জননী- পূজাৰ মন্দিৰ শুদা


জননী- পূজাৰ মন্দিৰ শুদা,
             নজ্বলোৱা কিয় বন্তি ?
আপোন পাহৰি হ’লা তন্দ্ৰা অলস
             অ’ মোৰ দেশৰে পূজাৰী৷

বজা নাই কিয় পূজাৰ শঙ্খ
             শঙ্খ নিলেনো কোনে?
গোৱা নাইকিয় আৰতিৰ গীতি
             কণ্ঠ ৰুধিলে কোনে?

শতাব্দী ধৰি মহাশঙ্খ বাজিলে
বুকুৰ শোণিতেৰে জ্বলিলে দীপালী
             কণ্ঠ প্ৰচাৰিলে আৰতিৰ বাণী,
নোহোৱানে গৌৰঝৰ তুমি অধিকাৰী?
             পূজাৰী ! তুমি কিয় হবা অভিমানী?