[ শিৰোনাম ]
আশীৰ্ব্বাদ
সংগ্ৰাহক আৰু প্ৰকাশক
জেনাৰেল এজেন্সী, যোৰহাট।
৩য় সংস্কৰণ
১৯৪৬

[১]

মূল্য (॥৵৹) দহ অনা মাত্ৰ।

[  ]
আশীৰ্ব্বাদ
শ্ৰীশ্ৰীশঙ্কৰায় নমো নমঃ।

       যেই কোনো ঈশ্বৰৰ সেৱা হওক প্ৰথমে শৰাই, শলিতা, গুৱাপান, অৰ্চ্চনা, অৰিহনা আগ বঢ়াই সেৱকী সকলে নিজৰ স্বত্ব ধ্বংস কৰি সকলো দ্ৰব্য সমূহ ভকত ভাগৱতত সেৱা জনাই ঈশ্বৰক উচৰ্গী দিব। পোন প্ৰথমে হৰিধ্বনি কৰিব।

ও—হৰি, ও—ৰাম, উৎসৱ কৰিয়ে হৰি বোল।


উৎসৰ্গা।

       মৌ মাখীয়ে যি দৰে পবিত্ৰ অপবিত্ৰ অনেক ঠাইৰ অনেক পুষ্পৰস গোটাই মৌৰ ৰহঘৰা নিৰ্ম্মাণ কৰি সাধু, সন্ত, মহন্তক মধু পান কৰাই তৃপ্তি কৰিছে, সেই অনুসাৰে সেৱা উপলক্ষে যেয়ে যতে যি পাইছে তাকে সংগ্ৰহ কৰি তোৰা সব সমূহ ভক্ত সকলক আগত লৈ এই দ্ৰব্য খিনি ঈশ্বৰক অৰ্পণ কৰিছে।

অপবিত্ৰ যিটো অতি     পবিত্ৰ হোৱে বা যদি

সমস্ত অৱস্থা আছে পায়া।
কমল লোচন যিটো     সুমৰে তাৰেহে শুদ্ধ

বাহিৰে ভিতৰে হোৱে কায়া।।
[  ]

       অপবিত্ৰ দ্ৰব্যক পুণ্ডৰীকাক্ষ নামৰ প্ৰভাৱতে শৰাই, শলিতা, অৰ্চ্চনা, অৰিহনা, গুৱা-পান আদি অৰ্চ্চনীয় সকলো দ্ৰব্যকে পবিত্ৰ কৰি মোৰ বুলি গ্ৰহণ কৰি কৃপা কৰিব লাগে ॥০॥ হৰিধ্বনি কৰিব।

ৰাজহুৱা বৰ সবাহৰ আশীৰ্বাদ।

১।
নমো নমো নাৰায়ণ      প্ৰসন্ন হুয়োক হৰি

কৰিয়োক মায়াক নিৰ্য্যান।
আপোনাৰ মহিমাক     আপুনি বেকত কৰি

জীৱক কৰিয়ো পৰিত্ৰাণ ।

       ভাল– আজি ৰাইজৰ সম্বৎসৰিক মহা মহোৎসৱ হৰি কীৰ্ত্তন নিঃকাম ঈশ্বৰ সেৱা উপলক্ষে তোৰা সব সাক্ষাৎ চৈতন্য মূৰ্ত্তিক একত্ৰাপতি কৰি ইয়াতে নাম, গুৰু, দেৱ, ভকত, ভাগৱত সকলোকে এক কৰি কায় বাক্য মনে এয়ে বৈকুণ্ঠ, ইয়াতে জগদীশ্বৰ, জগদকৰ্ত্তা, দৈবকী হৃদয়ানন্দ, নন্দৰ নন্দন, সৰ্ব্ব যজ্ঞেশ্বৰ হৰি, শ্ৰীকৃষ্ণ ভগৱন্ত স্থিত হৈছে বুলি তোমৰা সবৰ চৰণত অৱনত শিৰে সেৱা জনাইছে। ইয়াতে কায়, কষ্ট, ব্ৰত, মনে, ঘৰে, ভাবে, ভক্তিয়ে ঠাৱৰিব নোৱাৰাত অনেক চিদ্ৰ। সেই চিদ্ৰকে নিচিদ্ৰ কৰি শত শত অপৰাধ মাৰ্জ্জনা কৰি এই সেৱাকে মোৰ বুলি গ্ৰহণ কৰি নিজ কৰুণা গুণে ভগৱন্ত প্ৰসন্ন হৈ কৃপা কৰিব লাগে ॥০॥ ( প্ৰতি ফাঁকিৰ অন্তত হৰিধ্বনি কৰিব )।

[  ]

২। ভাল বোলে—

সত্য যুগে ধ্যান      ত্ৰেতা যুগে যজ্ঞ

দ্বাপৰ যুগত পূজা।
কলিত হৰিৰ      কীৰ্ত্তন বিনাই

আৱৰ নাহিকে দুজা ॥

      কলি কালত ধ্যান. যজ্ঞ, পূজা সকলো ৰহিত; একমাত্ৰ হৰি কীৰ্ত্তনেই শ্ৰেষ্ঠ।

হৰি ৰাম হৰি ৰাম এ মূল মন্ত্ৰ।

কলিত নাই তপ জপ যজ্ঞ যন্ত্ৰ ।
কৰিয়ো হৰিৰ চৰণে ৰতি।
কলিত হৰিৰ নামেহে গতি ॥
তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ কাল পাত্ৰ চিদ্ৰ যতেক ॥
পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ।

হৰি নামে কৰে সবে সুসাঙ্গ ॥

       ভগৱন্তে কৈছে—

বোলে যোগীৰো হৃদয়ে নাথাকো মই।

বৈকুণ্ঠ থানত নাথাকো ৰই।
মোৰ ভক্তে যৈত কৰে কীৰ্ত্তন।

তাৰ পাছে থাকি কৰো শ্ৰৱণ ॥

       এনে পৰম ঈশ্বৰৰ পৰম মধুৰৰো মধুৰ, মঙ্গলৰাে পৰম মঙ্গল নাম উচ্চাৰণ কৰিছে। এই নামৰ প্ৰভাৱতে

[  ]

শত অশ্বমেধ যজ্ঞত যি ফল পায়, সেই ফল লভ্যমান কৰি নাম লোভী জনাৰ্দন নামতে তুষ্ট হৈ দাসৰ দাস ভৃত্য সকলৰ প্ৰতি হৰি গুৰু প্ৰসন্ন হৈ কৃপা কৰিব লাগে ॥०॥
 ৩। ভাল বোলে—

সহস্ৰ সহস্ৰ আতি        অপৰাধ দিনে ৰাতি

কৰো মই মহা মূঢ় জন।
আমি প্ৰভু তযু দাস        আকে জানি জগ বাস

ক্ষমিয়োক শ্ৰীমধুসূদন॥

         পূৰ্বে মহাপুৰুষ শ্ৰীশঙ্কৰ মাধৱদেৱে নাম প্ৰসঙ্গৰ যি আহি ৰীতি-নীতি ৰাখি গৈছে সেই অনুসাৰে আমি অভাজন মহা পাতকীয়ে পূৰ্ব্বৰ শুদ্ধ, সত্ব নাম ধৰ্ম্মৰ আৰ্হিত ৰক্ষা কৰিব পৰা নাই। পূৰ্বৰ মহাপুৰুষৰ নিৰ্ব্বন্ধ নাম ধৰ্ম্মকে লক্ষ কৰি শুদ্ধে অশুদ্ধে আভাস মাত্ৰ চিন দৰ্শাই একেষাৰি নাম কীৰ্ত্তন কৰা হৈছে। বোলে —

ধৰ্ম্মক জানোহো মই        তথাপি প্ৰবৃত্তি নাই

অধৰ্ম্মতো নিবৃত্তি নোহয়।
হৃদি স্থিত হৈয়া তুমি        যেন কৰাইবাহা স্বামী

হৃষিকেশ কৰিবো তেনয়॥

 তুমি অন্তৰ্য্যামী ভগৱন্ত হৃদয়ত স্থিত হৈ যি বোলাইছা, যি বোলোৱাইছা, তাকে বুলিছো। ইয়াতে আগ, পাছ, বঢ়া, তুতা, ভুল, ভ্ৰান্তি ঘটি যি অপৰাধ হৈছে সেই খিনিকো

[  ]

ক্ষমা কৰি আপোনাৰ গুণ নামকে মোৰ বুলি, গ্ৰহণ কৰি নামৰ সম্পূৰ্ণ ফল প্ৰদান কৰি ভগৱন্তে কৃপা কৰিব লাগে। ॥০॥
            ৪। ভাল বুলিব লাগে— সেৱকী সকলৰ প্ৰতি প্ৰভু প্ৰসন্ন হক ; আয়ু বৃদ্ধি, শক্তি বৃদ্ধি কৰক। আধ্যাত্মিক, আধি ভৌতিক, আধি দৈবিক ত্ৰিতাপৰ পৰা ৰক্ষা কৰক। মাৰি মৰক, জ্বৰ, পীৰা, ৰোগ, ব্যাধি, উপতাপ, উপচক্ৰ, ৰাজ ভয়, বৈৰীভয়, অপমৃত্যু, সৰ্ব্বৰ বিঘিনি দূৰ কৰক। কাল দোষ, গ্ৰহ দোষ, দৈব দোষ, বৰ্ষ চক্ৰাদিৰ দোষ খণ্ডন কৰক। কোনো অপায় অমঙ্গলৰ ভাগী নকৰি বাল্য, বৃদ্ধ, যুব, ত্ৰিতৈ অৱস্থাৰ প্ৰাণী, পুত্ৰ, ভাৰ্য্যা, দুহিত্ৰী, বহাৰী নাত্যাদি, দাস দাসী সমম্বিতে সকলোকে সৰ্ব্ব সঙ্কটৰ পৰা মধুসূদনে ৰক্ষা কৰিব লাগে। ॥০॥
            ৫। পুনৰ বুলিব লাগে---এই সেৱাৰ ফলতে সেৱকী সকলৰ অচলা লক্ষ্মী বসতি কৰক। ধন, ধান্য, গো, মহিষ, হয়, হস্তী যাৰ যি আছে এটিৰ পৰা শতটি বৃদ্ধি কৰক। কাৰো লগত বাদ বিশম্বাদ নকৰাই ৰজা ঘৰে, প্ৰজা ঘৰে সৰ্ব্বত্ৰে জয় লাভ কৰক। অনিমা, লঘিমা অষ্ট ঐশ্বৰ্য্যই লগ লওক। অসদ, অনাচাৰ অসত্যতা দূৰ কৰক ! সত্য সদাচাৰে আবৰি ধৰি ধৰ্ম্মত মতি স্থিৰ কৰক। নাম, গুৰু, দেৱ, ভকত ভাগৱতত ৰাপ হুওক। পৰস্পৰ সকলোটি ৰাইজ ঐক্যতা ভাৱে মিলা প্ৰীতিৰে

[  ]

বসতি কৰি কাল যাপন কৰিবলৈ শক্তি দিয়ক। ঈশ্বৰৰ চৰণত দৃঢ় ভক্তি কৰি সদ বিদ্যাৰ পাত্ৰ কৰক। খেতি, কৃষি, বাণিজ্যত লেহ্য, পেয়, চৰ্ব, চুচ্য দ্ৰব্যে ভাণ্ডাৰ পূৰ্ণ কৰি সুভীক্ষা কৰক। চোৰ, ব্যাঘ্ৰ্যাদিৰ পৰা গো, মহিষী খিনি ৰক্ষা কৰক।
             বোলে— কালীৰ হদক তাক নাজানি। তৃষ্ণাত সবে পিলে বিষ পানী ॥ দাৰুণ বিষৰ লাগিল জাল। মৰিল সবে বৎস পাল । দেখিয়া কৃষ্ণে অসন্তোষ পাইল। অমৃত নয়নে তাক জীয়াইল । সেইদৰে গো, মহিষ খিনি ৰক্ষা কৰক।
             ঘোষাত কৈছে বোলে—

মাধৱ মাধৱ নাম বচনত উচ্চাৰয়

মাধৱ মাধৱ হৃদয়ত।
নিৰন্তৰে সাধু সবে মাধেৱ মাধৱ নাম

উচ্চাৰয় সমস্ত কাৰ্য্যত॥

             এই মাধৱ নামৰ প্ৰভাবেৰেই সৰ্ব্বাভীষ্ট পূৰ্ণ কৰি কৃপা কৰিব লাগে। ॥০॥
             ৬। ভাল বোলে—

ভকত সকলে        পূজে ফল জলে

তুষ্ট হওঁ তাকে পাই।
অভকতে যদি        নানা দ্ৰব্য দেই

তাতো মোৰ তুষ্টি নাই ।
[  ]

আজি তযু চৰণৰ দাস সকলে এমুঠি মাহ প্ৰসাদ, কল, কুহিয়াৰ, অনেক উপকৰণ দ্ৰব্য, গুৱা-পান, অৰ্চনা, অৰিহনা সমন্বিতে গছৰ নামে পাত বিকাই যি থগী আগ বঢ়াইছে, ভগৱন্তে ভকতৰ দ্ৰব্য বুলি অচিদ্ৰে গ্ৰহণ কৰিব লাগে। দিওঁতে থওঁতে যি অপৰাধ হৈছে সেইখিনি অপৰাধ ভঞ্জন কৰিব লাগে। বোলে—

অপৰাধ বিনাশন        তযু নাম নাৰায়ণ

জানি নামে পশিলো শৰণে।
আন গতি নাহিকে মৰণে।।
অপৰাধ ক্ষমা কৰি        তুমি দয়াশীল হৰি

মোক ৰক্ষা কৰিয়ো চৰণে॥

            ভকত ভগৱন্ত তুষ্ট হৈ অশুদ্ধি দ্ৰব্যাকে শুদ্ধি কৰি লৈ মোৰ বুলি কৃপা কৰিব লাগে। ॥০॥
            ৭। ভাল বুলিব লাগে— তোমৰা সব ৰাইজ বুলিলে ৰজা, জ্ঞাতি বুলিলে গঙ্গা, সাক্ষাতে চৈতন্য ঈশ্বৰ। তোৰা সবক যি দৰে আহবান বিসৰ্জন দিব লাগে সেই দৰে নাই।

নাজানোহো আৱাহন       নাজোনোহো বিসৰ্জন

পূজা মন্ত্ৰ নাজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ        দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত ।
আনিব লাগে কন্ধে কৰি আহিছে পাৱে চলি

[ ১০ ]

ইয়াতে আমাৰ, আদৰ সন্মান, অৰ্চন, বন্দন, সেৱা, শুশ্ৰীষা যি দৰে কৰিব লাগে সেইদৰে যে নাইয়েই, এখনী কটা গুৱা, এডালি তৃণাসনেৰেও শুশ্ৰষা কৰিব পৰা নাই। ইয়াত আমাৰ নথৈ অপৰাধ। সেই অপৰাধ ক্ষমা কৰি গাঠিৰ গুৱা খাই দাস সকলৰ প্ৰতি কৃপা কৰি আগলৈকে এইদৰে সেৱা কৰিবলৈ অশেষ শক্তি বিধান কৰি কৃপা কৰিব লাগে। ॥০॥

গায়েণীয়া সকলৰ আশীৰ্বাদ।
( সকলো সকামতে এই আশীৰ্ব্বাদ খাটিব। )

               ৮। ভাল— গায়ণ, বায়ণ সকলৰ প্ৰতি একাষাৰ বুলিব লাগে। তাৰা সকলে বীৰ স্বৰূপ দেৱ বাদ্য বাজনাৰে হৰিৰ গুণ কীৰ্ত্তন কৰিছে। ইয়াতে ৰাগ, তাল, মান, ঘাত সুৰ, সঞ্চাৰ, খোজ, কাতলা, ওৰা, প্ৰেম, গোৱা, বজোৱাত আগ পাছ অনেক দোষ হৈছে। সেই দোষ মাৰ্জন কৰি আপোনাৰ গাণিকা গীত কীৰ্ত্তনকে গ্ৰহণ কৰি আগলৈকে এইদৰে হৰি কীৰ্ত্তন মহোৎসৱত গাব বজাবলৈ শক্তি বিধান কৰি গীত বাদ্যত ৰাপ কৰাই সৰস্বতী আই কণ্ঠোগত হৈ সকলোটিকে মিলা প্ৰীতিৰে নিৰ্ব্বিঘ্নে ৰক্ষা কৰিব লাগে। ॥o॥
               (কোনো সকলে নাম ঘৰত থকা বুঢ়া ডাঙৰীয়াকে প্ৰাৰ্থনা কৰা শুনা যায়। গতিকে ইয়াত সেই প্ৰাৰ্থনাৰ অভাৱে অঙ্গ পূৰ্ণ নহব যেন ভাবি ডাঙৰীয়াৰ প্ৰাৰ্থনা

[ ১১ ]

লিখা হৈছে। যাৰ যেনে ভাব সেই দৰে চলিব। )
              ৯। ভাল বুলিব লাগে–নাম ঘৰত থকা বুঢ়া ডাঙৰীয়া ৰাইজৰ প্ৰতি প্ৰসন্ন হওক। এই নাম ঘৰতে চিৰকাল বসতি কৰি ৰাইজৰ ৰখীয়া পৰীয়া হৈ সকলো আপদ বিপদ, চোৰ, ডকাইত, মাৰি মৰকৰ পৰা ৰক্ষা কৰক। বোলে—

চিৰকাল পিতামহ আছা ৰক্ষা কৰি।
শিশু চটকক যেন পাখায়ে আবৰি ।

           বুঢ়া ডাঙৰীয়াইয়ো এই নাম ঘৰৰ পৰা আন ঠাইলে গতি নকৰি ইয়াতে থাকি পক্ষীয়ে পোৱালীক পাখাৰে আবৰি ৰখাৰ দৰে হাতে ডাং ধৰি ৰাইজৰ গো, মহিষ, ছাগল, চৰাই, চিৰকতি, কুকুৰ,বিৰলী, পোক, পলু, পৰুৱা, পিপৰা, গছৰ পকা পাত এটিকো হানি বিঘিনি নকৰি সকলো গৃহস্থী প্ৰাণীকে নিৰ্ব্বিঘ্নে ৰক্ষা কৰি কৃপা কৰিব লাগে। ।।০।।

শেষত বিলনীয়াৰ আশীৰ্বাদ।
( সকলো সকামতে এই আশীৰ্ব্বাদ খাটিব। )

           ১০। ভাল—বিলনীয়া সকলে সমূহ ৰাইজ, ভক্ত, বৈষ্ণৱ, গুৰু, গৃহস্থ, সদৌ সমাজকে দণ্ডৱতে পৰি জনাইছে। বোলে—

মোৰ যত দোষ সকলো এৰি।
লৈযোক ভৃত্যৰ অধীন কৰি
[ ১২ ]
পৰশ অৰ্চন নাজানো ভাৱ।

সেৱিছো। ভক্তিবে সবাৰো পাৱ ।
অপিত দ্ৰব্যকে গ্ৰহণ কৰি।

শত অপৰাধ ক্ষমিয়ো হৰি ।।

           ঈশ্বৰ নিবেদিত সমূহৰ দ্ৰব্য, তোমৰা সবক মুঠিটো পোহাটো ধৰি অৰ্পণা কৰোতে, দিওঁতে, থওঁতে, হাত ঘাটি, পাত ঘাটি,হীন-ডেৰি,তাকৰ-সৰহ, অনেক অপৰাধ। সেই অপৰাধ খিনি ঈশ্বৰেও ক্ষমা দিব লাগে, ভকত বৈষ্ণৱ সকলেও ক্ষমা দি অৰ্চনীয় দ্ৰব্যকে মোৰ বুলি লৈ, এই দৰে আগলৈকে ৰাইজৰ পৰিচৰ্য্যা কৰি দিবলৈ থবলৈ শক্তি বিধান কৰি, সমূহ বৈষ্ণৱত অচলা ভক্তি জন্মি, একো অপায় অমঙ্গৰ ভাগী নকৰি নিৰ্বিঘ্নে ৰক্ষা কৰিব লাগে।।

————


ভাৱনা।

ভাল—মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পৃথিবীৰ নৰ মনুষ্যক বৈকুণ্ঠৰ লীলা, নৃত্য, গীত দৰ্শাই হৃদয় ক্ষেত্ৰত ভক্তিৰ বীজ বপন কৰিবৰ উদ্দেশ্যে নাট ৰচনা কৰি সাত দিন সাত ৰাতি সাত বৈকুণ্ঠ দেখাই চিন যাত্ৰাত লোক

[ ১৩ ]

স্তম্ভিত কৰিলে। ম’তা, আৰিয়া, অগ্নিগড় স্বৰূপে সত্ব, ৰজ, তম তিনি গছি বিজ্ঞান প্ৰদীপেৰে বৈকুণ্ঠৰ শুদ্ধ, সত্ব, ধৰ্ম্মপথ পোহৰাই দি অজ্ঞান অন্ধকাৰ দূৰ কৰি ভাৱ, ভাৱৰীয়া, গায়ণ, বায়ণ, নতুৱা, নৰ্ত্তকী ভক্ত সকলক দিব্য কাছে সজাই, গছৰ পাত সৰি পৰা সুৱলা সুৰৰ ৰাগ, তাল, মানেৰে স্বৰ্গ লঙ্ঘাই প্ৰজা সকলক মোহিত কৰিলে। বৰ ধেমালী, সৰু ধেমালী, ঘোষা ধেমালী, গোবিন্দৰ প্ৰেম ভক্তিৰ তিনি আনন্দ আদি নিৰঞ্জনক সূত্ৰধাৰী ৰূপে নাটৰ আদিতে প্ৰবেশ কৰাই নিজে সূত্ৰধাৰী হৈ বৈকুণ্ঠৰ ভাৱ আনি ভাৱনা নাম দি শত অশ্বমেধ যজ্ঞৰ সাৰ, সত্ৰ সভা সাধু, সন্ত, মহন্ত, হৰিভক্ত বৈষ্ণৱ সকলৰ প্ৰতি ৰাখি গল। আজি সেই বৈকুণ্ঠৰ লীলা ( নাটৰ নাম উল্লেখ কৰিব।) নাটৰ গীত কেইটি শুদ্ধে অশুদ্ধে গাই আভাস মাত্ৰ চিন দৰ্শাই সেৱা জনাইছে। ইয়াত অপৰাধৰ সীমা নাই। বোলে—

কতনা অমোঘ       অপৰাধ হৰি

কৰিয়া আছোঁ প্ৰচুৰ।
হৃদিত থাকিয়া       নেদেহা সুবুদ্ধি

কৃপাৰ হৈয়া ঠাকুৰ

              শত সহস্ৰ কোটি অপৰাধকে ক্ষমা কৰি এই মহোৎসৱ কীৰ্ত্তনকে মোৰ বুলি লৈ কৃপা কৰিব লাগে। ॥০॥

[ ১৪ ]
           ২।
হৰিৰ পৰম        নিৰ্ম্মল উদাৰ

কথাৰ যৈত প্ৰকাশ।
গঙ্গা গয়া আদি        যত তীৰ্থ আছে

তৈতেসে কৰে নিবাস॥

           পৰম ঈশ্বৰৰ লীলা, গুণ, গীত, নাট ভাৱনাৰ প্ৰভাৱে ইয়াতে সমস্ত তীৰ্থ ক্ষেত্ৰ বিৰাজ কৰি ই সাক্ষাত বৈকুণ্ঠ পুৰী হৈছে। বোলে—

যি দিশত মহা ভক্ত সবে শ্ৰী শ্ৰীমন্ত কমল লোচনক

পৰম সন্তোষে কীৰ্ত্তন যিটো কৰয়।
সি দিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি

আপুনি আচুতি স্বৰূপ সিটো হোৱয় ॥

            সেই লীলা চৰিত্ৰ গোৱা, বজোৱা, কৰা, কৰোৱা, শুনা, ভনী সকল নিজে ঈশ্বৰময় হৈ ভূমি ভাগকে পবিত্ৰ কৰি, দুখময় সংসাৰৰ পৰা সুখময় কৰাব লাগে। বোলে—

বৈকুণ্ঠ সম্পদ মিলোক আসি।

শৰীৰৰ পাপ সমস্ত নাশি॥
মহা পুণ্য চয় হোক উদয়।
খণ্ডোক সমস্ত দুৰ্গতি চয় ॥
দিয়া দাস বুলি চৰণে ঠাই।

এতেক প্ৰাৰ্থনা কৰো গোসাঁই॥

             এই নাটৰ নৃত্য গীতত যি সুখ সম্পদ পাইছিল। সেই সুখ সম্পদ চিৰকাল লভ্যমান কৰক। শ্ৰৱণ কীৰ্ত্তনত

[ ১৫ ]

যি পবিত্ৰ ভাব আহিছিল সেই ভাব চিৰকাল কৰক। হৰি কীৰ্ত্তনত ভক্তিৰ যি প্ৰেম পৰশিছিল, সেই ভক্তিৰ প্ৰেম চিৰকাল লগ লৈ পুণ্যাত্মা কৰক। হৰি গুণ কীৰ্ত্তনৰ ফলত ঈশ্বৰৰ চৰণত অচলা ভক্তি হৈ ধন, ধান, পুত্ৰ, ভাৰ্য্যা, মিত্ৰ, কুটুম্ব, বন্ধু-বান্ধৱ পূৰ্ণ হৈ লক্ষ্মী বসতি কৰক। হৰি গুৰু প্ৰসন্ন হৈ ৰোগ, ব্যাধি, শোক, সন্তাপ, মাৰি-মৰক সকলো আপদ দূৰ কৰি নিৰাপদে ৰক্ষা কৰক। ॥০॥
              ( এই খিনিত যদি আৰু আশীৰ্ব্বাদ দিবৰ দৰকাৰ হয়, তেন্তে বৰ সবাহৰ আশীৰ্বাদৰ ৩ আৰু ৪ নং এই দুইটি দিব। হৰি কীৰ্ত্তনৰ পৰিবৰ্ত্তে ভাৱনা বুলি উল্লেখ কৰিব )।

              ৩।
ঘোৰ অপৰাধ        সহস্ৰেক বাৰ

অহৰ্নিশে আছো কৰি।
দাস বুলি ধৰি        শ্ৰীমধুসূদন

ক্ষমিয়োক দেৱ হৰি।

            এই মহা মহোৎসৱ ভগৱন্তৰ লীলা কৰোতে, কৰওঁতে, গাওঁতে, বাওঁতে, গীত, ৰাগ, তাল, মান, সুৰ, সঞ্চাৰ, মহাপুৰুষৰ ৰীতি, নীতি, নিয়ম, সংযম, কায়, কষ্ট, ভক্তি, শ্ৰদ্ধাৰে, ভাৱ, ভাঙ্গতি, নাচ, কাছ, থেও, থমক, বচন, মাত, কথা, শ্লোক, ভটিমা, আৰম্ভণি, অপসংহৰণত অপৰাধৰ সীমা নাই ; সেই অপৰাধ মাৰ্জন কৰিব

[ ১৬ ]

লাগে। আৰু সুত্ৰ, গোসাঁই, গোপী আদি এই নাটৰ ভাৱ ভাৱৰীয়া সকলৰ প্ৰতি প্ৰভু প্ৰসন্ন হৈ সৰ্ব্ব দোষ ক্ষমা কৰি আপোনাৰ গুণ চৰিত্ৰতে সন্তুষ্ট হৈ আগলৈকে এই দৰে হৰি সেৱা কৰিবলৈ সকলোকে শক্তি বিধান কৰি নিৰ্বিঘ্নে ৰক্ষা কৰিব লাগে। ॥০॥

             ৪।
যথাত মোহোৰ ভক্ত উদাৰ !

কৰিয়া থাকন্ত লীলা প্ৰচাৰ॥
সৰ্ব্ব তীৰ্থ সিটো জানিবা সাৰ।

তাত সেৱি হোৱে সংসাৰ পাৰ॥

             তেনে মহাত্ম্যশালী তোৰা সব সাক্ষাত ভকত ভাগৱত, বৈকুণ্ঠৰ লোক। ইয়াতে মাহ-প্ৰসাদ উপকৰণাদি যি খিনি আপোনা সবক অৰ্চনা কৰা হৈছে সিয়ো বৈকুণ্ঠৰে বস্তু, ইয়াৰে অচিদ্ৰ ৰূপে গ্ৰহণ কৰি সেৱকীৰ প্ৰতি প্ৰসন্ন হৈ কৃপা কৰিব লাগে। এই সেৱাৰ উপলক্ষে তোৰা সবক যি ৰূপে আদিৰ সম্ভাষণ, আৱাহন বিসৰ্জন দিব লাগে সেই ৰূপে পৰা নাই। ইয়াতে সেই দোষীদোষ খিনি মাৰ্জ্জনা কৰি সন্তোষ হব লাগে। আগলৈকে এই দৰে মিলা প্ৰীতিৰে ৰাখি সকলোকে নিৰাপদে ৰক্ষা কৰি কৃপা কৰিব লাগে। ॥০॥

————
[ ১৭ ]
উৎসৰ্গ।

কলিৰ লোকৰ               ভাগ্যৰ মহিমা
কোনে কহি পাৱে পাৰ।
হৰি গুণ নাম               কলিৰ স্বধৰ্ম্ম
সমস্ত শাস্ত্ৰৰ সাৰ।।
হৰি গুণ নাম               কীৰ্ত্তন কৰিসে
কলুষ কৰি বিনাশ।
অনায়াসে ঘোৰ               সংসাৰ তৰিয়া

পাৱয় হৰিৰ পাশ।

             পৰম ঈশ্বৰৰ এনে মহাত্ম্যৰ সৰ্ব্ব ধৰ্ম্ম শিৰোমণি একাষাৰ নাম কীৰ্ত্তনৰ কল্পনা কৰি তোমৰা সব সাধু, সন্ত, বৈষ্ণৱ আৰু পূৰ্ণকৃষ্ণ ভগৱন্তৰূপী ভাগৱত আগত লৈ গুৱা-পান টোপোলা, অৰ্চ্চনা, অৰিহনা তোৰা সবৰ চৰণত সমস্তখিনি অৰ্পণ কৰিছে। অশুদ্ধি দ্ৰব্যকে শুদ্ধি কৰি সেৱকীকো তযু চৰণৰ দাস বুলি কৃপা কৰিব লাগে। ।।০।।

নামৰ অন্তত সেৱা।

             ১। ভাল বোলে—

[ ১৮ ]
নমো নমো নিত্য নিৰঞ্জন              নাৰায়ণ শিৱ সনাতন

অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা।
পৰম পুৰুষ ভগৱন্ত              নাহি পূৰ্ব্বাপৰ আদি অন্ত

তুমিসে চৈতন্য সমস্ত ভাৱ ভাৱন্তা।।

       হে প্ৰভু ! তুমি নিত্য নিৰঞ্জন, নাৰায়ণ, অনাদি অনন্ত, পৰম পুৰুষ ভগৱন্ত ৰূপে চৈতন্য শক্তিৰে জগতক চলাওঁতা তুমি। তথাপি শাস্ত্ৰে কৈছে– তোমাত কৰিয়া তযু গুণ নাম চাৰ। সেই উপলক্ষে মহাগুৰু শঙ্কৰ মাধৱ দেৱে ঈশ্বৰৰ নামকে শ্ৰেষ্ঠ কৰি মহা মহন্ত থান, সত্ৰ আৰু বৈষ্ণৱসকলৰ প্ৰতি নাম ধৰ্ম্মৰ প্ৰদীপ জলাই দি জগতক উদ্ধাৰ কৰিছে। আমি মহা পাতকীয়ে কলিৰ নামৰূপী পৰম ধৰ্ম্মক দৃঢ় ভাৱে ধৰিব পৰা নাই। ইয়াতে শুদ্ধে অশুদ্ধে আভাস মাত্ৰ চিন দৰ্শাই সমূহ ভক্ত বৈষ্ণৱসকলে ভগৱন্ত সন্তোষাৰ্থে যি হৰিনাম কীৰ্ত্তন কৰিছে নামৰূপী জনাৰ্দনে ইয়াতে সস্তুষ্ট হৈ নাম কেষাৰিকে মোৰ বুলি গ্ৰহণ কৰি কৃপা কৰিব লাগে।।।০।।

        ২। ভাল বোলে-

ধন জন তপ               প্ৰভাৱে তোমাক

পূজিবাৰ শক্তি নাই।
গজেন্দ্ৰে কেৱলে               ভকতি কৰিলে

পৰম আপদ পাই।।

       গজেন্দ্ৰে পৰম সঙ্কটত যি ৰূপে তোমাত শৰণাপন্ন

[ ১৯ ]

হৈ ৰক্ষা পৰিল। সেই অনুসাৰে আতুৰ হৈ তোমাৰ সেই নামৰ মূৰ্ত্তিতে শৰণাশন্ন হৈছে। বোলে—

নামত শৰণ লোৱে বাৰেক।

নামে হৰে তাৰ সবে পাতক॥
যেই নাম সেই কৃষ্ণ ভজা নিষ্ট কৰি।

আপোন নামৰ সঙ্গ মছাৰন্ত হৰি ॥

       যি কৃষ্ণ সেয়ে নাম, যি নাম সেয়ে কৃষ্ণ। হৰি ভক্তসকলে নাম কীৰ্ত্তনৰ বলতে হৰি ময়, হৰি বুদ্ধি কৰি হৰিক লাভ কৰিব পাৰে। বোলে—

হৰিক পাইবাৰ এহি উপাই।

 দিয়া হৰি নাম হৃদয়ে ঠাই॥
আপুনি হিয়াত প্ৰবেশি হৰি।
লৈবেক ভূ তাৰ অধীন কৰি॥
কলিত নামেসে পৰম ধৰ্ম্ম।

আত পৰে নাই অপাৰ কৰ্ম্ম॥

       এতেকে দাসৰ দাস বুলি নামৰূপী জনাৰ্দন নামতে তুষ্ট হৈ চৰণে চপাই ধৰি নাম, গুৰু, দেৱ, ভকত চাৰিও মূৰ্ত্তি প্ৰসন্ন হৈ সেৱকীৰ প্ৰভি মনৰ অভিলাষ পূৰ্ণ কৰি কৃপা কৰিব লাগে } ॥০।।

       ৩।
ধৰ্ম্ম অৰ্থ কামে        যিটো অভিলাষে

যি চাৱে মোক্ষৰ পথ।
সিয়ো হৰি নাম       কীৰ্ত্তন কৰিসে

পাৱে সবে মনোৰথ॥
[ ২০ ]        সেৱকীয়ে যি মনৰ কল্পনাৰে এই নাম কীৰ্ত্তন কৰাইছে সেই কল্পনা খিনি পূৰ্ণ কৰি এই নাম ধৰ্ম্মৰ প্ৰভাৱতে ৰোগ, শোক, সন্তাপ, মাৰি-মৰক, জ্বৰ, পীড়া, উপচক্ৰ, উপতাপ, গ্ৰহ দোষ, দৈব দোয্যকাল দোষ, অপায় অমঙ্গলৰ পৰা পৰিত্ৰাণ কৰি গোবৰ্দ্ধন পৰ্ব্বত ধৰি গোপ গোপীসকল ৰক্ষা কৰাৰ দৰে চৰণে ছত্ৰৰ ছায়া দি নাম ধৰ্ম্মতে মতি স্থিৰ কৰি সৰ্ব্ব উপদ্ৰৱ দূৰ কৰি কৃপা কৰিব লাগে। ॥०॥ ৪।
আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে॥ হৰি লৈলো হৰি লৈলো শৰণ ইবেলি।

মই অধমক পাৱে নেপেলাইবা থেলি॥
       কোনোবা খিনি মনতে ভয় পাই তোমাৰ চৰণত শৰণে পশিছে। তযু চৰণৰ কৃপাৰে মনৰ সকলো ভয় ভ্ৰান্তি দূৰতে বিদুৰ কৰি পুত্ৰ, ভাৰ্য্যা, দুহিত্ৰি, বন্ধু-বান্ধৱ সহিতে সকলোকে শত বৰ্ষ পৰমায়ু, হিংসা,বৈৰতা, চৌৰাদি অপব্যাধি, দুষ্ট গ্ৰহৰ ভয়, পীড়া, ৰিষ্টাদিকে খণ্ডন কৰি গো, মহিষ, ধন, ধান, পুত্ৰ, ভাৰ্য্যা, দুহিত্ৰি, গৃহবৰ্ত্তী সকলৰ কোনো প্ৰমাদৰ ভাগী নকৰি সুখে সন্তোষে ৰাখি ঐশ্বৰ্য্যশালী কৰি এইদৰে সেৱা কৰিবলৈ আগলৈকে শক্তি বিধান কৰি কৃপা কৰিব লাগে। ॥০॥ [ ২১ ]
তোমাৰ চৰণ সেৱাৰ গোবিন্দ

নাজানো একো উপায়।
যি মতে সেৱাত ৰহিবো কৰুণা

কৰিতে হৰি যুৱাই॥

       তোৰা সব ভকত, বৈষ্ণৱ, সাধু মহন্তক এক কৰি ঈশ্বৰৰ চৰণত বৈকুণ্ঠৰ বস্তু মাহ-প্ৰসাদ, গুৱা-পান, শৰাই, বন্তি উপহাৰ দ্ৰব্য সহ যধা— শক্তিমত দণ্ড, অৰ্চ্চনা, অৰিহনা সমম্বিতে শোধাই শৰণে পশিছে। ইয়াতে ঘাটি অপৰাধ খিনি ভঞ্জন কৰি অৰ্চনীয় দ্ৰব্যকে বৈকুণ্ঠ ভাণ্ডাৰৰ বস্তু বুলি মােৰ বুলি গ্ৰহণ কৰিব লাগে। বোলে—
মোৰ নাম লৈয়া মোৰ চৰণক পাৱে।
পৰম ঐশ্বৰ্য্য দিওঁ যাক যিবা লাগে॥

       সেৱকীৰ প্ৰতি প্ৰসন্ন হৈ ৰাম নাম বস্তু স্থিতি দি অশুচি দ্ৰব্যকে নামতে পবিত্ৰ কৰি লৈ মোৰ বুলি কৃপা কৰিব লাগে ॥০॥

৬।
যিটো চণ্ডালেও        কায় বাক্য মনে

সদায়ে সুমৰে হৰি।
আছে বাহু ব্ৰত        সিটো ব্ৰাহ্মণৰ
সিসে শ্ৰেষ্ঠ আতি কৰি।
যিটো মহা গৰ্ব্ববী        বিপ্ৰে আপোনাক

পবিত্ৰ কৰিবে নাৰে।
[ ২২ ]
ভকত চণ্ডালে        আপোনাকো তাবে
সমস্ত কুল উদ্ধাৰে।

       তোমৰা সব তেনে মহাত্ম্যশালী পৰম বৈষ্ণৱ চৈতন্য ঈশ্বৰ ভগৱন্ত। ভগৱন্তে কৈছে বোলে—

ভকতৰ পাছে মই থাকো তুতি কৰি।
সত্যে সত্যে বোলো চোৱা শাস্ত্ৰত বিচাৰি।

       এনে ভগৱন্তৰ প্ৰিয় ভক্তক যি স্বৰূপে ভকতি, মিনতি, আদৰ, আশ্বাস কৰিব লাগে জ্ঞানহীন পশুৰ তেনে বোধ নাই ইয়াতে তোমৰা সব নিজ গুণে প্ৰসন্ন লভি দাস সকলৰ প্ৰতি সৰ্ব্ব অপৰাধ ভঞ্জন কৰি দাস বুলি ৰাখি লব লাগে।।

————


পাল নাম

উৎসৰ্গ।
সত্য যুগে প্ৰথমত        ব্ৰহ্মা আদি দেৱ যত
হৰি নাম কৰিলে গুপুত।
কিনো দয়াময় হৰি        নামক বেকত কৰি

কলি পাপ কৰাইলা লুপুত।।
[ ২৩ ]
যিটো মহা স্লেচ্ছ জাতি    সিয়ো শুদ্ধ হোৱে আতি

মুখে মাত্ৰ হৰি নাম লয়।
কলিৰ ভয়ত গৈয়া        নামত শৰণ লৈয়া

ৰহিল সমস্ত ধৰ্ম্ম চয়।

       মহাপুৰুষ শ্ৰীশঙ্কৰ ৰূপে সাক্ষাত ঈশ্বৰ কৃষ্ণ অৱতাৰ হৈ সকলো ধৰ্ম্মৰ ৰাজা ৰাম নাম, সেই ৰাম নামৰে ৰাজা পুণ্য অৰণ্যৰ মাজত প্ৰমত্ত স্বৰূপা ‘পাল নাম” সৃষ্টি কৰি থান, সত্ৰ, সভা, সাধু, সন্ত, মহা মহন্ত সবৰ প্ৰতি অমূল্য ৰত্ন ৰাখি গল। আজি সাক্ষাত ভাগৱত, সন্ত, সাধু, ভকত, বৈষ্ণব সমস্তক একত্ৰাপতি কৰি পূৰ্বৰ শুদ্ধ সত্ব মহাধৰ্ম্ম পাল নাম কেই আষাৰি উচ্চাৰণৰ উপলক্ষে গলে বস্ত্ৰ বান্ধি অষ্টাঙ্গে সেৱা জনাইছে।

ভকতি মিনতি প্ৰণতি নাজানো হৰি এ,
মোত পৰে জ্ঞান শূন্য হীন মতি নাই ৰাম ৰাম।

       পূৰ্ব্বৰ নিৰ্ব্বন্ধত ভকতি, মিনতি, প্ৰণতি, স্তুতি সকলো হীন। ইয়াতে মাত্ৰ মহা ধৰ্ম্ম উপলক্ষে টোপোলা অৰিহনা, দণ্ড, অৰ্চনা সহ বৈকুণ্ঠৰ বস্তু, গুৱা-পান,শৰাই, শলিতা, মাহ-প্ৰসাদ, উপকৰণাদি দ্ৰব্য কায় বাক্য মনে তযু চৰণত অৰ্পণা কৰা হৈছে। ভগৱন্ত বস্তু প্ৰসন্ন হৈ নিচিদ্ৰে গ্ৰহণ কৰি কৃপা মিলিব লাগে।

১।
পতিত পাৱন বুলি নাৰায়ণ এ,
              পৰম পতিতে ডাকে আতুৰ হৈয়া।
[ ২৪ ]
তযু বেদ বাণী আমি আছো শুনি এ,

              মহা পাপী তৰে তযু গুণ নাম লৈয়া।।
বেদৰ গুপুত বিত্ত নাৰায়ণ এ,
              দৈবকীত হন্তে সাক্ষাতে ভৈলা বিদিত।
জীৱৰ তাৰণ হেতু নাৰায়ণ এ,

              প্ৰচাৰিলা নিজ যশ ধৰ্ম্ম বিপৰীত।।

       সাক্ষাৎ পূৰ্ণব্ৰহ্ম ৰূপী মহাপুৰুষ অৱতাৰ হৈ জীৱ তৰণৰ সহজ উপায় ধৰ্ম্মৰ পৰম ৰাজা বেদৰো পৰম গুপুত প্ৰমত্ত সিংহ পাল নাম তিনি ঠাইত তিনি বাৰ ডাকি সাধু সন্ত, মহন্ত, থান সত্ৰ বৈষ্ণৱ সকলৰ হিয়াৰ বস্তু স্বৰূপে ৰাখি গল। বোলে—

কলিত একান্তে যিটো লৱে হৰি নাম।
তাৰ আৰু আচৰিবে নাথাকিল কাম ।

       সেই অমোঘ ঈশ্বৰৰ নিজ মুখৰ বাক্যকে লৈ শক্তি মত কায়, কষ্ট, ব্ৰভ, ভাবে, ভক্তিয়ে ঈশ্বৰৰ চৰণত পাল নামৰ ঘোষা কিভাগি অৰ্পণ কৰি শৰণাপন্ন হৈ কাতুৰ্ব্বাদে জনাইছে। বোলে—

ৰাম নিৰঞ্জন               দানৱ গঞ্জন

ভকত ৰঞ্জন দেৱ
তুমিসি পৰম               গুৰু নাৰায়ণ

তুৱা পাৱক কৰো সেৱা।।
[ ২৫ ]
কোটি কোটি ঘোৰ               অপৰাধ নিতে

কৰো আমি দুৰাশয়।
হে হৰি মোক               দাস হেন মানি

ক্ষমিয়োক কৃপাময়।

       এই নাম কৰিম, কৰাম বোলোতেই আমাৰ অনেক অপৰাধ ; ইয়াতে নাম ৰূপী জনাৰ্দন সস্তুষ্ট হৈ অপৰাধ খিনি ভঞ্জন কৰি অৰ্চ্চনীয় নামকে মোৰ বুলি গ্ৰহণ কৰি কৃপা কৰিব লাগে ॥০॥

২।
পৰম বান্ধৱ হৰিৰ নাম।

যি জনে আক লৱে আবিশ্ৰাম॥
তাৰ সাত কাৰ্য্য সাধিবে দেখা।
প্ৰতি প্ৰতি লোৱা সাতৱো লেখা॥
প্ৰথমে দহিবে পাতক চয়।
কৰিবে মহা পুণ্য অভ্যোদয়॥
কৰাৱে বিষয়ত বিৰকাত।
কৃষ্ণত বাঢ়িবে প্ৰেম ভকতি॥
উপজাইবে আতি বৈষ্ণবী জ্ঞান।
মায়াক কৰিবে দহি নিৰ্য্যান॥
চৈতন্য মূৰ্ত্তি পূৰ্ণানন্দ হৰি।

থৈবেক তেন্তে এৰে একে কৰি॥

       তেনে পৰম ঈশ্বৰৰ পৰম মঙ্গল নাম, আমি ইয়াৰ পাত্ৰ নহওঁ। বৈষ্ণৱ, সাধু, সন্ত সবৰ চৰণ---- ধৰি

[ ২৬ ]

তাৰা সবৰ কৃপাত এই সেৱা জনাইছে। বোলে—

নামতে হৰিক সাক্ষাতে পায়।

নাম হৰি দুয়ো একেটি কায়॥
যথাত ভকত তথাত নাম।
ভক্ত নাম হৰি একহি থাম॥
যি জন ভকত সি জন হৰি।

পৰমাৰ্থ তত্ব লয়ো বিচাৰি॥

       তোৰা সব সমূহ গুৰু ভক্ত সকলক এক কৰি যি প্ৰমত্ত সিংহ নাম উচ্চাৰণ কৰা হৈছে ইয়াতে গুৰু ৰূপী।
ভগৱন্ত প্ৰসন্ন হক, দেৱৰ দেৱতা কৃষ্ণ দেৱ প্ৰসন্ন হক, নাম ৰূপী ভগৱন্ত প্ৰসন্ন হক, ভাগৱত ৰূপী ভকত প্ৰসন্ন হক, নাম গুৰু, দেৱ, ভকত চাৰিও বস্তু তুষ্ট হৈ দাসৰ সেৱাকে মোৰ বুলি গ্ৰহণ কৰি কৃপা কৰিব লাগে। ॥০॥

৩।
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ

              নিশ্চয়ে তোমাৰ দিবাক লাগে প্ৰসাদ।
মোক ভৃত্য কৰি লৈয়ে গোপীনাথ এ

              তযু কৃপা যাৰ মিলয় কোন প্ৰমাদ।

তোমাৰ দাসৰো দাস বুলি ধৰি এই সেৱাৰ ফলতে কোনো প্ৰমাদৰ ভাগী নকৰি সৰ্ব্ব সঙ্কট, সৰ্ব আপদৰ পৰা পৰিত্ৰাণ কৰিব লাগে—

আমাক ৰাখিবে হৰি কমন বান্ধৱে।
অন্ত কালে গতি মোৰ কেৱল মাধৱে॥
[ ২৭ ]
এহি বুলি মৰণত নভৈল বিকল।

শুণ্ডে মেৰাই ধৰিলন্ত সুৱৰ্ণ কমল॥
পৰম আনন্দে দিয়া মাধৱত চিত।
গজেন্দ্ৰে কৰিলে তুতি অতি বিপৰীত ॥
শুণ্ডে মেৰাই পদ্ম গোট উপৰক তুলি।
গজেন্দ্ৰে শৰণ লৈলে ত্ৰাহি হৰি বুলি॥
শুনি তুমি শীঘ্ৰে চৰি গৰুড়ৰ স্কন্ধে।
ভকতক ৰাখি বাক আসিলা প্ৰবন্ধে॥
আথে বেথে চক্ৰে চিৰিলাহা গ্ৰাহ মুখ।

তোমাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ।

       সেই ৰূপে ভগৱন্ত প্ৰসন্ন হৈ সেৱকীৰ অভিষ্ট খিনি পূৰ্ণ কৰি জ্বৰ, পীড়া, ৰোগ, ব্যাধি, অসুখ, অশাস্তি, অপায়, অমঙ্গল, অস্তুত, গ্ৰহ পীড়া, গ্ৰহ ৰিষ্ট, উপদ্ৰৱ, মাৰিমৰক, নিলগৰ ঢৌ-বজাৰ নিলগতে নিবাৰণ কৰি, গোবিন্দ নামৰ মহাত্ম্যতে দুঃ স্বপ্নৰ ফলকো সুখ দায়ক কৰি আগলৈকে সপুত্ৰ বান্ধৱে কৈল্যাণে ৰাখি কৃপা
কৰিব লাগে ॥०॥

৪।
সহজে কৃপালু গুণক প্ৰকাশি এ

              ধৰি আছা হৰি ভকত বৎসল নাম।
ধেনু যেন মতে বৎসক পালে এ
              তুমি সেহি মতে ভকতক পালা ৰাম।
মই অজ্ঞানীৰ যতেক অজ্ঞান হৰি হৰি হৰি এ

              কথা কহি কোনে সীমা কৰিবেক তাক।
[ ২৮ ]
ইটো মোৰ ঘোৰ দোষ পৰি হৰি হৰি হৰি এ
              কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক॥

       নাম ৰূপী ভগবন্ত পৰম কৃপালু গুণে তুষ্ট হৈ সেৱকীৰ সদ বাঞ্ছা পূৰ্ণ কৰক, ধন, ধান, পুত্ৰ, ভাৰ্য্যা, বহাৰী নাত্যাদিৰ প্ৰতি ভগৱন্ত তুষ্ট হৈ সকলো খিনি বৃদ্ধি কৰক। আধ্যাত্মিক, আধি দৈবিক আদি ত্ৰিতাপৰ পৰা পৰিত্ৰাণ কৰক। সংসাৰৰ উপচক্ৰ, উপতাপ, বৈৰী ভয়, ৰাজ ভয় নিবাৰণ কৰক। আয়ু বৃদ্ধি, যশ বৃদ্ধি, ধন বৃদ্ধি কৰক। অপহুতা, অসুৰা, আপদ, বিপদ দূৰ কৰি আনন্দে কাল যাপন কৰক ! মহা ধৰ্ম্মে মোৰ বুলি ধৰ্ম্মত মতি স্থিৰ কৰি হৰি গুৰু প্ৰসন্ন হৈ সপৰিবাৰকে কুশল কৰিব লাগে। ॥০॥

৫।
ব্ৰহ্মা সিদ্ধ মুনি               আদিও নাপাৰে

পূজিবে তোমাৰ পাৱ।
কিবা স্তুতি নতি               কৰিবোহো আমি

অসুৰ ক্ৰুৰ স্বভাৱ ।

       নামৰ উদ্দেশ্যে পূৰ্ব্বৰ নিৰ্ব্বন্ধ মতে শৰাই, বন্তি, উপকৰণাদি সমস্ত আগ বঢ়াই দণ্ডৱত হৈ পৰিছে—ইহাতে অৰ্চনা, অৰিহনা, গুৱা-পান, টোপোলা সহিতে অৰ্পণা কৰিছে। ইয়াত ঘাটি অপৰাধ মনে, ঘৰে, কয়ে, বাক্যে যি চিদ্ৰ হৈছে সেই চিদ্ৰক নিচিদ্ৰে গ্ৰহণ কৰি কৃপা মিলি অৰুণ চৰণৰ হলে দাসক ঠাই দিব লাগে। ॥ ৯॥

[ ২৯ ]
৬।
বলি নিগদতি যদুপতি        ৰাম ৰাম ৰাম ৰাম ৰাম

কিনো কৃপামোক কৰিলাহা নাৰায়ণ।
দেৱৰ দুল্লােভ অতিশয়        ৰাম ৰাম ৰাম ৰাম ৰাম

গৃহতে থাকিয়া দেখিলো তযু চৰণ।।

       বাপ বান্ধৱসকল! তোৰাসব বৈকুণ্ঠৰ লোক ঈশ্বৰ স্বৰূপ। যি ৰূপে আৱাহন বিসৰ্জন ভকতি মিনতি সেৱা শুশ্ৰষা অৰ্চন বন্দন নিবেদন ভোজন আসন দি সেৱা ধৰিব সেই ৰূপে পৰা নাই ইয়াতে আমাৰ শত শত অপৰাধ হৈছে-ক্ষমাশীল কৃপাশীল গুণে নিজে কৰুণা বিতৰণ কৰি সন্তোষ হৈ সেৱকীৰ প্ৰতি আশীষ বিধান কৰি সকলো খিনি ক্ষমা কৰিব লাগে।

মোৰ দোষ গুণ নিবিচাৰি নাৰায়ণ।

নিজ কৃপা গুণে হয়োক প্ৰসন্ন।
————

শ্ৰাদ্ধ।

       ১। ভাল—জ্ঞাতি ভক্ত সকলে বুলিব লাগে—আজি তাৰাৰ পিতৃয়েকৰ সম্বৎসৰিক মৃত্যুহ তিথিত একোদিষ্ট শ্ৰাদ্ধ। এই শ্ৰাদ্ধত যি নিয়মে কায়, কষ্ট, ব্ৰতে থাকি বিধিমত পিণ্ড দান কৰিব লাগে সেই মতে কৰিব পৰা নাই। যথাবত বেদৰ বিহিত কৰ্ম্ম পূৰ্বৰ ৰীতি মতে দিন

[ ৩০ ]

দেখাই গছৰ নামে পাত বিকাই এটি পিণ্ড দিছে। ইয়াতে গঙ্গা, গয়াত পিণ্ড দিলে যি ফল পায় সেই ফল লভ্যমান কৰি পিতৃ দেৱতা যৈতে আছে তৈতে তৃপ্তি লাভ কৰি শ্ৰাদ্ধ কৰ্ত্তাৰ সম্বন্ধি প্ৰসন্ন হৈ আশীষ বিধান কৰি কৃপা কৰিব লাগে। ॥০॥
২। বেদত কৈছে বোলে—

পিতা ধৰ্ম্ম পিতা স্বৰ্গ পিতাহি পৰমন্তপ।
পিতৰি শ্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্ব্ব দেৱতা॥

       পিতাই ধৰ্ম্ম, পিতাই স্বৰ্গ, পিতাই পৰম তপ জপ। পিতা তুষ্ট হলেই সকলো দেৱতা তুষ্ট বুলি কয়।

তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ।
মই মন্দমতি ভৈলো সেৱাচুৰ॥

       সেই পিতৃ আদি দেৱতা ঈশ্বৰ কৃষ্ণ তুষ্ট হৈ মৃতকৰ প্ৰতি প্ৰসন্ন হব লাগে।

যাৰ পুত্ৰ সবে ঐতি        হৰিত শৰণ লৈয়া

হৰি গুণ গাৱে শুদ্ধ ভাৱে।
দধি দুগ্ধ ঘৃত মধু        নদীৰ জলক পীয়া

পিতৃগণে তৃপিতিক পাৱে॥

       ঘোষাত কৈছে—যি সকল হৰিত শৰণ লৈ হৰি পৰায়ণ, হৰি ভক্তিৰ পাত্ৰ হৈছে, সি সকলে পিতৃ শ্ৰাদ্ধৰ দিনা নদী বা পুখুৰীৰ এক অঞ্জলি জল পিতৃৰ উদ্দেশ্যে ভকতক অৰ্পণা কৰিলেও পিতৃ দেৱতা দধি, দুগ্ধ, ঘৃত, মধু

[ ৩১ ]

পঞ্চামৃত ভোজনৰ তৃপ্তি পায়। সেই উদ্দেশ্যে হৰি ভক্ত সবৰ প্ৰতি যি অৰ্পণ কৰিছে তাকে মোৰ বুলি গ্ৰহণ কৰি গঙ্গা, গয়াত পিণ্ড দানৰ ফল লাভ কৰি পিতৃ দেৱতা সন্তোষ হৈ কৃপা কৰিব লাগে। ॥০॥
৩। পিতৃ শ্ৰাদ্ধৰ উপলক্ষে ইয়াতে নাম কীৰ্ত্তন কৰা হৈছে। বোলে—

এক কোটি ধেনু        সূৰ্য্য গ্ৰহণত

ব্ৰাহ্মণক দেই দান।
প্ৰয়াগ পুষ্কৰ        জলত নিবাস
কৰে দশ কল্প মান ।
অযুতেক যজ্ঞ        কৰে মেৰু সম
সুবৰ্ণক দেই দান।
এক শত ভাগো        গোবিন্দ নামৰ

তেবেয়ো নোহে সমান॥

       শত অশ্বমেধ যজ্ঞৰ ফল ঈশ্বৰৰ ৰাম নাম কেই আষাৰতে সন্তোষ লভি নামৰ সম্পূৰ্ণ ফল কৰি পিতৃ দেৱতা সন্তুষ্ট হক। শ্ৰাদ্ধ কৰ্ত্তাৰ প্ৰতি প্ৰভু প্ৰসন্ন হৈ সৰ্ব্ব-শক্তিমান, আয়ুষ্মান, যশবান, কীৰ্ত্তিমন্ত কৰক, অৰ্ঘ্যমাদি দেৱতা সকল যৈতে আছে তৈৰে পৰা অঘোৰাপন্ন হৈ দীৰ্ঘায়ুস কৰক। দৈবদোষ কালদোষৰ পৰা ৰক্ষা কৰি পুত্ৰ পত্নী ধন ধান সহিতে আনন্দে কাল যাপন কৰাওক। কোনো অপায় অমঙ্গলৰ ভাগি নকৰি ঘূৰি

[ ৩২ ]

বছৰত এই শ্ৰাদ্ধ কৰিবলৈ শক্তি বিধান কৰি ধৰ্ম্মত মতি দি ভগৱন্তে কৃপা কৰক ॥০॥
       ভাল বোলে—

মোত বিনে ভক্তে নিচিন্তে আন।
ভকত বিনা মোৰো নাহি ধ্যান।

       তেনে তোমাৰ ঈশ্বৰৰ ভক্ত—

       বোলে—
কৃষ্ণৰ সেৱাত কৰি ভক্ত সেৱা বৰ।
পুৰাণে কহিলা বাক্য কৃষ্ণৰ মুখৰ॥

       ইয়াতে আপোনা সকলক গোটাই শ্ৰাদ্ধৰ বিষয়ে মাহ প্ৰসাদ উপকৰণ। জল যোগ কৰি তোমৰা সবক অৰ্পণা কৰা হৈছে। ইয়াকে মোৰ বুলি গ্ৰহণ কৰি আমাৰ যি ঘাটি অপৰাধ হৈছে সেই খিনিকে ভঞ্জন কৰি সকলো সন্তুষ্ট হৈ কৃপা কৰিব লাগে। ॥০॥

————
[ ৩৩ ]
চাউল খুওৱা।

       ১। ভাল—তোমৰা সব ভগৱন্ত ৰূপী সমূহ ভক্ত চৈতন্য মূৰ্ত্তিক একত্ৰাপতি কৰি যথাৱত পকান্ন অন্ন ব্যঞ্জন অৰ্পণা কৰা হৈছে, এই ব্যঞ্জনকে মোৰ বুলি লৈ ভকত ভগৱন্ত তুষ্ট হব লাগে।

       বোলে—
অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম অন্নব্ৰহ্ম সাৰ।
অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ।

       এই অন্ন ব্ৰহ্ম আপোনা সব চৈতন্য মূৰ্ত্তিক যি প্ৰকাৰে আগ বঢ়াব লাগে সেই ৰূপে নাই, ইয়াত শৰণাপন্ন হৈ আৰ্চা অৰিহণা টোপোলা গুৱাপান সহ সেৱা জনাইছে।

       বোলে—
কৃষ্ণক পূজয় মাত্ৰ ভক্ত নুপূজয়।

সিজনৰ দ্ৰব্য কৃষ্ণে মোৰ নোবোলয়॥
কৃষ্ণক পূজিয়া কৰ বৈষ্ণবে অৰ্চন।

তেবেসে তাহাৰ হোৱে প্ৰসাদ ভাজন॥

       সেই উপলক্ষে অন্নকে মোৰ বুলি গ্ৰহণ কৰি কৃপা কৰিব লাগে।

২। ভাল বোলে—
নাম অন্ন দুই মাত্ৰ কলিত ভকতি।

কহিলা বুজাই ঈটো শাস্ত্ৰৰ যুগুতি।
শ্ৰৱণ কীৰ্ত্তন কৰি দিয়ে অন্ন দান।

তেবেসে কৃষ্ণত ভক্তি বাঢ়ে অনুক্ষণ।

       এই কলি কালত নাম আৰু অন্ন দানৰ বাজে আন কৰ্ম্মত সিদ্ধি নহয়।

       বোলে-
দেৱ তীৰ্থ কৰি ভকতেসে বৰ।
ভকতক ভুঞ্জাইলে গুছে কৰ্ম্ম জড় ॥
[ ৩৪ ]

       আজি সেৱকীয়ে যি কামনা কৰি এই চাউল কঠি আগ বঢ়াইছে সেই মনোনীত খিনি সিদ্ধি কৰি মাৰিমৰক, অপায় অমঙ্গল দূৰ কৰিব লাগে। দুৰ্বাসা ঋষিৰ ভয়ত অন্ন-ব্যঞ্জনৰ কণিকা ভোজন কৰি যি স্বৰূপে পাণ্ডৱ সকলক ব্ৰহ্ম শাপৰ পৰা ৰক্ষা কৰিলে সেই স্বৰূপে এই অন্ন ব্যঞ্জনক প্ৰভু ভগৱন্তে মোৰ বুলি লৈ মনৰ বাঞ্চা পূৰ্ণ কৰি শৰীৰৰ ৰােগ ব্যাধি দুষ্ট গ্ৰহৰ ৰিষ্টাদিকে ধ্বংস কৰিব লাগে। গ্ৰহ দোষ দৈব দোষ খণ্ডায়ুষ খিনি দূৰ কৰি আজিৰ পৰা শৰীৰত একো প্ৰমাদৰ ভাগী নকৰি গোবিন্দে কৃপা কৰিব লাগে।

       ৩।
তথাপিতো যেন মতে ভজন্ত ভকতে।

কৰে অনুগ্ৰহ তাসম্বাক সেহি মতে॥
যেন কল্পতৰু সম সবাতো স্বভাৱে।

তথাপিতো মাগন্ত জনেসে ফল পাৱে॥

       এতেকে তযু চৰণত জনাইছে সেৱকীৰ গৃহত জ্বৰ পীড়া ৰােগ ব্যাধি যি আছে তাকো দূৰ কৰক, আগলৈ উপতাপ উপচক্ৰ অমঙ্গল যি হব লাগা আছে সেই খিনিকো খণ্ডন কৰি, ৰাজ ভয় বৈৰী ভয়, গ্ৰহ পীড়া ভয়ৰ পৰা পৰিত্ৰাণ কৰি পুত্ৰ ভাৰ্য্যা সমন্বিতে নিৰাপদে ৰাখি এই সেৱাকে গ্ৰহণ কৰি কৃপা কৰিব লাগে ॥০॥
       ৪। এই অন্ন ব্যঞ্জন ভাগি তোৰাসবাত আগ বঢ়াওতে কায়ে বাক্যে মনে অনেক খিনি। অথাৱৰ, সেই অপৰাধ

[ ৩৫ ]

খিনিকো ভঞ্জন কৰি তোমৰা সব চৈতন্য মূৰ্ত্তি প্ৰসন্ন হৈ নিজ গুৰুৰ ভাণ্ডাৰৰ ভগৱন্তক অৰ্চিত অন্ন বুলি গ্ৰহণ কৰি কৃপা কৰিব লাগে ॥০॥
              ( আগকৰা চাউল খুৱালে এই দৰে দিব )

       ভাল বোলে —
ভয় যেবে পাৱে তেবে লয় ৰাম নাম।

ভয়তেসে কৰে কৃষ্ণ ভজনৰ কাম॥
ভয় বিনে ঈশ্বৰ সেৱাত নাই ৰাতি।

ভয় যেবে দশাৱে বাঢ়ে কৃষ্ণত ভকতি॥

       ইয়াতে কোনোবা খিনি ভয় পায় এই সেৱা কৰিম বুলি মনত কল্পনা কৰি টোপোলা বান্ধি ঈশ্বৰৰ চৰণত ঋণ ধাৰী হৈ আছিল। তাকে আজি গছৰ নামে পাত বিকাই ঈশ্বৰৰ চৰণত সোধাইছে।
       ( এই বুলি আৰম্ভ কৰি নাম গোৱাৰ আশীৰ্ব্বাদকে দিব। কোনো বিধান বা কোনো দেৱতাৰ নামে চাউল খুৱালে সেই বিধান আৰু দেৱতাৰ নাম লৈ আশীৰ্ব্বাদ দিব। মৃতকৰ হন্তে খুৱালে দহা কাজৰ আশীৰ্বাদ দিব। ৰোগ ব্যাধি আদি যিহৰ কাৰণে খুৱাই তাক উল্লেখ কৰি আগৰ আশীৰ্ব্বাদকে দিব। যিহৰ কাৰণে যাৰ হকে সকাম কৰে সেই মতে নাম উল্লেখ কৰি যাব। )

————
[ ৩৬ ]
দহা।

       ১। ভাল বুলিব লাগে—

আজি মৃত্যু নহৌক সিটো শতেক অন্তৰ।

অবশ্য মৃত্যু আছে সমস্ত জগতৰ ।
যেন জোকে তৃণ পালে এড়ে আউৰ তৃণ।

জীৱন মৰণ এবে স্বপ্নে নুহি ভিন্ন।।

       জন্ম হলে মৃত্যু যি দৰে আছে, মৰণ হলেও পুনৰ জন্ম সেই দৰে আছে। তাৰাই পুৰণা দেহ ত্যাগ কৰি পুনৰ নতুন দেহ প্ৰাপ্তিৰ কামনাত স্বৰ্গগামী হোৱাত পূৰ্বৰ দেহা দগ্ধ হৈছে। ঋষি-মুনি সকলৰ মতে সেই ভগ্ন দেহ গঠন হৈ বায়বীয় ভোগ দেহ পূৰ্ণ হবৰ কাৰণে দশ অঙ্গৰ দহোটি পিণ্ড দিয়াৰ বিধান কৰিছে। সেই উপলক্ষে মৃতকৰ হকে আজি ১০ দিনত দহোটা পিণ্ড দি দশ অঙ্গ পূৰ্ণ কৰি বায়বীয় ভোগ দেহ গঠন কৰিছে। এই দশ পিণ্ডত লঘোন, ভোক, ব্ৰত, কষ্টত থাকিব পৰা নাই ; আপোনা সৱৰ ব্ৰজ বাক্যেৰেই এই পিণ্ডেৰেই দশ অঙ্গ পূৰ্ণ কৰি ভগৱন্ত প্ৰসন্ন হৈ মৃতকৰ অৰ্থে কৃপা কৰিব লাগে।।০।।
       ২। ৰাইজেই ৰজা, জ্ঞাতিয়েই গঙ্গা, ই বেদৰ বচন। পিণ্ড দাতাই আপোনা সব গঙ্গাৰূপী জ্ঞাতিক একত্ৰ কৰি সেৱা জনাইছে। ইয়াতে দশ পিণ্ডই দশ অঙ্গ পূৰ্ণ হৈ বায়বীয় ভোগ দেহা প্ৰাপ্তি হব লাগে। জ্ঞাতি

[ ৩৭ ]

গঙ্গাত অৰ্চনৰ উপলক্ষে পূৰ্বাপৰ ৰীতি মতে যি দ্ৰব্য-বস্তু জল-যোগ কৰিছে। ইয়াকে নিচিন্দ্ৰ ৰূপে গ্ৰহণ কৰি মৃতকৰ অৰ্থে জ্ঞাতি কুটুম্ব বিপ্ৰ ৱৈষ্ণৱ সকলো তুষ্ট হৈ কৃপা কৰিব লাগে ॥০॥

————


কাজ।

       ১। ভাৰ্য্যা কিয় ? বোলে পুত্ৰৰ কাৰণে। বোলে পুত্ৰ কিয় ? বোলে পিণ্ডৰ কাৰণে। তাৰ ইহ সংসাৰ এৰি নৰ দেহা বিসৰ্জন দি স্বৰ্গগামী হৈছে। সেই উপলক্ষে পুন্নাম নৰকৰ পৰা পিতৃক পুত্ৰই পৰিত্ৰাণ কৰি, বৰ অৰ্থে আজি বৰোৎসৰ্গাদি আদ্য শ্ৰাদ্ধত পিণ্ড জলাঞ্জলি কৰিছে।
       এই পিণ্ডতে অক্ষয় তৃপ্তি লাভ কৰি প্ৰেত দেহাৰ পৰা পৰিত্ৰাণ কৰাই পূৰ্ব-পুৰুষ পিতৃ-পিতামহ সকলৰ সঙ্গানুবৰ্ত্তি কৰাব লাগে। এই পিণ্ডত বিধিমত কায় কষ্ট ব্ৰতণ্ড যি দোষা-দোষ হৈছে সেইখিনিকে ভঞ্জন কৰি হৰি গুৰু প্ৰসন্ন হৈ মৃত্যুকৰ প্ৰতি কৃপা কৰিব লাগে ॥০॥
       ২। আজি সেই মৃত্যুকৰ পৰকালৰ কৈল্যাণ কামনা কৰি জ্ঞাতি-কুটুম্ব, বন্ধু-বান্ধব, বিপ্ৰ বৈষ্ণৱ সকলক একত্ৰ কৰি একেষাৰি ঈশ্বৰৰ গুণ কীৰ্ত্তন কৰাইছে।

[ ৩৮ ]
বোলে—
যত তপ ধৰ্ম্ম বেদ বেদাঙ্গ।

হৰি নাম বিনা নাহি সুসাঙ্গ।।
পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ।

হৰি নামে কৰে সবে সুসাঙ্গ ।।

       বেদৰ বিধান মতে আদ্য শ্ৰাদ্ধ কৰোতে কায়, কষ্ট, ব্ৰতত যি খিনি অঙ্গ ক্ষুন্ন হৈছে, সেই খিনিকো হৰি নামৰ প্ৰভাৱত অঙ্গ পূৰ্ণ কৰি বেদ বেদান্ত পাঠ আৰু যজ্ঞ যাগত যি ফল পায় এই শ্ৰাদ্ধ পিণ্ডত সেই ফল প্ৰাপ্তি কৰাব লাগে।

বোলে—
হৰি হেন ইটো        দুগুটি অক্ষৰ

জিহবা অগ্ৰে থাকে যাৰ।
গঙ্গা গয়া কাশী        প্ৰয়াপ পুষ্কৰ

বযাইক নেলাগে তাৰ।।

       পৰম ঈশ্বৰৰ নাম কীৰ্ত্তনৰ মহাত্মাৰেই গঙ্গা গয়াত পিণ্ড দানৰ ফল সম্পূৰ্ণ প্ৰদান কৰি মৃত্যুকৰ প্ৰতি নামধৰ্ম্ম হৰি গুৰু প্ৰসন্ন হৈ প্ৰেত দেহা পৰিত্যাগ কৰাই দিব্য দেহ প্ৰাপ্তি কৰি বৈকুণ্ঠ ধামত ঠাই দি কৃপা কৰিব লাগে।।০।।

       ৩।
জীৱন্তে বাক্য কাৰণং মৃতাহে ভূৰি ভোজনং।
গয়ায় পিণ্ড দানেন ত্ৰিভি পুত্ৰেন পুত্ৰবান।

       জীৱনত বাক্য পালন, মৃত্যুৰ পাছত ভূৰি ভোজন আৰু গয়াত পিণ্ডদান, এই তিনটি কাম কৰিলেহে পুত্ৰৰ

[ ৩৯ ]

সাৰ্থক হয়। সেই উপলক্ষে আজি জ্ঞাতি-কুটুম্ব, ভকত বৈষ্ণৱক শক্তিমত ভোজন কৰাইছে আৰু গঙ্গা গয়াৰ পৰিবৰ্ত্তে ঈশ্বৰৰ নাম কীৰ্ত্তন কৰাইছে। ইয়াতে পুত্ৰৰ কৰ্ত্তব্য কৰ্ম্ম সম্পূৰ্ণ সিদ্ধি কৰি পিতৃৰ অবিহিত কৰ্ম্মৰ অমোঘ পাপকে ধ্বংশ কৰি প্ৰেত দেহাৰ পৰা ব্ৰহ্ম দেহা প্ৰাপ্তি কৰাব লাগে। শ্ৰাদ্ধকৰ্ত্তাৰ পিতৃ পিতামহ, বৃদ্ধ প্ৰপিতামহ, মাতামহ, প্ৰমাতামহ, বৃদ্ধ প্ৰমাতামহ, পুত্ৰনাত্যাদিৰ প্ৰতি আঘোৰাপন্ন হৈ যৈতে আছে তৈৰে পৰা এই সেৱাকে মোৰ বুলি গ্ৰহণ কৰি পুত্ৰ কন্যাৰ প্ৰতি আশীষ বিধান কৰিব লাগে ।। ০।।
       ৪। 'শৰীৰ মাদ্যং কুল ধৰ্ম্ম সাধনম্‌” শ্ৰাদ্ধ কৰ্ত্তাৰ প্ৰতি হৰি গুৰু প্ৰসন্ন হক, মাৰি মৰক, উপতাপ, উপচক্ৰ দূৰ কৰি শত বৰ্ষ পৰমায়ু কৰক। পুত্ৰ, ভাৰ্য্যা, কলাত্ৰাদি সহিতে নিৰ্বিবঘ্নে ৰক্ষা কৰি ধন, ধান, গো, মহিষাদি সািহতে অচলা লক্ষ্মী বৃদ্ধি কৰক। ধৰ্ম্মত মতি স্থিৰ কৰি ৰোগ, শোক, সন্তাপ দূৰতে নিবৃত্তি কৰক। পিতৃ মাতৃ বিয়োগে যি ১২ বছৰ ললাত, সেই ললাতৰ ভাগী নকৰি সকলে আপদ বিপদৰ পৰা ৰক্ষা কৰি গোবিন্দে কৃপা কৰিব লাগে।।০।।
       ৫। ভাল—তাৰা আছিল মনুষ্য, অনেক কাল খাম লম বুলি আশা কৰিছিল ; সেই আশা ত্যাগ কৰি স্বৰ্গগামী হৈছে। পুত্ৰ, নাতি, ভাই, ককাই, দদাই, ভতিজা, ওচৰ

[ ৪০ ]

চুবুৰীয়া সকলোটিৰ প্ৰতি মৃত্যুক প্ৰসন্ন হক। মিত্ৰ সম্বন্ধীয়া জীয়ৰী, জোৱাই, বাই, ভনী, মাহী, পেহী, মোমাই, ভাগিন, ভিনি, খুলশালি, জেঠেৰী, বৈাইনাই, শাহু, শহুৰ, ইষ্ট, মিত্ৰ, বন্ধু, বান্ধৱ, জ্ঞাতি যি আহিছে সকলোটিৰ প্ৰতি মৃত্যুক তুষ্ট হৈ একো অপায় অমঙ্গলৰ ভাগী নকৰি এইদৰে মিত্ৰৰ হিত চিন্তি আহিব যাবলকে কাৰো লগত কোনো মনোমালিন্য নকৰাই সকলোকে ঐক্যতাভাৱে প্ৰীতি বশে ৰাখি শত বৰ্ষ পৰমায়ু কৰি ঈশ্বৰে কৃপা কৰিব লাগে ।।০।।
       ৬। ভগৱন্তে কৈছে—

অৰ্চনীয় দ্ৰব্য মোৰ নহয় গ্ৰহণ।

ভক্তে যিবা ভুঞ্জে সেহি আমাৰ ভোজন।
ভকতে ভুঞ্জিয়া যিটো তৃপিতি পাৱয়।

সেহিসে মোহোৰ তৃপ্তি জানিবা নিশ্চয়।

       ৭।
কোটি ব্ৰাহ্মণৰ আনি কৰাইলা ভোজন।

তথাপি নেবাজে ঘণ্টা আশ্চৰ্য্য কথন।।
যেবে ভক্ত চাণ্ডালক কৰাইল ভোজন
গ্ৰাহে গ্ৰাহে ভৈলা তেবে ঘণ্টাৰ বাদন।।
ভকতৰ মুখে মই কৰোহো ভোজন

ব্ৰহ্মাৰ আগত হৰি কৈলা বিদ্যমান।।

তোমৰা সব তেনে পৰম ভক্ত। বোলেー

হাতে লৈয়া মুখে খাই।
এনে কৃষ্ণ পাবলৈ নাই ।।
[ ৪১ ]

       ইয়াতে যথাশক্তি নৈবেদ্য মাহ-প্ৰসাদ উপকৰণ দধি, দুগ্ধ সহ জল যোগ অৰ্চনা কৰিছে। ইয়াতে নিজ দাস কিঙ্কৰৰ বুলি গ্ৰহণ কৰি কৃপা মিলিব লাগে ॥০॥

       ৮।
ভাল বোলে গৃহক আসি সমুদাই।

পবিত্ৰ কৰিলা পদ ধূলাই॥
আমাৰ দোষক ক্ষমিবা স্বামী।

শতবাৰ পাৱে আছে। প্ৰণামি ॥

       ইয়াতে আপোনাসবক যি ৰূপে আদৰ, সন্মান, অৰ্চন, বন্দন, ভোজন কৰাব লাগে। আমি সেইৰূপে পৰা নাই। সেইখিনি শত শত দোষ ক্ষমা কৰি বিষ্ণু, বৈষ্ণৱ, বিপ্ৰ, বাল্য, বুদ্ধ, যুৱা, যুৱতী সকলো সন্তোষ হৈ দাসৰ প্ৰতি কৃপা কৰাৰ প্ৰাৰ্থনা। ॥o॥

————


তিথি

       ১। ভাল—হৰি ভক্ত সকলে জনাব লাগে—
শ্ৰীমন্ত শঙ্কৰ               হৰি ভকতৰ
জান! যেন কল্পতৰু ।
তাহান্ত বিনাই               নাই নাই নাই
আমাৰ পৰম গুৰু॥

[ ৪২ ]

       আজি মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰ দেৱৰ বৈকুণ্ঠ প্ৰয়াণ উপলক্ষে ভাদৰ শুক্ল দ্বিতীয়াত মহা মহোৎসৱ হৰি কীৰ্ত্তন। এই তিথি থান, থুল সত্ৰ সমূহত ধৰ্ম্মধাৰী বাপ, বান্ধৱ হৰিভক্ত সকলে যি দৰে সেৱা জনাইছে তাত কোনো ছিদ্ৰ নাই। আমি অভাজনীয় সকলে পূৰ্ববৰ নিৰ্ব্বন্ধত মহা গুৰুৰ তিথি মহোৎসৱ ৰূপে সেৱা জনাবৰ অক্ষম। দৈবকী নন্দন শ্ৰীকৃষ্ণ আহি শঙ্কৰ অৱতাৰ হৈছে। সেই সকলৰ জন্ম মৃত্যু একো নাই! বোলে—

হৰি মোৰ হৰি মোৰ এ দীন দয়াল।

কে জানিতে পাৰয় তোমাৰ ঠাকুৰাল॥
নাহি জন্ম তথাপি তোমাৰ জন্ম ধৰা।
সেহি জন্মে জীৱৰ জনম দূৰ কৰা॥
সহজে অকৰ্ত্তা তুমি কৰা অপৰ্যন্ত।
সেহি জন্মে জীৱৰ জনম কৰা অন্ত॥
তুমি প্ৰভু নিগুণ গুণৰ সীমা নাই।

নিৰ্গুণ হোৱয় জীৱ সেহি গুণ গাই॥

       তোমাৰ গুণ কীৰ্ত্তন কৰি সংসাৰ তৰিবৰ বাট উলিয়াবৰ অৰ্থে গুৰু ৰূপে অৱতাৰ ধৰি হৰি ভক্তৰ প্ৰতি নিৰ্গুণ সেৱা ৰাখি বৈকুণ্ঠগামী হৈছে। সেই সেৱা উপলক্ষে এটি গুৱা, এখিলি পান, টোপোলা অৰিহনা মাহ প্ৰসাদ সহিতে সমস্তটিয়ে গলে বস্ত্ৰ বান্ধি সেৱা

[ ৪৩ ]

জনাইছে, ইয়াতে বৈকুণ্ঠৰ পতি মহাগুৰু সন্তোষ হৈ কৃপা কৰিব লাগে ॥০॥

       ২।
শঙ্কৰ স্বৰূপে        আসি নিজ ৰূপে

ভকতি প্ৰচাৰ কৰি।
হেনয় জীৱক        কোনে তাৰিবেক

বিনে কৃপাময় হৰি॥

       হৰি ভক্তি প্ৰচাৰ কৰি জীৱ তৰণ উপায় উলিয়াবৰ কাৰণেই কৃপাময় হৰি শঙ্কৰ ৰূপে অৱতাৰ।

       বোলে—
হৰি ভক্তি দান        দিয়া জগতক

তাৰিলা সংসাৰ সিন্ধু।
হেনয় কৃপালু        শঙ্কৰ বিনাই

নাহি নাহি আন বন্ধু॥

       সেই জনা মহাগুৰুৰ ঋণ আমি জন্মে জন্মে পৰিশোধ কৰিব নোৱাৰো।

বোলে—
যিটো মহামতি গুৰু জনে        হৰি ভক্তি পথ

উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ কৰে।
হেনয় পৰম গুৰু ঋণ        সুজিবাক প্ৰতি জানা নিস্ত

অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে॥

       এই হেতুকে সেই চৰণৰ দাস দাসী যি আছে সমস্তাটিয়ে শৰণাপন্ন হৈ সেৱা জনাইছে, ইয়াতে ভৃত্যসকলৰ প্ৰতি কৰুণ দৃষ্টিৰে মহাধৰ্ম্মত মতি স্থিৰ কৰি

[ ৪৪ ]

শৰণ সৎ-সঙ্গ ভজন ভক্তিত শ্ৰদ্ধা বৃদ্ধি কৰি মহা ধৰ্ম্মে হৃদয় ভাণ্ডাৰত বাসা লৈ শৰীৰাবৃত্তি কৰি অপবিত্ৰ ভাবক ঠাই নিদি শৰীৰ, মন, জ্ঞান পবিত্ৰ কৰি, নিজৰ ধৰ্ম্ম কৰ্ম্মকে গ্ৰহণ কৰি কৃপা কৰিব লাগে ॥০॥

       ৩।
যদ্যপি অজ্ঞানী মই নজানো ভকতি।

তথাপি তোমাৰ মই ভৃত্যৰ সন্ততি ॥
হেন জানি চক্ৰপাণি কৰ পৰিত্ৰাণ ।

বিস্তৰ বুলিবো কিবা তুমি সৰ্ব্বজান ॥

       মহা গুৰুৰ মহামহোৎসৱ হৰি কীৰ্ত্তনৰ উপলক্ষে যি বৈকুণ্ঠৰ যি দ্ৰব্য যি ভাৱে ভক্তিয়ে শোধাব লাগে ; সেই ভাব ভক্তিৰে শোধাব পৰা নাই। ইয়াতে যেয়ে যি ভাৱে শোধাইছে তাকে মোৰ বুলি গ্ৰহণ কৰি আগত এবছৰত এই সেৱা কৰিবলৈকে শক্তিমন্ত কৰি সবাটিকে ৰক্ষা কৰিব লাগে ॥०॥
       ( শঙ্কৰদেৱৰ তিথিৰ বাজে আন আন তিথিতে এই দৰেই হয়। যাৰ তিথি সেই জনৰ নাম উল্লেখ কৰি গুণ বৰ্ণাব মাত্ৰ )।

————


অধিকাৰসকলৰ প্ৰতি।

ভাল—সকলো হৰি ভক্ত সমূহ বৈষ্ণৱসকলে গোসাই ঈশ্বৰৰ অৰ্থে পৰম ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাব লাগে।

[ ৪৫ ]

       বোলে—শৰীৰমাদ্যং খলু ধৰ্ম্ম সাধনম।
       প্ৰথম শৰীৰেই আদি, এতেকে শতবৰ্ষ পৰমায়ু কৰক।
বোলে—

আয়ু দ্ৰোণ সুতে শ্ৰীয়ং দশৰথে।

শক্ৰ ক্ষয়ং ৰাঘৱে, সূৰ্য্য শান্তনিয়ে॥
বলং হলধৰে, সত্যঞ্চ কুন্তী সুতে।

বিদ্যানাং বিদুৰে ভবন্তু ভবতঃ ইতি শ্ৰীনাৰায়ণে॥

       সহনে পুথিবী, ধৈৰ্য্যে মেৰু, গহনে সাগৰ, বুদ্ধিত ব্ৰহ্মা, প্ৰকাশে সূৰ্য্য, শক্তিত বিষ্ণু, বাক্যত সৰস্বতী সদৃশ হৈ দুখানি চৰণ কমলত হৰি ভক্তসবে দেখি সেৱাটি কৰি থাকিবলৈ সমূহ বৈষ্ণৱৰ মাজত নক্ষত্ৰ ভুষণং চন্দ্ৰ স্বৰূপে ভক্তি সৰোবৰত পদ্ম ফুলাদি ফুলি কোটি চন্দ্ৰ সূৰ্য্য প্ৰকাশ কৰাদি কৰি মহাধৰ্ম্মৰ বহুল প্ৰচাৰি অধৰ্ম্ম নাশ কৰি পাষণ্ড দলক মৰ্দন কৰিবলৈকে মাধৱৰ কৌমুদকী গদাৰ শক্তি সদৃশ কৰি মহাধৰ্ম্মৰ জ্যোতিয়ে আবৃত্ত কৰি মোহন মুৰুতি লাবণ্য জ্যোতিৰ্ম্ময় ৰূপ হৰি ভক্ত সবে দেখি তৃপ্তি লাভ কৰিবলৈকে ঈশ্বৰে সদ বাঞ্চিত খিনি পূৰ্ণ কৰি কৃপা কৰিব লাগে ॥०॥

————


ন পুৰুষৰ শ্ৰাদ্ধ।

       ১। ভাল—আজি বিবাহৰ উপলক্ষে উৰ্দ্ধগামী পুৰুষ

[ ৪৬ ]

সকলৰ জল পিণ্ডৰ অৰ্থে বেদোক্ত মতে নান্দী মুখৰ শ্ৰাদ্ধ কৰিছে। ইয়াতে কায় কষ্ট ব্ৰত অনেক ছিদ্ৰ হৈছে, সেই ছিদ্ৰকে নিছিদ্ৰ কৰি অশ্বমেধ যজ্ঞৰ ফল প্ৰাপ্তি কৰি ভগৱন্ত তুষ্ট হৈ পিতৃ পিতাসকল সন্তুষ্ট হৈ কৃপা কৰিব
লৈাগে ॥০॥
       ২। ভাল-উপৰি পুৰুষ পিতামহ, প্ৰপিতামহ, মাতামহ, প্ৰমাতামহ, বৃদ্ধ প্ৰমাতামহ, অতি বৃদ্ধ প্ৰমাতামহ, অত্যাতি বৃদ্ধ প্ৰমাতামহ আদি উপৰি পুৰুষ অৰ্য্যমাদি দেৱতাসকল তুষ্ট হৈ শ্ৰাদ্ধকে মোৰ বুলি নিচিদ্ৰে জলপিণ্ডকে গ্ৰহণ কৰি লৈ গঙ্গা গয়াত পিণ্ড দানৰ ফলভাগী কৰি এই পিণ্ডতে তৃপ্তি লাভ কৰি পুত্ৰ-নাত্যাদিৰ প্ৰতি প্ৰসন্ন হৈ বিবাহৰ দোষাদোষ, তিথি, বাৰ, মাহ, নক্ষত্ৰ, ৰবি, গুৰু, চন্দ্ৰ, তাৰা, অশুভ ফলকো শুভ ফল কৰাই বিবাহ কাৰ্য্যত মঙ্গল দায়ক কৰি কৃপা কৰিব লাগে ॥০॥

————


বিয়াৰ

       ১। ভাল— আজি বেদোক্ত মতে বৰ কন্যাৰ বিবাহ সম্প্ৰদান হৈছে। ইয়াতে বিধিমত কায় কষ্ট ব্ৰত বেদ মন্ত্ৰ উচ্চাৰণ কৰি হোম যজ্ঞাদি কৰিব পৰা নাই।

       বোলে—
মন্ত্ৰহীনং ক্ৰিয়া হীনং বিধি হীনং জনাৰ্দ্দনঃ।
যৎ পূজিতো ময়া দেৱ পৰিপূৰ্ণং তদস্তুমে ।
[ ৪৭ ]

       শত অপৰাধকো ক্ষমা কৰি প্ৰজাপতি দেৱতা ভগৱন্ত তুষ্ট হৈ হৰ-গৌৰী বসতি কৰি আয়ুষ্মান কৰক, ধন ধান্য অচলা লক্ষ্মী বসতি কৰক, সজ পুত্ৰবান কৰি উভয়ৰ অখণ্ডিত স্নেহে চিৰকাল সঙ্গানুবন্ত্ৰী কৰি দেব গুৰু সেৱা কৰিবলৈ শক্তি বুদ্ধি কৰি ভগৱন্তে কৃপা কৰিব লাগে ॥० ॥
       ২। বিবাহৰ উপলক্ষে বৰ কন্যা উভয়ৰ তিথি, বাৰ, নক্ষত্ৰ, মাহ, ক্ষণ, চন্দ্ৰ, তাৰা, ৰবি, গুৰু, শুক্ৰ, সপ্তশলকাদি যি খিনি অশুভ হৈছে সেই খিনিৰো অশুভ ফল দূৰ কৰি শুভ ফল প্ৰদান কৰি বৰ কন্যাৰ জীৱনত অশান্তি অসুখ দূৰ কৰি পত্নী বল্লভা পতি বল্লভিনী কৰাই পৰম প্ৰীতি আনন্দে কাল যাপন কৰাব লাগে ॥০॥

       ৩।
বৰ স্বৰূপায় বিষ্ণু, বিষ্ণু স্বৰূপায় বৰ।
কন্যা স্বৰূপায় লক্ষ্মী, লক্ষ্মী স্বৰূপায় কন্যা ।

       আজিৰ দিবসত বৰ, কন্যা লক্ষ্মী নাৰায়ণ স্বৰূপ। এই বৰ কন্যাৰ লগত অনেক ৰাইজ আৰু মান্যৱন্ত লোক আহিছে, ইয়াতে অনেক অপৰাধ হৈছে সেই খিনি দোষকো গুণগ্ৰাহী বৰযাত্ৰী সকলে নিজ গুণে ক্ষমা কৰি সকলোটি প্ৰসন্ন হৈ বৰ কন্যাক আশীষ বিধান কৰি কৃপা কৰিব লাগে ॥०॥

————
[ ৪৮ ]
জোৰণ।

       ১।
প্ৰকৃতি পুৰুষ দুইৰো নিৱন্ত মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।

       ভাল— দেশৰ দস্তুৰ মতে আজি তাৰাই বিবাহ উপলক্ষে প্ৰথম যাত্ৰা কৰি বৰ কন্যাৰ মঙ্গলৰ অৰ্থে শক্তি মত ভকত, বৈষ্ণৱ গোটাই গৃহৰ লক্ষ্মী স্বৰূপে বৰণ কৰি সুবৰ্ণ গহনা পৰিধান কৰাইছে। ইয়াতে তিথি, বাৰ, নক্ষত্ৰ, ক্ষণ, মাস, চন্দ্ৰ, তাৰা যদি কোনোবা গ্ৰহ বিতুষ্ট আছে তোমৰা সবৰ বজ্ৰ বাক্যেৰেই অশুভকে শুভ কৰাই বৰ কন্যাৰ উভয়কে অভেদ স্নেহত আবদ্ধ থাকি স্বামীৰ প্ৰতি অচলা ভক্তি বৃদ্ধি কৰি লক্ষ্মী নাৰায়ণ প্ৰসন্ন হৈ বাঞ্চিত ফলক সিদ্ধি কৰি পিতৃ-মাতৃৰ মনত হৰ্ষদায়ক কৰি গোবিন্দে কৃপা কৰিব লাগে ॥০॥
       ২। ভাল বুলিব লাগে— পূৰ্বে বিধান কৰিছে—পৰৰ পো, পৰৰ জীয়ে গৃহ স্থাপন হয়। ইয়াতে উভয়ৰ মিত্ৰৰ প্ৰতি প্ৰভু প্ৰসন্ন হৈ কোনো প্ৰমাদৰ ভাগী নকৰি মনৰ কল্পনা খিনি পূৰ্ণ কৰি কলি-কন্দল, কপট, ক্ৰোধ, হিংসা ভাব, দুৰ্ম্মতি, দুঃস্বভাব দূৰ কৰি আগলৈকে মিলাপ্ৰীতিৰে কাল যাপন কৰাই আহিবলৈ, যাবলৈ বাট মুকলি কৰি দিয়া স্নেহ ৰাখি কৃপা কৰিব লাগে ॥০॥

————
[ ৪৯ ]
খোবা-খুবুনী।

       বেদৰ বিহিত পূৰ্ব্বৰ নিয়ম বিবাহৰ পাছত খোবা-খুবুনী বুলি ঈশ্বৰৰ চৰণত মাহ-প্ৰসাদ, জল যোগ কৰি নাম কীৰ্ত্তন কৰাই শৰণাপন্ন হৈছে আৰু পূৰ্ব্বৰ ৰীতি মতে খোবা-খুবুনীৰ উৎপত্তি গাইছে। ইয়াতে খোবা-খুবুনীৰ যি খিনি দোষা-দোষ হৈছে সেই দোষকে খণ্ডন কৰি খোবা-খুবুনীয়েও বৰ কন্যাক পৰিহাৰ কৰি অন্য স্থানে গতি কৰিব লাগে। হৰি গুৰু প্ৰসন্ন হৈ হৰ গৌৰী বসতি কৰি অভীষ্ট পূৰ্ণ কৰি কৃপা কৰিব লাগে ॥०॥

————


শৰাই দিয়া।

       ১।
তোমাৰ মায়ায়ে হৰি        কপট গুণক ধৰি

মুহিয়াছে আমােক সমূলি
গুছায়োক মায়া স্বামী        তোমাৰ চৰণে স্বামী

ভজিলোহা জয় জয় বুলি ॥

       ইয়াতে তোমৰা সবক একত্ৰাপতি কৰি এগালি মাহ-প্ৰসাদ, শৰাই, বন্তি, গুৱাপান ঈশ্বৰৰ চৰণত আগ বঢ়াইছে, ইয়াতে ভগৱন্ত প্ৰসন্ন হৈ এই দ্ৰব্যকে মোৰ

[ ৫০ ]

বুলি লৈ ( যাৰ হকে যি বাঞ্চনা কৰে তাক উল্লেখ কৰিব।) মনৰ বাঞ্চিত পূৰ্ণ কৰি জ্বৰ, পীড়া, উপতাপ, ৰােগ, ব্যাধি, সৰ্ব্ব আপদকে নাশ কৰি ভগৱন্তে কৃপা কৰিব
লাগে ॥০॥

       ২।
হে যদুপতি, মই মুঢ়মতি

নেজানো সেৱা তোমাৰ
কেৱল তোমাৰ, চৰণ পঙ্কজ

শৰণ কৰিলো সাৰ॥

       ইয়াতে ভগৱন্ত বস্তু নিজ গুণে তুষ্ট হৈ দাসৰো দাস কিঙ্কৰৰ প্ৰতি প্ৰভু প্ৰসন্ন হব লাগে।

       বোলে—
চৰণে প্ৰণামো হুয়ো সন্তোষ।

বাৰেক মোৰ মৰষিয়ে দোষ॥
মোৰ দোষ গুণ নিবিছাৰি নাৰায়ণ।

নিজ কৃপা গুণে হুয়োক প্ৰসন্ন॥

       দোষ চাই দণ্ড, পাপ চাই প্ৰায়শ্চিত্ত সকলো হৈছে।

       বোলে—
দোষক চাহন্তে ক্ষমিবাৰ যোগ্য নাই।
পৰম কৰুণা গুণে ৰাখিয়ো গোসাঁই॥

       এইবাৰ দোষক ক্ষমা কৰি চৰণে ছত্ৰৰ ছায়া দি বিপদ সাগৰৰ পৰা ( ষি উদ্দেশ্যে তাক উল্লেখ কৰিব ) ৰক্ষা কৰিব লাগে।

       বােলে—
জ্ঞান শূন্য আতি পশু পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
[ ৫১ ]
আকে জানি হৰি চৰণে পশিলো এ
আমাক তোমাৰ তেজিতে উচিত নয়॥

ইমানতে সৰ্ব দোষক ক্ষমা কৰি ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ কৰি গ্ৰহ দোষ, দৈৱ দোষ, কাল দোষৰ পৰাও ৰক্ষা কৰি কৃপা কৰিব লাগে।

————


আগ কৰা

       ১।
প্ৰাণ কৃষ্ণ দেৱ, দীনক কৰিয়ো দয়া।

পৰম তাপিতে        মাগাহো তোমাৰ

শীতল চৰণ ছাঁয়াঁ॥

পৰম পতিতে আতুৰ হৈ তযু চৰণত শৰণাগত হৈ এটি টোপোলা বান্ধি একঠি চাউল খুৱাবলৈ ( যাৰ হকে যি কাৰণে যি সকামলৈ আগ কৰে তাক উল্লেখ কৰিব।) আগ বঢ়াইছে ইয়াতে প্ৰভু ভগৱন্ত সন্তোষ লভি আগস্তোক সেৱাকে মোৰ বুলি লৈ ৰোগীৰ গ্ৰহ পীড়াদি ( যি ৰোগ হয় তাক উল্লেখ কৰিব।) অসুখ ব্যাধি সাগৰৰ পৰা পৰিত্ৰাণ কৰি গোবিন্দে কৃপা কৰিব লাগে ॥০॥

       ২।
ভয়ঙ্কৰ কোপ        দেখিয়া তোমাৰ।
প্ৰভু মোৰ ভয় নাই।
[ ৫২ ]
সংসাৰ চক্ৰৰ        নিকাৰ দেখিয়া
সদায়ে ধাতু উড়াই॥

বোলে—
ভয় যেবে নোপজে বৈৰাগ্য নোহে ভাৱে।
বিৰকতি নভৈলে নভজে হৰি পাৱে॥

কোনোবা খিনি ভয় পাই তোমাৰ চৰণত শৰণাপন্ন হৈ সেৱা আগ বঢ়াইছে।

       বোলে—
দেখিলে গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয়।

ৰাখন্তা নাহিকে মোৰ পুত্ৰ ভাৰ্য্যাচয়॥
পৰমআনন্দে মাধৱত দিয়া চিত্ত
গজেন্দ্ৰে কৰিলে স্তুতি আতি বিপৰীত॥
চক্ৰ ধৰি তেখনে চিড়িলা গ্ৰাহ মুখ।

হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈলা দুখ॥

সেই অনুসাৰে ভকত ভয়হাৰী ঈশ্বৰ কৃষ্ণই সকলো ব্যাধিৰ পৰা ৰক্ষা ক'ৰ গোবিন্দে কৃপা কৰিব লাগে॥০॥

       ৩।
আমি যত জীৱ তোমাৰ পালন হৰি হৰি হৰি এ
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী।

যি ৰূপে দ্ৰোনীৰ ব্ৰহ্ম শৰীৰ পৰা পৰীক্ষিতক গৰ্ভতে ৰক্ষা কৰিছিল সেই ৰূপে সৰ্ব্ব শঙ্কট ৰোগ ব্যাধিৰ পৰা ৰক্ষা কৰক। চৰণৰ ছত্ৰৰ ছাঁয়া দি আগন্তোক সেৱাকে মোৰ বুলি সকলে আপদ বিপদ, ৰোগ ব্যাধিৰ পৰা ৰক্ষা কৰি কৃপা কৰিব লাগে ॥০॥

————
[ ৫৩ ]
গৰখীয়া ভোজ

       ১। পূৰ্বে ঈশ্বৰ কৃষ্ণই বৃন্দাবনত গৰু চাৰি গোপ বালক সকলক ব্ৰহ্ম ময় কৰি গৈছে। সেই উপলক্ষে তোমৰা সবকে সেই গোপ সেই কৃষ্ণ ভাবি একঠি চাউল আগ বঢ়াইছে। ইয়াতে বিপ্ৰ সকলৰ অন্ন গ্ৰহণ কৰি বিপ্ৰ পত্নী সবক যি ৰূপে কৃপা কৰিলে সেই দৰে অৰ্চ্চনীয় দ্ৰব্যকে প্ৰতি মোৰ ভগৱন্ত বস্তু প্ৰসন্ন হৈ কৃপা কৰিব লাগে ॥

       ২।
নমো কৃষ্ণ দেৱ        পাপী বুলি কেৱ

মোক মোৰ নোবোলয়।
পতিত পাৱন        জানিয়া তোমাত

আপুনি গৈলা বিক্ৰয়॥

ৰােগীৰ হকে প্ৰভু প্ৰসন্ন হৈ এই সেৱাকে মোৰ বুলি গ্ৰহণ কৰি বালকৰ গ্ৰহৰ দোষ, পতাকী দোষ, গ্ৰহৰ ৰিষ্টাদিকে ধংশ কৰি গোবৰ্দ্ধন পৰ্ব্বত ধৰি গোপ গোপী গো বৎসাদিক যি দৰে ৰক্ষা কৰিলে সেই দৰেই সৰ্ব্ব ৰোগৰ সৰ্ব্ব বিঘ্নি উপদ্ৰবৰ পৰা ৰক্ষা কৰি গোবিন্দে কৃপা কৰিব লাগে ॥০॥
       ৩। পুনৰ বুলিব লাগে—খোড়াৰ খোজে পতি অপৰাধ মনুষ্য বুলিলে নীচ। দোষ অনুসৰি দণ্ড হৈছে ইমানতে সৰ্ব্ব বিঘ্নিৰ পৰা ৰক্ষা কৰি জল যেন চেচা কৰি পৃথিবী যেন সাত কৰি অন্য দেৱতাও এই দালি বৃক্ষৰ পৰা

[ ৫৪ ]

আন দালিলৈ গতি কৰি আজিৰ পৰা সুস্থ শৰীৰ কৰি গোবিন্দে কৃপা কৰিব লাগে ॥০॥

————


ন খোৱা।

       ১। ভাল-পূৰ্বে দুই নি, তিনি সংক্ৰান্তি, মহাপুৰুষ সকলে হৰি ভক্ত সবৰ প্ৰতি ৰাখি গৈছে।

বোলে—
মই অনাথক দায়া        কৰহো পৰমানন্দ

দাস বুলি ধৰিয়ো মনত।
থৈয়ো নিজ ভৃত্যৰ সঙ্গত॥
আঙ্গুলী মুখত কৰো        দান্তে তৃণ তুলি ধৰো

কেশ ছিঙ্গি দিওঁ চৰণত ॥

হৰি ভক্ত সকলে কৃষি আৰম্ভতে গুৰু, ভক্ত, অতিথি অভ্যাগতি আদি ঈশ্বৰৰ চৰণত এপোহা লগাই নিজৰ পচা শৰীৰটো আৰু পিতৃ মাতৃ ভাৰ্য্যা পুত্ৰ বন্ধু-বান্ধব পুষিম পালিম বুলি আগ কৰিছে। আমি মহা মোহত পৰি মহা পাতকীয়ে সেই মতে আচৰিব পৰা নাই। যথাৱত নবান্ন বুলি তোমৰা সবৰ চৰণত আগ বঢ়াইছে। ইয়াতে সৰ্ব ছিদ্ৰকো নিছিদ্ৰ কৰি মোৰ বুলি গ্ৰহণ কৰিব লাগে। আগলৈকো অধিক কৰি এটিৰ পৰা সহস্ৰটি উৎপন্ন হৈ

[ ৫৫ ]

অক্ষয় ভাণ্ডাৰ পূৰ্ণ কৰি মহা লক্ষ্মী নিবাস কৰি ভগৱন্ত তুষ্ট হৈ কৃপা কৰিব লাগে ॥০॥

       ২।
কৃপাৰ সাগৰ        দৈৱকী নন্দন

পূঋয়ো মনৰ কাম।
ভকতৰ সঙ্গ        সদা নোগুছোক

মুখে তুৱা গুণ নাম ॥

এই কৃষি কৰোতে পোক পৰুৱা কেচু কুমতি আদি অনেক লক্ষ কোটি জীৱ বধ হৈছে সেই পাপৰ প্ৰায়শ্চিত্ত স্বৰূপে ভক্তৰ সঙ্গত সদাই গ্ৰীতি জন্মাই, মুখত ঈশ্বৰৰ নাম ৰূপ মন্ত্ৰ উচ্চাৰণ হৈ এই অন্ন ব্ৰহ্মকে হৰি গুৰু ভকতৰ অৰ্পনা কৰিবলৈ বাধা বিঘ্নি নজন্মাই সমস্ত দোষ পাপৰ পৰা পৰিত্ৰাণ কৰি কৃপা কৰিব লাগে। ॥০॥

———


হুছৰী

       ১। ভাল-সকলো ৰাইজে বুলিব লাগে পূৰ্বে ব্ৰহ্মা বিষ্ণু ৰূদ্ৰ তিনি গুণৰ তিনি বিহু বছেৰেকত তিনটি নিঃকামি সেৱা ৰাখি গল। সেই উপলক্ষে ৰাইজ সকল আহি ইয়াতে হৰি কীৰ্ত্তন কৰি ৰং ধেমালি নাচ বাগ কৰিছে। ইয়াতে ৰাইজক যি দৰে দান দক্ষিণাৰে সেৱা কৰিব লাগে ধেই দৰে নাই। যথাৱত শক্তিমত দক্ষিণা

[ ৫৬ ]

আগ বঢ়াই সেৱা কৰিছে। এই সেৱাৰ ফলতে গৃহস্থৰ কুশল কৰক, কল্যাণ কৰক, আয়ু বৃদ্ধি কৰক, অপায় অমঙ্গল জ্বৰ পীড়া দূৰ কৰক। ঘৰৰ অমিলা অপ্ৰীতি দিন হাই দূৰ কৰি ধৰ্ম্মত মতি স্থিৰ কৰি ধন ধান গো মহিষ মহা লক্ষ্মী নিবাস কৰি গোবিন্দে কৃপা কৰিব লাগে ॥০॥

       ২। বোলে—
কিনু ভাগ্য আজি আসি মিলিলা।
দিলেহি ৰাইজে পদৰ ধুলা ॥

ৰাইজে বুলিলে ৰজা, জ্ঞাতি বুলিলে গঙ্গা। ইয়াতে ৰাইজে ছাগৰ গৃহত হস্তীৰ পাৱ দিছে। সেই উপলক্ষে, ৰাইজক সন্তোষ দিবৰ শক্তি নাই যি দান দক্ষিণা কৰিছে ইয়াতে সকলো ৰাইজ সন্তোষ হব লাগে। গৃহস্থৰ মনৰ বাঞ্চা পূৰ্ণ কৰি ঘৰৰ বুঢ়া-বুঢ়ী, লৰা ছোৱালী, পো বোৱাৰী ডেকা-গাভৰু সকলোকে একো প্ৰমাদৰ ভাগী নকৰি গোবিন্দে কল্যাণে ৰক্ষা কৰিব লাগে ॥০॥
       ৩। বিহুৰ বাবে গৰু মহ কেইটি নোৱাইছে ধুৱাইছে ইয়াতে তিথি বাৰ নক্ষত্ৰ দিশ অনেক খিনি দোষ হব পাৰে। সকলে দোষকে খণ্ডন কৰি গো মহিষা কেইটি নিৰাপদে ৰক্ষা কৰি এটিৰ পৰা সহস্ৰটি বুদ্ধি কৰি সজ ৰূপে খেতি কৃষি সম্পাদন কৰি ধন ধান্য বৃদ্ধি কৰি গোবিন্দে কৃপা কৰিব লাগে ॥০॥

————
[ ৫৭ ]
আই সবাহ

কি দিয়া পূজিম আই চৰণে তোমাৰি।
পূজি বৰ বস্তু নেপাওঁ ভুবনে বিছাৰি ॥
পুষ্প দি পূজিলো হেতেন ৰক্ত জবা জাৰ I
দুগ্ধেৰে পূজিম কি সুৰঙ্গী যাহাৰ॥
ধন দি পূজিবে আই নিজে ধনেশ্বৰী।
জল দি পুজিলো হেতেন নিজে জলেশ্বৰী ॥
অন্নেৰে পূজিম কিবা নিজে লক্ষ্মী মাৱ।
বস্ত্ৰ দি পুজিবে দিব্য বস্ত্ৰ যাৰ গাৱ॥
মন দি পূজিবে মোৰ মন নোহে থিৰ।
চিত দি পূজিবে চাওঁ চিতেই অস্থিৰ॥
স্তুতিৰে পূজিম কিবা নিজে সৰস্বতী।
কায় বাক্য চিত্ত মন একো নাই স্থিতি॥
যিবা বস্তু দিবে চাওঁ সকলো তোমাৰ।
তোমাক পূজিবে বস্তু নাহিকে আমাৰ॥
এই নামে আই তুমি সন্তোষ লভিবা।

শীতল চৰণ ছাঁয়া দুখীয়াক দিবা॥

এই নামতে সন্তোষ হৈ দুখীয়া জীৱক শীতল চৰণৰ ছায়া দি তাপিত শৰীৰক শান্ত কৰি কৃপা কৰিব লাগে ॥০॥
       ২। দুখীয়াৰ ঘৰলৈ আই সকল আহিছে যি দৰে ভকতি মিনতি প্ৰণতি স্তুতি কৰিব লাগে তিৰী মতি একো নেজানে। খোড়াৰ খোজে প্ৰতি অপৰাধ। চুলি চিঙ্গি

[ ৫৮ ]

কাকূতি কৰি মাতিছো দুখীয়া জীৱক কৰুণা কৰি জল যেন চেচা কৰি, পৃথিবী যেন শাঁত কৰি উঘলা গছক পাৱৰে ৰুই থৈ যাব লাগে নিজ গুণে তুষ্ট হৈ আপোনাৰ দাসক লোকলৈ এৰি নিদি কপা কৰিব লাগে॥০॥

       ৪।
নাগ পত্নী তুতি কৰে হৰি মোৰ প্ৰাণ।
অঞ্চল পাতিয়া মাগো দিয়া জীৱ দান ।

নাগ পত্নীৰ স্তুতিত হৰি সন্তোষ হৈ যি ৰূপে স্বামী দান দিলে সেই ৰূপে ৰোগীক কৰুণা কৰি আজিৰ পৰা এই দালি বৃক্ষ পৰিত্যাগ কৰি আন এডাললৈ গতি কৰি দুখীত জীৱক ৰক্ষা কৰি কৃপা কৰিব লাগে ॥৩॥

————


স্তুতি
কি দিয়া পূজিবো তযু চৰণ।
সৰ্ব্ব শূন্য মই দৰিদ্ৰ জন ॥
হৃদয়ৰ পদ্ম মনত ধৰি।
দিলো চৰণত উৎসৰ্গ কৰি॥
কৃতাঞ্জলি কৰি ভকতি ভাৱে।

অৰ্পিলো মনক তোমাৰ পাৱে॥
[ ৫৯ ]
থাকোক শিৰ তযু পদ চুই।

নয়ন ৰূপত সংলগ্ন হুই॥
হৌক ৰুচি কৰ্ণে তোমাৰ কথা।
জিহ্বায়ে হৰিৰ নাম সৰ্ব্বথা॥
নাসাত পদ্ম পঙ্কজৰ ঘ্ৰান।
কৰোক হস্তে তযু কৃত কাম॥
হৃদয়ে থাকুক নাম ভাণ্ডাৰ।
বাজ হৌক মুখে সহস্ৰ বাৰ॥
অষ্টদল পদ্ম মাজত ধৰি।
থাকুক সদা চতুভূজ ধৰি॥
মনৰ যতেক আসুৰি ভাব।
দূৰ হৌক হৈয়া হৃদয় বাজ॥
হৃদয়ে জ্ঞানৰ প্ৰদীপ জ্বলি।
হৌক পাপ ক্ষয় মোৰ সমূলি॥
পাৱ ক্ষেত্ৰ স্থান কৰোক গতি।
নাশিয়ো মনৰ যত দুৰ্ম্মতি॥
নালাগে সুন্দৰ আমাৰ কায়।
নাহিকে অৰ্থ লোভে অভিপ্ৰায়॥
নলাগে গৃহ যত সুনিৰ্ম্মান।
নলাগে দিব্য বস্ত্ৰ যত মান॥
নলাগে পুত্ৰ ভাৰ্য্যা ধন ধান।

নলাগে ঐশ্বৰ্য্য আছে যিমান॥
[ ৬০ ]
থাকোক সদাই তোমাত মতি।

মৃত্যু সময়তো নামত ৰতি॥
নবাঞ্চো কদাপি বৈকুণ্ঠ পুৰী।
স্বৰ্গতো যেন নোহো অধিকাৰী॥
নৰক কুণ্ডতে থাকিবো পৰি।
যম যন্ত্ৰনাতো হৰিক স্মৰি॥
এতেকে প্ৰভু মোৰ অভিলাষ।
লৈয়োক ভৃত্যৰ কৰিয়া দাস॥

————

সমাপ্ত

 
[ ৬২ ]  আমাৰ কিতাপ প্ৰকাশ কৰা বিভাগৰ পৰা তলত লিখা কিতাপবিলাক এতিয়ালৈকে প্ৰকাশ কৰা হৈছে। সৰহীয়াকৈ নিওতাক উপযুক্ত কমিচন দিয়া হয়।
 ১। আশীৰ্ব্বাদ
 ২। ঢোল, মৃদং ও খোলৰ মালিতা 
 ৩। বহুৱা ভকত বা বহুৱা শিক্ষা
 ৪। অসমীয়া নিদান
 ৫। সৰ্ব্বব্যাধি মূল মন্ত্ৰ
 ৬। বৰ কৰতি (তেৰ খনীয়া)
 ৭। মুখভঙ্গা মন্ত্ৰ
 ৮। ৰাজমুহিনী মন্ত্ৰ

 তলতদিয়া বিলাকৰ আমি চোল এজেণ্ট। বৰ্তমান অতি সস্তাত প্ৰায়বোৰকে দিয়া হৈছে। আৱশ্য়ক মতে বেগতে অৰ্ডাৰ দিয়ে যেন, অতি কম সংখ্যকহে আমাৰ হাতত আছেগৈ।

বিবৰণ প্ৰকাশক লিখক আদি নিৰ্ধাৰিত মূল্য বৰ্তমান মূল্য
১। ব্যাসদেৱ ...
২। স্তব কৱছ ...
৩। সাধুসঙ্গ নিৰ্ণয় ...
৪। জন্ম নিৰ্ণয় ...
৫। বটদ্ৰৱা ...
৬। নোৱাই তোলনী...
৭। জয়তি ভাৰত ...
৮। নিমিনৱসিদ্ধ ...
৯। গোপালদেৱৰ চৰিত্ৰ
১০। বৈষ্ণৱ মালা ...
১১। পেলুৰ দৰব ...
১২। খৰৰ দৰব ...
শ্ৰীযুত গোবিন্দ চন্দ্ৰ দাস
শ্ৰীযুত তীৰ্থনাথ গোস্বামী
   
   
   
   
   
   
   
যদুমণি ছাপাখানা
মেডিকেল ইউনিয়ন
নৰেন্দ্ৰ ঔষধালয়
৶৹
৷৶৹
৷৹
॥৵৹
৸৹
৷৹
৵৹
॥৹
১৸
৸৹
৷৹
৷৹

৷৹
৵৹
৷৵৹
৵৹
৵৹
৴৹
৷৹
৸৵৹
৷৵৹
৶৹
৶৹

 ইয়াৰ বাজেও সকপোৰকমৰ ধৰ্ম্ম সমন্ধীয় কিতাপ আমাৰ হাতত প্ৰচুৰ পৰিমাণে আছে। ডিক্‌চনাৰী, অভিধান, জলছবি, চিয়াহী, নিব, পেন্সিল, হেন্দোল, এক্সাৰচাইজ, বহীকে আদি কৰি স্কুল, কলেজ অফিছ আদিৰ আৱশ্যকীয় সকলো বস্তু আমি অৰ্ডাৰ মতে যোগাও।

 আপোনাৰ আৱশ্যকীয় সকলো খিনিৰ অৰ্ডাৰ আদি আমাক দিলে আপুনি নিচিন্ত হব পাৰিব—আমি যেনে তেনে কষ্ট কৰি হলেও আপোনাক সেইবিলাক যোগাম।

 আমি সকলো প্ৰকাৰ ৰবাৰ ষ্ট্যাম্প তৈয়াৰ কৰি দিও।

জেনেৰেল এজেন্সী, যোৰহাট।