কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ

<poem>

কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ
         ফুলে পাতে ৰূপ লয়

কাৰ হাঁহিটিয়ে নিফুট গানেৰে

         ঘোষে নতুনৰ জয় ৷


কাৰ হাঁহি লাগি সাৰ পাই উঠে

         বৰ্ণ গন্ধ গান

সঞ্জীৱনীৰে কাৰনো হাঁহিৰ

         শিয়ঁৰাই তোলে

দলিত, পীড়িত, মহাজনতাৰ, সঞ্চিত অভিমান ৷