কোন কোন আহিছা আইক পূজিবলৈ

 কোন কোন আহিছা আইক পূজিবলৈ

          আইৰ পূজাৰ বেলি হ’ল ! (সমনীয়া অ’)

সাজু হ’বৰে হ’ল ডেকা ল’ৰা ! সাজু হ’বৰে হ’ল

সাজু হ’বৰে হ’ল অ’, সাজু হ’বৰে হ’ল ৷


পৰ- পদানত কিয় বাৰু তোৰ শিৰ অৱনত

                                                কিয় বাৰু ?


কিয় পাহৰিলি বিজয়ী বাহুৰ বল,

তোৰ অস্ত্ৰ কেনিনো গ’ল ?

অস্ত্ৰ বিচাৰি ল’ তই অস্ত্ৰ বিচাৰি ল’ ৷


এন্ধাৰত তই থাকিবি কিয়নো

          জগত পোহৰ হ’ল ৷


জগতত সৌৱা জ্ঞান বিয়পিছে

তোৰ দুৱাৰ বন্ধ ৰ’ল ...

দুৱাৰ মুকলি কৰ অসমীয়া

          তোৰ জ্যোতিস্নান কৰিবৰ হ’ল



নাহিবি নুচুবি বুলি কিয় তই

আপোনাক কৰিবি পৰ অ’

আলাই-আথানি হোৱা ভায়েকক

          সাৱতি লবৰে হ’ল



দেখিছনে সৌ মাতৃ জননী, তেনেয়ে নিছলা হ’ল

          অ’ অসমীয়া ! অ’ অসমীয়া !

                   অ’ অসমীয়া ! অ’ অসমীয়া অ’ !!



তোৰ তপ্ত ৰুধিৰ ঢালি আয়েৰক

          শক্তি দিবৰে হ’ল

আইৰ পূজাৰ বেলি হ’ল (সমনীয়া অ’) ৷৷