কমল নয়ন আজু পেখলু মাই
।।ৰাগঃ গৌৰী।। তালঃ যতি।।
ধ্ৰুং|| কমল নয়ন আজু পেখলু মাই, গোবিন্দ পেখিতে
নয়ন জুড়াই| শ্যামল অঙ্গ, পিশঙ্গ পিচোৱা,
ময়ুৰ মুকুত বনায়||
পদ।। মৃগমদ মলয়জ মিলিত বহু ভাজিত
চন্দন অঙ্গে চৰাই|
হেম জড়িত বাহু ৰতন বিভূষণ
হৰষে চলয়ে যদুৰায়||
পঙ্কজ বয়ন স্মিত অৱলোকন
অলক তিলক মুহে শোহে|
সব জগ বন্দন নন্দকু নন্দন
কহয় মাধৱ গতি মোহে||