[ পৰৱৰ্তী অঙ্ক পঢ়ক]

[ বকলা ]
সতীৰ তেজ
শ্ৰীদণ্ডিনাথ কলিতা

[ শিৰোনাম ]
সতীৰ তেজ





শ্ৰীদণ্ডিনাথ কলিতা ৰচিত





তেজপুৰ

তৃতীয় সংস্কৰণ



১৮৭২ শক।
(ইং ১৯৫০ খ্ৰীষ্টাব্দ)

[ পাতনি ]
ভাৱৰীয়াসকল।

মুনিহ।
চুলিক্‌ফা বা লৰা ৰজা --- অসমৰ ৰজা।
আতন --- --- ---বুঢ়াগোঁহাই, ৰাজমন্ত্ৰী।
লাইথেপেনা --- --- --- --- বৰগোঁহাই।
গদাপাণি --- --- তুঙ্গগুঙ্গীন্না ফৈদৰ কোৱঁৰ।
লাই, লেচাই --- ---- ---- ঐ পুত্ৰদ্বয়।
বন্দৰ ---- --- ---- ---- বৰফুকন।
জপলু ---- --- ---- ---- এটা নগা।
 পানীফুকন, চাওদাং বৰুৱা, বন্দীপাল বৰুৱা, কটকী, চোৰাংচোৱা,
 পগলা, দুটা পাইক, বাটৰুৱা মানুহ, বেপাৰী নগা, দুৱৰী,
 প্ৰহৰী, লৰাবিলাক, চাওদাংবিলাক, সৈন্যবিলাক,
 দৰ্শকসকল, বিষয়াসকল, গায়ন-বায়ন ইত্যাদি।
তিৰুতা।
জয়মতী --- --- গদাপাণিৰ পত্নী।
বাউলী --- --- ,, বায়েক, বন্দৰৰ পত্নী।
ৰাণী --- -- চুলিক্‌ফাৰ মহিষী।
কেতেকী --- --- জয়মতীৰ লিগিৰী।
ৰতনী --- --- বৰগোঁহাইৰ ঘৰৰ বান্দী।
ৰেণু --- --- জপলুৰ ভনীয়েক।
জেণু --- --- ৰেণুৰ সখীয়েক।
 লিগিৰী দুজনী, কুমাৰীসকল, নাৰীসকল ইত্যাদি।

————

[  ]

সতীৰ তেজ




প্ৰথম অঙ্ক।

গদাপাণিৰ ঘৰৰ আগচোতাল। ওচৰতে এজোপা গুটি-লগা আম।
ঘৰৰ দুৱাৰ মুকলি। সময় আবেলি। লাই, লেচাই
আৰু তেওঁলোকৰ লগৰীয়া লৰাবিলাকে গীত গায়।
প্ৰত্যেকৰ হাতত ধেনু-কাঁড়।

গীত।

আকাশত হাঁহিছে       সোণালী সূৰুযে
পৃথিবীত হাঁহিছে ফুল।
তাৰ মাজে মাজে       পখিলা উৰিছে,
পাখিতে সুগন্ধি বোল।
আমৰে ডালতে       কলীয়া কুলিয়ে
কু-উ-কু কু-উ-কু গায়।
সৰগৰ অমিয়া       মৰতত সিঁচিছে,
ৰিব্‌ ৰিব্‌ মলয়া বাই।

[  ]

আকাশে হাঁহিছে,       বিৰিখে হাঁহিছে,
প্ৰভুৰে জেউতি লৈ।
ঢালো চৰণতে       ভকতি আঁজলি

কৰুণাৰ ভিক্ষাৰী হৈ।

 (লাহে লাহে কেতেকী আহি দুৱাৰ-মুখত থিয় হয়। )
লেচাই। — আইতাই কৈছিল অৰ্জ্জুনে হেনো বৰ ওপৰত থোৱা মাছ এটা ছাঁ চাই বিন্ধিছিল। আমিও নোৱাৰিম নে চাগৈ?
লাই। —কেলেই নোৱাৰিম! এতিয়া নোৱাৰিলেও অভ্যাস কৰিলেই পাৰিম, পাৰিমেই পাৰিম।
প্ৰথম লৰা। —ময়ে পাৰিম।
দ্বিতীয় লৰা। —মই হবলা নোৱাৰিম?
কেতেকী। —বাৰু লক্ষ্য বিন্ধিব নালাগে, সৌ যে ওপৰত অকলশৰীয়াকৈ আমটো আছে, তাকে সৰোৱাঁচোন।
প্ৰ, লৰা। —বাৰু, চোৱাঁ তেন্তে, মই একে পাট কাঁড়তে মাটিত পেলাই দিম
 (কাঁড় মাৰে, আৰু কাঁড় বহুত আঁতৰে দি যায়। )
দ্বি, লৰা। —বৰ কথা কৈছিলি, নোৱাৰিলি কিয়? মই সৰাম, চাবি।
 ( কাঁড় মাৰে, কাঁড় আঁতৰি যায়। )
লাই। —তোমাৰ কাঁড় দেখোন ওভোতা ফাললৈ হে গ’ল! লেচাই পাৰিব নে?

[  ]

লেচাই। —চাওঁচোন বাৰু পাৰোঁ নে নোৱাৰোঁ।
 ( কাড় মাৰে, কাড় লাগোঁ লাগোঁ হৈ যায়। )
প্ৰ, লৰা। —লাগিল! লাগিল! এঃ অলপতে হে সাৰিল।
লাই। —এইবাৰ ময়ো চাওঁচোন।
 (কাড় মাৰে, আৰু আমটো সৰি পৰে। )
সকলোৱে। —ঠিক লাগিল! সৰিল! সৰিল।
 (আনন্দত চাপৰি বজায়। )
কেতেকী। — (লাইক সাবটি ধৰি ) ডাঙ্গৰ হ'লে নিশ্চয় তুমি অৰ্জ্জুনৰ সমান বীৰ হ’বা। এতিয়া যোৱাঁ, আইদেৱে জলপান খাবলৈ মাতিছে।
 (আটাই কেইজন ভিতৰলৈ সোমায়। )
কেতেকী। — ভাগ্যৰ বলত হে আইদেউক পাইছোঁ। লোকে লিগিৰীৰ হতুৱাই সকলো কাম কৰাই নিজে ঠেঙৰ ওপৰত ঠেং তুলি ঘৰ চলায়। আমাৰ আইদেৱে সকলো কাম নিজেই কৰে। টান কামটো মোক অকলৈ কৰিবলৈ কেতিয়াও নিদিয়ে। বাহিৰৰ কাম থাকিলে হে মোৰ বিচাৰ লয়। জন্মে জন্মে যেন আইদেউৰ বেটী হবলৈ পাওঁ।
 (চুচুক-চামাককৈ চাৰিওফালে চাই ৰতনী সোমায়। )
ৰতনী। —বাই, কুঁৱৰী ঘৰত আছে নে?
কেতেকী। —নাথাকি নো কলৈ যাব? আমাৰ কুঁৱৰীয়ে কিবা লোকৰ দৰে ঘৰে ঘৰে মেল মাৰি ফুৰে নে?

[  ]

এতিয়াই কামৰ পৰা আজৰি হৈ তাতত বহিছে গৈ। আহাঁ, বহাঁহি।
ৰতনী। —মই নবহোঁ, সময় নাই। থিয়ৈ থিয়ৈ কথা একেষাৰ কৈ যাবলৈ হে আহিছোঁ।
কেতেকী। —উ আই! ইমান নো তত নোহোৱা হ’ল নে?
ৰতনী। —তত থাকিলে নে লৰালৰি কৰিছোঁ নে? বেগাই কুঁৱৰীক মাতি দিয়াঁ।
কেতেকী। —বাৰু নবহা যদি ৰ’বা, আইদেউক কওঁ।
 (প্ৰস্থান)
ৰতন। —দিন কালৰ যেনেহে গতি হৈছে, ওলাব সোমাবলৈকে এৰিব লগা হ’ল। মোৰ ওপৰত বা কাৰ চকু পৰিছে, কোনে জানে। তেহেলৈ মোৰ যি হয় হওক, কুঁৱৰীক কথাটো জনাবই লাগিব।
 (জয়মতীৰ প্ৰবেশ। )
জয়। —অ’ ৰতনী, ইয়াতে ৰ’লা কিয়? ভিতৰলৈ আহাঁ।
ৰতনী। —মই যাওঁৱেই। আঁচলত জীৱ বান্ধি হে আহিছোঁ। এটা গুপুত কথা আছে। কোঁৱৰ কলৈ গ’ল। জয়। —দুপৰতে ওলাই গৈছে, এতিয়াও ঘূৰা নাই। সুধিলা কিয়?
ৰজনী। — আইদেউ! মই আপোনাক এটা ভয়ানক বাতৰি দিবলৈ আহিছোঁ। ( চাৰিওফাললৈ চাই ) আজি কোঁৱৰক ধৰাই নিব।

[  ]

জয়। —কোনে?
ৰতনী। —স্বৰ্গদেৱে।
জয়। —কিয়?
ৰতনী। — ক’ব নোৱাৰোঁ।
জয়। —(হাঁহি হাঁহি ) নহয়, তোমাৰ ভুল হৈছে। স্বৰ্গদেৱে ধৰাই নিব কিয়? তেওঁ তো কোনো অপৰাধ কৰা নাই।
ৰতনী। —মোৰ ভুল হোৱা নাই। অপৰাধ নহলেও ধৰাই নিব— আজি গধূলিতে। আই-দেউতাই কেনেবাকৈ গম পাই মোক পঠিয়াই দিছে। কথা অতি গোপন, ওলাবৰ হ’লে মোৰো মূৰ যাব। তাতে বৰগোহাই ডাঙ্গৰীয়াও এতিয়া নগৰত নাই, ভাটীত আছে। মই যাওঁ। গধূলিৰ আগতে কিবা এটা নকৰিবৰ হলে কোঁৱৰক আৰু নাপায়। আনবোৰ কোঁৱৰৰ অৱস্থা দেখিছেই।
 ( শঙ্কিত ভাবে প্ৰস্থান। )
জয়। —স্বামীৰ বিপদ! মোৰ দেখোন বিশ্বাস কৰিবৰ মন নাযায়। তেওঁক দেখোন সকলোৱে ভাল পায়। হঠাৎ কি ৰজাঘৰীয়া অপৰাধ লগালে? নহয়, মিছা, মই বিশ্বাস নকৰোঁ।
 (গদাপাণিৰ প্ৰবেশ। )
গদা। —জয়া! আহোম বংশৰ সকলো কোৱৰ শেষ হ’ল;

[  ]

ময়েই মাথোন বাকী। এইবাৰ মোৰ পাল, মোৰ পিচত শক্ৰ।
জয়। —আপোনাৰ পিচত শত্ৰু! আপুনি নো কাৰ কি কৰিছে?
গদা। —বনত হৰিণ থাকে, সি নো কাৰ কি কৰে? তথাপি মানুহে তাক খেদি খেদি মাৰে কিয়?
জয়। —তাত মাৰোঁতাৰ পেট ভৰে।
গদা। —ইয়াতে হত্যাকাৰীৰ স্বাৰ্থসিদ্ধি।
জয়। —হত্যাকাৰী নে কাক বুলিছে?
গদা। —আৰু কোন হ’ব? পাষণ্ড চুলিক্‌ফা। যিমান গোপনে কৰক এইবোৰ যে চুলিক্‌ফাৰ কাম, তাক বুজিবলৈ কাৰো বাকী নাই। ৰাজকোঁৱৰসকলৰ মৃত্যুত তাৰ বাহিৰে আনৰ স্বাৰ্থ থাকিব নোৱাৰে। সি ভাবিছে কোঁৱৰসকলক বধি নাইবা ঘুণীয়া কৰি তাৰ একাধিপত্য স্থাপন কৰিব। তোমাক কোৱা নাই এদল গুপ্তচৰ সদায় মোৰ পিচত ঘূৰিব লাগিছে। সিহঁতে ইমান দিন মোৰ গাত হাত দিবলৈ সাহ কৰা নাছিল, ময়ে সিহঁতক অবজ্ঞাৰ চকুৰেই চাইছিলোঁ। আজি সিহঁত মৰণত শৰণ দি লাগিছিল। দিখৌ ঘাটৰ ওচৰতে আজি হঠাৎ পাট কাড় মোৰ কাণৰ কাষে দি ভোঁ-ভোঁৱাই গ’ল। মই উভতি চাওঁতেই ছটা মানুহ লৰ মৰা দেখিলোঁ। সিহঁতৰ কপাল ভাল, মই বিচাৰি

[  ]

নাপালোঁ, নতুবা সিহঁতক আজি ধোবাই আছাৰা দি আছাৰিলোঁহেতেন।
জয়। —তেন্তে ৰতনীৰ কথা সঁচা।
গদা। —কি কথা?
জয়। —আজি হেনো আপোনাক ৰজাই ধৰাই নিব খুজিছে।
গদা। —হ’ব পাৰে। গুপ্তচৰে বলে নোৱৰা দেখি দেখাদেখিকৈ লাগিব খুজিছে। সকলো কোঁৱৰৰ অন্ত হ'ল, মোক মাৰিব পাৰিলেই সি নিষ্কণ্টক।
জয়। —তেন্তে উপায় কি প্ৰিয়তম?
গদা। —উপায় মোৰ এই বাহু ছটা।
জয়। —ৰজাঘৰীয় ফৌজৰ লগত আপুনি অকলৈ কি কৰিব?
গদা। —সিহঁতৰ কুৰিটাক আছাৰি মাৰিবৰ শক্তি মোৰ এই বাহুত আছে।
জয়। —কুৰিটা মাৰিলেই ৰজাৰ ফৌজ নুঢুকায়। বাকীবোৰে আপোনাক বন্দী কৰিব।
গদা। —মোক মাৰিব পাৰিব, বন্দী কৰিব নোৱাৰে। নহয়, মৰিব লাগিবই যেতিয়া বীৰৰ দৰে মৰিম।
 (ভোঁ ভোঁ কৰে ভিতৰলৈ সোমাই যায়। )
জয়। —কি কৰিলা প্ৰভু! ই যে বিনামেঘে বজ্ৰপাত!
 ( ভিতৰলৈ যাব খোজে। এনেতে হাতত হেংদান লৈ গদাপাণি ওলাই আহে আৰু বেগেৰে যাবলৈ ধৰে। জয়মতীয়ে সাউৎ কৰে গৈ গদাপাণিৰ বাহুত ধৰে। )
জয়। —হেংদান লৈ কলৈ যায়?

[  ]

গদা। —ৰজাৰ চাঙ্গলৈ, —নৰাধম চুলিক্‌ফাক তাৰ পাপৰ যোগ প্ৰতিফল দিবলৈ। এটা এটা কৈ অঙ্গ ছেদ কৰি তাক বধ কৰিম, ইমানবোৰ কোৱৰৰ অঙ্গক্ষত কৰা প্ৰতিশোধ ল’ম।
জয়। —তাৰ পৰিণাম যে ভয়ানক হ'ব।
গদা। —ভয়ানক আৰু কি হ’ব – মৃত্যু। ঘৰত বহি মৰণক বৰণ কৰাতকৈ পাপীক শাস্তি দি মৰিম।
জয়। —আপুনি ৰজাৰ চাঙ্গলৈ যাব কেনেকৈ? বাটতে ফৌজৰ হাতত পৰিব।
গদ। —তাতেই বা হানি কি? যেনেকৈয়ে হওক, মৃত্যুৰ বাহিৰে মোৰ আন পথ নাই। নিৰ্জ্জীৱৰ দৰে মৰাতকৈ এবাৰ চেষ্টা কৰি মৰিম।
জয়। —আপোনাৰ অবিহনে এই অত্যাচাৰৰ প্ৰতীকাৰ কৰিব কোনে? নহয় প্ৰিয়তম, আপুনি মৰিব নোৱাৰে, জীয়াই থাকিবই লাগিব। অকল মোৰ নিমিত্তে নহয়, পোন দুটিৰ নিমিত্তে নহয়, আন কি, আপোনাৰ নিজৰ নিমিত্তেও নহয়। অৰাজক আহোম ৰাজ্যত শৃঙ্খলা লগাবলৈ, আহোমৰ নুমাব খোজা বন্তিগছ জুলাই তুলিবলৈ আপোনাৰ বাহিৰে কোনো নাই! আপুনি ধৰা দিব নোৱাৰে। গধূলিৰ আগতে ৰজাঘৰীয়া ফৌজ আহিব, তাৰ পূৰ্ব্বেই আপুনি এই ঠাই এৰিব লাগিব।

[  ]

গদা। —পলাই প্ৰাণ ৰাখিব লাগিব! ন’কবা জয়া, গদাপাণি কাপুৰুষ নহয়। তুমি আজিও মোক নিচিনিলা!
জয়। —আপোনাক চিনো বুলিয়েই মই এই অনুৰোধ কৰিছোঁ, আপুনি প্ৰাণৰ ভয়ত পলালে কাপুৰুষ হ'ব পাৰে, কিন্তু পত্নী-পুত্ৰৰ নিমিত্তে, জ্ঞাতি-বন্ধুৰ নিমিত্তে, স্বদেশ-স্বজাতিৰ নিমিত্তে প্ৰাণৰক্ষা কৰা কেতিয়াও কাপুৰুষত নহয়। সি মহানুভৱতা। আপুনি এতিয়াই ঘৰ এৰিব লাগিব।
গদা। — চিন্তান্বিত হয় )
জয়। —নিজক শত্ৰুৰ বিৰুদ্ধে সজ্জিত কৰিবলৈ সময় আৰু সুযোগ বিচাৰি পিচ হোঁহক যুদ্ধৰ ৰীতি। তাত লজ্জিত হোৱাৰ কাৰণ নাই। অকল সেয়ে নহয়, আপোনাৰ বিপদ ঘটিলে মই এক মুহূৰ্ত্তও জীয়াই নাথাকোঁ, আহোম ৰাজ্য ৰক্ষাৰ উপায় নাথাকে। পোনা দুটিৰ কি হ’ব, তাকেই বা কোনে জানে। ইমানতে আপুনি প্ৰাণ দিব নে? আত্মগৌৰব ৰক্ষাৰ নিমিত্তে ইমানবোৰৰ বধ ল'ব নে? নহয়, আপুনি কেতিয়াও ইমান স্বাৰ্থপৰ হ'ব নোৱাৰে।
গদা। —ব্যাকুলভাবে ) জয়া! জয়া!
জয়। —আপুনি ভাবি চাওক, দুদিন আত্মগোপন কৰি থাকিলেই আপুনি এই সকলোকে ৰক্ষা কৰিব পাৰে। নহলে এয়েই আহোমৰ সমাধি।

[ ১০ ]

গদা। —তুমি মোক উন্মাদ কৰিছা। মোৰ অন্তৰৰ হাহাকাৰৰ লগত ভবিষ্যৎ কৰ্ত্তব্য-চিন্তাৰ তুমুল তৰঙ্গ তুলিছা। মই কেনি যাম? কোনটো প্ৰকৃত পথ?
জয়। —সম্প্ৰতি আত্মগোপনেই একমাত্ৰ পথ। আপুনি ছদ্মবেশেৰে নগৰৰ ৰাহিৰ হওক, নিৰাপদ ঠাইৰ পৰা ৰাজ্যৰ গতি-বিধি লক্ষ্য কৰক। এদিন নিশ্চয় সুযোগ মিলিব, গোটেই ৰাজ্য আপোনাক বিচাৰি ব্যাকুল হ'ব। সেইদিন নাহে মানে গোপনে থাকক। তাকে কৰিলেই দুয়োকুল ৰক্ষা পৰিব।
গদা। —( আপোনা-আপুনি ) বৰ্ত্তমান আৰু ভবিষ্যৎ! আত্মসমৰ্পণ আৰু আত্মৰক্ষা! কোনটো মোৰ কৰ্ত্তব্য! ধৰ দিলে গৌৰব ৰক্ষা, প্ৰাণৰ সঙ্কট; পলালে আত্মৰক্ষা, দুৰ্ঘোৰ কলঙ্ক। মোৰ অন্তৰাত্মাই কৈছে আত্মসম্মান ৰক্ষা কৰি বিপদৰ সম্মুখীন হবলৈ, প্ৰাণ আহুতি দিবলৈ। কিন্তু জয়াৰ অনুৰোধ–সি যে স্নেহৰ দাবী, সি যে জয়াৰ অস্তিত্বৰ লগত জড়িত! তাকেই বা অৱহেলা কৰে। কেনেকৈ! ( অলপ পৰ নীৰবে ভাবি ) নহয়, জয়াক অৱহেলা কৰিব নোৱাৰোঁ। জয়াৰ ৰক্ষাৰ নিমিত্তে মোৰ সকলে এৰিম, মনুষ্যত্ব বিসৰ্জন দিম, পলৰীয়া হৈ প্ৰাণৰক্ষা কৰিম। ( ফুটাই ) তোমাৰ আদেশ পালম কৰিম, তুমি মোক বাট দেখুৱাই দিয়াঁ।

[ ১১ ]

জয়। —তেন্তে আপুনি এতিয়াই ছদ্মবেশেৰে ওলাই যাওক, তাৰ পাচত অৱস্থা বুজি ব্যৱস্থা কৰিব।
গদা। —কিন্তু মোৰ ভয় হয়, মই গ’লে যদি তোমালোকৰ ওপৰত অত্যাচাৰ কৰে! পোন দুটিৰ কিবা অমঙ্গল ঘটায়।
জয়। —সেই বাবে চিন্তা নকৰিব। মই নাৰী, নাৰীৰ ওপৰত কোনেও অত্যাচাৰ নকৰে। তদুপৰি, ৰজাৰ স্বাৰ্থ আপোনাৰ জীৱনৰ লগত, মোৰ লগত নহয়। পোনা দুটিক এতিয়াই বুঢ়ীমাকৰ লগলৈ পঠিয়াই দিম, তাত সিহঁতৰ গাত হাত দিবৰ কাৰো সাধ্য নাই।
গদা। —মোৰ আত্মা বিদ্ৰোহী হৈ উঠিছে। গদাপাণিয়ে পলৰীয়া হৈ প্ৰাণ ৰাখিব!—নহয়, নাভাবোঁ, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। কিন্তু ছদ্মবেশ ধৰিম কেনেকৈ?
নেপথ্যত। — হুঁ-উঁঃ হুঁঃ! হুঁ-উঁঃ হুঁঃ! হুঁ-উঁঃ হুঁঃ!
 ( গদাপাণি আৰু জয়মতীয়ে বাহিৰলৈ চায়। এনেতে আলু, কচু জলকীয়া আদিৰ হোৰা এটা পিঠিত লৈ এটা নগাৰ প্ৰবেশ। )
নগা। —কিবা ল'ব না?
জয়। —নালাগে।
নগা। —আলু আছে, কচু আছে, জলকীয়া আছে, আদা আছে, বৰ বাল আছে।
গদ। —থাকক, নালাগে। -
 ( পূৰ্ব্ববৎ শব্দ কৰি নগা ওলাই যায় )

[ ১২ ]

জয়। —ঠিক, এয়েই উপযুক্ত ছদ্মবেশ। আপুনি নগাৰ বেশ ধৰি নগা পৰ্ব্বতলৈ যাওক। এই নগাৰ আগমন বিধি-প্ৰেৰিত বুলি মোৰ বিশ্বাস জন্মিছে। আহক, পলম নকৰিব, প্ৰতি মুহূৰ্ত্ততে বিপদ ওচৰ চাপিছে। (যাবলৈ ধৰি ) অ’ নহয়, নগাটোক মাতক, তাৰ হোৰা, টুপী কিনি লওঁ।

 (গদাপাণি অলপ আগ বাঢ়ি সঙ্কেতেৰে নগাটোক মাতি আনে। তাৰ পাচত জয়মতী আৰু গদাপাণি একেলগে ভিতৰ সোমায়। গদাপাণিৰ ইঙ্গিতমতে নগাটোও পিছে পিছে যায়। তাৰ চোলা ফটা-ছিটা, মূৰত চৰাইৰ পাখি, গাত এখন ফটা কাপোৰ, হাতত এডাল গছৰ ডাল। গীত শুনি লাই, লেচাই আৰু আন আন লৰা সোমাই আহে, কেইটামান লৰাই পগলাক জোকায়। )

পগলা। —কচুৰ বৰে খুটা কলী কলী কলী ঔ,
 মেটেকাৰ মাৰলি কলা কল কলী ঔ,
 জানে ঘৰ হুৰুষাই ভাগে ঔ কলী ঔ
 কলা কলী কলী ঔ।
 ভিতৰত থাপিছে কলী কলা কলী ঔ,
 সোণৰে সিংহাসন কলা কলা কলী ঔ,
 ৰখীয়া-পৰীয়া লাগে ঔ কলী ঔ
 কলী কলী কলী ঔ।

[ ১৩ ]

 
 ৰজাৰে মূৰতে কলী কলা কলী ঔ,
 সোণালী কিৰীটি কলী কলী কলা ঔ,
 চকুতে টোপনি নাই ঔ কলী ঔ
 কলী কলী কলী ঔ।
 দুখীয়া নিছলাই কলী কলী কলা ঔ,
 পিন্ধে ফটাকান কলী কলী কলী ঔ,
 ফোচ ফোচ ঘুমটি যায় ঔ কলী ঔ
 কলী কলী কলী ঔ।
প্ৰ, লৰা। —এইটো সেই পগলাটো দেখোন।
পগলা। —মোৰ জগৰ লাগিছে পগল হবলৈ! হেৰ’ মই ৰজা নে ৰজাৰ লৰ, তালৈকে পগলা হব লাগিছে!
দ্বি, লৰা। —ৰজা হলে হে হবলা পগলা হয়?
পগল। —নহয় নে কোন হয়? ধন-বস্তু থাকিলেই পগলা দেৱতাই ধৰি মানুহৰ কাচুটি এৰুৱায়। ৰজাৰ ধনবস্তু সকলোতকৈ সৰহ, সেই দেখি তেওঁ আটাইতকৈ ডাঙৰ পগলা। মোৰ ঘৰে নাই, ধনো নাই। মই আকৌ পগলা হবলৈ যাম কিহৰ জগৰত?
 (কেতেকী সোমাই পগলাক চাউল দিয়ে। সি তাৰে এগাল মুখত ভৰাই চোৰায় আৰু বাকীখিনি কাপোৰত বান্ধি লয়। তাৰ পিচত হেপোৰ পিটি নাম গাই কিছু সময় থাকি ওলাই যায়। লগে লগে লাই-লেচাইৰ বাহিৰে বাকী কেইটা লৰাও ওলাই যায়। )

[ ১৪ ]

কেতেকী। — লাই-লেচাইক) য’ৰে পগলা যলৈকে যায়, যাওক, তোমালোক ভিতৰলৈ আহাঁ।
 ( কেতেকী আৰু লাই-লেচাই ভিতৰলৈ সোমাই যায়। অলপ পাচতে এটা চোৰাংচোৱা অতি সতৰ্ক ভাবে সোমায়।
চোৰাং। —বুঢ়াগোৰাই ডাঙ্গৰীয়াৰ আদেশ ডাঁৰৰ বাতৰি ডাঁৰে জনাব লাগে। পিচে দুপৰৰে পৰা জোপ লৈছোঁ হে লৈছোঁ, গদা কোঁৱৰৰ গমেই নাই দেখোন। কিমান নো অহা-যোৱা কৰিম! ৰৈ থাকিবলৈকো লাগে ভয়! কেনেবাকৈ ধৰা পৰিবৰ হলে আমাৰ ফালে গতিয়েই লাগিব। ( চাৰিওফাললৈ চাই ) মই যাওঁতেই ইফালে আহিলেই কিজানি। গম লোৱা যাওক।
 (চাপৰি চাপৰি বাৰৰ কাষ চাপে আৰু জুমি জুমি চায়। তাৰ পাচত বাৰত কাণ লগাই শুনে। )
ঠিক! কোঁৱৰেই হয়। আকৌ বা কলৈ যায়! বেগাই যাওঁ, বুঢ়াগোহাঁই ডাঙৰীয়াক বাতৰি দিওঁগৈ। ধৰাই দিব পাৰিলে মই এটা লেখৰ মানুহেই হম।
 ( চোৰাংচোৱা ওলাই যায়। তেনেতে লাই-লেচাইক লৈ কেতেকী ভিতৰৰ পৰা ওলায়। )
কেতেকী। —আহাঁ মোৰ পোনাহঁত। আইদেউতাই সদায় তোমালোকক মাতি আছে। তোমালোকক পালে
বৰ ৰং পাব।

[ ১৫ ]

লাই। —আমি তাত অভিমন্যু-বধ ভাওনা কৰিম।
লেচাই। —মই হলে অভিমন্যু হ'ম। বেহুত সোমাই সপ্তৰথীৰ লগত যুদ্ধ কৰিম।
কেতেকী। —কৰিবা মোৰ সোণ। এতিয়া আহাঁ। সৌৱা গধূলি হৈ আহিল। ( তিনিও ওলাই যায়। )
 (জয়মতী আৰু নগাবেশী গদাপাণি ওলাই আছে॥ তেতিয়া সময় প্ৰায় গধূলি। )
জয়। —আৰু পলম নকৰিব দেৱতা। গধূলি হবলৈ আৰু সময় নাই। ক’ত কিমান চোৰাংচোৱা ঘূৰিছে কোনে জানে!
গদা। —যাওঁ, নগলে নেৰা যেতিয়া যাওঁ। কিন্তু জয়! নিশ্চয় জানিবা, মোৰ শৰীৰ মাথোন আঁতৰ হ’ব, প্ৰাণে তোমাক এৰিব নোৱাৰে। ভগৱান! মোৰ সাধ্বী ভাৰ্য্যাক আজি তোমাৰ চৰণত সমৰ্পণ কৰিলোঁ; সকলো বিপদৰ পৰা ৰক্ষা কৰিবা।
জয়। —(সেৱা কৰি পদধূলি লৈ) আপোনাৰ চৰণ-ধূলিয়েই মোৰ ৰক্ষণ-কৱচ। আৰু পলম নকৰিব।
গদা। —এই যাওঁ। ( আকুল দৃষ্টিৰে চাই চাই ওলাই যায়।
জয়। —ভগবান! তোমাৰ সুদৰ্শন চক্ৰই যেন স্বামীক সততে আবৰি ৰাখে। যদি বলিৰ প্ৰয়োজন হয়, এই দাসীৰ প্ৰাণ উচৰ্গা কৰিছোঁ।

[ ১৬ ]

 (গদাপাণি উভতি আহে )
গদা। —নোৱাৰোঁ, ভৰি নচলে। তোমাক এৰি যাব নোৱাৰোঁ।
জয়। —দেৱতা মোৰ, ধৈৰ্য্য নেৰিব, দাসীৰ বধ নল'ব। আৰু এখন্তকো ইয়াত নৰ’ব।
গদা। —মই যে পলাব নাজানো, অভ্যাস নাই।
জয়। —সৌৱা ফৌজ আহিছে, আৰু নৰ’ব, পিচফালে বেগাই ওলাই যাওক।
গদা। —জয়া! জয়া! ( আলিঙ্গন। )
জয়া। —কাবৌ কৰিছোঁ, আৰু নৰ'ব। যাওক, যাওক। সৌৱা পালে হি, দাসীৰ মিনতি ৰাখক, ৰক্ষা কৰক।
গদা। —হৃদয় চূড়মাৰ হওক, কণ্ঠৰোধ হওক, তোমাৰ আদেশ পালন কৰিম।
 (চকুৰে দেখালৈকে জয়মতীলৈ চাই চাই ওলাই যায়, জয়মতীয়েও ব্যাকুল ভাবে চাই থাকে )
জয়। —প্ৰিয়তম দেৱতা মোৰ! ( অলপ পিচত ওপৰলৈ চাই কৰযোৰে) ভগৱান! এই দুখিনীৰ কাতৰ প্ৰাৰ্থনা যেন বিফল নকৰা। লৈ যোৱাঁ, মোৰ দেৱতাক তোমাৰ মঙ্গলময় হাতেৰে আবৰি লৈ যোৱাঁ। বেগাই লৈ যোৱাঁ, আৰু নুঘূৰাবা।
 (এদল সশস্ত্ৰ চাওদাঙ্গেৰে সৈতে চাওদাং বৰুৱাৰ প্ৰবেশ। )
চা, ব। —(চাওদাংবিলাকক) ঘৰ ভেটা দিয়াঁ। অতি সাৱধানে

[ ১৭ ]

থাকিবা, যেন গুৰি পৰুৱা এটাও বাহিৰ ওলাব নোৱাৰে।
 (চাওদাংহঁতৰ কিছুমান চাৰিওফালে পিয়া-পি দিয়ে। )
জয়। —কি লাগে আপোনালোকক?
চা, ব। —কোঁৱৰক লগ পাব লাগে।
জয়। —কিয়?
চা, ব। —স্বৰ্গদেৱৰ আদেশ। তেওঁ ৰাজদ্ৰোহত লিপ্ত বুলি জনা গৈছে।
জয়। — মিছা কথা।
চা, ব। —মিছা-সঁচা আমি নাজানে। আমি আদেশৰ ভৃত্য। তেওঁ নিজে ধৰা দিলেই দুয়ো পক্ষৰ মঙ্গল। জয়। — তেওঁ ঘৰত নাই।
চা, ব। —হবই নোৱাৰে। এই এডাঁৰ বেলিৰ আগতে তেওঁ ঘৰ সোমাইছে।
জয়। —সোমাব পাৰে, এতিয়া কিন্তু ঘৰত নাই।
চা, ব। —তেন্তে মই ঘৰত সোমাবলৈ বাধ্য হ'ম। এই স্বৰ্গদেৱৰ আদেশ-পত্ৰ।
জয়। —সোমাব পাৰে। আদেশ-পত্ৰৰ মোৰ প্ৰয়োজন নাই।
চা, ব। — ভাল তেন্তে, সেয়ে হওক।
 ( অনুচৰ সহ ভিতৰ সোমায়। )
জয়। —এক মুহূৰ্ত্ত! আৰু এক মুহূৰ্ত্ত বিলম্ব হোৱা হলেই স্বামীক

[ ১৮ ]

ৰক্ষা কৰা অসম্ভব হ'লহেতেন। বিচাৰক, যিমান বেছি। পৰ বিচাৰে সিমানেই মঙ্গল।
 ( হাত যোৰ কৰি গায়। )
 ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ
 দীন দয়াশীল স্বামী।
 কৰাহা নিস্তাৰ তোমাৰ চৰণে
 শৰণে পশিলোঁ আমি।
 (সানুচৰ চাওদাং বৰুৱা বেগেৰে ওলাই আহে। )
চা, ব। —নাই! সঁচাকৈয়ে নাই! নিশ্চয় আগ ধৰি সম্ভেদ পালে। পলাইছে। কিন্তু পলাই সাৰিব ক’ত? (অনুচৰবিলাকক) আহাঁ, বেগাই আহাঁ, চাৰিওফালে পিতপিতকৈ বিচাৰাঁ। তেওঁ বাহুবলী হ'ব পাৰে, কিন্তু ইমান মানুহৰ চকুত ধূলি দিব পৰা মায়াবী নহয়।
 ( অনুচৰ সহ বেগেৰে ওলাই যায়। )
জয়। —স্থিৰ দৃষ্টিৰে শূন্যৰ ফালে চাই থাকি) চুলি ছিঙ্গি কাতৰ কৰি মাতিছোঁ, মোৰ জীৱ দান দিছোঁ, মোৰ দেৱতাক ৰক্ষা কৰা জগদীশ্বৰ।
 ( আঠু কাঢ়ে। )

প্ৰথম অঙ্ক শেষ।
—————

[ ওপৰলৈ যাওক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )