শকুনিৰ প্ৰতিশোধ - ১৭শ দৃশ্য

শকুনিৰ প্ৰতিশোধ
  1. সূচী
  2. চৰিত্ৰাৱলী
  3. ১ম দৃশ্য- শকুনি, বৰাগী, শল্য
  4. ২য় দৃশ্য- দ্ৰৌপদী, শ্ৰীকৃষ্ণ, অৰ্জ্জুন ,ভীম
  5. ৩য় দৃশ্য- কৰ্ণ,পদ্মা
  6. ৪ৰ্থ দৃশ্য দুৰ্য্যোধন, শকুনি, দুঃশাসন, কৰ্ণ
  7. ৫ম দৃশ্য- বৰাগী
  8. ৬ষ্ঠ দৃশ্য- ধৃতৰাষ্ট্ৰ, গান্ধাৰী,দুৰ্য্যোধন
  9. ৭ম দৃশ্য- যুধিষ্ঠিৰ,সহদেৱ, ভীম,অৰ্জ্জুন , শ্ৰীকৃষ্ণ
  10. ৮ম দৃশ্য- কৰ্ণ, দুঃশাসন, দুৰ্য্যোধন,শল্য, শকুনি
  11. ৯ম দৃশ্য দৃশ্য- ভীম, কৰ্ণ, দুঃশাসন, শকুনি, যুধিষ্ঠিৰ
  12. ১০ম দৃশ্য- দ্ৰৌপদী, অৰ্জ্জুন , যুধিষ্ঠিৰ,শ্ৰীকৃষ্ণ
  13. ১১শ দৃশ্য- শকুনি, দুঃশাসন, ভীম
  14. ১২শ দৃশ্য- ভীম, দ্ৰৌপদী
  15. ১৩শ দৃশ্য- কৰ্ণ, শ্ৰীকৃষ্ণ, অৰ্জ্জুন
  16. ১৪ দৃশ্য- ধৃতৰাষ্ট্ৰ, দুৰ্য্যোধন, গান্ধাৰী
  17. ১৫শ দৃশ্য- শ্ৰীকৃষ্ণ,শকুনি
  18. ১৬শ দৃশ্য- বৰাগী
  19. ১৭শ দৃশ্য- শল্য,শকুনি, যুধিষ্ঠিৰ,সহদেৱ


যুদ্ধক্ষেত্ৰৰ এফাল

( শল্যৰ প্ৰবেশ )

শল্য – ভাৰত যুদ্ধত যি কাম কোনেও সমাধা কৰিব নোৱাৰিলে, সেই কাম সমাধা কৰিব শল্যই । দ্ৰোণবধৰ দিনা শকুনিয়ে কোৱা কথা আজি মনত পৰিছে , ‘শল্য , তুমিয়েই দুৰ্য্যোধনৰ মান ৰক্ষা কৰিব লাগিব ।’ আজি সেই অপূৰ্ব্ব সুযোগ সমাগত । দুৰ্য্যোধন, অযোগ্যজনক সেনাপতি পাতি , অতদিন শক্তি ক্ষয় কৰি যি ভুল কৰি আহিছা তাক আজি সহজে বুজিব পাৰিব । মদ্ৰপতিক কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হ’লে হস্তিনাপুৰত পতিহীনা অৱলাৰ , পিতৃহীনা পুত্ৰ- কন্যাৰ কৰুণ বিননি শুনিব নেলাগিলহেঁতেন ।

(শকুনিৰ প্ৰবেশ)

শকুনি – ইফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে , আৰু তুমি ইয়াত কৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিছাহি ।

শল্য – মামা , শল্যই নিজৰ দায়িত্ব বুজে ।

শকুনি – শুনি সন্তোষ পালোঁ ।

শল্য – ভীমাৰ্জ্জুন ক’ত ?

শকুনি – যুদ্ধক্ষেত্ৰত ; কুৰুসেনা এফালৰপৰা পিহি আনিছে ।

শল্য – তুমি ইয়াত কিয় ?

শকুনি – তোমাক বিচাৰি ।

শল্য – মোৰ কোনো আৱশ্যক নাই । যোৱা , যুদ্ধ কৰা ;আমাৰ জয় অনিবাৰ্য্য । মই ইয়াতে ভীমাৰ্জ্জুনৰ কাৰণে অপেক্ষা কৰিম ।

শকুনি – কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্য –

শল্য – তৰ্ক নালাগে । কৌৰৱৰ সেনাপতি মই , মোৰ আদেশ, যুদ্ধ কৰা ।

শকুনি – যদি আদেশ পালন নকৰো ?

শল্য – কুৰুপতিৰ মামা বুলি ক্ষমা নকৰোঁ । কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই । যোৱা যুদ্ধ কৰা ।

শকুনি – শল্য, ভাৰত যুদ্ধ অৱসান হওঁ হওঁ । ৰথী-মহাৰথী গ’ল অক্ষৌহিণী, অক্ষৌহিণী সেনা নিপাত হ’ল ; ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্য্যোধন ভাতৃহীন, শক্তিহীন হ’ল অথচ, অথচ এই শকুনিক কোনেও উন্মাদগ্ৰস্ত অৱস্তাতো ৰঙ্গাচকু দেখুৱাই আদেশ দিবলৈ সাহ নকৰিছিল । দুৰ্য্যোধনৰ মাতুল বুলি, কুৰুকুলৰ উপদেশক বুলি ভাৰতে শকুনিলৈ ভয় কৰা নাই ;ভাৰতে শকুনিক ভয় কৰিছে , শকুনি বুলি । শুনা শল্য যি কুৰুক্ষেত্ৰৰ ৰণৰ আজি তুমি চতুৰ্থ সেনাপতি হৈ নিজে নিজে গৌৰৱ কৰি শকুনিৰ ওপৰতো প্ৰভুত্ব খটুৱাব খুজিছা, সেই কুৰুক্ষেত্ৰ ৰণ উদ্বোধন কৰিলে শকুনিয়েই , আৰু যৱনিকাও পেলাব এই শকুনিয়েই ।

শল্য – তোমাৰ উদ্দেশ্য ?

শকুনি – মোৰ উদ্দেশ্য ? হাঃ হাঃ হাঃ শল্য , শল্য, মোৰ উদ্দেশ্য তুমি জানিব খুজিছা ? এশ মৃতদেহৰ স্তূপৰ মাজত মোৰ অট্ৰহাস্য শুনা নাছিলা ? পাশা খেলত পিতৃ অস্থি নিৰ্ম্মিত পাশতি দেখি বুজিব নোৱাৰিলা ? হাঃ হাঃ হাঃ মোৰ উদ্দেশ্য ? (নেপথ্যলৈ চাই ) সৌৱা, সৌৱা বায়ু বেগে যুধিষ্ঠিৰ লৰি আহিছে । শল্য , শল্য, কৌৰৱ সেনাপতি, পৰ পাৰত নিয়তিৰ ভেৰী বাজি উঠিল । তুমিও আগবঢ়া ,আগৰবঢ়া । (প্ৰস্থান)

(বিপৰীত ফালৰপপৰা যুধিষ্ঠিৰৰ প্ৰৱেশ)

যুধিষ্ঠিৰ -মদ্ৰপতি,আত্ম-সমৰ্পণ নে অসি চালনা।

শল্য -(অসি উলিয়াই)আগেয়ে নিজক ৰক্ষা কৰা।

যুধি -উত্তম।

(যুদ্ধ কৰি দুয়োৰো প্ৰস্থান,বিপৰীত ফালৰপৰা সহদেৱৰ প্ৰৱেশ)

সহদেৱ -ইয়াতো নাই! ক’ত পলাল? পৃথিৱীৰ ইমূৰৰপৰা সিমূৰলৈকে বিচাৰি হ’লেও,কুলাঙ্গাৰ গান্ধাৰ পুত্ৰ শকুনি,আজি তোক হত্যা কৰিম।

(প্ৰস্থান)

(বিপৰীত ফালৰপৰা শকুনিৰ প্ৰৱেশ)

শকুনি -শল্য গ’ল! সহদেৱে মোকো বিচাৰি ফুৰিছে । দুৰ্য্যোধন, বিদায়া। যি শকুনিৰ নিৰান্নবৈটা ভ্ৰাতা আৰু বৃদ্ধ পিতাক অনাহাৰত অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মাৰিছিলা,সেই শকুনিয়ে,তোমাৰো নিৰান্নবৈটা ভাতৃক কাল-চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত এশখন চিতা জ্বলাই,তাৰ প্ৰতিজ্ঞা অক্ষৰে অক্ষৰে পালন কৰিলে। আজি মোৰো কৰ্ত্তব্য শেষ।

(সহদেৱৰ প্ৰবেশ)

সহদেৱ -কি? চক্ খাই উঠিলা যে।

শকুনি -পুজা শেষ কৰি তোমাকেই অপেক্ষা কৰিছিলো সহদেৱ,ঠিক সময়তে আহিছা । আহাঁ আজি এই পূণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা,দুৰ্য্যোধনৰ মাতুল,ভাৰতৰ ধূমকেতু,মানৱ জন্মৰ প্ৰহেলিকা শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰক। সেই বুলি আৰ্ত্মসমপণ নকৰো। প্ৰতিহিংসাপৰায়ণ ক্ষত্ৰিয় মই। ময়ো অসি চালনা কৰিব জানো,লোৱা,অস্ত্ৰ লোৱা।

(দুয়ো যুদ্ধ কৰিবলৈ উদ্যত)

শকুনি -পিতা,পিতা,জন্মদাতা,শত্ৰু শোণিতেৰে ৰাঙ্গলী মোৰ জীৱনৰ ৰঙ্গা জবা পাহি আজি পুনৰ তোমাৰ পাদপদ্মত উৎসৰ্গা কৰিলো। দুৰ্য্যোধন,ধৃতৰাষ্ট্ৰ,গান্ধাৰী,হাঃ হাঃ হাঃ। সহদেৱ—

(যুদ্ধ।খন্তেক যুদ্ধৰ পাচত ৰৈ)

সহদেৱ -এয়ে শেষবাৰ! কৌৰৱৰ ভাগ্য বিধাতা,মৃত্যুৰ আগতে শিৰচ্ছেদ কৰাৰ আগতে সুশ্যামল ভাৰতভূমিক শেষবাৰৰ কাৰণে চাই ল।

শকুনি -সহদেৱ,ভাৰতভূমিক শকুনিয়ে সুশ্যামল কৰি ৰখা নাই,চিতাগ্নিত ছাই কৰিছো,কৌৰৱক কৌৰৱ কৰি থোৱা নাই সিহঁতৰ গৌৰৱ ধূলিৰ লগত মিহলাই দিছো,আৰু,আৰু কৌৰৱেশ্বৰ দুৰ্য্যোধনক ৰজা কৰি ৰখা নাই,পথৰ ভিক্ষাৰী কৰি,বুকু ভাঙি ভাঙি কান্দিবলৈ ভাৰতৰ শ্মাশন ঘাটত এৰি দিছো।

(আক্ৰমণ কৰিবলৈ উদ্যত)

সহদেৱ -মিত্ৰদ্ৰোহী,জ্ঞাতিদ্ৰোহী,তাৰ পুৰস্কাৰ গ্ৰহণ কৰ।

শকুনি -যি শকুনিয়ে নিৰান্নবৈটা ৰাজভ্ৰাতাক মৃত্যুদণ্ড দিব পাৰে,সেই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে। আজি মোৰ মৃত্যু নহয় সহদেৱ মুক্তি,মুক্তি।(যুদ্ধ।অস্ত্ৰাঘাতত শকুনি বাগৰি পৰে; সহদেৱে তৰোৱালৰ আগ শকুনিৰ বুকুত সুমাই-)

সহদেৱ -সৃষ্টিৰ কলঙ্ক,কালৰ্সপ,নৰাধম শকুনি-

শকুনি -তৃপ্তি-তৃপ্তি-তৃপ্তি-।

    
                                                                                                                                        (-যৱনিকা-)