাঙতে আজিও ভেঁকুৰি আছে। তথাপি সপ্তম শতিকাৰ পৰা আহোম ৰাজত্বৰ শেষলৈকে বজালীৰ বহুতো তথ্য, কিংবদন্তি, নথিপত্ৰ, পেৰাকাকত, ফয়চলা, পঞ্জাপত্ৰ, জেংকাকত আদি যি পোৱা গৈছে, সিয়েই বজালীৰ

প্ৰাচীনতাৰ নিৰ্ভৰযোগ্য প্ৰমাণ দিয়ে। [  ]
 

ডুবি দেৱালয় : অতীত আৰু বৰ্ত্তমান

 

ডুবিৰ কথা : ঐতিহাসিক দৃষ্টিৰে

 ডুবি অসমৰ আখ্যানপ্ৰসিদ্ধ আৰু ঐতিহ্যপূৰ্ণ ঠাই। অনুমান হয়, অন্তত ডেৰ হাজাৰ বছৰৰ ইতিহাস ইয়াৰ বুকুত লুকাই আছে। কিছু বছৰ আগতে (১৯৫১ চনত) ডুবিৰ ওচৰতে লুকাই থকা গাড়ীসত্ৰ গাৱঁৰ শ্ৰীলক্ষ্মীকান্ত শৰ্ম্মাৰ ঘৰৰ ভেটিৰ তলত কামৰূপৰ ৰজা ভাস্কৰ- বৰ্ম্মাই দিয়া তামৰ দানপত্ৰ (ছয়খন ফলিযুক্ত) এখন পোৱা হৈছে। ( সম্প্ৰতি এই ফলি ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত অৱস্থাত আছে )। ‘এই লিপিখনৰ উদ্দেশ্য ভাস্কৰৰ আনখন লিপিৰ ( নিধনপুৰৰ লিপি ) দৰে ব্ৰাহ্মণক মাটি দান দিয়া। এই মাটি দান তেওঁৰ কোনো পূৰ্ব্বপুৰুষে দুজন ব্ৰাহ্মণক দিছিল। ভাস্কৰবৰ্ম্মাই ইয়াক নতুনকৈ লিখাই আকৌ আগৰ ব্ৰাহ্মণৰ বংশৰ লোককেই দিছিল। আগৰ কোন ৰজাই এই দান দিছিল, এইখন লিপিৰ পৰা স্পষ্টকৈ বুজা নাযায়। কিন্তু ডঃ সৰকাৰে (ডঃ দীনেশ ৰঞ্জন সৰকাৰ ) এই ৰজাজন ভূতিবৰ্ম্মা হব বুলি অনুমান কৰে। (প্ৰগতি : ডঃ ৰবীন চৌধুৰী )।

 গেইটৰ মতে ভূতিবৰ্ম্মাৰ সময় ৫২০-৫৬০ খৃঃ আৰু ভাস্কৰবৰ্ম্মাৰ সময় ৬০০-৬৫০ খৃঃ। ফলিখনত দান কৰা মাটিৰ স্থানৰ উল্লেখ নাই। ফলিৰ ৬নং ফলিখন হেৰাইছে। তাত স্থানৰ উল্লেখ নিশ্চয় আছিল বুলি [ ১০ ] অনুমান হয়। হয়তো সেই স্থান ডুবিৰে আশে পাশে আছিল আৰু দান গ্ৰহণ কৰোঁতা ব্যক্তিজনো এই অঞ্চলৰে অধিবাসী হব পাৰে। জন প্ৰবাদ মতেও পৰিহৰেশ্বৰ দেৱালয় ৰজা ভাস্কৰবৰ্ম্মাৰ সময়ৰে। তেতিয়া হলে ডুবি-স্থানৰ গুৰুত্ব ভূতিবৰ্ম্মাৰ সময়ৰেপৰা আছে। সম্ভৱতঃ ভাস্কৰবৰ্ম্মাই ইয়াত এটি শিৱমন্দিৰো স্থাপন কৰি দিয়ে।

 শিৱপূজা অসমত ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা চলি আহিছে। দৰাচলতে শিৱ আৰ্য্যোত্তৰ দেৱতা। নৰকাসুৰে খেদি পঠোৱা কিৰাতসকল শিৱ-উপাসক আছিল। কুমাৰ ভাস্কৰবৰ্ম্মাও শিৱ- উপাসক বুলি বানভট্টৰ হৰ্ষচৰিতত কোৱা হৈছে। আকৌ হিউৱেন- চাঙে তেওঁক বিদ্যোৎসাহী, সংগীত কলাপ্ৰেমী বুলি কৈ গৈছে। ডুবিৰ তামৰ ফলিতো হিউৱেনচাঙে ভাস্কৰবৰ্ম্মাৰ ৰাজসভাৰ কামৰূপী নৃত্য-সংগীত দেখি ভূয়সী প্ৰশংসা কৰিছিল বুলি উল্লেখ আছে। মহাৰাজ ধৰ্ম্মপালৰ দান-পত্ৰতো উল্লেখ আছে যে, তৃতীয় শতাব্দীৰ বহু পূৰ্ব্বৰ পৰা কামৰূপৰ শিৱমন্দিৰবোৰত দেৱদাসীয়ে নৃত্য কৰাৰ কথা পৰিব্ৰাজক এলটবৰীয়ে উল্লেখ কৰি গৈছে। (অসমৰ নৃত্য-কলা : সুৰেশ গোস্বামী)। দামোদৰ গুপ্তৰ ‘কুট্টনীমত’ গ্ৰন্থত ভাস্কৰবৰ্ম্মাৰ মৃত্যুত এজনী দেৱদাসীয়ে বিয়োগ-দুখ সহিৰ নোৱাৰি অগ্নিত প্ৰাণ আহুতি দিয়া কথা পোৱা যায়।

 এইবোৰ কথালৈ লক্ষ্য কৰি ডুবি দেৱালয় ভাস্কৰবৰ্ম্মাৰ দিনৰে পৰা চলি অহা জনশ্ৰুতি একেবাৰে নিৰৰ্থক নহয় যেন লাগে।

 এই প্ৰসঙ্গতে আন এটি কথাত দৃষ্টিপাত কৰি চোৱা ভাল হ’ব। সম্প্ৰতি দেৱালয়ৰ দ’লটো নতুনকৈ নিৰ্ম্মাণ কৰিবলৈ মাটি খান্দোতে বিগ্ৰহ-অৱস্থিত গহ্বৰটোৰ চাৰিওফালে মাটিত পোত গৈ থকা অৱস্থাত আয়তাকাৰৰ কিছুমান শিল পোৱা হৈছে। এসময়ত যে এইবোৰক মন্দিৰ নিৰ্ম্মাণত ব্যৱহাৰ কৰা হৈছিল, শিলৰ গাঁথনিৰ [ ১১ ] চিনবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি। তাৰে এটা শিলত (বৰ্ত্তমান বাহিৰত পৰি আছে) কিছুমান ৰেখাৰ চিন দেখা যায়। মাটিৰ তলত শ শ বছৰ পৰি থকা হেতুকে সেইবোৰ অস্পষ্ট হৈ গৈছে। এই চিন আখৰৰো হব পাৰে, চিত্ৰও হব পাৰে বুলি আমাৰ ধাৰণা।

 আন এটা লক্ষ্য কৰিব লগা কথা, একেবাৰে তলত গহ্বৰৰ চাৰিকোণত চাৰিটা ডাঙৰ শিলৰ স্তম্ভৰ অস্তিত্ব পোৱা হৈছে। কিন্তু বহু তললৈ এই স্তম্ভ চাৰিটা ব্যাপি থকাৰ বাবে কাম কৰা মানুহে একোপধ্যে তাক উলিয়াব নোৱাৰি স্তম্ভৰ ওপৰৰ পৰাই নিৰ্ম্মাণ কাৰ্য আৰম্ভ কৰে। গুৱাহাটীৰ আমবাৰীত উদ্ধাৰ পোৱা পুৰণি কীৰ্ত্তি- চিহ্নৰ দৰে ডুবি-দেৱালয়ৰ তলতো কোনো দূৰ অতীতৰ অবুজ কাহিনী হয়তো লুকাই আছে। এই শিলৰ স্তম্ভ শিৱসিংহ ৰজাৰ দিনৰ নহয়। কাৰণ শিৱসিংহৰ দিনত প্ৰতিষ্ঠা কৰা মূল বিগ্ৰহটো কোনো লৰচৰ নোহোৱাকৈ যথাযথভাবে আছে। ইতিপূৰ্ব্বে এই শিলৰ স্তম্ভৰ কথা কোনো লোকে জনাও নাছিল। যেনেকৈ কামাখ্যা, নেঘেৰিটিং, বিশ্বনাথ, হাজো, উমানন্দ আদি পুৰণা ধ্বংসাৱশেষৰ ওপৰত ৰজাসকলে নতুন মন্দিৰ নিৰ্ম্মাণ কৰি দিছিল, হয়তো শিৱ- সিংহ ৰজায়ো তেনে প্ৰাচীন ধ্বংসপ্ৰাপ্ত শিৱমন্দিৰৰ ওপৰত পৰি- হৰেশ্বৰ দেৱালয় প্ৰতিষ্ঠা কৰে। প্ৰত্নতত্ত্বৰ দিশৰ পৰা অনুসন্ধান কৰিলে “বহুক্ষেত্ৰত দেখা যায় যে, অতীতৰ ধ্বংসস্তুপৰ ওপৰতে আহোম ৰজাসকলে নতুনকৈ মঠ-মন্দিৰ নিৰ্ম্মাণ কৰি ঐতিহ্য ৰক্ষা কৰি আহিছিল”। (অসমৰ অতীত ঐশ্বৰ্য্য : প্ৰেমধৰ চৌধুৰী)।

 ভাস্কৰবৰ্ম্মাৰ পৰা ডুবি দেৱালয়ৰ সময় নিৰূপণ কৰিলেও, এইটো ঠিক যে, মাজ খণ্ডত যি কোনো কাৰণতে ইয়াৰ প্ৰভাৱ হ্ৰাস পাইছিল। কোনো প্ৰাকৃতিক বিপৰ্য্যয়ত মাটিৰ তললৈ একে- বাৰে বহি যোৱাটোও সম্ভৱ হব পাৰে। আহোম যুগৰ প্ৰথমাৰ্দ্ধতো ডুবিৰ কিবা ভূমিকা থকা কথা জনা নাযায়। অষ্টাদশ শতিকাত [ ১২ ] সৰ্গদেউ শিৱসিংহৰ (১৭১৪-৪৪ খৃঃ) ৰাজত্ব কালত ডুবি-দেৱালয়ৰ অস্তিত্ব পুনৰ লোক-চক্ষুত ধৰা পৰে আৰু ৰজাই মাটি-বাৰী, পূজাৰী, দেউৰী, নট-নটী, পাইক আদি দান কৰে। ডঃ মহেশ্বৰ নেওগে জিলা গেজেটিয়াৰৰ উদ্ধৃতি দি কৈছে— “মন্দিৰটি লক্ষ্মীসিংহৰ দিনত আনুমানিক ১৭৭০ চনত স্থাপিত; পিচত কেঁচা ঘৰ সাজি ৰখা হয়”। (পৱিত্ৰ অসম)। ৰঘুবৰ ব্ৰাহ্মণৰ বংশাৱলীতে লক্ষ্মীসিংহই মঠ- মন্দিৰ গঢ়ি দিয়াৰ আগ্ৰহৰ কথা উল্লেখ আছে।

ডুবি নামৰ তাৎপৰ্য্য

 ডুবি নামটোৰ কিবা তাৎপৰ্য্য আছে নেকি? এই লৈ বহু জনৰ বহু মত। কিছুমানৰ মতে এসময়ত এই ‘দুৰ্বল’ নামৰ সৰু পাহাৰ এখন আছিল। কালক্ৰমত এই পাহাৰ তললৈ ডুবি যোৱাৰ বাবে ঠাইখিনি ‘ডুবি' নামে পৰিচিত হয়। এই কিংবদন্তি স্থানীয় মানুহে বৰকৈ বিশ্বাস কৰে। ওপৰত উল্লেখিত কোনো প্ৰাকৃতিক দুৰ্য্যোগত প্ৰাচীন মন্দিৰ তললৈ বহি যোৱা বা ডুবি যোৱা কথাখিনিৰ সৈতে ‘দুৰ্বল’ পাহাৰ মাটিৰ তললৈ ডুবি যোৱা জনশ্ৰুতিৰ সঙ্গতি বিচাৰি পোৱা যায়। পাহাৰ মাটিৰ তললৈ বহি গলে তাৰ ওপৰত থকা মন্দিৰো বহি যোৱাটো স্বাভাৱিক কথা।

 ভাৰতৰ প্ৰায়বোৰ শিৱমন্দিৰ পৌৰাণিক জনশ্ৰুতিৰে ভৰা। পৰিহৰেশ্বৰ দেৱালয়ৰৰ জনশ্ৰুতি আছে। সতীৰ দেহত্যাগৰ পিচত শিৱে সতীৰ মৰাশটো কান্ধত তুলি লৈ চাৰিওফালে ঘূৰি ফুৰিব ধৰে। পিচত বিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰা মৰাশটো কাটি টুকুৰা- টুকুৰি কৰি পেলায়। য'তেই সতীৰ অঙ্গ পৰিছিল সিয়ে একোখন শক্তিপীঠত আৰু মহাদেৱে য'ত য'ত জিৰাইছিল সিয়ে একোখন শিৱধামত পৰিণত হয়। ডুবিৰ ‘দুৰ্বল’ পাহাৰতো মহাদেৱে জিৰাইছিল বুলি জনশ্ৰুতি আছে। ই এক পৌৰাণিক কাহিনী। গতিকে ডুবিৰ প্ৰাচীনতাও যে পুৰনি কালৰে, তাত সন্দেহ নাই। [ ১৩ ]  আনফালে ডুবিৰ পৰা ভোটান্ত মহিতাৰালৈ ৰজাদিনীয়া যি আলি আছে, তাৰ দ্বাৰা ৰাজনৈতিকভাৱে এসময়ত ডুবি গুৰুত্বপূৰ্ণ ঠাই আছিল বুলি ভবাৰ থল আছে।

 ডুবিৰ আন এটি নাম ‘বিলাতী ডুবি'। ৰঘুবৰ-বংশাৱলীত এই নামটোৰ উল্লেখ আছে।

জনশ্ৰুতিৰ পম খেদি : শিবলিঙ্গৰ কথা

 দেৱালয়ৰ বিগ্ৰহটোৰ উৎপত্তি সম্বন্ধে এটি জনশ্ৰুতি শুনা যায়। জনশ্ৰুতিটো এনে ধৰণৰ— ‘দুৰ্বলগিৰি’ৰ ওচৰতে থকা কোনো এখন গাৱঁত ৰঘুবৰ নামেৰে এজন ব্ৰাহ্মণ আছিল (স্থানীয় লোকবিশ্বাস অনুসৰি এই কাহিনীৰ ব্ৰাহ্মণ গৰাকীৰ নাম ধৰ্ম্মবৰহে। বংশাৱলী মতে এওঁ আকৌ ৰঘুবৰৰ পিতৃ)। ব্ৰাহ্মণজনৰ এজনী স্বাস্থ্যৱতী খীৰঁতী কপিলী গাই আছিল। কিন্তু আচৰিত কথা, গাইজনীয়ে ঘৰত খীৰাবলৈ নিদিয়ে; কিন্তু এৰি দিলে তাই পোনেই ‘দুৰ্বলগিৰি’লৈ যায় আৰু এখন নিৰ্দ্দিষ্ট ঠাইত তাইৰ ওহাৰৰ পৰা গাখীৰ পৰে। এই কথা গাৱঁৰ মানুহৰ চকুত পৰিল। তেওঁলোকে আহি ৰঘুবৰক কলে। সন্দেহৰ বশৱৰ্ত্তী হৈ ৰঘুবৰে এদিন গাইজনী এৰি দি পাচে পাচে গৈ থাকিল। তেওঁ দেখি অবাক কথাটো সঁচা; গাইজনী এজোপা বিৰিণাবনৰ ওপৰত থিয় হৈ আছে আৰু তাইৰ ওহাৰৰ পৰা আপোনাআপুনি গাখীৰ বৈ গৈ বিৰিণাজোপাৰ ওপৰত পৰিছে। বিৰিণাজোপাত নো কি আছে চাবলৈ বুলি ৰঘুবৰে এখন কোৰ আনি ঠাইখিনি খান্দি পেলালে। দেখিলে— বিৰিণা- জোপাৰ তলত এডোখৰ শিল। তেওঁ ততালিকে ঘৰলৈ উভতি আহিল আৰু গাৱঁৰ মানুহক এই আচৰিত ঘটনাটো কলে। অলৌকিক কথা চাবলৈ গাৱঁৰ মানুহো তালৈ গ'ল। শিলডোখৰৰ কিবা মাহাত্ম্য থকা বুলি ভাবি সকলোৱে তাক তুলিবলৈ চেষ্টা [ ১৪ ] কৰিলে। আনকি হাতীৰ হতুৱায়ো শিলটো তুলিবলৈ যংপৰোনাস্তি চেষ্টা চলালে। কিন্তু সফল নহ'ল। ওপৰলৈ যিমানে টনা হয়, শিলো সিমানে তললৈ বহি যায়। অগত্যা কিবা দেওলগা শিল বুলি ভাবি গঞা ৰাইজ ঘৰলৈ ফিৰি আহিল। ৰাতি ৰঘুবৰে সপোনত দেখিলে এক জ্যোতিৰ্ময় দেৱমূৰ্তিয়ে তেওঁক আদেশ কৰিছে– “মই শিৱ, ইয়াতে আছোঁ। তোমালোকে ইয়াত এটি মন্দিৰ সাজি মোক নিতৌ পূজা কৰিবা। তোমালোকব মঙ্গল হব”। ৰঘুবৰে পুৱা এই স্বপ্নাদেশৰ কথা গাৱঁৰ মানুহৰ আগত ব্যক্ত কৰিলে। গাৱঁৰ মানুহে সেই শিলটোৰ (শিৱলিঙ্গৰ) ওপৰত এটি ঘৰ বান্ধি দি সেৱাপূজাৰ ব্যৱস্থা কৰিলে। ৰঘুবৰ বিগ্ৰহৰ নিত্যপূজাৰী হ'ল।

 বিগ্ৰহৰ মূৰত কোৰৰ ঘাপৰ চিন আজিও দেখা যায়।

 কিছুমানৰ মতে একে স্বপ্নাদেশ সৰ্গদেউ শিৱসিংহয়ো দেখিবলৈ পাইছিল আৰু তেওঁ নিজে ডুবিত উপস্থিত হৈছিল। ঠাইৰ মাহাত্ম্য বুজি ৰজাই বিগ্ৰহৰ ওপৰত মন্দিৰ এটি নিৰ্ম্মাণ কৰি দিয়ে।

ডুবি অঞ্চলটো : ভৌগোলিক দৃষ্টিৰে

 দেৱালয়ৰ আৰু ইয়াৰ চাৰিওফালৰ কেবা বৰ্গহাত জুৰি থকা ভূমি অংশ কঠিন আৰু শিলাময়। মাটিৰ ৰঙো ৰংচুৱা ধৰণৰ। এই- বোৰৰ পৰা কিংবদন্তিত উল্লেখিত ‘দুৰ্বল’ পাহাৰৰ কথা মনলৈ আহে।

 ডুবি বজালী পৰগনাৰ সৰিহ মৌজাত অৱস্থিত। বজালীৰ স্নায়ুকেন্দ্ৰ পাঠশালা চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় আঢ়ৈ কিলোমিটাৰ দক্ষিণে। পাঠশালাৰ পৰা দেৱালয়লৈ গড়কাপ্টানি ৰাস্তা এটি আছে। এই ৰাস্তাটো পুৰণি কঠোৰ আলিৰ অংশবিশেষ। ডুবিৰ পূবে জালিখাটা গাওঁ, দক্ষিণে উপৰনৈ আৰু গুনৰি গাওঁ, পশ্চিমে তিত্‌কা তাজে আৰু তিত্‌কা গৰীয়া আৰু উত্তৰে উত্তৰ-পূব সীমান্ত ৰেলপথ। ডুবি গাওঁখনৰ উত্তৰ-পশ্চিম মূৰেদি বিশ্বন্নলা জান গৈছে। ডুবিৰ [ ১৫ ] ওচৰেদি ‘পুষ্পভদ্ৰা’ নামৰ নদী এখন বৈ যোৱাৰ চিন আছে। দৰাচলতে ই পুৰণি কালদিয়া নদীৰ মৰা সুঁঁতি। খৃঃ সপ্তদশ শতিকাত এই সুঁতিটো ডুবিৰ কাষেৰে গৈ উপৰনৈত কালদিয়া নদীৰ লগত মিলিছিলগৈ। চৰকাৰৰ ৰেভিনিউ বিভাগৰ ১৮৮৪ চনৰ আগৰ পিয়লৰ নক্সাৰ পৰা এই কথা জনা যায়।

 দেৱালয়ৰ উপৰিও, ডুবিৰ আশে-পাশে কেবাটাও পুৰণি পুখুৰী আছে।

 ডুবি অঞ্চলটো বৈৰাপাৰা, নটপাৰা, কোছপাৰা, নপাৰা, দঙাৰ- পাৰা, মাজৰচুপা, মুছলমানপাৰা আদি কেবাটাও ভাগত বিভক্ত। অধিবাসীসকলো কেবাটাও সম্প্ৰদায়ৰ সমষ্টি। তাৰ ভিতৰত ব্ৰাহ্মণ, গায়ন-বায়ন, নট, মালাকাৰ, ভঁড়ালী, সূত, কুমাৰ, হীৰা, মুছল- মান প্ৰধান। এওঁলোকৰ বেছিভাগেই ৰজাদিনীয়া।

 প্ৰায়বোৰ লোকৰে জীৱিকাৰ উপায় কৃষি। নিচেই কম সংখ্যকেহে ব্যৱসায় বা চাকৰি কৰে। অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত পিচ পৰাও ইয়াৰ অন্যতম কাৰণ। বৰ্ত্তমানলৈ ইয়াত দুখন প্ৰাথ- মিক বিদ্যালয় (এখন মালিপাৰাত, এখন ডুবিত) আছে। আন কোনো শিক্ষানুষ্ঠান নাই। কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ‘গণকপুখুৰী’ মজলীয়া বিদ্যালয়ত পঢ়ে। মাধ্যমিক শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, পাঠশালা ছোৱালী মাধ্যমিক বিদ্যালয়, জালিখাটাৰ দক্ষিণ বজালী মাধ্যমিক বিদ্যালয় আদিলৈ যায়।

 বৰ্ত্তমান দেশৰ ঠায়ে ঠায়ে ধৰ্ম্মানুষ্ঠানবোৰক কেন্দ্ৰ কৰি অলেখ শিল্প, উদ্যোগ আৰু শিক্ষানুষ্ঠান গঢ় লৈছে। আনকি তেনে একোটা ধৰ্ম্মানুষ্ঠান গৈ সৰু বিশ্ববিদ্যালয়ত পৰিণতো হৈ পৰিছে। আশা কৰা যায়, ডুবি দেৱালয়ক কেন্দ্ৰ কৰিও শিক্ষা-সংস্কৃতিৰ প্ৰতিষ্ঠান গঢ়ি উঠিব আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰত অঞ্চলটোৰ উত্তৰ-পুৰুষসকলে ন-পোহৰৰ সন্ধান পাব। [ ১৬ ]  ডুবিৰ লোকে কামৰূপীয় উপভাষাৰ অন্তৰ্গত বজালীৰ কথ্য ভাষাকে কয়। তথাপি তেওঁলোকৰ বহুতৰে (বিশেষকৈ মহিলা- সকলৰ ভিতৰত) উচ্চাৰণত ধ্বনিগত পাৰ্থক্য এটা লক্ষ্য কৰা যায়। অনুমান হয়, তেওঁলোকৰ একে সম্প্ৰদায়ৰ লোক ইয়াত যথেষ্ট নথকাত স্বাভাৱিকতে বিয়া-বাৰুৰ সস্পৰ্ক দূৰ ঠাইৰ সৈতে ঘটে। আৰু এই সূত্ৰতে সেইবোৰ অঞ্চলৰ ভিন ভিন ধ্বনি আহি এটা মিশ্ৰিত ধ্বনিযুক্ত ভাষা গঢ়ি উঠিছে।

 সাংস্কৃতিক দিশত ডুবিত পঞ্জীভুক্ত জ্ঞানদায়িনী পুথিভঁৰাল এটি স্থাপিত হৈছে। ‘বজালী প্ৰগতি সংঘ’ৰ পৰিচালনাত দেৱালয়ৰ চৌহদতে ‘নাৰীমঙ্গল-শিশুকল্যাণ’ কেন্দ্ৰ এটিও হৈছে। এই কেন্দ্ৰৰ জৰিয়তে কণ কণ ল’ৰা-ছোৱালীক দিয়াৰ বাবে প্ৰাক্‌- প্ৰাথমিক বিদ্যালয় এখনো চলি আছে।

 

বুঢ়া গোসাঁইৰ ঘৰ

 পৰিহৰেশ্বৰ দেৱালয়খন কিন্তু স্থানীয় ৰাইজৰ মাজত ‘বুঢ়া গোসাঁইৰ ঘৰ’ বুলিহে জানাজাত। বুঢ়া-মেথা বা গাৱঁৰ জীয়াৰী- বোৱাৰীসকলে আজিও ‘বুঢ়া গোসাঁইৰ ঘৰলৈ যাওঁ’ বুলিহে কয়।

 অসমৰ আন আন ঠাইতো বুঢ়া গোসাঁইৰ থান দেখা যায়। কিন্তু মন কৰিবলগীয়া কথা— প্ৰতিখন বুঢ়াৰ থানৰ ওচৰতে একোখন বুঢ়ীৰ থানো আছে। ডুবিৰ বুঢ়া গোসাঁই শিৱলিঙ্গৰ লগতো বুঢ়ী গোসাঁনী বা যোনিপীঠ আছে। এই মিলনে শৈৱ-শক্তিৰ মিলনকে সূচায়। এগৰাকী পণ্ডিতে বুঢ়া গোসাঁইৰ থানবোৰকে ‘কালিকা- পূৰাণত ইঙ্গিত দিয়া শিৱৰ অজ্ঞাত বাসৰ ঠাই’ বুলি অনুমান কৰে।

 এই অনুমানৰ ওপৰত ভেজা দি আমি বোধহয় এটা সিদ্ধান্ত ল’ব পাৰোঁ যে এসময়ত শাক্তধৰ্ম্মৰ প্ৰভাৱত টিকিব নোৱাৰি, অসমৰ প্ৰাচীন শৈৱধৰ্ম্ম কেবাশ বছৰৰ বাবে আত্মগোপন কৰি থাকিবলগীয়া [ ১৭ ] হৈছিল। পিচত নৱবৈষ্ণৱ আন্দোলনৰ ফলত যেতিয়া শাক্তধৰ্ম্মও একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিল, তেতিয়া শৈৱ-শাক্তৰ এটা সহযোগী মনোভাব জাগি উঠে। ফলত দুয়ো সন্মিলিত শক্তিৰে বৈষ্ণৱধৰ্ম্মৰ বিপক্ষে আত্মৰক্ষা কৰিবলৈ প্ৰয়াস পায়। আহোম স্বৰ্গদেউসকলে সেই উদ্দেশ্যে অনেক মঠ-মন্দিৰো নিৰ্ম্মাণ কৰি দিয়ে। “It may also strike one to note that most of the prominent temples for the worship of Siva and his consort came to be constructed specially during the later part of the Ahom period” (A History of Assam : E. Gait) কিন্তু দেখা গৈছে নতুন মন্দিৰতকৈ পুৰণি বা ধ্বংসপাপ্ত মন্দিৰ নিম্মাৰ্ণতহে আহোম ৰজাসকলে বেছিকৈ উৎসাহ প্ৰদৰ্শন কৰিছিল।

 ভূতিবৰ্ম্মা বা ভাস্কৰবৰ্ম্মাৰ স্থাপিত ডুবিৰ ‘শিৱৰ থানো’ হয়তো তেনে এটি শৈৱ-শক্তিৰ সংঘৰ্ষৰ ফলত টিকিব নোৱাৰি জন- সাধাৰণৰ চকুৰ আঁৰ হৈ পৰিছিল। আহোম ৰাজত্বৰ শেষ ভাগত শিৱসিংহৰ দিনত ই পুনৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হয়। ৰঘুবৰ ব্ৰাহ্মণে শিৱলিঙ্গ মাটিৰ তলৰ পৰা খান্দি উলিওৱা কাহিনী ইয়াৰে ৰূপক যেন লাগে।

 

ৰঘুবৰ ব্ৰাহ্মণৰ কথা : বংশাৱলীৰ পৰা

 বৰ্ত্তমান পাঠশালা চহৰ অন্তৰ্গত গনাগাওঁ নিবাসী শ্ৰীশশী শৰ্ম্মা দেৱৰ সৌজন্যত ৰঘুবৰ ব্ৰাহ্মণৰ বংশাৱলী এখন পোৱা হৈছে। তাৰ পৰা দেখা যায়, তেওঁৰ উৰ্দ্ধতম পুৰুষজনৰ নাম মহাবীৰ সৃজৱাৰী। তেওঁ কনৌজৰ কাৰোৱাৰ গ্ৰামৰ নৈষ্ঠিক ব্ৰাহ্মণ আছিল। তেওঁৰ পুতেক হনুমান সৃজৱাৰী। হনুমানৰ পুত্ৰ ৰামলাল। ৰামলালৰ পুত্ৰৰ নাম চত্তু সৃজৱাৰী। তেওঁৰ পুতেক জগদীশ সৃজৱাৰী। ১৬২১ শকত (১৬৯৯ খৃঃত) মহাৰাজ ৰুদ্ৰসিংহই পিতাকৰ সৈতে [ ১৮ ] জগদীশ সৃজৱাৰীক কনৌজৰ পৰা আনি পাঁচশ পুৰা নিষ্কৰ ভূমি দান দি উজনিৰ ৰংপুৰৰ দক্ষিণফালে থকা কালজৰ গাৱঁত স্থাপন কৰে। কিছুদিন তাত থকাৰ পিচত অসভ্যৰ (?) অত্যাচাৰত থাকিব নোৱাৰি বনগ্ৰামলৈ আহে। বজালীৰ দক্ষিণফালে থকা বৰ্ত্তমানৰ বনগাৱেঁঁই উক্ত বনগ্ৰাম বুলি অনুমান হয়। কাৰণ জন- শ্ৰুতিমতেও জগদীশৰ পুত্ৰ ধৰ্ম্মবৰৰ ঘৰ বৰ্ত্তমান ডুবি গাৱঁৰ মূল গড়কাপ্টানি ৰাস্তাৰ পৰা দেৱালয়লৈ সোমোৱা ৰাস্তাৰ চ’কৰ উত্তৰ কাষে আছিল। এই ঠাইখিনিক আজিকালি ‘দলৰ পথাৰ’ বোলে। হয়তো বনগাৱঁৰ পৰা ধৰ্ম্মবৰে ডুবিলৈ উঠি আহিছিল। ধৰ্ম্মবৰৰ পুতেক ৰঘুবৰ। তেওঁৰ নামৰ সৈতে কপিলী গাইৰ কাহিনী আৰু দেৱালয়ৰ পুনঃ প্ৰতিষ্ঠাৰ কথা জড়িত হৈ আছে। ৰঘুবৰৰ পিচৰ ক্ৰম স্পষ্ট।

 শ্ৰীশশী শৰ্ম্মাৰ ঘৰত পোৱা বংশাৱলীৰ হুবহু নকল এটি (কিছু অংশ) তলত দিয়া। ইয়াত ঐতিহাসিক সমল আছে।

 

অথ বংশাৱলী : পুৰুষনামা

কনৌজ কান্যকুব্জ স্থান, কাৰোৱাৰ নামে গ্ৰাম, সাগ্নিক আছিল বিপ্ৰবৰ।
১৬২১ শকে ৰুদ্ৰসিংহ ৰাজ্যেশ্বৰে আনিলেক জগদীশ প্ৰবৰ॥
পিতামহ অসম ৰাজ্যে ৰংপুৰ দক্ষিণভাগে কালজৰা গ্ৰাম যে তথায়।
পঞ্চশত পুৰা ভূমি নিষ্কৰ লভিয়া তিনি বসতি কৰিল দ্বিজৰায়॥
তাহাৰ পিতাৰ নাম চত্তু সৃজৱাৰী হয় পিতামহ ৰামলাল গনি।
প্ৰপিতামহৰ নাম হনুমান সৃজৱাৰী উৰ্দ্ধজন মহাবীৰ জানি॥

কিছুদিন বাস কৰে কালজৰা গ্ৰামে।
অসভ্যেৰ অত্যাচাৰে ৰহিতে নাপাৰে॥
তথাহৈতে বনগ্ৰামে কৰি বসবাস।
পঞ্চপুত্ৰ লাভ কবি মনতে উল্লাস॥
ধৰ্ম্মবৰ নাৰায়ণ আৰু যে মুকুন্দ।

[ ১৯ ]

কৃষ্ণদেৱ গোপীনাথ নাম ক্ৰমাগত॥
তাহাৰ ভাৰ্য্যাৰ নাম জানকীযে হয়।
কাশ্যপ গোত্ৰতে জন্ম খ্যাতিমন্ত হয়॥
বনগ্ৰাম ত্যাগ কৰি হাজো সমীপত।
বসতি স্থাপিলা আহি নকুছি মাজদিয়াত॥
মাত্ৰ একমাস থাকি অমঙ্গল দেখি।
বিলাতি ডুবিত আহি স্থাপিল বসতি॥
নাৰায়ণ দেৱে পায় সত্ৰ বানদালি।
কৃষ্ণকান্ত সত্ৰ পায় নাম সত্ৰ বালি॥
মুকুন্দ নামেতে পুত্ৰ ব্যভিচাৰ কৰি
নিৰুদ্দেশ হয় সিটো কহিতে নাপাৰি॥
গোপীনাথ অকালতে হৈল নিধন।
জগদীশ হাহাকাৰ কৰয় তখন॥
ধৰ্ম্মবৰ বিপ্ৰবৰ থাকি নিজ গ্ৰাম।
পুত্ৰ এক লাভ কৰে ৰঘূবৰ নাম॥
তাহাৰ পুত্ৰৰ নাম জগন্নাথ থয়।
আদৰি কন্যাৰ নাম ৰূপৱতী হয়॥
কালপ্ৰাপ্তে জগদীশ পণ্ডিত প্ৰবৰ।
বৈকুণ্ঠে প্ৰয়াণ কৰে ত্যজি কলেৱৰ॥
যেবে ৰঘুবৰ হৈল বয়সে অধিক।
ধৰ্ম্মবৰ ত্যজে প্ৰাণ নোহে বিপৰীত॥
ৰঘুবৰ গৃহে এক কপিলি যে গাভী।
সাক্ষাৎ জানিবা যেন দেৱৰ সুৰভি॥
জগন্নাথ মাতৃস্তন্য অতি অল্প হয়।
গাভী দুগ্ধে পালে পুত্ৰ বিপ্ৰ মহাশয়॥
একদিন আচম্বিতে হৈল অঘটন।
গাভী নাহি দিয়ে তাক কৰিব দোহন॥

[ ২০ ]

দুগ্ধভাবে শিশুপুত্ৰ কান্দে উচ্চৈস্বৰে।
দোহন কৰিব গাভী একোতে নাপাৰে॥
এহিমতে কতদিন গত হৈ যায়।
বিৰিণাত দুগ্ধ দিয়া লোকে দেখা পায়॥
ইকাণ-সিকাণ কৰি শুনি ৰঘুবৰ।
স্ব-চক্ষে দৰ্শন হেতু গেল যে তৎপৰ॥
কি আশ্চাৰ্য সত্য কথা দুগ্ধ পৰে বনে।
গৃহত তথাপি নেদে কৰিব দোহনে॥
মহাৰুষ্ট হৈ দ্বিজ লইয়া কোদাল।
কি আছে বিৰিণা চুপে চাই দেখা ভাল॥
এই বুলি বিপ্ৰবৰ কোদালৰ ঘায়।
তুলিলা বিৰিণা চুপা হইয়া বিস্ময়॥
পৰদিন বিপ্ৰবৰ গাভী পাছে যায়।
পুনৰ পৰিছে দুগ্ধ দেখে মহাশয়॥
সন্দেহ হৈল বৰ বিপ্ৰৰ মনত।
নিশ্চয় কোনো বস্তু আছে ইয়াৰ তলত॥
পুনৰপি কোদালেতে খান্দিবে লাগিলা।
আচম্বিতে কোদাল যাই শিলত পশিলা॥
একখণ্ড শিল কোদালত গৈল কাটি।
সবিস্ময়ে বিপ্ৰ দেখে কোদাল গেল ফাটি॥
তদন্ত কৰিয়া বিপ্ৰ দেখিল তথায়।
গৌ ৰীপত সহ লিঙ্গ বিৰাজ কৰয়॥
কৌতুহলে ৰঘুবৰ গৃহক আহিয়া।
গৃহ কৰ্ম্ম কৰি ৰাতি থাকিল শুইয়া॥
নিশাকালে স্বপ্ন এক দেখে ৰঘুবৰ।
শিৰোদেশে দণ্ডায়িত এক বিপ্ৰবৰ॥
ৰঘুবৰে কয় শুন অধৰ্ম্মী ব্ৰাহ্মণ।

[ ২১ ]

কপিলাৰ দুগ্ধ তোৰ নাহল সহন॥
গুপুতে আছিলো মই কপিলী দুগ্ধ খাই।
ব্যক্ত কৰিলি তই অতি ৰুষ্ট হই॥
এবে যদি ভাল চাহ পূজা যথাবিধি।
কৰিতে হইবে মোক অদ্য অৱধি॥
অন্যথাই অমঙ্গল হইবে যে তোৰ।
অৰ্চিলে মঙ্গল হব সাৰ বাক্য মোৰ॥

 —এইবুলি স্বপ্ন দেখাত গ্ৰামিক লোকে এটি সামান্য ৰকম ঘৰ বান্ধি দিয়াত তেওঁ পূজা কৰিবলৈ ধৰিলে। তেওঁৰ মাহাত্ম্য দেখি আৰু পৰীক্ষা কৰি আসাম দেশাধিপতি স্বৰ্গীয় শিৱ সিংহ মহাৰাজে লাখেৰাজ জমি জমা দি ১২ গোট পাইক * নিযুক্ত কৰিলে আৰু সেৱাপূজা কৰিবলৈ হুকুম দিলে। তেওঁৰ পিচত তেওঁৰ ভায়েক লক্ষ্মীসিংহ ৰজায়ো নিজে তদন্ত কৰি মঠ-মন্দিৰ কৰি দিবৰ বন্দবস্ত কৰি দি যোৱাৰ পিচত ঢুকাল।

মহাবীৰ সৃজৱাৰী হৰলাল সৃজৱাৰী লছমন সৃজৱাৰী

হনুমান সৃজৱাৰী মতিলাল সৃজৱাৰী হীৰালাল সৃজৱাৰী ৰামলাল সৃজৱাৰী চত্তু সৃজৱাৰী জগদীশ পণ্ডিত (আহোম ৰাজ ৰুদ্ৰসিংহই কনৌজৰপৰা আনে) ধৰ্ম্মবৰ নাৰায়ণ মুকুন্দ কৃষ্ণদেৱ গোপীনাথ ৰঘুবৰ


  • আমাৰ সংগৃহীত তথ্যমতে পাইক ৫৪ গোটহে হব লাগে। ⸻ লিখক। [ ২২ ]
     

বিগ্ৰহৰ অৱস্থিতি

 দেৱালয়ৰ মূল বিগ্ৰহ পৰিহৰেশ্বৰ গোসাঁই বা শিৱলিঙ্গ। প্ৰায় ২১০ (১৪ ১/২X১৪ ১/২) বৰ্গফুট আয়তনৰ চাৰিকোণীয়া গহ্বৰ এটিৰ ভিতৰত এচটা শিলৰ ফলিৰ ওপৰত আছে। ভূপৃষ্ঠৰ পৰা ১২ ১/২ই ফুট তলত এই বিগ্ৰহ অৱস্থিত। এইখিনিতে এটা মন কৰিবলগীয়া বিষয় এই যে, ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰ দৰে অসমৰ আন বহু প্ৰাচীন মন্দিৰৰ বিগ্ৰহো তেনে একোটা গহ্বৰত থকা দেখা গৈছে। গহ্বৰৰ ভিতৰত বিগ্ৰহৰ অৱস্থানৰ আধ্যাত্মিক কিবা কাৰণ আছে নে নাই আমাৰ জনা নাই। হয়তো উপাসনাৰ গভীৰতা আৰু পৰিবেশ সৃষ্টি কৰাৰ বাবে বাহিৰৰ আৰু ৰ'দ-বৰষুণে ঢুকি নোপোৱাকৈ গহ্বৰৰ ভিতৰত বিগ্ৰহ নিৰ্ম্মিত হৈছিল, যাতে উপাসকজনৰ চিত্তত একাগ্ৰতা জন্মে।

 এই প্ৰসঙ্গত বুৰঞ্জীবিদ শ্ৰীপ্ৰেমধৰ চৌধুৰীয়ে কোৱা কথাখিনি প্ৰণিধানযোগ্য :

 “অতীজতে প্ৰকৃতি দেবীৰ বিভিন্ন ৰূপেই ৰৌদ্ৰ, সাম্য ইত্যাদি ভাব-ভঙ্গিমাই আছিল উপাসনাৰ হেতু। লাহে লাহে পূজাৰ পদ বা পাত্ৰ কেৱল কল্পনাৰে বিষয়বস্তু নহৈ বাস্তৱ-মূৰ্ত্তিৰ আকাৰ লবলৈ আৰম্ভ কৰে। খৃষ্টীয় শতাব্দীবোৰৰ আৰম্ভৰ লগে লগে বাস্তৱ-মূৰ্ত্তিৰ বাসস্থানৰো লগতে আৱশ্যক হৈ পৰিল। প্ৰথমতে গছপাতৰ মণ্ডপ বা লতা-কুঞ্জ, তাৰ পিচত নল-খাগৰিৰ পঁজা, লাহে লাহে হ’ল কাঠ-ইটাৰ কুটীৰ— এইদৰে গৈ গৈ গুপ্ত ৰজাসকলৰ দিনত পূজাৰ বিষয়বস্তু মূৰ্ত্তি-বিগ্ৰহ স্থাপনৰ অৰ্থে তৈয়াৰ হৈ উঠিল শিলৰ আবাস! ইয়াৰ নাম হ'ল গৰ্ভগৃহ; সি আকাৰত চাৰিচুকীয়া; এখন মাথোন দুৱাৰমুখ; তাত পোহৰৰ জিলিঙনি সোমাব নোৱাৰে; গতিকে সি ঘনীভূত অন্ধকাৰৰ দ্বাৰা সমাচ্ছন্ন আৰু এই ধৰ্ম্মভাবা- পন্ন স্থানতেই উদ্ভৱ হ'ল সাধু-সন্ন্যাসীৰ ধ্যানমগ্ন হোৱাৰ উত্তম পৰিস্থিতি ”। (অসমৰ অতীত ঐশ্বৰ্য্য।) [ ২৩ ]  পৰিহৰেশ্বৰ বিগ্ৰহৰ গহ্বৰত অৱস্থিতি বা স্থাপনো একে কাৰণতে বুলি অনুমান হয়।

 লিঙ্গপীঠটো উত্তৰ ফালে অৱস্থিত। যোনিপীঠ বা গৌৰীপীঠটো তাৰ তলত। শিৱলিঙ্গত দিয়া পাদ্য-অৰ্ঘ্য গৌৰীপীঠেৰে গৈ মন্দিৰ- সংলগ্ন কুণ্ডটিত পৰে। কুণ্ডত পৰিপূৰ্ণ শান্তিজলেৰে যাত্ৰীক মঙ্গল- শান্তি দিয়া হয়। কিছু বছৰ আগলৈকে মন্দিৰৰ ভিতৰৰ পৰা কাষত থকা পদুম-পুখুৰীলৈ এটি নলা আছিল। নলাটো তিনিকোণীয়া আৰু বগা শিলেৰে নিৰ্ম্মিত। সম্প্ৰতি নতুনকৈ দ’ল নিৰ্ম্মাণ কৰোঁতে নলাটো বন্ধ কৰি দিয়া হৈছে। পূজাৰ সময়ত দিয়া সকলো জল- ফুল আদি এই নলাৰে গৈ পুখুৰীত পৰিছিল। খুব সম্ভৱ, পূজাৰ বেদীত পানী বা কোনো আবৰ্জ্জনা জমা হব নলগাকৈ ৰজাই উক্ত নলাটোৰ ব্যৱস্থা কৰাই দিছিল।

 ব্ৰাহ্মণ পূজাৰীয়ে বিগ্ৰহ প্ৰতিদিনে দুপৰীয়া ধুৱাই পূজা কৰে। শঙ্খ-ঘণ্টা আৰু ডবাৰ শব্দই স্বাভাৱিকতে পৰিবেশটো মধুৰ কৰি তোলে। সন্ধিয়া আৰতি দিয়া। হয়। এইটোও এটা আকৰ্ষণীয় অনুষ্ঠান। দুয়োটা সময়তে মন্দিৰৰ ডবাত কোব পৰাৰ লগে লগে নূপুৰৰ গুঞ্জন উঠিছিল দেৱদাসীসকলৰ নৃত্যৰ মাজেৰে।

 মন্দিৰত এটি অষ্টভূজা দুৰ্গা মূৰ্ত্তি আছে। এইটো ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে দিয়া। তাৰ উপৰি কৃষ্ণ (বিষ্ণু ) বলৰাম আৰু শিৱ পঞ্চাননৰ মূৰ্ত্তি আছে। তিনিওটা মূৰ্ত্তি ৰাজদত্ত বুলি কোৱা হয়। মন্দিৰৰ ভিতৰত আন এটি চতুৰ্ভূজ মূৰ্ত্তি আছে। এইটো ‘টাঙালীয়া গোসাঁই’ বুলি কোৱা হয়। প্ৰায় দুই ফুট ওখ পিতলৰ এই মূৰ্ত্তিটো ডাঙৰ শিলৰ আসন এখনৰ ওপৰত স্থাপিত। * ইয়াৰ বাহিৰেও


  • টাঙালীয়া এখন গাৱঁৰ নাম। ডুবিৰ পৰা প্ৰায় ৪১/২ মাইল দূৰত বুঢ়া-গোসাঁইঝাৰ গাৱঁৰ ওচৰত। এসময়ত তাত এটা মন্দিৰ আছিল। ১৮৯৭ চনৰ বৰভূঁইকঁপত টাঙালীয়া গাৱঁৰ বিস্তৰ ক্ষতি সাধন হয়। মন্দিৰটোও ধ্বংস হৈ যায়। গাৱঁৰ মানুহ দিহাদিহি ভাগি গ’লত বিগ্ৰহটো ডুবিৰ দেৱালয়লৈ লৈ অহা হ’ল।
 
[ ২৪ ] মন্দিৰত আৰু অনেক মূৰ্ত্তি আৰু শালগ্ৰাম আছে। সেইবোৰ পৰৱৰ্ত্তী

কালত আহি লগলগা। আগতে সাধাৰণতে ব্ৰাহ্মণ মানুহৰ ঘৰে ঘৰে একোটা গোসাঁইঘৰ আছিল। (আজি-কালিও কিছুমানৰ আছে।) কেতিয়াবা কোনো কাৰণত গোসাঁইৰ পূজা-পাতল কৰা মানুহৰ অভাৱ হলে দেৱ-ৰোষৰ ভয়ত বিগ্ৰহবোৰ কোনো উমৈহতীয়া দেৱালয় বা মন্দিৰত থৈ আহিছিল। মন্দিৰৰ পূজাৰীয়ে মূল বিগ্ৰহৰ লগতে এইবোৰকো পূজা দিয়ে। এনে কাৰণতে পৰিহৰেশ্বৰ দেৱালয়ত নানা বিধৰ দেৱ-মূৰ্ত্তি দেখা যায়।

বিগ্ৰহৰ পূজা :

 পৰিহৰেশ্বৰ দেৱালয়ত শিৱ, দুৰ্গা আৰু বিষ্ণু তিনিওগৰাকী দেৱতাৰ পূজা হয়। পূজাৰ ভোগ তিনিওগৰাকীকে বেলেগে বেলেগে দিয়া হয়। ৰজাৰ দিনত হেনো নিতে এঘাৰ সেৰকৈ ভোগ দিয়া হৈছিল। সামিষ, নিৰামিষ এই দুই প্ৰকাৰৰ ভোগ দিয়াৰ পদ্ধতি আছে। বিষ্ণুৰ ভোগ নিৰামিষ আৰু শিৱ-দুৰ্গাৰ ভোগ সামিষ। খাহি মুচৰি মাৰি এই সামিষ ভোগ তৈয়াৰ কৰা হয়। ‘শিৱপূজাত ছাগলিৰ ভোগ বলি অসমৰ শৈৱধৰ্ম্মৰ এটি উল্লেখনীয়’। (ডঃ বিৰিঞ্চি বৰুৱা) কাৰোবাৰ মানস থাকিলে বলি দিও সামিষ ভোগ আগবঢ়ায়।

 ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গামূৰ্ত্তি দান দি দেৱালয়ত সাৰ্ব্বজনীন দুৰ্গাপূজাৰ প্ৰচলন কৰিলে। তথাপি মন কৰিব লগা কথা, দুৰ্গা পূজা উপলক্ষে কোনো মাটিৰ প্ৰতিমা নিৰ্ম্মাণ কৰা নহয়। এটি বাঁহ জকা সাজি তাত ৰঙা কাপোৰ মেৰিয়াই দুৰ্গাৰ প্ৰতিকৃতি কৰা হয়। সেইটোকে সন্মুখত ৰাখি নৱ-পত্ৰিকাৰ * দ্বাৰা ঘট প্ৰতিষ্ঠা কৰি পূজা কৰা ৰীতি। দুৰ্গাপূজাৰ মণ্ডপ মন্দিৰৰ পশ্চিম ফালৰ বাহিৰ-প্ৰাঙ্গণৰ এটুকুৰা নিৰ্দিষ্ট স্থানত পতা হয়।


  • নৱপত্ৰিকা— কচুগছ, ধানগছ, হালধি গছ, কলগছ আৰু পঞ্চপল্লৱ (অৰ্থাৎ— আম, অশ্বথ, বট, কঠাল আৰু বকুল।)
 
[ ২৫ ] দুৰ্গাপূজাত বলি দিয়া প্ৰথা আছে। কিছু বছৰ আগলৈকে কোনোবাই

মানস কৰিলে ম’হ বলি দিয়া হৈছিল। কিংবদন্তি আছে— এসময়ত পৰিহৰেশ্বৰ দেৱালয়ত দুৰ্গাপূজাৰ সময়ত নৰবলিও দিয়া হৈছিল। অৱশ্যে এই কাম অনুষ্ঠিত হৈছিল অতি গোপনে দোভাগ নিশা। এই কথাৰ সত্যতা কিমানখিনি জনা নাযায়। এসময়ত অসমৰ কেবাটাও মন্দিৰত নৰবলি হোৱা কথা বুৰঞ্জীয়ে স্বীকাৰ কৰে। আজিও ভাৰতৰ বিভিন্ন ঠাইত তান্ত্ৰিক আৰু অন্ধবিশ্বাসীসকলে গোপনে মানুহ বলি দিয়া কথা শুনা যায়। এটা লক্ষ্যণীয় বিষয় এই যে, আজিও দেৱালয়ত ‘অৰ্দ্ধৰাত্ৰিৰ বলি’ শুদ্ধ কলা পঠা- ছাগলী মাজৰাতি গোসাঁনীৰ আগত বলি দিয়া হয়।

 

আন আন পৰ্ব

 দেৱালয়ৰ আনুষঙ্গিক পূজা হিচাবে দুৰ্গাপূজাৰ লগতে জন্মাষ্টমী, শিৱৰাত্ৰি, দৌল, আহিন-কাতি মাহৰ সংক্ৰান্তি আদি পৰ্ববোৰ পালন কৰা হয়। স্থানীয় ৰাইজে দেৱালয়ত ৰঙালী বিহু বিশেষ উলহ-মালহেৰে যাপন কৰে। ৰঙালী বিহুত পাউৰাতোলা (ভঠেলী) এটা আকৰ্ষণীয় অনুষ্ঠান।

 মন্দিৰৰ বিগ্ৰহৰ সন্মুখত নচাৰ উপৰিও দেৱদাসীসকলে উক্ত উৎসৱ-পৰ্ববোৰতো নাচিব লাগিছিল। অৱশ্যে এই নাচ নাট্য- মন্দিৰত নহৈ বাহিৰ-প্ৰাঙ্গণত হৈছিল।

 

নাট-মন্দিৰ : আন আন ঘৰ আদি

 নাট-মন্দিৰটো পূৰ্ব্বতে খেৰী আছিল। ইংৰাজ আমোলত অনুমান ৬০ বছৰমান আগতে টিনেৰে নিৰ্ম্মাণ কৰা হয়। এই ঘৰটো জৰাজীৰ্ণ হোৱাত সেই একে ভেটিতে নতুনকৈ নিৰ্ম্মাণ কৰা হৈছে। বৰ্ত্তমানে নাট-মন্দিৰৰ গাতে লগাকৈ ৫৫ ফুট ওখ দ’লটো সাজিবলৈ লোৱা হৈছে। — ই অৰ্দ্ধনিৰ্ম্মাণৰ পথত। [ ২৬ ]  নাট-মন্দিৰৰ ঘৰটো দীঘলে ১০০ হাত, পথালিয়ে ৬০ হাত, ওখ ১৫ হাত।

 মন্দিৰৰ দক্ষিণফালে ভোগধনী ঘৰ। ইয়াতে গোসাঁইৰ ভোগ ৰন্ধা হয়। ভোগধনী ঘৰৰ লগতে বুলনি-ঘৰ।

 মন্দিৰৰ পূব-দক্ষিণ দিশত প্ৰায় দুই কঠা মাটি জুৰি কেতেকী- বাৰী। ৰজাদিনীয়া কেতেকী গছবোৰ আজিও আছে। বসন্ত কালত ইয়াৰ ফুলৰ সুবাসে সমগ্ৰ অঞ্চলটোকে আমোল-মোলাই পেলায়। স্থানীয় মানুহে এই কেতেকীডৰাত এহাল সাপ থকা বুলি কয়। মাজে-সময়ে হেনো গোসাঁইৰ ওচৰলৈ আহে। সেই সময়ত মানুহে দুয়োকো দেখা পায়।

 মন্দিৰত প্ৰবেশ কৰিবলৈ এটি টিনৰ বাট-চ’ৰা আছে। বাট- চ’ৰাটো পশ্চিমফালে অৱস্থিত। আগতে মন্দিৰৰ পূবকালে এটি পাতকুঁৱা আছিল। মন্দিৰত পৱিত্ৰ পানীৰ যোগান ধৰিবলৈ শিৱ- সিংহ মহাৰাজে কুঁৱাটো নিৰ্ম্মাণ কৰি দিছিল। বৰ্ত্তমানে সেই কুঁৱাটো নাই— মাটিত পোত গৈছে। মন্দিৰ প্ৰাঙ্গণত এজোপা তালগছ। ইয়ো বহু পুৰণি। ডুবিৰ তালগছ হাজোৰ শালগছ বাঢ়ি গৈ দেখা দেখি হলে ‘দুৰ্বলগিৰি’ পাহাৰ ওপৰলৈ উঠিব আৰু পুষ্পভদ্ৰা নদী আকৌ ববলৈ লব বুলি বুঢ়া-বুঢ়ীসকলে বিশ্বাস কৰে।

ৰাজ-ছত্ৰছাঁয়াত দেৱালয়

 দেৱালয় সুচাৰুৰূপে পৰিচালনাৰ অৰ্থে সৰ্গদেউ শিৱসিংহই ৭৬০ পুৰা মাটি আৰু ৫৭ গোট পাইক দান কৰিছিল। ৰজাই দান কৰা মূল তামৰ ফলি মানৰ আক্ৰমণৰ সময়ত কেনেবাকৈ হেৰাই যায়। ইংৰাজে অসম লোৱাৰ পিচত দানপত্ৰ দাখিল কৰিব নোৱাৰা হেতুকে পৰিহৰেশ্বৰ দেৱালয়ৰ সমূদায় মাটি-বাৰী খাচ দখললৈ নিবলৈ চেষ্টা চলায়। তেতিয়া সেই সময়ৰ দলৈ গৰাকীয়ে নানা যত্ন কৰি আন আন তৎকালীন (ৰজাই পতা) বৰুৱা, চৌধুৰী [ ২৭ ] প্ৰভৃতি জমিদাৰ শ্ৰেণীৰ হাতত থকা ৰজাদিনীয়া নথিপত্ৰত ডুবি দেৱালয়ৰ আহোম সৰ্গদেউসকলৰ সাহায্য সম্পৰ্কে থকা উল্লেখ আদি দেখুৱাই ইংৰাজ চৰকাৰৰ দেৱালয় খাচ কৰা মনোভাবৰ সলনি ঘটাবলৈ সমৰ্থ হয়। তেতিয়া চৰকাৰে শিৱসিংহৰ দান ফলিৰ পৰি- পূৰক হিচাবে নতুনকৈ পেৰাকাকত কৰি দিয়ে। সত্ৰ-দেৱালয় পৰিদৰ্শনকাৰী এজন কৰ্ম্মচাৰীয়ে তেনে এখন পেৰাকাকতত এটি মন্তব্য লিখি থৈ যোৱাৰ পৰা উক্ত কথাৰ সত্যতা প্ৰতীয়মান হয়। তেওঁৰ মন্তব্য হ'ল— ‘বিল্লেশ্বৰ, পিঙ্গলেশ্বৰ, পৰিহৰেশ্বৰ এতদ্দেশে মান আক্ৰমণ কালিনে ফলি হাৰাইবাৰ দৰুণে ৭৭৪ পুৰা মাটি ও ৫৪ গোট পাইক দেওয়া গেল।’

 দেৱালয়লৈ ৰজাই দান কৰা সৰ্ব্বমুঠ মাটি ৭৬০ পুৰা। জিলা গেজেটিয়াৰৰ মতে লাখেৰাজ ১২৮০, নিষ্পিখেৰাজ ১৭৬০ বিঘা। ৰজাই দিয়া পাইক, নট-নটী আদি (পিচত অন্য সম্প্ৰদায়ৰ লোকো আহিছে) এই নিষ্পিখেৰাজ মাটিত বসবাস কৰিবলৈ দিয়া হৈছিল। তাৰ সলনি তেওঁলোকে আধা খাজনা দিব লাগিছিল।

 লাখেৰাজ মাটিৰ কোনো খাজনা নাই। এই মাটিৰ পৰা হোৱা আয় সম্পূৰ্ণৰূপে বিগ্ৰহৰ ভোগ-প্ৰসাদ, দেৱালয়ৰ আন আন উৎসৱ-পাৰ্ব্বণ আৰু উন্নয়নমূলক কামত খৰচ কৰা হৈছিল। সেই বাবে এই মাটিক ভোগধনী মাটিও বোলে। ভোগধনী মাটি ভোগ কৰাসকলে বছৰে প্ৰতি পুৰা মাটিৰ বাবদ দেৱালয়ত একোটাকৈ ভোগ দিব লাগিছিল। এটা ভোগৰ পৰিমাণ— চাউল এঘাৰ সেৰ, ঘিউ আধা পোৱা, মিঠাতেল তিনি পোৱা, তামোল দুই গণ্ডা আৰু পাণ দুই মুঠা। দেৱালয়ৰ ভঁৰালীয়ে এই ভোগৰ সামগ্ৰী সংগ্ৰহ কৰি নিব লাগিছিল।

 দেৱালয়ৰ নটীসকলে এক পুৰাকৈ বিনা খাজনাত নিষ্পিখেৰাজ মাটি ভোগ কৰিবলৈ পাইছিল। তেওঁলোকে ভোগ কৰা

মাটিৰ পথাৰখনক আজিও ‘বেশ্যাৰ পথাৰ’ বুলি কোৱা হয়। [ ২৮ ]
 

 ৰজাই দেৱালয়ৰ বাবে দিয়া মাটি ডুবিৰ বাহিৰেও ভোগপুৰ, বেতবাৰী, বেলশৰ, শিমলা, সোণকোহা, বুঢ়াগোসাঁইঝাৰ, বগামালি ঔকুচি, কুকুৱাপাটাবাৰী, পাঠশালা টাউন আদি ঠাইত আছিল। পৰৱৰ্ত্তী কালত ইয়াৰে অনেকখিনি মাটি হ্ৰাস পালে, অনেকখিনি আছে।

 

দেৱালয় পৰিচালনা : বিষয়বাবসমুহ

 দেৱালয় পৰিচালনাৰ বাবে ৰজাই স্থাপন কৰা লোকসকলৰ ভিতৰত বিষয়-বাব বিতৰণ কৰা হৈছিল তলত দিয়া ধৰণে⸺

 ১। ব্ৰাহ্মণ বা সেৱাইত :⸺ এওঁলোকৰ ফৈদ দুটা⸺ (১) পূজাৰী আৰু (২) সুপকাৰ। দুয়োটা ভাগকে একেলগে বৰদেউৰী বোলা হয়। দেৱালয়ৰ মুখ্য পৰিচালক দলৈগৰাকী বৰদেউৰী ফৈদৰ পৰাই নিৰ্ব্বাচন কৰা হয়। পূজাৰীয়ে বিগ্ৰহৰ পূজা কৰা আৰু সুপকাৰে বিগ্ৰহৰ ভোগ ৰন্ধা কাম কৰিব লাগে।

 ২৷ নট— এওঁলোকক সাধাৰণতে নৃত্য-গীতৰ কামত নিয়োেগ কৰা হৈছিল। নটীসকল নট সম্প্ৰদায়ৰে আছিল। নটীয়ে নাচিলে গায়ন-বায়নে লগত থাকি বাদ্য পৰিবেশন কৰিছিল।

 ৩। মালাকৰ:— দেৱালয়ৰ বিভিন্ন কামত এওঁলোকৰ কাম ভাগ কৰি দিয়া আছিল। এওঁলোকক পাইকো বোলা হয়। শিৱ- সিংহই হাজোৰ পৰা ৫৪ গোট পাইক আনি দিছিল (চাৰিটাই এক গোট)। “চাৰিজন মুনিহ ৰজাঘৰীয়া কামৰ নিমিত্তে একগোট হৈছিল; তেওঁলোকৰ প্ৰতিজনৰে কৰ্ত্তব্য একে, গাত লগা বিষয়াও এক আৰু সেই গোটৰ এজনে ৰাজঘৰীয়া কামত লাগিলে বাকী- কিজনে তেওঁৰ খেত-পথাৰ, বন-বাৰী কৰি দিব লগাত পৰিছিল। (বুৰঞ্জীৰ বাণী : ডঃ সূৰ্য্য কুমাৰ ভূঞা) সেয়ে দেৱালয়ৰ পাইক বা মালাকসকলৰ ভিতৰতো কামৰ ভাগ-বতৰা আছিল। এওঁলোকৰ ভিতৰত— [ ২৯ ] ১। মালী— বিগ্ৰহৰ দৈনন্দিন পূজাত এওঁলোকে মালা, ফুল আদি যোগান ধৰিব লাগিছিল।

২। আঠপৰীয়া— দেৱালয়ৰ ঘৰ-দুৱাৰ সৰা-মচা, চৌহদ পৰিষ্কাৰে ৰখা, পূজাৰ যা-যোগাৰ কৰা, এওঁলোকৰ কাম আছিল। তদুপৰি, অষ্টপ্ৰহৰে দেৱালয় পহৰা দিব লাগিছিল। কেতিয়াবা কিবা আশঙ্কা দেখিলে ওচৰ-চুবুৰীয়াক জান দিয়াৰ বাবে জয়ঢাক বজাই দিছিল।

৩৷ ভঁৰালী— দেৱালয়ৰ ভঁৰাল ৰক্ষা কৰা ভঁৰালীৰ কৰ্ত্তব্য। আগৰ কালত মুদ্ৰাৰ প্ৰচলন পৰ্য্যাপ্ত পৰিমাণে নথকাত মানুহে টকা-পইচাৰ সলনি বস্তু-বাহানিহে আগ বঢ়াইছিল। গতিকে সেইবোৰ থবলৈ সুকীয়া ভঁৰাল আৰু ভঁৰালীৰ ব্যৱস্থা আছিল। ভঁৰালীয়ে নিজে মানুহৰ ঘৰে ঘৰে গৈ বস্তুবোৰ সংগ্ৰহ কৰি ভঁৰালত জমা ৰাখিছিল।

(৪)পাইক :⸺ দলৈৰ নিৰ্দ্দেশমতে দেৱালয়ৰ কাম কৰিছিল।

 ইয়াৰ উপৰি দলৈয়ে ক'ৰবালৈ যাবলগীয়া হলে, লগত নিয়াৰ বাবে আৰু পাইক চলোৱা, দলৈৰ কাম-কাজ কৰা কামৰ কাৰণে ক্ৰমে চিকদাৰ আৰু ঠাকুৰীয়া দলৈ গৰাকীয়ে নিজাকৈ নিয়োগ কৰিব পাৰিছিল। চিকদাৰ আৰু ঠাকুৰীয়া ভঁৰালী আদি ফৈদৰ পৰা লোৱা হৈছিল।

 দেৱালয়ৰ কিছুমান নিৰ্দিষ্ট কামত মুছলমান সম্প্ৰদায়ৰ লোকো নিয়োজিত হৈছিল। এওঁলোক অসমীয়া গৰীয়া মুছলমান। শিৱসিংহ ৰজাই কোনো মুছলমান লোক দিয়া কথা পোৱা নাযায়। খুব সম্ভৱ পৰৱৰ্ত্তী কালত এওঁলোকৰ দেৱালয়ৰ প্ৰতি শ্ৰদ্ধা আৰু আগ্ৰহ অনুভৱ কৰি কোনো উদাৰমনা দলৈয়ে তেওঁলোকক দেয়ালয়ৰ বাহিৰা কামত সহায় কৰিবলৈ অনুমতি দিছিল আৰু পিচত গৈ ইয়ে পৰম্পৰাত পৰিণত হৈছিল। [ ৩০ ]  মুছলমান সম্প্ৰদায়ৰ পৰাও এজন পাইক লোৱা হৈছিল। আন পাইকৰ দৰে এওঁলোকেও দেৱালয়ৰ মাটি ভোগ কৰাৰ সুবিধা পাইছিল।

 উল্লেখিত সকলো ফৈদকে দেৱালয়ৰ কামত সহায় কৰি দিয়া বাবদ আধা খাজনাতে দেৱালয়ৰ মাটি ভোগ কৰিবলৈ দিয়া হৈছিল। দেৱদাসী আৰু গায়ন-বায়নে ৰাজহ কৰ্ত্তন পাইছিল। অৱশ্যে স্থানীয় কৰখিনি দিব লাগিছিল।

 
[ ৩১ ]

নাট-মন্দিৰৰ ভিতৰে বাহিৰে

 

দেৱদাসী সম্প্ৰদায়ৰ পৰম্পৰা

 দেৱদাসী সম্প্ৰদায়ৰ মূল উৎস ক’ত সঠিককৈ কোৱা টান যদিও প্ৰাচীন ভূমধ্যসাগৰীয় অঞ্চলৰ পৰা দেৱদাসী প্ৰথা ভাৰতলৈ অহা বুলি অনুভৱ হয়। বিভিন্ন তথ্য-পাতিৰ দ্বাৰা এসময়ত ভাৰতৰ বাহিৰতো দেৱদাসী বা মন্দিৰত নাচিবলৈ ছোৱালী নিয়োগ প্ৰমাণ পোৱা যায়। আৰ্মেনিয়াত ছোৱালী বিয়া দিয়াৰ আগতে মন্দিৰত দেৱতাৰ সেৱাত নিযুক্ত হৈছিল। ইজিপ্তৰ তাছবিছ আৰু আইছিছৰ মন্দিৰ কিশোৰী নৰ্ত্তকীৰে ভৰি আছিল। গ্ৰীছৰ কৰিল্‌থিছত হাজাৰ হাজাৰ নাৰীয়ে ভেনাচৰ সেৱাত নিজকে উচৰ্গা কৰিছিল আৰু অৰ্থলাভৰ বাবে দেহ বিক্ৰী কৰিছিল। * (১) হিব্ৰু আৰু বেবি- লিয়ানসকলৰ ভিতৰতো এই প্ৰথাৰ বহুল প্ৰচলন আছিল। মন কৰিবলগা কথা যে, এই আটাইবোৰ ঠাই ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত।


  • (১) টকাৰ বিনিময়ত আত্মদান কৰাটো প্ৰথমে আছিল এটা ধৰ্ম্মীয় অনুষ্ঠান। ঘটিছিল প্ৰণয়বেদীত, দেৱমন্দিৰত আৰু প্ৰথমে টকা-কড়ি জমা হৈছিল মন্দিৰৰ তহবিলত।••••••••• প্ৰথমে এই ধৰ্ম্মীয় আত্মদান সকলো তিৰোতাই কৰিব লাগিছিল। পিচত মন্দিৰৰ পূজাৰিণীসকলেহে বাকী সকলোৰে হৈ এই কাজ কৰিছিল। (পৰিবাৰ, ব্যক্তিগত মালিকী আৰু ৰাষ্ট্ৰৰ উৎপত্তি : এঞ্জেলছ)
 
[ ৩২ ] ভাৰতত দেৱদাসী প্ৰথা
 

 এচাম পণ্ডিতে ভাৰতৰ দ্ৰাৱিড়সকল ভূমধ্যসাগৰীয় অঞ্চলৰ পৰা অহা বুলি কয়। ডঃ হট্টনৰ মতে এই দ্ৰাৱিড়সকলেই দেৱদাসী প্ৰথা ভাৰতলৈ বহন কৰি আনে। দ্ৰাৱিড়সকলৰ পূজাৰ দেৱতাও শিৱ আছিল। পৰৱৰ্ত্তী যুগত আৰ্য্যসকলে শিৱক আৰ্যীকৰণ কৰি ব্ৰহ্মা-বিষ্ণুৰ পৰ্য্যায়ত স্থান দিয়ে। এনে সূত্ৰতে দেৱদাসী প্ৰথাও দ্ৰাৱিড়সকলৰ জৰিয়তে আৰ্য্য বা হিন্দুসকলৰ উপাসনা মন্দিৰত সোমাই পৰে।

 যদিও বিজ্ঞানসন্মত আলোচনা হোৱা নাই, তথাপি অতীজৰে পৰা ভাৰতৰ দেৱালয় বা মন্দিৰবোৰত দেৱদাসী নিয়োগ প্ৰথা ব্যাপকভাৱে প্ৰচলিত আছিল বুলি নিঃসন্দেহে কব পাৰি। এই ক্ষেত্ৰত কেইটামান উদাহৰণ বিশেষ উল্লেখনীয়ঃ

 ৰামগড়ত পোৱা সম্ৰাট অশোকৰ শিলালিপিত ‘সুতনুকা' নামে এজনী দেৱদাসীৰ উল্লেখ আছে। কৌটিল্যৰ অৰ্থ-শাস্ত্ৰটো মন্দিৰত দেৱদাসী নিয়োগৰ কথা পোৱা যায়। সাহিত্যত দেৱদাসী প্ৰথাৰ প্ৰথম উল্লেখ পোৱা যায় মহাকবি কালিদাসৰ ‘মেঘদূত’ত। ‘মেঘদূত’ৰ দুটা শ্লোকত কোৱা হৈছে যে, উজ্জয়িনীৰ মহাকাল মন্দিৰ প্ৰতিদিন সন্ধিয়া নৃত্যৰতা দেৱদাসীৰ নূপুৰৰ ধ্বনিত মুখৰিত হৈ উঠিছিল। খৃষ্টীয় সপ্তম শতিকাৰ শেষভাগত ভাৰতৰ প্ৰায় সকলোতে এই প্ৰথাৰ বহুল প্ৰচলন আছিল। সেই সময়ত ৰচিত বেছিভাগ পুৰাণতে দেৱদাসী নিয়োগৰ বিশেষ উল্লেখ আছে। ‘পদ্মপুৰাণ’ত কোৱা হৈছে, যি ৰজাই সুন্দৰী গণিকাসকলক কিনি আনি দেৱতাৰ উদ্দেশ্যে দেৱালয়ত দান কৰে, তেওঁ কল্পকাল স্বৰ্গবাসৰ পুণ্যফল লাভ কৰিবলৈ সমৰ্থ হয়। ‘ভবিষ্য-পুৰাণ’ৰ মতে যিয়ে ভক্তিভাৱে সূৰ্যদেৱতাৰ উদ্দেশ্যে গণিকা দান কৰে, তেওঁ পৰম্পদ সূৰ্য্যলোকলৈ গমন কৰে। এই পুণ্যলাভৰ আশাত ধনী লোকসকলে ৰূপহী [ ৩৩ ] ৰাৰাঙ্গণা কিনি আনি দেৱতাৰ উদ্দেশ্যে দান কৰিছিল। এনেকুৱা দেৱদাসীক কোৱা হৈছিল ‘বিক্ৰীতা’। সপ্তম শতিকাত মূলতানৰ মন্দিৰত এনেকুৱা অসংখ্য নাচনীয়ে সূৰ্য্যদেৱতাৰ উদ্দেশ্যে নৃত্য-গীত পৰিবেশন কৰিছিল।

 দক্ষিণ ভাৰতৰ তাঞ্জোৰৰ বিখ্যাত মন্দিৰত প্ৰায় চাৰিশ নৰ্ত্তকী বিগ্ৰহৰ সেৱাত নিযুক্ত আছিল। দক্ষিণ ভাৰতৰ ‘অন্তুব্যয়’ নামৰ সম্প্ৰদায়ৰ মানুহে তেওঁলোকৰ প্ৰথমা ছোৱালীজনীক দেৱালয়ৰ দেৱসেৱাৰ উদ্দেশ্যে দান কৰিছিল। এই দেৱদাসীসকলক বোলা হৈছিল ‘দত্তা’। কথিত আছে যে, দক্ষিণ দেশীয় এক ব্ৰাহ্মণ দম্পতীয়ে বহু বছৰ নিঃসন্তান হৈ থকাৰ পিচত এজনী কন্যা সন্তান লাভ কৰে। তাইক শ্ৰীধামপুৰুযোত্তমত জগন্নাথদেৱৰ সেৱাৰ বাবে দান কৰিছিল। সেই কন্যায়েই হ’ল জয়দেৱৰ পত্নী পদ্মাৱতী। অনেক সময়ত অসামান্যা ৰূপৱতী যুৱতী অপহৰণ কৰি আনিও মন্দিৰৰ দেৱসেৱাত নিয়োগ কৰা হৈছিল। সেইসকল দেৱদাসীক কোৱা হৈছিল ‘হূতা’। মহাৰাষ্ট্ৰৰ দেৱালয়ৰ নিযুক্ত দেৱদাসীক বোলা হৈছিল ‘মূৰলী’ আৰু অন্ধ্ৰ প্ৰদেশৰ শিৱমন্দিৰত নিযুক্ত হোৱা- সকলক কোৱা হৈছিল ‘বৃষভী'। এটা সময়ত দক্ষিণ ভাৰতৰ মন্দিৰ বিলাকৰ সৰহ ভাগেই বেশ্যালয়সদৃশ আছিল বুলি ‘ডুবই’ মত প্ৰকাশ কৰিছে।

 দশম শতিকাত কহ্‌লন ৰচিত ‘ৰাজতৰঙ্গিণী’ৰ পৰা জনা যায় যে, কাশ্মীৰৰ মন্দিৰতো দেৱদাসী প্ৰথাৰ প্ৰচলন আছিল। উক্ত গ্ৰন্থত উল্লেখ আছে যে, পৌণ্ড্ৰবৰ্দ্ধনৰ কমলা নামে এজনী দেৱদাসী কাশ্মীৰ ৰাজৰ প্ৰণয়াসক্ত আছিল। সোমনাথৰ মন্দিৰতো প্ৰায় পাঁচশ নৰ্ত্তকী অছিল। তেওঁলোকে দিনে-ৰাতি দেৱতাৰ উদ্দেশ্যে নৃত্য-গীত পৰিবেশন কৰিছিল। দশম শতিকাত ৰচিত দামোদৰগুপ্তৰ ‘কুট্টনীতম’ গ্ৰন্থৰ পৰা জনা যায়, বাৰানসীৰ বিখ্যাত বিশ্বনাথৰ মন্দিৰতো অসংখ্য দেৱদাসী আছিল। দামোদৰগুপ্তই লিখিছে যে, [ ৩৪ ] সেই মন্দিৰ প্ৰাঙ্গণত সম্ৰাট হৰ্ষবৰ্দ্ধন-ৰচিত ‘ৰত্নাৱলী’ নাটকৰ অংশ বিশেষ অভিনীত হৈছিল।

 বঙ্গদেশতো দেৱদাসী প্ৰথা আছিল। দ্বাদশ শতিকাত ৰজা লক্ষণসেনৰ অন্যতম সভাকবি ধোয়ীয়ে তেওঁৰ ‘পৱনদূত’ কাব্যত এই কথা উল্লেখ কৰিছে। কবি নিজেও দেৱদাসী প্ৰথাৰ সমৰ্থক আছিল যেন লাগে। কিয়নো তেওঁ বিষ্ণুমন্দিৰত দেৱদাসীক লক্ষ্মীৰ সৈতে তুলনা কৰিবলৈও দ্বিধাবোধ কৰা নাই। পুৰীৰ জগন্নাথদেৱৰ মন্দিৰত দেৱদাসীসকলৰ দ্বাৰা ‘গীত-গোৱিন্দ’ৰ আবৃত্তি আৰু অভিনয় হৈছিল বুলি জনা যায়। অসমৰ মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে জগন্নাথ- দেৱৰ মন্দিৰত দেৱদাসী নৃত্য দেখা কথা চৰিত পুথিত উল্লেখ আছে।

 

অসমত দেবদাসী প্ৰথা

 পুৰণি অসম তন্ত্ৰপীঠ ভূমি আছিল বুলি ‘কালিকা পুৰাণ', ‘যোগিনীতন্ত্ৰ’ আদিত উল্লেখ আছে। তান্ত্ৰিক ‘বামাচাৰ-মাৰ্গত’ নাৰী আছিল অপৰিহাৰ্য্য। তান্ত্ৰিক প্ৰভাৱৰ ফলত অসমৰ শিৱমন্দিৰবোৰলৈ দেৱদাসীৰ আগমণ ঘটে। প্ৰাচীন কামৰূপৰ ৰজাসকলে শিৱমন্দিৰ স্থাপন কৰি নটী বা দেৱদাসী দান কৰিছিল। বৰ্ত্তমানলৈ উদ্ধাৰ হোৱা ভালেমান তান্ত্ৰিক পুথিত, শিৱমন্দিৰত দেৱদাসীৰ উল্লেখ আছে। শিৱ অসমৰ প্ৰাচীন দেৱতা। নৰকাসুৰৰ পূৰ্ব্বৰ ‘কিৰাত’সকল শিৱ উপাসক আছিল। সেই হিচাবে, অসমত দেৱদাসী প্ৰথা প্ৰাক্- আৰ্য্য যুগতেই প্ৰচলন আছিল। বুৰঞ্জীবিদ্ শ্ৰীপ্ৰতাপ চন্দ্ৰ চৌধুৰীদেৱে অনুমান কৰে— “অসমত হয়তো অতি প্ৰাচীন কালৰে পৰা এই (দেৱদাসী) অনুষ্ঠান আছিল আৰু অনাৰ্য্যসকলেই ইয়াৰ প্ৰচলন কৰিছিল।” (প্ৰাক্ আহোম যুগৰ অসমীয়া সাজ)।

 নৱম শতিকাৰ তেজপুৰৰ ওচৰৰ ‘হাটকেশ্বৰ মন্দিৰ’ত দেৱদাসী আছিল। অন্ততঃ এতিয়াৰ পৰা পঞ্চাশ বছৰ আগলৈকে অসমৰ কেবাটাও শিৱমন্দিৰত দেৱদাসীসকলৰ নূপুৰৰ ৰুণুজুনু ধ্বনি শুনা [ ৩৫ ] গৈছিল। ‘হাটকেশ্বৰ’ মন্দিৰৰ শিলৰ মূৰ্ত্তিত থকা দলুহাঙ্গনা চিত্ৰই দেৱদাসী নৃত্য-ভঙ্গিমা। * (১) নেঘেৰিটিং ডুবি আৰু হাজোৰ দেৱদাসী নৃত্য সৰ্ব্বজনবিদিত। *(২)

 অসমৰ শিৱমন্দিৰৰ দেৱদাসীবিলাকক নটী বা বেশ্যাও বোলা হৈছিল। “In Assam Devadasis came to be known as Natis, meaning generally temple dencer”. (History and Civilization of Assam : Dr. P. C. Choudhury) i এই বেশ্যা বা নটীবোৰ শিৱৰ উদ্দেশ্যে উচৰ্গা কৰা হৈছিল। “Temple women or prostitution have been referred to in all periods of Assam history as the standing feature of Siva's temple” (Dr. Bani Kanta Kakati)।

 শিল্পী গজেন বৰুৱাই যথাৰ্থই কৈছে⸺ “আমাৰ সমাজৰ বৰমূৰীয়া বিষয়ববীয়াসকলৰ কেৰোণৰ এই দেৱদাসীসকলক নটী আখ্যা দি (নটী শব্দৰ আৰ্থ বেয়া বুলি ধৰি লোৱা হৈছিল) সমাজচ্যুত কৰিছিল। অৱশ্যে তেওঁলোকে পৱিত্ৰ কলাক জপাত সুমুৱাই সংৰক্ষণ কৰি ৰখাৰ বাবেই যেন আমি দেশৰ গোসানী বা দেৱী নাম দিছোঁ”। (ৰামধেনু ১৭ বঃ ১১-১২ সঃ )।

 

সময়ৰ বিৱৰ্তনত দেৱদাসী প্ৰথা

 আগেয়ে কোৱা হৈছে যে, দেৱদাসীসকলক নটী বা বেশ্যা বোলা হৈছিল। দেৱদাসী নিয়োগ প্ৰথাৰ ব্যাপক প্ৰচলনৰ ফলতে


  • (১) ডঃ বাণীকান্ত কাকতিদেৱৰ মতেও ‘দলহ’ এটি অষ্ট্ৰিক শব্দ = দল, দেৱালয়। দলুহাঙ্গনা = দেৱালয়ৰ তিৰোতা। (প্ৰাচীন কামৰূপৰ ধৰ্ম্মধাৰা)।
  • (২) Banamala himself rebuilt the large temple of Hatakeswar to which he dedicated a number of prostitutes evidently for service of Devadasi. This system still persists in the Siva temple of Hajo and Dubi in Kamrup and Negheriting in Upper Assam. (Early History of Kamrup: K. L. Baruah)
 
[ ৩৬ ] সম্ভৱ দেৱালয়ৰ পৱিত্ৰ পৰিবেশ কলুষিত হৈছিল। মন্দিৰত নিজ

কৰ্ত্তব্য সম্পাদন কৰাৰ পিচৰ আজৰি সময়ছোৱাক তেওঁলোকৰ নৈতিক-শিথিলতাক ধৰ্ম্মীয় আৰু সামাজিক আকাৰে স্বীকাৰ কৰি লোৱা হৈছিল। এনে অচিলাতে ধনশীল কু-প্ৰবৃত্তি পৰায়ণ লোকসকলে দেৱাৰ্চ্চনাৰ ছলেৰে মন্দিৰলৈ আহি দেৱদাসীৰ লগত ঘনিষ্ঠভাৱে মিলা-প্ৰীতি ঘটোৱাৰ সুযোগ পাইছিল আৰু দেৱদাসীসকলক নানা প্ৰকাৰৰ ব্যভিচাৰত লিপ্ত কৰাইছিল। দামোদৰগুপ্তৰ ‘কুট্ট- নীতম’ত এই ব্যভিচাৰৰ সুস্পষ্ট উল্লেখ আছে। অৱশ্যে সমাজৰ সকলোৱে যে এই প্ৰথাক সমৰ্থন কৰিছিল এনে নহয়; নীতিবাগীশ ধৰ্ম্মপ্ৰাণ লোকে ঘোৰ বিৰোধিতাও নকৰাকৈ থকা নাছিল। দেৱা- লয়ৰ পৱিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে নিষ্ঠাবান ব্ৰাহ্মণসকলৰ পৰাও যথেষ্ট বাধা আহিছিল। আলবেৰুণীৰ ‘তক্‌কিক-ই-হিন্দ্’ গ্ৰন্থত আৰু ‘কুট্টনীতম’ত এই বিৰোধিতাৰ কথা কোৱা হৈছে। কিন্তু যিহেতু সমাজৰ ধনী আৰু ক্ষমতাশালী মানুহেই আছিল এই প্ৰথাৰ পৃষ্ঠপোষক, সেইহেতু বিশেষ কোনো সুফল পোৱা হোৱা নাছিল। অৱশেষত মাদ্ৰাজত সৰ্ব্বপ্ৰথম আইনৰ সহায়েৰে এই প্ৰথাৰ (দেৱদাসী প্ৰথাৰ) মূলোচ্ছেদ কৰা হয়। সম্ভৱতঃ ভাৰতৰ আনবোৰ দেৱালয়তো এনেদৰেই দেৱদাসী প্ৰথা বন্ধ হৈ পৰে। বৰ্ত্তমান অসমৰ কোনো এখন দেৱালয়তে দেৱদাসী নাই।

 

দেৱদাসী নৃত্য : পৰিহৰেশ্বৰ দেৱালয়ত

 আহোম যুগত অসমীয়া গণজীৱনৰ বিহু উৎসৱ পথাৰ বা গছতলৰ পৰা আহি ৰভাস্থলী পায়। পৰিহৰেশ্বৰ দেৱালয়তো ৰঙালী আৰু ভোগালি বিহু ৰাজহুৱাভাৱে পালন কৰিবলৈ লোৱা হয়। আনফালে ‘বৰৰজা’ ফুলেশ্বৰী কুঁৱৰীয়ে দেৱালয়ত দুৰ্গামূৰ্ত্তি দান কৰি দুৰ্গোৎসৱকো দেৱালয়ৰ ভিতৰুৱা অনুষ্ঠান কৰি দিয়ে। সম্ভৱ, তেতিয়াৰে পৰা দেৱদাসীসকলে মন্দিৰৰ ভিতৰত নচাৰ উপৰিও বিহু [ ৩৭ ] আৰু দুৰ্গাপূজাৰ সময়ত মন্দিৰৰ বাহিৰত নচাটোও ৰীতিত পৰিণত হয়। আজি কিছু বছৰ আগলৈকে এনে ৰীতি অব্যাহত আছিল। কথিত আছে যে, আহোম ৰজা শিৱসিংহই দেৰগাৱঁৰ পৰা দেৱদাসী আনি এই দেৱালয়ত দেৱদাসী নৃত্যৰ প্ৰচলন কৰায়।

 দেৱদাসী নৃত্যবিগ্ৰহৰ সন্মুখত দিনটোত দুবাৰকৈ, অৰ্থাৎ দুপৰীয়া পূজাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত পৰিবেশন কৰা হৈছিল। পুৱাৰ পৰা সন্ধিয়ালৈ নৃত্য পৰিবেশন শেষ নোহোৱা পৰ্য্যন্ত দেৱদাসীসকল ব্ৰতাচাৰিণী হৈ থাকিব লাগিছিল। নৃত্যৰ আগে আগে ডবাত কোব পৰিছিল। প্ৰথম কোব পৰাৰ লগে লগে গোসাঁইক ধুৱাবলৈ আৰম্ভ কৰা হৈছিল। দেৱদাসীসকলে নৃত্যৰ সাজপাৰ পিন্ধি সাজু হব লাগিছিল। দ্বিতীয় কোবৰ লগে লগে পূজা আৰম্ভ হৈছিল আৰু দেৱদাসীসকলে আঠুকাঢ়ি প্ৰণতি জনাই থাকিব লাগিছিল। ডবাত তৃতীয় কোব পৰিলেই দেৱদাসী সকলে নৃত্য আৰম্ভ কৰিছিল।

 নৃত্যৰ লগে লগে খোল আৰু ভোৰতাল বাজি উঠিছিল। দুটা কিম্বা তাতকৈ বেছি খোল বজাই ‘গুৰুঘাটা’ মাৰি নৃত্য আৰম্ভ কৰাৰ নিয়ম আছিল। ‘গুৰুঘাটা’ দীঘলীয়াকৈ মৰা হয়। লগত ভোৰতাল এযোৰ বজোৱাৰ নিয়মো আছিল।

 

দেৱদাসীৰ সাজ-পাৰ

 নৃত্য পৰিবেশনৰ সময়ত পিন্ধা সাজ-পাৰৰ বৰ্ণনা ডঃ মহেশ্বৰ নেওগৰ ‘সত্ৰীয়া নাচ’ৰ পৰা উদ্ধৃত কৰি দিয়া হল :

 “তলে লহঙা বা মেখেলা; বুকুৰ ওপৰত টানি টানি মেৰিয়াই মূৰৰ ওপৰৰ খোপা ঢকাকৈ এহাতমান বহল, দহ হাতমান দীঘল এখন ৰিহা, মূৰৰ ওপৰত এখন জিলজিলীয়া কাপোৰ; গাত এটা চোলাও পিন্ধিব পাৰে। নতুন যুগ আহিলত হেনো নটীসকলে লহঙা, বগা কাপোৰ এৰি ৰংচঙীয়া শাৰী-জাকি্‌ট পিন্ধিবলৈ লৈছিল। [ ৩৮ ] তেওঁলোকে হাতে-কাণে যিমান পাৰে সিমান সোণ-ৰূপৰ অলঙ্কাৰ আঁৰিছিল; গলপতা, গল-মাদুলী, শুধ সোণৰ কাণৰ সোণা (তিনি তোলা পৰ্য্যান্ত গধুৰ), নাকফুল, ৰূপৰ এচটা কৰধ্বনি, হাতত মুঠি, বাহুত বাজু, হাত-ভৰিৰ আঙুলিত, ভৰিৰ সৰু গাঁঠিত ভৰি-খাৰু।”

 

নৃত্যৰ ভাগ

 দুপৰীয়া পূজাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত একেখন তালৰ নৃত্য পৰিবেশন কৰা হৈছিল। মন্দিৰৰ বাহিৰত আন অনুষ্ঠান উপলক্ষে প্ৰদৰ্শন কৰা নৃত্যটো বেলেগ আছিল। মুঠতে মন্দিৰৰ ভিতৰত নৃত্য আৰু বাহিৰৰ নৃত্য দুই ৰকমৰ তালবিশিষ্ট দুটা সুকীয়া নাচ। এসময়ত ভাৰতৰ অন্য ৰাজ্যতো দেৱদাসীৰ দুই ৰকমৰ নাচ প্ৰচলিত আছিল। দক্ষিণ ভাৰতত বিশেষকৈ ত্ৰিবাঙ্কুৰ ৰাজ্যৰ মন্দিৰৰ দেৱদাসীসকলো দুই ভাগে বিভক্ত আছিল। মন্দিৰৰ দেৱদাসীসকলক ‘কুৰাকুদ্দি’ আৰু অকল বাহিৰৰ উৎসৱ আদিত নচা দেৱদাসীসকলক ‘চিবাপুকুকটি বোলা হৈছিল। সম্প্ৰতি ডুবিৰ দেৱালয়ৰ যিটো নৃত্য উদ্ধাৰ কৰি দেৱদাসী নৃত্যৰূপে প্ৰদৰ্শন কৰা হৈছে, সেইটো দৰাচলতে বাহিৰত দেখুওৱা দ্বিতীয় বিধ নাচৰ সংক্ষিপ্ত ৰূপ। * (১)

 

বৰ্ত্তমান দেখুওৱা নাচটো : ভাবাৰ্থ

 এই নৃত্যটোৰ লগত কোনো গীতৰ ব্যৱস্থা নাই। সমগ্ৰ নাচটোৱেই এটা মুহূৰ্ত্তৰ অভিব্যক্তি। ভঙ্গিমা আৰু মুদ্ৰাৰ জৰিয়তে নৃত্যৰ ভাব, বিষয়বস্তু আৰু লক্ষণ বুজোৱা হয়। বৰ্ত্তমানে উদ্ধাৰ পোৱা নাচটোৰ ভাবাৰ্থ কলাগুৰু বিষ্ণু ৰাভাদেৱে বাখ্যা কৰামতে এনে ধৰণৰ⸺ দেৱদাসীসকলে মন্দিৰৰ ওচৰৰ কোনো খট-খটী থকা


  • (১) বৰ্তমানে জীয়াই থকা ডুবিৰ দেৱালয়ৰ তৎকালীন খোলবাদক শ্ৰীলোহিত ৰাম বায়নৰ মন্তব্যৰ পৰা দিয়া হৈছে।
 
[ ৩৯ ] পুখুৰীত গা ধুই পানীত নিজৰ প্ৰতিবিম্ব চাই, সাজ-পাৰ পিন্ধি

দাপোণত নিজৰ মুখ চাই ফণীৰে মূৰ ফণীয়াই নিজৰ সৌন্দৰ্য্যত নিজে আত্মহাৰা হৈ উপাস্য দেৱতা শিৱৰ সন্তুষ্টিৰ কাৰণে নানা লয়লাসেৰে নৃত্য কৰি শেষত প্ৰণাম জনাই গুচি যায়।

 শ্ৰীসুৰেশ্চন্দ্ৰ গোস্বামীৰ মতে এই নৃত্যটি লাস্যপ্ৰধান। ইয়াত হস্ত মুদ্ৰাৰ অৰ্থ, গমন, বুলন, পাদভেদা, ভক্তিৰস আদিৰ প্ৰকাশ সুন্দৰ।

 

মহাপ্ৰস্থানৰ পথত দেৱদাসী

 আগেয়ে কোৱা হৈছে যে, অসমৰ কোনোটো মন্দিৰতে বৰ্ত্তমান দেৱদাসী প্ৰথাৰ প্ৰচলন নাই। দেৰগাওঁ, বিশ্বনাথ, হাজো, ডুবি সকলোবোৰ দেৱমন্দিৰতে দেৱদাসীৰ নূপুৰৰ ধ্বনি চিৰদিনৰ বাবে মাৰ গৈছে। এতিয়াৰ পৰা ত্ৰিশ বছৰ আগলৈকে ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ত নিয়মীয়াভাৱে দেৱদাসীসকলে নাচিছিল। কিন্তু ডঃ নেওগদেৱৰ ভাষাত কবলৈ গলে, ‘তেতিয়াৰ দলৈ আৰু এজন হাকিমৰ বিচাৰ-বুদ্ধিত সেই কথা বিষম যেন হল আৰু ফলত দেৱতাৰ নৃত্য- উপভোগ বন্ধ হ'ল (সত্ৰীয়া নাচ)।’ ৰাজহুৱাভাৱে নাচ বন্ধ কৰাৰ পিচতো কিছুদিনলৈ অকল বাদ্যকে বজোৱা হৈছিল। সময়ত সিও বন্ধ হৈ যায়।

 কাৰণ বিচাৰিলে দেৱদাসী সম্প্ৰদায়ৰ বা দেৱদাসী থকা দেৱালয়বোৰৰ সমকালীন বৈষ্ণৱ ধৰ্ম্মৰ সৈতে কিবা বিৰোধ উপস্থিত হৈছিল বুলি জনা নাযায়। আনকি কোনো ধৰ্ম্মাধিকাৰে তাৰ প্ৰতি উষ্ম প্ৰকাশ কৰাৰো প্ৰমাণ নাই। আনপিনে শৈৱ, শাক্ত, বৈষ্ণৱ এই তিনিও সম্প্ৰদায়ৰ মন্দিৰতে দেৱদাসী প্ৰথা থকা দেখা যায়। অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ ভৰ দুপৰীয়াতে আহোম ৰজা প্ৰতাপ সিংহই (১৬০৩-৪১ খৃঃ) দেৰগাওঁ আৰু বিশ্বনাথৰ শিৱমন্দিৰ নিৰ্ম্মাণ কৰি দিয়ে। বিষ্ণুমন্দিৰ হলেও দেৱদাসী নৃত্য থকা হাজোৰ [ ৪০ ] হয়গ্ৰীৱ মাধৱৰ মন্দিৰো কোঁচৰজা ৰঘুদেৱে সেই সময়ছোৱাতে (১৫৮৩ খৃঃ) নিৰ্ম্মাণ কৰে। গতিকে আন ধৰ্ম্মীয় সম্প্ৰদায়ৰ সৈতে আদৰ্শগত সংঘাতত তিষ্ঠিব নোৱাৰি দেৱদাসী প্ৰথা লোপ হোৱা বুলি কোৱাতো সমীচীন নহব।

 সকলোৱে স্বীকাৰ কৰে যে, দেৱদাসীসকলৰ সমাজ-ব্যৱস্থা আমাৰ গাৱঁলীয়া সমাজ-পৰম্পৰাৰ পৰিপন্থী আছিল। সেয়ে সমাজৰ ৰক্ষণশীল ব্যক্তিসকলে দেৱদাসীসকলক সু-নজৰে দেখা নাছিল। এইটো সত্য কথা যে, দেৱদাসীসকলে কুমাৰী-জীৱন * (১) যাপন কৰিবলগীয়া হোৱাত তেওঁলোকৰ নৈতিক দিশত সঁচা-মিছা অনেক দুৰ্যশ ৰতনা হৈছিল। ফলত ৰক্ষণশীলসকলে দেৱদাসী সম্প্ৰদায়টো একেবাৰে বন্ধ কৰি দিলে।

 এই আন্দোলনৰ নেতৃত্ব দিয়াসকলে এই শিল্পটোৰ কেৱল স্থুল অৱয়ৱটোহে দেখিলে; অন্তৰ্নিহিত সুন্দৰৰ ৰূপটো উপলব্ধি কৰিব নোৱাৰিলে। শ্ৰীসুৰেশ্চন্দ্ৰ গোস্বামীদেৱে কোৱাৰ দৰে ‘মন্দিৰৰ নৃত্য- ৰতা আৰু ধনী সম্প্ৰদায়ে উপভোগ কৰা এই দেৱদাসীসকল সময়ৰ সোঁতত বেশ্যাত পৰিণত হ'ল। দুঃসহ আৰু দুষ্ট বেশ্যাবৃত্তি অৱলম্বন কৰা নৃত্যপটীয়সী দেৱদাসীবোৰক সকলোৱে হীন চকুৰে চাব ধৰিলে’। (ভাৰতীয় নৃত্যকলা)

 দৰাচলতে দেৱদাসী প্ৰথাৰ অপমৃত্যুৰ ঘাই কাৰণ আমাৰ তথা- কথিত সমাজৰ গন্ধৰ্ব্ব-বিদ্যা বা গন্ধৰ্ব্ব-সমাজখনৰ প্ৰতি থকা অজ্ঞতা। শিল্প বস্তু কোনোদিনে কুৰূপা নহয়। সাত্বিক ৰসৰ ওপৰত ভিত্তি কৰি ই সত্য শিৱ-সুন্দৰৰ আৰাধনা কৰে। ৰূপত কেতিয়াবা কিবা কালিমা পৰিলেও ঘঁহি-পিহি পৰিষ্কাৰ কৰি লোৱাৰ থল থাকে। প্ৰকৃতাৰ্থত এইটোৱেই ৰীতি। দেৱদাসী সম্প্ৰদায়ৰৰ জীৱন-যাত্ৰাৰ


 * (১) কুমাৰী মানে অবিবাহিতাহে, অক্ষত যৌনি নহয়! এওঁলোকে যাৰে তাৰে সৈতে যৌন-সম্পৰ্ক কৰাত বাধা নাছিল। [ ৪১ ] বাহ্যিক কেৰোণসমূহ সময়মতে সংস্কাৰ সাধন কৰি লোৱাহেঁতেন, এনে আপুৰুগীয়া সম্পদ এটি চিৰকাললৈ লুপ্ত হৈ যাব নাপালেহেঁতেন।

 

সময়ৰ প্ৰত্যাহন : কলাকাৰসকললৈ

 প্ৰসঙ্গিক নহলেও, তুলনামূলক উদাহৰণ এটা এইখিনিতে দিয়া প্ৰয়োজন অনুভৱ কৰা হ'ল। বৰ্ত্তমানে আন্তঃৰাষ্ট্ৰীয় সম্মান লাভ কৰা দক্ষিণ ভাৰতৰ ‘ভাৰত নাট্যম’ ভাৰতীয় নৃত্যৰ ভিতৰতে পুৰণিকলীয়া। এসময়ত এই নৃত্যও দেৱালয়ত দেৱদাসীসকলে পৰিবেশন কৰিছিল। কিন্তু কালৰ সোঁতত দেৱালয়ৰ পৰা গৈ ই ৰজা- মহাৰজাসকলৰ বিলাস-কক্ষত স্থান পালে। — দেৱপূজাৰ পৰা মানৱ- পূজাত পৰিণত হ'ল। যেতিয়া চৰম আৰু বিভৎস ৰূপ ললে, তেতিয়া এই প্ৰথা আইনৰ সহায়ত বন্ধ কৰি দিয়া হ'ল। সৌভাগ্যবশতঃ ই একেবাৰে লুপ্ত হবলৈ নাপালে। দুই-চাৰি গৰাকী মহান শিল্পীৰ আপ্ৰাণ চেষ্টাৰ ফলত সংস্কাৰ সাধিত হৈ নতুন ৰূপত পুনৰ লোক-সমাজত প্ৰবেশ কৰিলে। আজি বহু শিক্ষিত ডেকা- গাভৰুৱে ‘ভাৰত-নাট্যম’ শিকিবলৈ লৈছে। এনেদৰে সমাজৰ নানা গ্লানি সহি ‘দেৱদাসী’য়ে ৰক্ষা কৰা এই নৃত্য-শিল্প পৃথিবীৰ ভিতৰতে এটি অমূল্য ৰত্ন হিচাবে পৰিগণিত হৈছে।

 এনেকুৱা লুপ্ত হব খোজা ভাৰতৰ বিভিন্ন অঞ্চলৰ ধ্ৰুপদী নৃত্য- গীতবোৰ উদ্ধাৰ কৰি স্বনামধন্য শিল্পী উদয় শঙ্কৰে ১৯৩০ চনমানৰ পৰাই দেশ-বিদেশে এই নৃত্য দেখুৱাই ভাৰতীয় নৃত্য-কলাৰ মৰ্য্যদা ঘূৰাই আনিবলৈ সক্ষম হৈছে।

 ওপৰৰ উদাহৰণ ডুবি দেৱালয়ৰ পৃষ্ঠপোষক তথা অসমৰ শিল্প- সংস্কৃতিৰ সাধকসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান কেনেকৈ কাৰ্য্যকৰী কৰা হয়, সংশ্লিষ্ট মহলে নিশ্চয় চিন্তা কৰি চাব বুলি আমাৰ অনুৰোধ।

 
[ ৪২ ] পুনৰুদ্ধাৰৰ প্ৰচেষ্টা : দেৱদাসী নৃত্যৰ

 অনুমান ত্ৰিশ বছৰমান আগতে ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নাচ বন্ধ কৰি দিয়া হয়। সেই সময়ত বৰপেটাৰ মহকুমা- ধিপতি আছিল ৺দুৰ্গেশ্বৰ শৰ্ম্মা আৰু দেৱালয়ৰ দলৈ আছিল ৺নৰেন্দ্ৰনাথ শৰ্ম্মা। স্থানীয় ৰাইজৰ এক শ্ৰেণীৰ লোক এই নাচ বন্ধত যে আগ্ৰহী আছিল সহজেই অনুমেয়। বন্ধ কৰাৰ কাৰণ ইতিপূৰ্ব্বে উল্লেখ কৰা হৈছে।

 পিচত শিক্ষা-সংস্কৃতিৰ মোল বুজা দুই-এগৰাকী ব্যক্তিয়ে উপলব্ধি কৰিলে যে, সমাজক নৈতিক আৱৰণ দিবলৈ যাওঁতে তাৰ মূল আত্মাটোকো পৰিহাৰ কৰা হ'ল। সেয়ে চিন্তা কৰিলে, কেনেবাকৈ এই নৃত্যটো জীয়াই ৰাখিব পৰা যায় নেকি?

 

বিষ্ণুৰাভা : ৰত্ন তালুকদাৰ⸺ মণিকাঞ্চন সংযোগ

 ডুবিৰ দেৱদাসী নাচ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত পাঠশালাৰ প্ৰবীণ শিল্পী শ্ৰীৰত্নকান্ত তালুকদাৰদেৱৰ নামটো নিশ্চয় শ্ৰদ্ধাৰে স্বীকাৰ কৰিব লাগিব। এটি অনমনীয় মনোভাব লৈ তেখেতে তেতিয়া প্ৰায় বৃদ্ধ অৱস্থাত উপনীত হোৱা দেৱদাসী ৺কৌশল্যা বালা আৰু ৺ৰৈয়া বালাৰ সাহায্য বিচাৰিলে। দুয়ো গৰাকীয়ে কিয়দংশ নাচ তেওঁলোকৰ মনত থকা বুলি জনালে। দেৱদাসী নৃত্যৰ সৈতে সংশ্লিষ্ট ৺বেছা ৰাম বায়ন তেতিয়াও জীয়াই আছিল। তেওঁক খোল-বাদক হিচাবে লোৱা হ’ল।

 দেৱদাসী নৃত্যৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলিল। সেই সময়ত ‘পাঠশাল আৰ্ট ছোচাইটি’ নামৰ এটি নৃত্য-গীতৰ অনুষ্ঠান শ্ৰীৰত্নকান্ত তালুকদাৰৰ পৰিচালনাত চলি আছিল। শ্ৰীচন্দ্ৰ চৌধুৰী, শ্ৰীভোলা চৌধুৰী, ৺চন্দ্ৰ শৰ্ম্মা, শ্ৰীনবীন দাস, শ্ৰীপ্ৰবীণ মহন্ত, মণিপুৰী ওস্তাদ শ্ৰীচেলুম্বা, মণিপুৰী নৃত্যপটীয়সী শ্ৰীমতী সৰোজিনী, শ্ৰীলীলা দাস, শ্ৰীবীণা চৌধুৰী, শ্ৰীকনকলতা দেৱী এই ছোচাইটিৰ [ ৪৩ ] অন্তৰ্ভুক্ত আছিল। ১৯৫৪ চনত এই অনুষ্ঠানটো গুৱাহাটীত বহা অসম সঙ্গীত সন্মিলনৰ অধিবেশনত যোগদান কৰিবলৈ গৈছিল। তাতে শ্ৰীতালুকদাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নৃত্যশিল্পী প্ৰদীপ চলিহাদেৱৰ সৈতে ডুবি দেৱদাসী নৃত্যৰ বিষয়ে খৰচি মাৰি আলোচনা কৰে।

 সেই চনৰে শেষৰ ফালে ৰাভাদেৱ এবাৰ বজালীলৈ আহে। তেখেতে দেৱদাসী নৃত্যটো এবাৰ নিজ চকুৰে চাবলৈ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু ইয়াত অন্তৰায়ে দেখা দিয়ে। ডুবি অঞ্চলৰ কিছুমান লোকে নৃত্যটো কোনো ৰকমে সেই এলেকাৰ ভিতৰত পৰিবেশন কৰিবলৈ সন্মত নহ'ল। অগত্যা শ্ৰীতালুকদাৰৰ প্ৰচেষ্টাত নৰ্ত্তকী কৌশল্যা বালা আৰু ৰৈয়াবালাক পাঠশালালৈ অনা হয়। পাঠশালা নাট্যমন্দিৰত ৰাভাদেৱৰ সন্মুখত ৰাজহুৱাভাৱে নৃত্যটি প্ৰদৰ্শিত হয়। কেবাবছৰৰ বিৰতিৰ পিচত পুনৰ নাচ দেখুৱাব লগা হোৱাত দেৱদাসী দুগৰাকীৰ তাল আৰু মুদ্ৰাত কিছু বিসঙ্গতি প্ৰকাশ নোপোৱাকৈ থকা নাছিল। কিন্তু জহুৰীয়ে জহৰ চিনাৰ দৰে কলাগুৰুৰ চকুত তাৰ স্বৰূপটো সুন্দৰকৈ ধৰা পৰিল। পিচত তেখেতে নৃত্যটোৰ ভাবাৰ্থ উপস্থিত ৰাইজক বুজাই দিয়ে আৰু যিবোৰ ঠাইত নৃত্যৰ বিসঙ্গতি ঘটিছে, তাক কেনেকৈ সুসঙ্গত কৰি তুলিব পৰা যায়, এই বিষয়ে শ্ৰীতালুকদাৰদেৱক আৱশ্যকীয় উপদেশ দিয়াৰ লগতে দায়িত্বও অৰ্পণ কৰে।

 ইয়াৰ পিচত শ্ৰীতালুকদাৰে এই নৃত্যটোত কিবা সহায় পোৱা যায় নেকি এই লৈ অসমৰ প্ৰাচীন শৈৱ অনুষ্ঠান দেৰগাওঁ, হাজো, বেলশৰ আদি মন্দিৰবোৰলৈ যায়। কিন্তু তেখেতৰ পৰিশ্ৰম সফল নহ’ল। ইতিমধ্যে সেইবোৰ মন্দিৰৰ দেৱদাসী নাচো বিস্মৃতিৰ অটল তলিত বুৰ মাৰিছে। অগত্যা নিজৰ (ডুবিৰ) যিখিনি আছে সেই খিনিকে সম্বল কৰি দেৱদাসী নৃত্য উদ্ধাৰত যত্নপৰ হ’ল।

 সৰ্ব্বপ্ৰথম স্থানীয় চাৰিজনী ছোৱালীক এই নৃত্যটো শিকাবলৈ [ ৪৪ ] ব্যৱস্থা কৰা হ'ল। তেওঁলোক হ'ল শ্ৰীমতী জয়া পাটগিৰি, শ্ৰীমতী ৰেণু দেৱী, শ্ৰীমতী লীলা দাস আৰু শ্ৰীমতী বীণা চৌধুৰী। খোল। শিকিলে শ্ৰীৰত্ন তালুকদাৰে নিজে। শিকালে ৺বেছাৰাম বায়নে।

 কলাগুৰুৰ দিহা-পৰামৰ্শ, শ্ৰীতালুকদাৰৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টা আৰু সৰু সৰু ছোৱালীকেইজনীৰ ( আটাইকেইজনী মাইনৰ স্কুলৰ ছাত্ৰী) উদগ্ৰ আগ্ৰহত মৰহি যাবলৈ ওলোৱা অন্ততঃ এটা নাচ কোনো প্ৰকাৰে পুনৰ পোহৰলৈ ওলাবলৈ সমৰ্থ হ’ল।

 মূল নৃত্যটো দীঘলীয়া। পিচে বাহিৰৰ অনুষ্ঠানবোৰত অতি নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত পৰিবেশন কৰিবলগীয়া হোৱাত সংক্ষিপ্তকৰণ কৰা হ'ল। তাল, বোল আদি কমোৱা হোৱা নাই, মাথোন পুনৰুক্তি নকৰি নৃত্যৰ গতিবেগহে বঢ়াই দিয়া হৈছে। সেয়ে চাই আমনি নালগে।

 

নাচোনৰ চেৱে চেৱে

 দেৱদাসী— এই নৃত্যটো আনুষ্ঠানিকভাৱে প্ৰথম দেখুওৱা হয় ১৯৫৫ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত। তাৰ পিচৰ পৰা ই অসমৰ চুকে-কোণে প্ৰদৰ্শিত হৈ আহিছে।

 ইতিমধ্যে ডুবি দেৱদাসী নৃত্য সম্বন্ধে কাগজে-পত্ৰে কেবাগৰাকী গুণগ্ৰাহী ব্যক্তিয়ে আলোচনা-সমালোচনা আগ বঢ়ায়। শ্ৰীৰত্ন তালুকদাৰ আৰু ৺কৌশল্যা বালাৰ সাক্ষাৎ-প্ৰসঙ্গও দুই-এগৰাকী উৎসুক ব্যক্তিয়ে সাময়িক পত্ৰিকাত প্ৰকাশ কবে। ফলত নৃত্যটোৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষিত হয়। অসমৰ বিভিন্ন সাংস্কৃতিক অনুস্থান আদিৰ পৰা প্ৰদৰ্শনৰ বাবে সাদৰ আমন্ত্ৰণ আহিবলৈ ধৰে।

 ১৯৫৯ চনত গুৱাহাটীত বহা অসম সঙ্গীত নাটক একাডেমী অধিবেশনত দেৱদাসী নৃত্য প্ৰদৰ্শিত হয় আৰু স্বীকৃতি লাভ কৰে। সিদিনাৰ অনুষ্ঠানত ভাৰতৰ বিখ্যাত কথকনৃত্যবিদ গোপীকৃষ্ণ আৰু [ ৪৫ ] বোম্বাইৰ দময়ন্তী যোশীয়েও যোগদান কৰিছিল। অধিবেশনিৰ মুখ্য আলহী আছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ।

 অকল অসমতে নহয়, সমগ্ৰ ভাৰততে দেৱদাসী নৃত্য অসমৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল। ১৯৬১ চনত অসম ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিনিময় আঁচনি অনুসৰি দেৱদাসী নৃত্য উৰিষ্যা ৰাজ্যৰ কটক, ভুৱনেশ্বৰ, পুৰী আদি ঠাইবিলাকত প্ৰদৰ্শিত হয়।

 ১৯৬৫ চনত কলিকতাৰ ‘অসম ভৱন’ উদ্বোধনী উৎসৱত দেৱদাসী নৃত্য দেখুওৱা হয়। বৰ্ত্তমান ভাৰতৰ ৰাষ্ট্ৰপতি মাননীয় ফখৰুদ্দিন আলি আহমেদ উক্ত উদ্বোধনী উৎসৱৰ পুৰোহিত আছিল। সেই একে যাত্ৰাতে এই দলটোৱে গণতন্ত্ৰ দিৱস উপলক্ষে ভাৰতৰ ৰাজধানী দিল্লীত দেৱদাসী নৃত্য দেখুৱাই বিশেষ সুখ্যাতি অৰ্জ্জন কৰিবলৈ সমৰ্থ হয়। সিদিনাৰ নৃত্যৰ ছবি বিখ্যাত ‘ইলাষ্ট্ৰেড্‌ উইক্‌লি’ৰ সমকালীন সংখ্যাত ‘ফক্‌ডেন্স অব আসাম' শিৰোণামাৰে প্ৰকাশ হৈছিল

 ১৯৫৭ চনত অসম ৰাজ্য চৰকাৰৰ আৰু ১৯৬৪ চনত ভাৰত চৰকাৰৰ বাৰ্ত্তা আৰু অনাতাঁৰ মন্ত্ৰীদপ্তৰৰ অধীনস্থ বোলছবি বিভাগৰ দ্বাৰা ডুবি দেৱদাসী নৃত্যৰ তথ্যচিত্ৰ গ্ৰহণ কৰা হয়। এই তথ্য চিত্ৰ অসম তথা ভাৰতৰ ভিতৰে বাহিৰে প্ৰদৰ্শিত হৈ আছে।

 ১৯৭৫ চনৰ ফেব্ৰুৱাৰী মাহত বহা পূৰ্ব্বাঞ্চলীয় ৰাজ্যিক সাংস্কৃতিক সন্মিলনত দেৱদাসী নৃত্য দেখুৱাই বিশেষ সুনাম অৰ্জ্জন কৰে। মঞ্চৰ ওপৰত ১৪ গৰাকী শিল্পীৰ (নাচনী আৰু বায়ন) একত্ৰ- সমাবেশ সিদিনাৰ নৃত্যৰ এক আকৰ্ষণীয় বস্তু আছিল।

 আৰম্ভণিৰে পৰা এই দেৱদাসী নৃত্যৰ দলটোত জড়িতসকল হ’ল পৰিচালনাত— শ্ৰীৰত্নকান্ত তালুকদাৰ, নৃত্যত— ৰেণু দেৱী, বীণা চৌধুৰী, জয়া পাটগিৰি, লীলা দাস, গীত লহকৰ, বিজু দেবী, [ ৪৬ ] পুতুল দাস, প্ৰমদা দেৱী, কামিনী তালুকদাৰ, গায়ত্ৰী চৌধুৰী, চন্দ্ৰ চৌধুৰী, কানন দাস। বাদ্যত— ভোলা চৌধুৰী, ৺চন্দ্ৰ শৰ্ম্মা, প্ৰবীণ শৰ্ম্মা, দ্বিজেন্দ্ৰলাল দাস, ৰমেশ তালুকদাৰ, গিৰীশ তালুকদাৰ, ৺হেমন্ত শৰ্ম্মা প্ৰভৃতি।

 

মৰহা পাপৰি : দেৱদাসী কৌশল্যা

 বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে স্বৰ্গনটী উৰ্ব্বশীক উদ্দেশি কৈছিল— ‘নহ মাতা, নহ কন্যা, নহ বধু, সুন্দৰী ৰূপসী’ বুলি। তাৰ উপৰি উৰ্ব্বশী ‘অনন্ত যৌৱনা’। দেৱদাসীৰ দৰে মাতৃপ্ৰধান সমাজ এখনত কৌশল্যা বালা মাতা, কন্যা কিম্বা বধূৰূপে পৰিচিত নহয়। দেৱালয়ৰ নটী⸺ দেৱতা বেদীৰ নিবেদিতা দেৱদাসীয়ে আছিল তেওঁৰ পৰিচয়।

 কৌশল্যা বালাৰ লগত আমাৰ সাক্ষাৎ ঘটিছিল। দেৱদাসী নৃত্য সম্বন্ধে বিতংভাৱে আলোচনাও হৈছিল। পাঠশালাত কলাগুৰু ৰাভাদেৱৰ উপস্থিতিত এবাৰ নচাও দেখিছিলোঁ। সম্ভৱতঃ সেই নাচোনেই আছিল তেওঁৰ শেষ নাচোন। কৈশোৰ কালতে ‘নটী মই, নাচি নাচি দেৱতাৰ লভিম কৰুণা’ বুলি চৰম আত্ম-প্ৰত্যয় এটি লৈ স্বামী-পুত্ৰ সমন্বিতে ভবিষ্যতৰ সুখৰ সংসাৰৰ বাসনা পৰিহাৰ কৰি দেৱতাৰ দাসীত পৰিণত হ'ল।

 আন আন সঙ্গিনীসকলৰ সৈতে তেৱোঁ দেৱতাৰ সন্তুষ্টিৰ অৰ্থে নাচিছিল— দুপৰীয়া, সন্ধিয়া দুয়ো বেলাই নাচিছিল। দুপৰীয়া পূজাৰ সময়ত, সন্ধিয়া আৰতিৰ সময়ত। তাৰ বাহিৰেও মাঘবিহু, বহাগবিহু, জন্মাষ্টমী, দুৰ্গাপূজা এইবোৰ পৰ্ব্বতো নাচিছিল। দুপৰীয়া আৰু সন্ধিয়াৰ নৃত্য হৈছিল নাটমন্দিৰৰ ভিতৰত। আন পৰ্ব্ব-


  • সম্প্ৰতি গুৱাহাটীৰ ‘নিউ আৰ্টছ প্লেয়াৰ্ছ’ নামৰ সাংস্কৃতিক দলটোৱে ভাৰতৰ বিভিন্ন ঠাইত অসমৰ আন আন থলুৱা গীত-নাচৰ লগতে দেৱদাসী নৃত্যও পৰিবেশন কৰি প্ৰশংসা লাভ কৰিছে। —লিখক।
 
[ ৪৭ ] বিলাকত বাহিৰ প্ৰাঙ্গণত নচা হৈছিল। দেৱদাসী নাচ সাৰ্ব্বজনীন

নাচ। সেই নাচ দেখা লোক আজিও জীয়াই আছে।

‘নাচোনৰ চেৱে চেৱে সঙ্গীতৰ প্ৰতি লহৰত
একেটি মাথোন সুৰ বাজি উঠে হৃদয় বীণত।’
 (দেৱদাসী : অতুল হাজৰিকা)

সেই সুৰ কি? — সেই সুৰ সুন্দৰৰ সুৰ। ‘সুন্দৰৰ আৰাধনা জীৱনৰ খেল’ এয়েই আছিল দেৱদাসীসকলৰ জীৱন-আকুতি। দেৱদাসী কৌশল্যাও তাৰ ব্যতিক্ৰম নাছিল।

 কৌশল্যাক যি সময়ত লগ পোৱা হৈছিল, তেতিয়া তেওঁ পঞ্চাশৰ দেওনা অতিক্ৰম কৰিছিল। কিন্তু বয়সে তেওঁক বুঢ়ী কৰিব পৰা নাছিল। শিল্পীসুলভ তেওঁৰ মন-প্ৰাণ আছিল অনন্ত যৌৱনা। সিদিনা অতী স্মৃতি ৰোমন্থন কৰি অনেক কথাকে তেওঁ কৈছিল।

 এদিন চৰকাৰী বিষয়াসকলেই দেৱদাসী নাচ বন্ধ কৰি দিলে। আকৌ তাৰ আৱশ্যক কি? তিক্ততা আৰু অভিমান মিহলি ওভোতা প্ৰশ্ন কৰিছিল দেৱদাসী গৰাকীয়ে। তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ হিচাবে দিবলৈ আমি কোনো সান্ত্বনা বিচাৰি পোৱা নাছিলোঁ।

 ‘ডুবি দেৱদাসীৰ অপমৃত্যু ঘটিছে। যিখিনি আছে, সি তাৰ উপঁচ্ছায়া।’ সেমেকি পৰা চকুযোৰ মচি নৰ্ত্তকী গৰাকীয়ে কোৱা কথাষাৰ আজিও মনত পৰে।

 তেওঁ আৰু কৈছিল— ৰজাৰ আমোলত উৎসৱ-পাৰ্ব্বণত, কেতিয়াবা চিকাৰ বিচাৰি দেৱালয়লৈ ফুকন, বৰুৱা, চৌধুৰীসকল আহিছিল। ইংৰাজ আমোলত অহিছিল হাকিম-উকীলসকল। মন্দিৰৰ দেৱতাৰ উপৰিও এই গণ-দেৱতাসকলৰ সন্তুষ্টিৰ অৰ্থে এসময়ত দেৱদাসীসকলে নাচিছিল।

 ৰজা-মহাৰজা, বিষয়, ডা-ডাঙৰীয়াসকল আজি নাই। দেৱ[ ৪৮ ] দাসীসকলেও নানাচে। আনকি নাচিবলৈ শেষ দেৱদাসী কৌশল্যা বালাও নাই।

 যোৱা ১৯৭৪ চনৰ ৯ আগষ্ট তাৰিখে এই শিল্পীগৰাকীয়ে চিৰদিনৰ বাবে বিদায় ললে।

 দুখৰ কথা— কোনেও সিদিনা মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি এটিও জনোৱা নাছিল। আজিও কোনেও তেওঁৰ স্মৃতিৰক্ষাৰ কথা চিন্তা কৰা নাই।

 
 
[ ৪৯ ]
 

দেৱালয়ৰ সাম্প্ৰতিক দিগ্‌দৰ্শন

 

চৰকাৰৰ নতুন পদ্ধতিত দেৱালয়

 ডুবি দেৱালয়ৰ পটভূমিত কত যে ৰাজশক্তিৰ উত্থান-পতন ঘটি গৈছে, তাৰ নজিৰ আজি সম্পূৰ্ণকৈ পাবলৈ নাই। কোনোবা দিনা আকৌ হয়ত অতীত বুৰঞ্জীয়ে মাত দি উঠিব। আনকি আশে-পাশে সিঁচৰিত হৈ থকা কীৰ্ত্তি-চিহ্নৰ তলত নিৰ্ভৰযোগ্য সমল পোৱাটোও সম্ভৱ। গৱেষকসকলে এই কথা চিন্তা কৰি চাব পাৰে।

 আহোমৰ ৰীতি-নীতি ইংৰাজসকলে কিয়দংশ মানি লৈছিল। বিশেষকৈ ব্ৰহ্মোত্তৰ, দেৱোত্তৰ সা-সম্পত্তিবোৰৰ দানপত্ৰ যথাযথ স্বীকাৰ কৰিছিল। শিৱসিংহই পৰিহৰেশ্বৰ দেৱালয়লৈ দিয়া মাটি- বাৰীৰ দান সম্পূৰ্ণৰূপে বাহাল আছিল। হলেও বৃটিছ যোৱাৰ সময়লৈকে দেৱালয়ৰ আটাইখিনি মাটি সম্পূৰ্ণৰূপে নাছিল। ৰাজ- সিংহাসনৰ দৰে দলৈ পদটোলৈও মাজে-সময়ে হেতা-ওপৰা লগাৰ ফলত, কেতিয়াবা আন লোকৰ সৈতে দেৱালয়ৰ লগা মেল-মোকৰ্দ্দমাৰ ব্যয় পূৰণাৰ্থে, কেতিয়াবা আকৌ মন্দিৰ-গৃহ নিৰ্ম্মাণ খৰচ উলিয়াবলৈ যাওঁতে মাটিৰ পৰিমাণ অনেকখিনি হ্ৰাস পাইছিল।

 পূৰ্ব্বতে দেৱালয়ৰ সা-সম্পত্তি বিগ্ৰহৰ নামতে আছিল। দান- পত্ৰও দেৱালয়ৰ নামতেই। দলৈয়ে তাক পৰিচালনা কৰিছিল। [ ৫০ ] দেৱালয়ৰ মাটিৰ খাজনাও দলৈয়ে সংগ্ৰহ কৰিছিল আৰু সেই সমূদায় সংগৃহীত ধন দেৱালয়ৰ পুঁজিত জমা হৈছিল। দেৱালয়ৰ যাৱতীয় খৰচ এই পুঁজিৰ পৰাই কৰা হৈছিল। অনুমান ১৯৪৩ চনত অসমৰ মন্দিৰ, দেৱালয় আদিৰ মাটি জৰীপ কৰিবলৈ চৰকাৰে এটি বিশেষ পিয়ল চলায়। ইয়াক Temple Census বুলি কোৱা হৈছিল। শ্ৰীউমা কান্ত শৰ্ম্মা নামৰ এগৰাকী বিষয়াৰ পৰি- চালনাত ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰো পিয়ল হয়। উক্ত পিয়ল মৰ্ম্মে দেৱালয়ৰ নিষ্পিখেৰাজ মাটি ইমান দিনে ভোগ-দখল কৰি অহাসকলৰ নামত ৰায়তী পট্টা কৰি দিয়ে। অৱশ্যে মাটিৰ খাজনা পূৰ্ব্বৰ দৰে দলৈয়েই আদায় কৰি থাকিল; কিন্তু সি চৰকাৰী পুঁজিত জমা হ'লগৈ। তেতিয়াৰে পৰা দেৱালয়ত ভোগ দিয়া পদ্ধতি নোহোৱা হ’ল। তাৰ পৰিবৰ্ত্তে তেওঁলোকে খাজনা দিবলগীয়াত পৰিল।

 

স্বাধীনতাৰ পিচত

 দেশ স্বাধীন হোৱাৰ পিচত স্বাধীন চৰকাৰৰ শাসন-ব্যৱস্থাৰো অনেকখিনি পৰিবৰ্ত্তন ঘটিল। ভূমি-নীতিৰ সংস্কাৰ হ'ল। দেৱোত্তৰ, ব্ৰহ্মোত্তৰ মাটিৰ পাৰ্থক্য নোহোৱা হৈ আহিল। বিগ্ৰহৰ নামত থকা মাটিৰ পৰিমাণো কমাই দিয়া হ’ল। সম্প্ৰতি দেৱালয়ৰ নামত মাত্ৰ চাৰে দহ বিঘা মাটিহে আছে।

 

নতুন পৰিচালনা পদ্ধতি

 ৰজাদিনীয়া কোনো ফৈদৰদ্বাৰা দেৱালয়ৰ কাম বৰ্ত্তমানে পৰিচালিত নহয়। ১৯৬২ চনৰ পৰা এখন পৰিচালনা সমিতিয়ে দেৱালয়ৰ যাৱতীয় কাম-কাজ পৰিচালনা কৰি আহিছে। ইয়াৰ আগতে দলৈয়ে বৰদেউৰীসকলৰ পৰামৰ্শক্ৰমে কাম চলাইছিল। [ ৫১ ]  এই পৰিচালনা সমিতিৰ সভাপতি হ’ল স্থানীয় মহকুমাধিপতি। তেখেতৰ অসুবিধা হলে স্থানীয় উপ-প্ৰতিসমাহৰ্ত্তাই সভাপতিৰ কাম চলায়। দলৈজন সমিতিৰ প্ৰধান সম্পাদক। সুকীয়া ধনভঁৰালী নাই। দেৱালয়ৰ টকা-পইচা সম্পাদকৰ নামত বেঙ্কত জমা ৰখা হয়।

 সাতজনীয়া কমিটী এখনেৰে দেৱালয় পৰিচালনা সমিতি গঠন কৰা হয়। সভাপতি আৰু সম্পাদকৰ বাহিৰে সকলোবোৰ সদস্য ভোটৰ দ্বাৰা নিৰ্ব্বাচিত হয়।

 বিগ্ৰহৰ পূজাৰ বাবে এজন পূজাৰী, ভোগ আদি ৰান্ধিবলৈ এজন সুপকাৰ তাৰু আন কামৰ বাবে এজন পৰিচাৰক বা আঠ- পৰীয়া আছে। তেওঁলোকক দেৱালয়ৰ পৰা নিয়মীয়াকৈ বেতন দিয়া হয়।

উক্ত পৰিচালনা সমিতিয়ে পৰম্পৰাভাৱে চলি অহা পূজা আৰু আন আন উৎসৱ-পাৰ্ব্বণো পৰিচালনা কৰি আহিছে।

 এইবোৰ উদ্দেশ্যত (পূজা-সেৱা, উৎসৱ আদিৰ বাবে) চৰকাৰৰ তৰফৰ পৰা বছৰেকীয়া ৫,৮২৪.০০ (পাঁচ হাজাৰ আঠশ, চৌবিশ) টকাৰ মঞ্জুৰী এটি দিয়ে।

 
[ ৫২ ]
 

পৰিশিষ্ট

 

দেৱদাসী নৃত্যৰ বোল

 সাম্প্ৰতিক দেৱদাসী নৃত্যত তলত উল্লেখ কৰা বোলটো বজোৱা হয়। এই বোল শিল্পী শ্ৰীৰত্ন তালুকদাৰে শিল্পী বেছাৰাম বায়নৰ পৰা উদ্ধাৰ কৰে।

(১) তাক্ ধিন্না ধিন্না তাক্‌ ধি-নাত্বা⸺
আকি ব্বেই ব্বেই তাত্বা আকি ধ্বেই

চৰাঘাঁত—

ধিনিকি ধিনিকি খিতা,
খিতিকি খিতিকি ধিনা
ৰিদ্ধেই ৰিদ্ধেই ধিনিতাকি ধ্বেই
ৰিদ্ধেই ৰিদ্ধেই ধিনিতাকি ধ্বেই
ধেনেখিতা গুৰু ধেনেখিতা গুৰু ধিন্নত্বা
ধেনেখিতা ধি ধি নাক্‌তা
(২)খিতা তাকিৰ গিনা গিন্ গিনিত
তাকিৰ গিনা গিন্‌ গিনিত
তাকিৰ গিনা গিন্‌ গিনিত গিনিতা গিনা
গিনং তিনি তিন্ গিনং তিন্ তিন্ গিনং তিন্
তিন্ গিনিতা গিনা

চৰাঘাঁত—

খিতিতাতা খিতিতাতা, খিতিতা খিতা (দুবাৰ)
ধেনেখিতা গুৰু ধেনেখিতা গুৰু ধিন্নাত্বা
ধেনেখিতা ধি ধি নাক্‌ তা

[ ৫৩ ] (৪) খিৰিত খিৰিত খিত্ব, খিৰিe “।

ধিনিকি ধিন্নাত্বা = ‘ নিকা। পৰিশিষ্ট (৩) গুৰু উ-উ-উ ধেনেখিতা, গুৰু ধেনেখিতা আকি ব্বেই ধেনেখিতা তা-ত্বা চৰাঘাত— বিদ্ধেই ধিন্তা তা খিতিত্বা খিতিত্বা বিদ্ধেই ধিন্ত তা খিতিত্বা খিতিত্ব খিতিত্বা খিতিত্ব, খিতিত্বাকি ধেনেতাকি ধেই ধেই তা ধিন্ তা ধিন্ তা, ধিন্তা ধিতা তাতা তাতাত্বা থেধ্বেনি খিৰ খিৰ খিৰ খিত্বতা, খিৰ খিৰ ধেধ্বেনি চৰাঘাত থেধ্বেনি থেধ্বেনি। ধিন্বা খিতিত্ব। খিতিত্বা বিন্ধাতা খিৰ খিৰ... (৫) গুৰু উ-উ-উ ধেই ধেনে ধিন্না গুৰু উ ধেই ধেনে ধিন্না SOM আকি ধেই ধেনে খিতা তাহা (দুবাৰ) চৰাঘাত— তা খিতা গুৰু ধিনিত উৰি তাত্বা। —খিতা (দুবাৰ) থেই গুৰু ধিন্নত্বা গুৰু ধিন্নাত্ব। তাক্ ধিন্ না ধেই। (৬) গুৰু উ-উ ধেই ধেনে ধিন্না গুৰু উ ধেই ধেনে ধিনা উৰিং তাত্বা খিত্বা চৰাঘাঁত ধিন্নত্বা খিতিত্বা খিতা তাতা খিতা তাতাত্বা (দুবাৰ) ধিন্নত্বা খিতিত্বা (দুবাৰ) থেই গুৰু ধিন্নত্বা গুৰু ধিন্না খিতা ধেই (দুবাৰ) তাক ধেই গুৰু ধিন্না খিতা ধি ধিনাক্ ধেই। [ ৫৪ ] ৫৪ 8 ধি ধি না তা উৰি তাত্বা- ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত (৭) গুৰু উ-উ ধেই ধেনে ধিন্না গুৰু ধেই ধেনে ধিন্না উৰি তাত্বা খিত্বা..... চৰাঘাত গুৰু উ-উ ধিন্না ধিন্না গুৰু ধিন্না ধিন্না। (৮) থেই গুৰু ধিন্ তাক্‌ তিন্ তিন্ তিন্ তাক্ (দুবাৰ) চৰাঘাত থেই গুৰু ধেধ্বেই ধিনিত (দুবাৰ) ধিনিকি ধিন্নত্বা খিতিকি খিতিত্বা থেই গুৰু ধেধ্বেই ধিনিত, (৯) থেই গুৰু ধিন্ তাক্‌ তিন্ তিন্ তাক্ (দুবাৰ) চৰাঘাঁত— ধিন ধিনং তাত্বা ধিনং ধিন —ধিনিত (দুবাৰ) ধিন ধিনং তাত্ব খিতা ধিনং (১০) গুৰু ধেই গুৰু গুৰু ধেই গুৰু ধিন্নত্বা গুৰু ধেই ধিন্নত্বা থিত্বা গুৰু বিন্না ধিনা খিত, (দুবাৰ) চৰাঘাত— ধিন্নত্বা খিতিত্বা খিতা তাত্বা খিতা তাতাত্বা (দুবাৰ) (১১) ধিনং তিন্ তিন্ তিন্ ধিনং তিন্ তিন্ তিন্ ধিনং তিন্ তিন্ খিত ধেই (তিনিবাৰ) চৰাঘাত— ১০ নংৰ দৰে একে। (১২) ৰিদ্ধেই গুৰু বিদ্ধেই গুৰু ৰিদ্ধেই গুৰু খিত, তাক ধেই (দুবাৰ) চৰাঘাত গুৰু উ ধিন্নত খিতিত। খিতা খিতিত। খিতিত। খিতা খিতিত খিতিত। খিতা উৰিং, তাতা খিতিত। ধিন্নাত। খিতিত। ধিন্নত ধিনা খিৰ খিৰ খিৰ খিতা (দুবাৰ) [ ৫৫ ]

গ্ৰন্থপঞ্জী

অসমীয়া ভাষা আৰু সংস্কৃতি ⸺ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা।

অসমীয়া সংস্কৃতি ⸺ অসম সাহিত্য সভা।

অসমীয়া সংস্কৃতি আৰু সাহিত্য ⸺ পৰাগধৰ চলিহা।

পৱিত্ৰ অসম ⸺ ডঃ মহেশ্বৰ নেওগ।

পুৰণি অসমীয়া সমাজ আৰু
সংস্কৃতি ⸺ ডঃ মহেশ্বৰ নেওগ।

পুৰণি কামৰূপৰ ধৰ্ম্মৰ ধাৰা ⸺ ডঃ বাণী কান্ত কাকতি।

প্ৰগতি ⸺ বজালী প্ৰগতি সঙ্ঘ।

প্ৰাচ্য শাসনাৱলী ⸺ ডঃ মহেশ্বৰ নেওগ।

ভাৰত সংস্কৃতি ⸺ সুনীতি কুমাৰ চট্টোপধ্যায়।

ভাৰতীয় নৃত্য-কলা ⸺ সুৰেশ গোস্বামী।

সত্ৰীয়া নাচ ⸺ ডঃ মহেশ্বৰ নেওগ।

স্বাধীনতাৰ যুঁজত বজালী ⸺ নৰকান্ত দাস।

A History of Assam ⸺ E. Gait.

Early History of
Kamrup ⸺ K. L. Baruah.

Mother Goddess
Kamakshya. ⸺ Dr. B. K. Kakati.

[ ৫৬ ] [ ৫৭ ] এসময়ত সমগ্ৰ অসম জুৰি শৈৱ, শাক্ত, বৈষ্ণৱ

আৰু লোক-ধৰ্ম্মানুষ্ঠানৰ ভিতৰত মতদ্বৈধ ঘটিছিল। প্ৰত্যেকে নিজৰ নিজৰ ভাবাদৰ্শেৰে অনুপ্ৰাণিত হৈ ইটোৱে সিটোৰ ওপৰত প্ৰভাৱ বিস্তাৰত যত্নপৰ হৈছিল। ফলত সমাজৰ আবেগিক ঐক্য ব্যাহত হৈছিল। আনফালে গণ-মানসত কোনো ধৰ্ম্মীয় সামগ্ৰিক প্ৰচেষ্টা দেখা পোৱা নগৈছিল। স্ব স্ব সম্প্ৰদায়ৰ প্ৰতি থকা অন্ধ মোহ আৰু উদাৰ দৃষ্টি-ভঙ্গীৰ অভাৱেই আছিল এই প্ৰচেষ্টাৰ অন্তৰায়।

ডুবি পৰিহৰেশ্বৰ দেৱালয় তাৰ ব্যতিক্ৰম। এই ব্যতিক্ৰমেই ইয়াৰ স্বকীয় বৈশিষ্ট্য।

ডুবি পৰিহৰেশ্বৰ দেৱালয়ত লিঙ্গ বা শিৱ, দুৰ্গা বা শক্তি, কৃষ্ণ বা বিষ্ণুৰ উপাসনা হয়। তিনিওটা শক্তিৰ আনুষঙ্গিক পৰ্ববোৰ আছেই। আনকি লোক-উৎসৱবোৰকো দেৱালয়ৰ ভিতৰুৱা উৎসৱৰূপে কৰাটো প্ৰচলিত ৰীতি।

সৰ্ব্বোপৰি উক্ত আটাইকেইটা অনুষ্ঠানতে দেৱদাসীয়ে নৃত্য পৰিবেশন কৰিছিল। কোনোটো নাট-মন্দিৰত বেদীৰ দেৱতাৰ উদ্দেশি, কোনোটো বাহিৰ প্ৰাঙ্গণত গণ-দেৱতাৰ উদ্দেশি। পাৰমাৰ্থিক দিশটো বাদ দিলেও ডুবি দেৱালয়ৰ এই মিশ্ৰণ-সংস্কৃতিয়ে বজালীবাসীৰ গণ-মানসত নৈতিক সংহতি সৃষ্টিত বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। * * *

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।