ছয় সখিয়েক,এক ৰাক্ষসী


এখন নগৰত পাঁচোটা ডেকা-লৰাই সিহঁতৰ বাপেকহঁতৰে সৈতে দন্দ কৰি ঘৰত নাথাকোঁ বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল৷ সিহঁতৰে সৈতে সেই দেশৰ এলাগী ৰাণীৰ ল’ৰা এটাও ওলাল৷ এলাগীৰ কোঁৱৰেও বাপেকৰ পৰা মৰম-চেনেহ নেপাইছিল দেখি তাৰ মনতো বিৰকতি লাগি আছিল৷ এতিয়া ছয়োটাই সখি বন্ধাই লৈ কোনেও কাকো কেতিয়াও নেৰোঁ বুলি কথা বান্ধি ললে৷

সিহঁত গৈ থাকোঁতে গৈ থাকোঁতে বাটতে ৰাতি হ’ল৷ বাটত যাওঁতে গধূলি পৰত সিহঁতে দেখিলে যে সিহঁতৰ পিছে পিছে কৰবাৰ পৰা এজনী ফিন্দ খোৱা ওহাৰেৰে গাখীৰতী ছাগলী আহিব লাগিছে৷ সিহঁতে এজোপা বৰ-গছৰ তলত থাকি ৰাতিটো কটাবলৈ মন কৰি ৰ’লত দেখিলে যে ছাগলীজনীও তাতে ৰ’ল৷ ছাগলীজনীয়ে সেইদৰে সিহঁতৰ লগ লোৱা দেখি সিহঁতে তাইক নেখেদাই ওচৰতে বান্ধি থলে,আৰু কোৱামেলা কৰিলে যে “ভালেই হ’ল ৰাতি এইৰ গাখীৰ খীৰাই খামহঁক৷ ”অলপ ৰাতি হ’লত সঁচাকৈয়ে সিহঁতে ছাগলীজনী খীৰাই বহুত গাখীৰ পালে,আৰু এটাইকেইটাই হেঁপাহ পলুৱাই গাখীৰ খাই মহা আনন্দেৰে শুই থাকিল৷ ছাগলীজনী আচলতে ৰাক্ষসী আছিল৷ ৰাতি দুপৰ হ’লত তাই মনে মনে নিজ মূৰ্ত্তি ধৰি ৰাক্ষসী হৈ ছয় সখিয়েকৰ এটাক খাই থৈ আকৌ ছাগলী ৰূপ ধৰি আগৰ ঠাইতে বান্ধ খাই থাকিল৷ ৰাতি পুৱালত সিহঁতে উঠি লগৰ সখিয়েক এটাক নেদেখি ভাবিলে যে সি সিহঁতক এৰি ৰাতিয়েই পলাই গ’ল৷ নাইকিয়া হোৱা সখিয়েকৰ কাৰ্য্যক গৰিহণা দি সিহঁতে সেইদিনা আকৌ যাবলৈ ধৰিলে আৰু যাৰ ছাগলী তাৰ ঘৰলৈ যাওক বুলি ছাগলীজনী মেলি দিলে৷ কিন্তু অলপ গৈ দেখিলে যে ছাগলীজনীয়ে সিহঁতৰ পিছ নেৰা হ’ল৷

সেইদিনা ৰাতি হ’লত পাঁচ সখিয়েক আকৌ আগৰদৰে গছ এজোপাৰ তলতে শুই থাকিল,আৰু সিহঁতে ছাগলীজনীৰ গাখীৰ খীৰাই খাই তাইক ওচৰতে বান্ধি থলে৷ সেই দিনাও ছাগলীৰূপী ৰাক্ষসীয়ে আগৰ ৰাতিৰদৰে পাঁচ সখিয়েকৰ এটাক খালে আৰু বাকী কেইটাই সেই কথা গমকে ধৰিব নোৱাৰিলে৷ পুৱা চাৰি সখিয়েকে আকৌ সিহঁতৰ ভিতৰৰ এটাক নেদেখি সিয়ো বিশ্বাসঘাটকতা কৰি সিহঁতক এৰি গ’ল বুলি বেজাৰ কৰিলে আৰু সিহঁতে চাৰিওজনৰ ভিতৰত কোনেও আৰু কাকো নেৰোঁ বুলি শপত খালে৷

সেইদিনাও গধূলি হ’লত চাৰি সখিয়েকে এজোপা গছৰ তলত আশ্ৰয় লৈ ছাগলীজনী বান্ধি গাখীৰ খীৰাই খাই শুই থাকিল;কিন্তু ৰাতি আকৌ আগৰদৰে ঘটিল,তেওঁলোকৰ এজন ৰাক্ষসীৰ পেটত সোমাল৷ ৰাতিপুৱা বাকী তিনিজনে পুনৰ তেনে ঘটনা ঘটা দেখি বৰ বেজাৰ কৰি আকৌ যাবলৈ ধৰিলে৷ সেই ৰাতিও পূৰ্ব্বৱতে তেওঁলোক এজোপা গছৰ তলত শুই থাকোতে তিনিজনৰ এজনক আকৌ ৰাক্ষসীয়ে খালে৷ ৰাতিপুৱা বাকি থকা দুই সখিয়েকে বাৰে বাৰে তেনে হোৱা দেখি নথৈ বেজাৰ কৰি সেই গছৰ তল এৰি যাবলৈ ধৰিলে৷

গধূলি দুয়ো আগৰদৰে আকৌ এজোপা গছৰ তলত থিতি হ’ল আৰু খাই-বৈ শুই থাকিল;কিন্তু মনত নানা ভাৱনা-চিন্তা হোৱা বাবে তেওঁলোকৰ ভালকৈ টোপনি অহা নাছিল৷ এনেতে ৰাতি দুপৰ হ’ল৷ ৰাক্ষসীয়ে ছাগলীৰ ৰূপ এৰি নিজ মূৰ্ত্তি ধৰিলে৷ যেই তাই এজনক খাবলৈ ধৰিলে,সি ৰাক্ষসীক কাকূতি কৰিবলৈ ধৰিলে, “মোক নাখাবা,নাখাবা”বুলি৷ কিন্তু এক নিমিষতে তাৰ মাত মাৰ গ’ল,সি ৰাক্ষসীৰ পেটলৈ গ’ল৷ কাণ্ড দেখি ভয়ত সিজন নিসাৰসাৰে পৰি থাকিল৷ এতিয়া যিজন বাকী ৰ’ল,সেইজন হৈছে ৰজাৰ সেই এলাগী কুঁৱৰীৰ পুতেক৷ ৰাতি পুৱালতে এলাগীৰ কোঁৱৰে ছাগলীজনী তাতে এৰি থৈ ঘৰ-মুৱা হৈ খোজ ল’লে৷ অলপ বাট গৈ সি উভতি চাই দেখিলে যে ছাগলীজনী তাৰ পিছে পিছে আহিছে৷ মাৰি এডাল লৈ সি ছাগলীজনী ইমানকৈ খেদালে কিন্তু একোপধ্যে ৰাক্ষসী-ছাগলী তাৰ পিছ নেৰা হ’ল৷ শেহত সি কোবাকুবিকৈ গৈ নগৰৰ ওচৰ পাই লৰ ধৰি নগৰত সোমাল গৈ আৰু ছাগলীজনী এজনী সুন্দৰী ছোৱালী হৈ তাৰ পিছে পিছে লৰিবলৈ ধৰিলে৷ কোঁৱৰে উধাতু খাই গৈ ৰজাৰ আগতে ওলাই সকলো কথা কলত,তাৰ পিছত যোৱা ছোৱালীজনীয়েও সেইবোৰ মিছা বুলি ৰজাক ক’লে৷ ৰজাই তাইৰ ৰূপ দেখি মোহ গৈ কোঁৱৰৰ কথা মিছা বুলি উৰাই দি ছোৱালীজনীক নিজৰ কুঁৱৰী পাতি ললে৷ বাপেকৰ ব্যৱহাৰত মৰ্ম্মান্তিক বেজাৰ পাই এলাগীৰ পুতেক গুচি গৈ নিজৰ ঘৰত থাকিলগৈ৷

এমাহ মানৰ ভিতৰত ৰজাই দেখিবলৈ পালে যে ৰজাৰ ঘৰৰ মানুহ ঢুকাই যাবলৈ ধৰিছে৷ ৰজাই এই কথাটোৰ কাৰণ বিচাৰি দেখিলে যে তেওঁৰ মৰমৰ কুঁৱৰীয়ে দিনৌ ৰাতি এটা এটাকৈ মানুহবোৰ খাই ঢুকাই নিছে৷ তেতিয়া ৰজাই বুজিব পাৰিলে যে এলাগী কুঁৱৰীৰ পুতেকে কোৱা কথা সঁচা;তেওঁ যাৰ ৰূপত মোহ গৈ যাক তেওঁৰ মৰমৰ ৰাণী পাতিছে সেইজনী ৰাক্ষসী হে৷ ইয়াৰ পিছতে ৰজাই এলাগীৰ পুতেকক মতাই আনি ক’লে যে যদি সি সেই ৰাক্ষসীৰ হাতৰপৰা তেওঁক সৰুৱাই দিব পাৰে তেন্তে তাক তেওঁ উঠি-ৰজা পাতিব৷ পুতেকে এই কথা শুনি “বাৰু চেষ্টা কৰি চাওঁ”বুলি ওলাই গৈ এখন নৈৰ কাণত বহি ভাবি আছে;এনেতে এটা চিলনী কৰবাৰপৰা উৰি আহি তাৰ ওচৰতে পৰি তাক ক’লে যে “তুমি কিয় এইদৰে ভাবি আছা;তুমি এই নৈৰ পাৰেদি হাবিয়ে হাবিয়ে দিনচেৰেকৰ বাট গ’লে এখন ৰাক্ষসৰ দেশ পাবাগৈ৷ তাতে এই ৰাক্ষসী-ৰাণীৰ মাক থাকে৷ মাকৰ নাম মালতী৷ আৰু এই ৰাণী হৈ থকা জীয়েকৰ নাম আলতী৷ তুমি আলতীৰ পুতেক বুলি তাতে কান্দি থাকি মাকৰ আগত চিনাকি দিলেই তোমাৰ কাৰ্য্য সিদ্ধি হব৷ ” এইদৰে যি যি কৰিব লাগিব চিলনীয়ে তাক শিকাই দিলে৷ চিলনীৰ কথা শুনি কোঁৱৰে সেইদৰে গৈ ৰাক্ষসীৰ দেশ পালেগৈ আৰু এঠাইত বহি-

                                           “আলতী মাক মালতী ঐ!

                                            জীয়েৰৰ নৰীয়া টান!”

বুলি বিনাই কান্দিবলৈ ধৰিলে৷ তাৰ কান্দোন শুনি মালতি ওলাই আহি তাক সুধিলে, “তই কোন?আলতীৰ কি হৈছে?কিয় কান্দিছ?”কোঁৱৰে উত্তৰ দিলে-“মই মালতীৰ পুতেক৷ তেওঁৰ বৰ মৰামুছা নৰীয়া!সেইদেখি মোৰ বুঢ়ী আইক বাতৰি দিবলৈ আহিছোঁ৷ তুমিনো কোন?”মালতীয়ে ক’লে, “ময়েই মালতী৷ ” এই কথা শুনি কোঁৱৰে বৰকৈ কান্দিবলৈ ধৰিলত,মালতীয়ে কোঁৱৰক নাতিয়েক ভাবি মৰম কৰি ঘৰলৈ লৈ গ’ল৷ কিন্তু কোঁৱৰে বৰকৈ কান্দি কান্দি মালতীক কবলৈ ধৰিলে, “বুঢ়ীআই,মোৰ আইৰ ইমান নৰীয়া মই দেখি আহিলোঁ এতিয়ামানে তেওঁ কিজানি ঢুকালেই৷ ”এই কথা শুনি মালতীয়ে তাক বুজনি দি ক’লে, “মোৰ সোণাই,তই বেজাৰ নকৰিবি তোৰ মাৰ মৰিব নোৱাৰে৷ মই তোৰ মাৰৰ দেহ-লাও তোক দেখুৱাওঁ আহ৷ ” এইবুলি চোৰ-চাঙত তাক তুলি মালতীয়ে জীয়েকৰ দেহ-লাওটো দেখুৱাই ক’লে, “এইটো দেহ-লাও মোৰ,সেইটো মাৰৰ,সৌকেইটা মোমায়েৰহঁতৰ৷ বোপাই,এই দেহলাও কেইটা নাকাটিলে আমি কোনো নমৰোঁ৷ তই মিছাতে কিয় বেজাৰ কৰিছ?” ইয়াৰ আগেয়ে চিলনীৰ বুধিমতে কোঁৱৰে তাৰ গাৰ কাপোৰৰ ভিতৰত লুকাই দা এখন লৈ গৈছিল৷ সি তৎক্ষণাৎ সেইখন উলিয়াই লৈ তাৰে ঘেচ্ ঘেচ্ কৰে দেহ-লাওকেইটা কাটি পেলালে৷ কটা মাত্ৰকে ধুপ ধুপ্ কৰে ৰাক্ষসবোৰ পৰি মৰিল৷ ইফালেও ৰজাৰ আগতে আলতী নিজৰ ৰাক্ষসী ৰূপ ধৰি ধুপুৰকৰে পৰি মৰি থাকিল৷

ইয়াৰ পিচত এলাগীৰ কোঁৱৰক বাপেকে উঠি-ৰজা পাতি নিজে বহি-ৰজা হৈ সুখেৰে থাকিল৷