গোপাল খেলায় কদম্ব তলে
।।ৰাগঃ ভাটিয়ালী।। তালঃ একতাল।।
ধ্ৰুং।। গোপাল খেলায় কদম্ব-তলে।
ভুৱন-মোহন মূৰুতি-মধুৰ
মদন জিনিয়া জ্বলে।।
পদ।। তনু নৱ-ঘন দলিত অঞ্জন
জিনিয়া অতি বিৰাজে।
ৰতন ভূষণ কেয়ুৰ কঙ্কণ
কটিত কিঙ্কিণী বাজে।।
কৰিয়া সুবেশ বান্ধি আছে শেশ
টালনি কৰিয়া জুড়া।
চৌভতি বেড়িয়া মণি মুকুতাৰ
মালা, ময়ুৰেৰ চূড়া।।
হাসিয়া খেলায় বোলান বুলায়
অমিয়া যেন বৰিষে।
নূপূৰ ঝমকে বাজায় ঠমকে
চলয় মন-হৰিষে।।
নেতৰ অঞ্চোল কৰে ঝলমল
পাৱে পৰিমল বাসে।
ওহি ৰূপে মন মজোক হামাৰ
কহয় মাধৱ দাসে।।