অগণন তৰা জলে
নীল আকাশত,
জোনায়ে কিৰণ ঢালে
নিতে অবিৰত;
যেনি চাওঁ সকলোৰে
মুকলি অন্তৰ;
কিন্তু কিয় মোৰ মনে
নেদেখে পোহৰ!
কত ফুল ফুলে আৰু
কত সৰি যায়,
মলয়াৰ মউ সনা
বায়ুছাটি পাই
গছৰ ডালৰপৰা
ভৰ দুপৰীয়া
জিলীয়ে ৰাগিণী টানে
মন হৰি নিয়া।
ফুলে গোলাপৰ পাহি
তিৰবিৰ কৰি,
হাঁহি থাকে লয়লাসে
কিনা শোভা ধৰি।
এনুৱা শোভাতো মন
নুভুলেযে মোৰ,
বুজা নাই হিয়া মোৰ
কিহত বিভোৰ।
ভাগৰুৱা জগতক
জিৰণি বিলাই
সন্ধিয়া সূৰুজদেৱ
ধীৰে চলি যায়;
সেই সময়তো প্ৰাণে
নাপায় জিৰণি
মোৰযে অন্তৰ হায়
অতৃপ্তিৰ খনি!
আহিছে বসন্ত কাল
কুলিৰ মাতেৰে,
গছ-লতা জকমক
নতুন পাতেৰে;
এনে ৰূপ এনে শোভা
এনে ৰং চাই
সকলোৱে ভাবে আৰু
এনে সুখ নাই!
উষা সময়ত বলা
জুৰ মলয়াই
তাপিত প্ৰাণক ধীৰে
যায় নিচুকাই;
তেও কিয় মন মোৰ
অথিৰ সদায়
দিনে-ৰাতি ভাবে যেন
কিবা নাই নাই!!