[ প্ৰথম অঙ্ক ]
লভিতা।
প্ৰথম অঙ্ক
প্ৰথম দৰ্শন

ঠাই- লহৰজান মৌজাৰ
ফুলগুৰি গাঁও
সময়-সন্ধিয়াৰ আগভাগ

 গোলাঘাট “লহৰজান এয়াৰড্ৰম”ৰ তেনেই ওচৰৰ বহল পথাৰৰ কাষত ফুলগুৰি গাঁৱৰ বাণেশ্বৰ বৰুৱাৰ ঘৰৰ আগচোতাল। এফালে ভঁড়াল-ঘৰটো দেখা গৈছে আৰু এফালে বহু দূৰলৈকে পথাৰ দেখা গৈছে। দূৰৈত নগা পৰ্ব্বতৰ শাৰী জিলিকি আছে। সময় সন্ধিয়াৰ আগভাগ। লহিওৱা বেলিৰ ৰ'দ এচেৰেঙা আহি চোতালত জিক্‌মিকাই আছে। ঘৰৰ ওপৰেদি থোকাৰ তামোল গছ আৰু আম লেটেকুৰ গছ দেখা গৈছিল। ভঁড়ালৰ কাষত এজোপা নাহৰ গছ আৰু আগত এজোপা তগৰ ফুলি আছিল। বহাগ সোমাইছে মাথোন। দূৰণিৰ পৰা টকা, পেপাৰ মাত আৰু ৰিণিকি ৰিণিকিকৈ বনগীত মাজে মাজে শুনো-নুশুনোকৈ ভাহি আহিছিল। বাণেশ্বৰ বৰুৱাৰ গাভৰু জীয়েক চোতালতে মূঢ়া এটাত বহি এৰী সূতা কাটি আছিল। ওচৰতে এটা কুকুৰ-পোৱালিয়ে হাঁহকেইটামানক খেদাখেদি কৰি কুঁ-কুৱাই ফুৰিছিল। বাণেশ্বৰ বৰুৱাৰ জীয়েকৰ নাম লভিতা। দেখিবলৈ বগা আৰু শুৱনী। তাই মাজে মাজে বনগীত এফাঁকি দুফাঁকি গায় কুকুৰটোলৈ চাই হাঁহে, আকৌ বন-গীত গাই তাই ৰ'লে কেতিয়াবা দূৰৈৰ বনগীত এফাঁকি উটি আহে। তাই ৰ' লাগি ৰৈ শুনে। তাৰ পিছত নিজেই গায়। [  ]

 —দূৰণিৰ উটি অহা বনগীত—
 লুইতেদি যাৱ ক'ৰে নাৱৰীয়া
              তই ক'ৰে নাৱৰীয়া ঐ
মানুহে মানুহৰ মৰম নুবুজে
             তেজীমলাহে মই।
লুইতেদি বয় ক'ৰে ৰূপৰ পানী
             কি কথা বুকুতে লই
মনৰে কথা মোৰ মনত মৰহিলে
             তেজীমলাহে মই।

—লভিতাৰ বন-গীত—

মোৰ বাৰীত ফুলিলে  ইন্দ্ৰজিত মালতী
            তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা  উটুৱাই আনিলে
            সন্ধিয়াৰ বাউলী বা।
বাউলী বাৰে আউলী চুলি
            কাৰ কথা কৈয়ে
            মাত কু-উ বুলি?
            ৰূপহ কলীয়া কুলি?

 এনেতে দূৰৈত খিল্‌ খিল্‌কৈ ছোৱালীৰ হাঁহি শুনা যায়। লভিতা তভক্‌ মাৰি ৰয়। আকৌ খিল্‌ খিল্‌কৈ হাঁহি সোণ, ৰূপ, হীৰা, [  ] তিনিজনী ধুনীয়া গাভৰু কাষত পিতলৰ কলহ লৈ সোমাই আহি লভিতাৰ আগত খিকখিকাই হাঁহিবলৈ ধৰে।

লভিতা। ঔ আই! আজি দেখোন ৰচকী বাইহঁতৰ হাঁহিৰ ভমক্‌ চৰিল!

(ছোৱালীহঁতে আকৌ খিল্‌খিল্‌কৈ হাঁহে।)

সোণ। চৰিবতো লভিতা বাইটী। তোমাৰ বনগীতৰ সুৰে আমাক জোকাই ভাকুত-কুতাই দিছেগৈ, সেইহে...

(আকৌ গাভৰুকেইজনীয়ে খিল্ খিল্‌কৈ হাঁহে।)

লভিতা। তহঁতৰ ক'ত কুত-কুতালেগৈ অ'? কাষলতিত নেকি?

সোণ। কাষলতিত নহয় বাইটী! কাণৰ লতিতহে।

  (খিকখিককৈ হাঁহে)

লভিতা। কি অ' এই কিজনী কথাই কথাই খিক্‌খিকাই থাকে!

ৰূপ। তুমি আকৌ গোলাপ ককাইটিৰ চিতনি-ভাৱনিত গহীন হৈছা! আমিনো কাৰ চিতনি-ভাৱনিখন কৰিছো যে নাহাঁহি মুখখন এহাত দীঘলকৈ ওলোমাই থম?

(আটাইকেইজনীয়ে আকৌ হাঁহে)

লভিতা। তহঁতৰ সৈতেনো কোনোবাই কথা কাটিব পাৰেনে? তহঁতৰ জিভা নহয়, ডাঢ়ি খুৰুৱা খুৰহে। [  ] সোণ (দুষ্টালিৰে)। কাৰ ডাঢ়ি খুৰুৱা খুৰ বাইটী?

  .. এ এ গোলাপ ককাইদেউৰ?

 (লভিতাই চকু ঘোপা কৰি সিহঁতৰ ফালে খেদা মাৰি যায। আটাইকেইজনীয়ে খিক্ খিক্‌কৈ হাঁহি অলপ আঁতৰলৈ যায়।)

হীৰা। (অলপ আঁতৰৰ পৰা এটা ধেমেলীয়া গীত গায়।)

-গীত-
বাইদেউ বাইদেউ
 ৰজাৰ জী আইদেউ!
দোলাখন আনি দে যাওঁ,
বাইদেউৰ দৰাটো ফেৰেকাঠেঙীয়া
ধিনিকি ধিন্দাও দাও।
(হাঁহে।)

(লভিতাই হাঁহি বহেহি।)
সোণ। (দুষ্টালিৰ হাঁহিৰে আন কেইজনীক চকু পিৰিকায়)

 পি.. .পি-পিছে বাইদেউ। আজি আমি আহোঁতে বাটত মিলিটেৰী পোছাক পিন্ধি গোলাপ ককাইদেউক অহা দেখিছিলো নহয়। লভিতা। দেখিছিলি! (গহীন হৈ) দেখিছিলি যদি দেখিছিলি। পিছে মই কি কৰিব লাগে?

সোণ। পিছে হাতত কিবা বোলেনে...কিবা ৰঙা তেল এবটল দেখিছিলো। আমাৰ বাইদেউলৈকে আনিছে হবলা? [  ] লভিতা ( ভেকাহি মাৰি )। যা যা, চুপতি নকৰিবি। তোলৈহে আনিছে।

(কেউজনী গাভৰুৱে খিল্ খিল্‌কৈ হাঁহে।)

সোণ। আমালৈ কেলৈ আনিব বাইটী! যালৈ মনত পৰি পৰি তেওঁৰ আমঠু ক’লা পৰিছে তেওঁলৈহে আনিব। বোলে --

বাইটী বাইটী চেনেহৰ আইটি
 বগৰি পাৰি দে খাওঁ,
আমাৰ আইটীৰে চুলি ফপৰীয়া
 গোন্ধ তেল ঘহি মেলাওঁ।

এটাই কেউজনীযে শিক্‌ খিকায়। লভিতাই চকুৰে খং দেখুৱাই ওঁঠৰে দাত কামুৰি মিচিকি হাঁহিৰে সিহতক খেদা মাৰে। কুকুৰ পোৱালীটোৱে আকৌ ভুক্ ভুক্ কৰে।

এনেতে হো হোৱাই ওপৰেদি এখন উৰাজাহাজ উৰি যায় আৰু সকলোৱে ওপৰলৈ চাই থৰ হৈ ৰয়। লাহে লাহে উৰা-জাহাজৰ শব্দ নাইকিয়া হয়।

হীৰা ( মুখত আতঙ্কৰ ভাব লৈ)। আজি দুদিনমানৰ পৰা দেখান উৰাজাহাজবোৰ বৰকৈ উৰিছে। কিবা এটা হব।

ৰূপ। ইহ আজি পিতাইৰ আগত গেৰেলা গাঁওবুঢ়াই কৈছিল বোলে জাপানীহতে হেনো মণিপুৰখন ঘেৰাও কৰি আছে আৰু বোলে কহিমাখনতো সোমালহি। [  ] সোণ। ভাল কথা কৈছ। সিদিনা বোলে দুটা জাপানী বোকাখাটত ওলাইছিলহিয়েই।

লভিতা। এৰা অ’! কিনো হয়গৈ কব নোৱাৰি—আমাৰনো কি হব চাগৈ!

হীৰা। যি হব লাগে হব। সেই মান-দেশৰ পৰা অহা ভগনীয়াবোৰৰ দৰে আমিও কোনোবা ধুবুৰীত লেলাই-ধেন্দাই মৰিবগৈ লাগিব।

ৰূপ। মৰিলেতো ভালেই। সেই কলা কলা নিগ্ৰোবোৰ দেখিলেহে ভয় লাগে। এ−−−এ বাইটী। সিদিনা পাঁচোটা নিগ্ৰোৱে আমাৰ গাঁওবুঢ়াৰ জীয়েকক পহু খেদ দিলে নহয়। ভাইগে পুলিচৰ দাৰোগা এজন চাইকেল মাৰি আহিছিল—নহলে ইস্ ইস্ বাইটী! সেইবোৰ ভাবিলে কলিজা-ডোখৰে কাঁও-বাঁও কৰি আহে বাইটী...।

লভিতা (মুখ গহীন আৰু খং প্ৰকাশ কৰি)। বুজিছনে এইবোৰ উৎপাত দেখি কেঁচাইখাতী গোসানী হৈ সিহতৰ হাড়-মূৰ চোবাই পেলাবৰ মন যায়। কি সোণাময় দেশখনত কি ভূত-দানহৰোৰ ওলালহি অ'।

এনেতে দূৰৈৰ পৰা বহু মানুহৰ কণ্ঠেৰে গীত আহে। আটাই কেউজনীয়ে সেইফালে চাবলৈ ধৰে। দূৰৈৰ পৰা কংগ্ৰেছ ভলণ্টিয়াৰৰ দল এটাই গীত গাই গাই সেই ফালে আহি থাকে। [  ]

−গীত−
সাজু হ, সাজু হ, নৱ যোৱান!
সাজু হ, সাজু হ, নৰ যোৱান!
তই কৰিব লাগিব অগ্নিস্নান।
জীৱন যৌৱন
কৰি প্ৰাণপণ
 ৰাঙলী কৰি দে ৰণাঙ্গণ
জয়-শঙ্খ বজা
পৃথিৱী-কঁপাই
 অত্যাচাৰকো কৰি বৰণ
স্বাধীনতা ধন।  
নতু মৰণ।   
 লোহাৰে শিলেৰে
  বান্ধি ল মন।
বজ্ৰকণ্ঠে বিশ্বক শুনা।
সত্যৰ জয়গান
বুকৰ তেজেৰে বুই দে আজি
ভাৰতৰ অপমান
সাজু হ , সাজু হ, নৱ যোৱান।

(লাহে লাহে গীত গোৱা সমদলৰ মাত তেনেই ওচৰ চাপি আহে। পুনৰ দূৰৈলৈ যায়গৈ।) [  ] সোণ। বাইটী! কিনু দেশখনত হব খুজিছে কবই পৰা নাই। ইফালে জাপানী, সিফালে এমেৰিকানৰ গচকত প্ৰজা জোল উঠিছে। তাতে আকৌ আমাৰ কংগ্ৰেছৰ ৰাইজখন উত্ৰাৱল হৈ পৰিছে।

ৰূপ। এই ভলণ্টিয়াৰৰ গীতবোৰ শুনিলে বাইটী! গাটো ৰণজিৎ ৰণজিৎ কৰে। পিছে সিহতৰ লগত যাবলৈ গাঁওবুঢ়াই হাক দিয়ে। লভিতা বাইটী! সিহঁতখনকনো লাগে কি?

লভিতা। তাকেই ইমান দিনে তহঁতে বুজা নাইনে? আমাৰ দেশখন ইংৰাজ ৰজাই খাইছে জাননে?

ৰূপ। অ' কেলেই নাজানিম?

লভিতা! আমাৰ দেশখন আমাৰ হাতত দিব লাগে। আমাৰ মাটি-বাৰীৰ আমিহে গৰাকী।

ৰূপ। পিছে সিহঁতনো যাব কিয়?

লভিতা। নাযায় দেখিহে গান্ধীয়ে সিহঁতৰ সৈতে যুজখন তৰি লৈছে।

ৰূপ। পিছে বাইটী! আমাৰ মানুহৰ হিলৈ নাই, বন্দুক নাই, উৰা-জাহাজ নাই। সিহঁতৰ সৈতেনো কেনেকৈ যুজ দিব?

 লভিতা।—বহুত পৰ তলক। মাৰি ৰৈ থাকে একো নকয়।)

ৰূপ। সেইবোৰ দেখোন আমাৰ স্বৰাজ্য বিচৰা মানুহবোৰ চৰকাৰে ফাটেক দিছে, লাঠীৰে টঙনিয়াই আৰু বন্দুকেৰে গুলীয়াই মাৰিছে। ক’তা আমাৰ মানুহেনো কিটো কৰিব [  ] পাৰিছে? ঢাল, তৰোৱাল নাই—ইফালে উত্ৰাৱল হৈ ফুৰিলে জানো সিহতে দেশ এৰিব?

লভিতা। গান্ধী মহাত্মাই কৈছে বোলে এইদৰে আমি স্বৰাজ লাগে বুলি সিহঁতৰ অত্যাচাৰ মূৰ পাতি লৈও স্বৰাজৰ কাৰণে সিহঁতৰ সৈতে ফেৰ পাতি সিহতৰ আইন নামানি সিহতৰ সৈতে জুই-পানী নুছুই থাকোতে থাকোতে পিছত গৈ, সিহঁতে তেতিয়াও বইচ্‌ মনাব নোৱাৰিলে আমাৰ কথা শুনিবগৈ।

ৰূপ। জানো বাইটী! সিহঁতৰ অত্যাচাৰ দেখিলে কেতিয়াবা যে সিহঁতৰ মন কুমলিবগৈ, তেনে মনে নধৰে। জানো বাইটী—

 এনেতে বাহিৰত এজন ভলণ্টিয়াৰে ‘বন্দে মাতৰম' ধ্বনি কৰে আৰু অলপ পিছতে এজন ডেকা, মূৰত গান্ধী টুপী আৰু গাত খদ্দৰৰ চোলা চুৰীয়া পিন্ধি সোমাই আহে।

ভলণ্টিয়াৰ। ঘৰত কোনোবা মুনিহ মানুহ আছেনে?

লভিতা। (নম্ৰভাৱে)। নাই - ঘৰত কোনো নাই। মইহে আছো।

ভলণ্টিয়াৰ। অ’ বাৰু—বাক তোমালোককে দুষাৰমান কৈ যাওঁ। পিছে দেশৰ কথা-বতৰাৰ কিবা বুজ-বতৰা ৰাখিছানে?

লভিতা। দেখিছোতো এইবোৰ হুৱাদুৱা। পিছে কি হবগৈ জানো?

ভলণ্টিয়াৰ। কি হব তাক এতিয়াও কব নোৱাৰি। জাৰ্মানীয়ে [ ১০ ] এফালৰ পৰা গিলি নিছে। ফৰাছী দেশ ললে। য়ুৰোপৰো বহুত দেশ ললে। আমাৰ ইংৰাজবোৰকো তৰা-নৰা দেখুৱাইছে। এতিয়া এফালে ইংৰাজ, আমেৰিকা আৰু তাৰ লগতে ৰুছদেশ হৈছে—আনপক্ষে জাৰ্ম্মানী, ইটালী আৰু জাপানীহত। এইবোৰ কথা তোমালোকে জানা নহয়?

লভিতা। অঁ আমি অলপ-অচৰপ জানো।

ভলান্টিয়াৰ। অঁ এতিয়া এই দুই মহৰ যুঁজত আমি আমাৰ দেশ ৰাখিব লাগিব। ভয় খালে নচলিব। সাহ কৈ নিজৰ স্বাধীনতাৰ বাবে ওলাব লাগিব। তোমালোকে ভয় খাইছা নেকি?

(লভিতা মনে মনে থাকে।)

ৰূপ। (অলপ আগবাঢ়ি আহি) আপুনি ভয় খাইছে নেকি?

ভলণ্টিয়াৰ। (অলপ অপ্ৰতিভ হৈ) মই! মই নাই খোৱা। কিয় খাম?

ৰূপ। আমিনো কিয় খাম?

ভলণ্টিয়াৰ। কিয় এইবোৰ মিলিটেৰী নিগ্ৰো-চিপাহী সৈন্য- সামন্ত চলিব লাগিছে।

ৰূপ। চলিছে চলিছে। আমাৰ ভয় খোৱাৰ কিটোনো হৈছে?

ভলণ্টিয়াৰ। তোমালোকৰ দেখোন বৰ সাহ।

ৰূপ। তাৰ মানে আপনি ভয় খাইছে...? সেইহে আমাকে ভয় খাইছে বুলি ভাবিছে। [ ১১ ] ভলণ্টিয়াৰ। বহুত গাঁৱৰ মানুহে ভয় খোৱা দেখিছোঁ দেখিহে।

ৰূপ। গাঁৱৰ মানুহে কিটো ভয় কৰিব? সেইবোৰ আপোনাৰ নগৰৰ মানুহহে ভয়ত পেপুৱা খাই গাঁৱে গাঁৱে সোমাইছেহি।

ভলণ্টিয়াৰ। হাঃ হাঃ হাঃ হওঁতে হয়, হয় হওঁতে। পিছে বাৰু সেইবোৰ কথা যাওক। এতিয়া মই দেশৰ কথা দুষাৰমান কব খোজো।

ৰূপ। বাৰু কওক। পিছে কোৱাৰ পিছত গীত এটা গাব লাগিব হলে।

লভিতা। ৰূপ! কি চুপতি কৰ অ'?

ভলণ্টিয়াৰ। বাৰু বাৰু গোৱা যাব। একো কথা নাই। পিছে এতিয়া দেশৰ অৱস্থা দেখিছ নহয়। আজি আমাৰ ভাৰতৰ শিৰৰ মণি মহাত্মা গান্ধীক ইংৰাজ গৱৰ্ণমেণ্টে বন্দী কৰি থৈছে। আমাৰ নেতাসকল আজি জেলত পচিছে। আজি মহাত্মাৰ ‘ভাৰত-ত্যাগ’ মন্ত্ৰই ভাৰতক এক নতুন জাগৰণেৰে জগাই দিছে। আজি দেশৰ জনসাধাৰণ সাৰ পাই উঠি নিজৰ দেশক ইংৰাজৰ হাতৰ পৰা মুক্তি কৰিবলৈ নিজৰ জীৱন দিবলৈ ওলাইছে। কনকলতা কুশল কোঁৱৰ তিলক ডেকা—এই কতই অজি বুকৰ তেজ দি স্বাধীনতাৰ হকে বলি গৈছে। এইবোৰৰ কথা নিশ্চয় জানা। দেশত যে স্বাধীনতা আন্দোলন-বিপ্লৱ এইবোৰ হব লাগিছে, এইবোৰৰ বিষয়ে তোমালোকে কি কৰিছাঁ? [ ১২ ] ৰূপ। আমি আৰু কিটোনো কৰিম?

লভি ( বাধা দি )। ৰ’ চোন অ' ৰূপ! আমি আৰু একোটো কৰিব পৰা নাই। সিদিনা কমিটীত সূতা কাটিবলৈ কৈছে, এৰী কাটিবলৈ কৈছে –তাকে কৰিছো।

ভলণ্টিয়াৰ। তাতে তোমালোকৰ কৰ্তব্য শেষ হ'লনে? আমি বিপ্লৱ কৰিব লাগিব। যুজ কৰিব লাগিব।

ৰূপ। কিহেৰে যুজখন কৰিম? (পিতলৰ কলহটো দেখুৱাই) এই কলহটোৰ কাণেৰে মাৰিলে জানো (মিচিক্‌কৈ হাঁহি দিয়ে। আনকেইজনীয়েও হাঁহে।

লভিতা। (খং কৈ)। তহঁতে মাথোন যেই সেই কথাতে হাঁহিবহে জান। নুশুন কিয়?

ভলণ্টিয়াৰ। নহয় নহয় তেওঁ সঁচা কথাই কৈছে। এৰাতো, কিহেৰে যুঁজিম? নাই বন্দুক, নাই বৰতোপ, নাই উৰাজাহাজ, সেই কাৰণেই আমাৰ একো নাই দেখিয়েই, আমি নিৰস্ত্ৰ দেখিয়েই, জানো আমাৰ দেশৰ স্বাধীনতাৰ বাবে একো নকৰি হাত সাৱটি বহি থাকিব লাগিব? আজি ইংৰাজে আমাক শাসন কৰিছে। কাৰণ সিহঁতৰ শাসন আমি মানি লৈছো দেখিহে। সিহতক আমি আমোলা মহৰি দি, বিষয়া হৈ, সিহতৰ আইন-কানুনমতে চলি, সিহতক কৰ-কাটলৰে যোগান দি সিহতক মানি লৈছো দেখিয়েই সিহঁতে আশাক শাসন কৰিছে। যেতিয়াৰ পৰা আমি সিহতক সেই সকলোৰে পৰা বঞ্চিত কৰিম, [ ১৩ ] সেই দিনাৰে পৰা সিহতে আমাৰ ওপৰত এই শাসন চলাব নোৱাৰে। অৱশ্যে তাৰ বাবে সিহঁতে আমাক বলেৰে ছলেৰে, কৌশলেৰে ভয় দেখুৱাই নানা অত্যাচাৰ কৰি বইচ মনাবলৈ সকলো চেষ্টা কৰিব—কিন্তু আমি যদি সকলো সহ্য কৰি, ত্যাগ কৰি-কষ্ট-অত্যাচাৰ বুকু পাতি লৈ সেই অগ্নি-পৰীক্ষা পাৰ হব পাৰো—তেন্তে এই শাসকসকলে আনাৰ স্বাধীনতাৰ অধিকাৰ নামানি কলৈ যাব? সেই কাৰণেই কৈছো নিৰস্ত্ৰ হলেও আমাৰ হাতত অমোঘ অস্ত্ৰ আছে। সেই অস্ত্ৰ প্ৰয়োগ কৰি তাৰ বাবে যি ত্যাগ আৱশ্যক অকাতৰে তাক কৰিব পাৰিলে আমাৰ বিজয় অনিবাৰ্য।

(আটাইবোৰে তভক্ মাৰি শুনি থাকে।)

ইয়াকে কৰিবলৈ হলে—দেশ জাগিব লাগিব। দেশৰ মুনিহ, তিৰোতা, ডেকা, গাভৰু, আদহীয়া, বুঢ়া, ধনী, দুখীয়া সকলোৱেই আগবাঢ়িব লাগিব। সকলো ওলাব লাগিব। আজি এই পৃথিৱীজোৰা মহাসমৰত পূবৰ পশ্চিমৰ সকলো দেশে, মহাদেশে জুই জ্বলিব লাগিছে। যাৰ স্বাধীনতা হেৰুৱাইছে সি স্বাধীনতাৰ কাৰণে মূৰ দাঙি উঠিছে। সেই কাৰণে আজি আমিও ওলাইছো—দেশক জগাবলৈ, দেশক উদ্বুদ্ধ কৰিবলৈ। সকলো ওলাব লাগে। দেশক ৰণ সাজে সজ্জিত কৰিবলৈ আমি ককালত টঙালি বান্ধিব লাগিব। [ ১৪ ] যুঁজিব লাগিব, মৰিব লাগিব, জিনিব লাগিব। দেশৰ ডেকা-ডেকেৰীৰ দল, দেশৰ নৱ যোৱানৰ দল সাজু, হব লাগিব। (গীত গায় তই কৰিব লাগিব অগ্নিস্নান)

 ভলণ্টিয়াৰ জনে গোটেই গীতটো গাই শেষ কৰাৰ পিছত দূৰৈত বৰ গণ্ডগোল শুনা যায়। ‘বন্দে মাতৰম’ ‘জয় ভাৰত কি জয়’, জনতাৰ মাজৰ পৰা ধ্বনি আহিবলৈ ধৰে। গোলামালৰ মাজতে দুবাৰমান বন্দুকৰ শব্দ শুনা গ'ল। ভলণ্টিয়াৰে গীত বন্ধ কৰি চক খাই উঠে— আৰু আটাইবোৰে থৰ লাগি আচৰিত হয়। ভলণ্টিয়াৰ জনে “সমদলৰ ওপৰত গুলী" বুলি তৎক্ষণাত নাইকিয়া হয় ,আকৌ বন্দুকৰ আৱাজ হয়। কোলাহল, মানুহৰ গণ্ডগোল তেনেই ওচৰ চাপি আহে। লভিতাহঁতে উত্তেজিত হৈ বাহিৰৰ ফালে চাবলৈ ধৰে। লভিতাহঁতে চোৱাৰ ফালে কিছুমান ভলণ্টিয়াৰ আৰু লৰা-ছোৱালী বেগেৰে ষ্টেজৰ ইফালে সিফালে যায়। সিহতৰ কোনো কোনোৰ গাত তেজৰ দাগ দেখা গৈছিল। বাহিৰত গণ্ডগোল চলি আছে। কাণ্ড-কাৰখানা দেখি লভিতা আৰু লগৰ ছোৱালী কেজনী নিজৰ ঘৰৰ দুৱাৰমুখত থুপ খালেগৈ।

 এনেতে এজুম ছোৱালীৰ মাজত এজনীৰ হাতত তিনি বৰণীয়া নিচান লৈ থকা সৰু ছোৱালীৰ সৈতে এজন দাৰোগা আৰু পুলিচে নিচান লৈ কঢ়া-আজোৰা কৰি সোমাই আহে। পুলিচৰ দাৰোগাই উগ্ৰমূৰ্ত্তি ধৰি কয়।

দাৰোগা। স্বৰাজ লাগে, স্বৰাজ লাগে। ফ্লেগ্‌‌ জোকাৰি জোকাৰি স্বৰাজ খাবলৈ আহিছ? গাঁৱত ধান বানোতে বানোতে জীৱন গল। এতিয়া গৱৰ্ণমেণ্ট চলাবলৈ আহিছ? তহঁতৰ জীৱ উলিয়াম। [ ১৫ ] হাতত নিচান লোৱা ছোৱালী। (বৰ উত্তেজিত হৈ)। চলাম চলাম। এশবাৰ চলাম। হাজাৰবাৰ চলাম গৱৰ্ণমেণ্ট। আমাৰ দেশ—আমাৰ মাটি আমাৰ নৈ—আমাৰ পৰ্ব্বত— আমাৰ আকাশ—সকলো আমাৰ। গাঁৱত ধান বানি আছিলো, বোকা খচকি ভূঁই ৰুই আছিলো, গৰু ৰখি আছিলো— এতিয়া গৱৰ্ণমেণ্ট চলাম – চলামেই চলাম। কিয় কিয় নচলাম। তহত পুলিচ দাৰোগা, হাকিম, বৰচাহাব, লাটচাহাব সকলোৱেই গাঁৱলীয়া ৰাইজৰ হুকুমমতে চলিব লাগিব। ইমান দিন বগা চাহাবৰ সৈতে লগ লাগি, আমাক গচকি গচকি খালি। এতিয়া নেৰিছো। বুজিছ— নেচোন চাওঁ— হাতৰ পৰা নিচান?

(এনেতে হঠাং দূৰৈৰপৰা কোনোবা ভলণ্টিয়াৰে গাই উঠে।)


গীত

অ’ আমাৰ গাঁও
অ' আমাৰ গাঁও
আমাৰ গাঁৱৰ মান ৰাখি
  মৰিবলৈ যাঁও
অ' আমাৰ গাঁও।

(হঠাৎ গীত নিমাত হয়।)

[ ১৬ ] দাৰোগা। পেন্দুকণা ছোৱালী! তোৰ কলিজা দেখোন বৰ

ডাঠ—বেটী—

 এই বুলি নিচানৰ পৰা হাত এৰি অলপ আঁতৰি চিপাহী কেইটাক কয় “মাৰ কুকুৰনীহঁতক মাৰ”। গৰোগাই নিজৰ ককালৰ ৰুল মাৰি উলিয়াই মাৰিবলৈ ধৰে। লগত থকা চিপাহী কেইটাই ৰৈ থাকে। হাতত নিচান লৈ থকা ছোৱালীজনী মাৰ খাই পৰি যায়। লভিতাই সকলো দেখি খঙত বাঘিনী জনী হৈ লৰ মাৰি আহি থাপ মাৰি নিচানখন লৈ বিজুলী সঞ্চাৰে দৰোগক ডিঙিত ধৰি গতা মাৰি পেলাই দিবে। মাৰ খাই পৰা ছোৱালীজনীক সোণ, হীৰাহঁতে ভিতৰলৈ নিয়ে। তাকে দেখি পুলিচ কেইটাই পাছ হুঁহকি যায়। খং আৰু বেজাৰত লভিতাই কবলৈ ধৰে।


লভিতা। ছিঃ ছিঃ ছিঃ! ইমান তললৈ গলি—ইমান নীচ হলি। তহতে পুলিচ হৈছ— তিৰোতাক ৰক্ষা কৰিবলৈ, দুৰ্ব্বলীক বল দিবলৈ মানুহক অত্যাচাৰীৰ পৰা এৰুৱাই আশ্ৰয় দিবলৈ। কিন্তু কৰিছ কি? কৰিছ কি...?

 অকণমান ছোৱালীজনীক তিনটা চাৰিটাই বৰমতা হৈ মাৰিবলৈ লাজ লগা নাই? তহতৰ পুৰুষালি এনেকুৱাই নেকি? ইমান নীচ—ইমান হীন—হাতত ক্ষমতা পাই বলিয়া হলি পগলা হলি? [ ১৭ ]  দাৰোগাই অলপ পৰ কি কৰো কি নকৰো কৰি থাকি দাঁত-মূৰ কৰচি ককালৰ পৰা পিস্তল উলিয়াই লভিতাৰ বুকুৰ আগত ধৰি চিঞৰি কয়— “চুপ থাক, চুপ থাক, নহলে পিস্তলৰ গুলীৰে কলিজা উৰুৱাই দিম।

লভিতা। (দাঁত কামুৰি) চুপ নাথাকো, নাথাকো, নাথাকো। জানি গোলামৰ গোলাম! আজিকালিৰ ছোৱালীয়ে পিষ্টল, বন্দুক, বৰতোপ, বোমা একোলকে ভয় নকৰে। পিষ্টল দেখুৱাই আজিৰ ছোৱালীক ভয় দেখুৱাবলৈ আহিছ?

 এই বুলি দাৰোগাৰ হাতৰ পৰা পিষ্টলটো থাপ মাৰি লৈ অলপ পাছ হুঁহকি দৰোগাৰ বুকুৰ ওপৰত ধৰে।
মই গান্ধীৰ বহীত নাম লিখোৱা নাই জানিবি বাপেৰে—

 এনেতে বাহিৰত মটৰ শব্দ হয়, ইলেকট্ৰিক হৰ্ণ বাজে আৰু লগে লগে আৰ্ম্মী পুলিচ কেইটামান লগত লৈ পুলিচ চাহাব সোমাই আহে আৰু কাণ্ড দেখি আচৰিত হয়।

পুলিচ চাহাব। কি হৈছে?

লভিতা। (পিষ্টলটো পুলিচ চাহাবৰ হাতত দিয়ে। পুলিচ চাহাবে একো নকই আচৰিত হওঁ। হাত পাতি পিষ্টলটো লয় আৰু লভিতাৰ ফালে চাই থাকে।
 আপোনালোকে এই মানুহবোৰৰ হাতত পিষ্টলবোৰ [ ১৮ ] দিয়ে কিয়? ইহঁতে নিৰস্ত্ৰ ছোৱালীবোৰকহে গুলীয়াব খোঁজে....।

পুঃ চাহাবঃ ঘটনা কি?

লভিতাঃ ঘটনা আৰু কি হ’ব? ই পিষ্টলটো উলিয়াই মোক গুলীয়াব খুজিছিল। সেইকাৰণে মই পিষ্টলটো তেওঁৰ হাতৰ পৰা কাঢ়ি ওভোতাই তেওঁকেই গুলীয়াব খুজিছিলোঁ!

পুঃ চাহাবঃ তোমালোক কংগ্ৰেছ আৰু গান্ধীৰ মানুহবোৰ অহিংস, তেন্তে কেলেই তুমি মানুহ মাৰিব খুজিছিলা?

লভিতাঃ চাহাব, মই কংগ্ৰেছৰ মানুহ নহওঁ, গান্ধীৰ মানুহো নহওঁ, একো নহওঁ। মই গাঁৱলীয়া ছোৱালী।

পুঃ চাহাবঃ তেন্তে তোমাৰ হাতত কংগ্ৰেছৰ ফ্লেগ কিয়? তেন্তে কিয় তুমি পুলিচৰ লগত কাঁজিয়া কৰিছা?

লভিতাঃ চাহাব, মই ঘৰৰ ছোৱালী ঘৰত আছিলোঁ। এই দাৰোগা আৰু পুলিচ কেইটাই এই ছোৱালীবোৰ মোৰ চোতাললৈ খেদি আনি সৌ অকণমান ছোৱালীজনীক মাৰি মাৰি আধাধুনা কৰিলে। তেতিয়া মই সহিব নোৱাৰি বাধা দিছোঁ আৰু পৰি যোৱা ছোৱালীজনীৰ হাতৰ পৰা নিচানখন লৈছোঁ। তেতিয়া মোক দাৰোগাই পিষ্টল উলিয়াই গুলী কৰিব খুজিছিল, তেতিয়া মই থাপ মাৰি পিষ্টলটো লৈ তাৰ বুকুৰ আগত ধৰিছিলোঁ। পিছে চাহাব! সি নমৰিলহেঁতেন, কাৰণ পিষ্টলটো ক’ত টিপা মাৰি ফুটাব লাগে, চাহাব, সেইটো মই নাজানোঁ। [ ১৯ ]


পুলিচ চাহাবে ঢেক্ ঢেক্‌কৈ হাঁহিবলৈ ধৰে। এনেতে দূৰৈত চাইৰেণ বাজে, আটাইবোৰৰ মাজত হুৱাদুৱা লাগে।

পুঃ চাহাব। ঘৰ‌্মে ধুকও, ঘৰ‌্মে ধুকও, চেল্‌টাৰ‌্মে ধুকও ৷

চাইৰেণ বাজিয়েই থাকে। এনেতে পুলিচ চাহাবে লভিতা আৰু আন ছোৱালীবোৰক হেঁচুকি ঘৰটোৰ ফালে পঠিয়াই দিয়ে। আটাইবোৰ ছোৱালীয়ে লভিতাৰ সৈতে ঘৰৰ ভিতৰত সোমায়। পুলিচ চাহাবে “চেলটাৰ মে চলও” বুলি ষ্টেজৰ পৰা ওলাই যায়। লগতে চিপাহী আৰু দাৰোগাও যায়। বাহিৰত মটৰ চলোৱা শব্দ হয়, আৰু তাৰ লগে লগে বহুত উৰাজাহাজ উৰি অহাৰ শব্দ হয়। তেতিয়া ষ্টেজ শুদা হয়। লাহে লাহে উৰা-জাহাজৰ শব্দ কাণ তাল মৰা হৈ পৰে। বোমা পৰাৰ বিস্ফোৰণ শুনা যায়। এনেতে লভিতাৰ বাপেক বাণেশ্বৰ বৰুৱাই কান্ধত ভাৰ এখন লৈ, বেগাবেগিকৈ সোমায়হি আৰু “আই ঔ লভিতা” বুলি মাতে। ওপৰত মেচিন-গান চলিয়েই থাকে। এনেতে এটা বোমা জাপানী উৰাজাহাজৰ পৰা আহি চোতালত পৰে। আৰু ভীষণ বিস্ফোৰণ হয়। বাণেশ্বৰ বৰুৱা ঢাচ্ কৰে মাটিত বাগৰি পৰে৷ লভিতাহঁতৰ ঘৰ-চাল উৰি যায় আৰু গোটেইখন ধোঁৱাময় হয়। ঘৰবোৰত জুই জ্বলে। ঘৰৰ ভিতৰৰ পৰা কান্দোন শুনা যায়। এনেতে তেজেৰে ৰাঙলী হৈ লভিতা আধা পাগলীৰ দৰে ওলাই আহে। আগত বাপেক পৰি থকা দেখি “পিতাই ঐ” বুলি বাপেকক সাৱটি ধৰে। আটাইকেইজনীয়ে কান্দিবলৈ ধৰে। এনেতে বাহিৰত দীঘলীয়া হুইচেলৰ শব্দ [ ২০ ]


শুনা যায়। লগে লগে এ, আৰ পি কেইজনমান লগত লৈ গোলাপ এ, আৰ, পি কেপ্টেইনৰ পোছাকত উধাতু খাই সোমাই আহে আৰু “লভিতা লভিতা” কৈ চিঞৰি লভিতাৰ বাপেকৰ ওচৰত আঠু কাঢ়ে। লভিতাই গোলাপক দেখি “মোৰ পিতাইৰ কি হ’ল” বুলি চিঞৰ মাৰে। লভিতা বাউলী হ’ল। এনেতে বাহিৰত ভীষণ “এণ্টি এয়াৰ ক্ৰাফ্ট” শব্দ হয়। জুই জ্বলি উঠে। লভিতাক নিবলৈ গোলাপে চেষ্টা কৰে। লভিতাই বাউলী হৈ কান্দি কয়—

লভিতা। গোলাপ ককাইদেউ! গোলাপ ককাইদেউ! এৰি দিয়া—এৰি দিয়া। ময়ো পিতাইৰ লগতে মৰোঁ! গোলাপ ককাইদেউ---এৰি দিয়া!

⸺⸺
[ ২১ ]


দ্বিতীয় দৰ্শন
লাহৰ-জান এয়াৰড্ৰুমৰ তেনেই ওচৰৰ ফুলগুৰি গাঁৱৰ এটা ঘাটৰ পানী-অনা ঘাট। আমেৰিকান নিগ্ৰো সৈন্যই বাটত বহি মদ খাইছে। দুই এটাই “টেপ্ ডেন্স” কৰিবলৈ ধৰে। এনেতে সেই ফালেদি এজন গাঁৱলীয়া মানুহে এথোকা পকা কল লৈ যায়। নাচি থকা নিগ্ৰো এটাই নাচৰ চেৱতে হাত নলগাই মুখেৰেই কামুৰিয়েই এটা কল ছিঙি আনে। বাকীবোৰেও থপিয়াথপি কৰি কলবোৰ খাই পেলায়। কল অনা মানুহটোৱে “নিলে ঔ! খালে ঔ” বুলি চিঞঁৰিবলৈ ধৰে। এটাই তাৰ মুখ ফালি মদ অলপ বাকি দিয়ে৷ মানুহটোৱে পেঁপুৱা লাগি কঁপে! এনেতে এটা নিগ্ৰোৱে দুখন দহ টকীয়া নোট উলিয়াই মানুহটোৰ হাতত দি কয়, “গুড্ মেন, যাও যাও”। কল অনা মানুহটোৱে বিচূৰ্ত্তি খায়। আৰু হেবাংটোৰ দৰে এবাৰ নোট দুখনলৈ, এবাৰ নিগ্ৰোটোৰ ফালে চাই থাকে। তাতে নিগ্ৰোটোৱে ক’লে, “দিচ্ প্ৰাইচ টুৱেন্‌টি ৰূপিজ” মালুম? মানুহটোৱে কি কৰো কি নকৰো কৰি গৈ থাকে, মাজে মাজে নোট কেইখনৰ ফালে চায়। মানুহটোৱে “একআখি কলত বিছ টকা” বুলি চুচুক চামাককৈ যায়। তাকে দেখি নিগ্ৰোকেইটাই কিৰীলি পাৰে। মানুহটোৱে উচপ খাই ষ্টেজৰ পৰা ওলাই যায়। এনেতে কোবেৰে দুজন আমেৰিকান এম, পি, সোমাই আহে। [ ২২ ]
 
এম, পিঃ হেই হেই —–
(তৎক্ষণাত নিগ্ৰোকেইটাই এটেন্‌শ্যন অৱস্থাত থিয় হয়।)

এম, পিঃ ৰাইট এবাউট টাৰ্ণ।

(নিগ্ৰোকেইটাই তেনে কৰে।)

এম,পি৷ কুইক্ মাৰ্চ।

নিগ্ৰোকেইটাই কুইক্ মাৰ্চ কৰি ষ্টেজৰ পৰা ওলাই যায় আৰু এম, পি, দুটা সিহঁতৰ পাছে পাছে গুচি যায়। এনেতে টালি-টোপোলা বান্ধি মুনিহ-তিৰোতা এজাক সেই ফালেদি যায়। মানুহকেইটাৰ মুখত বেজাৰৰ ভাৱ। তিৰোতা মানুহকেইজনীয়ে ফেঁকুৰি ফেঁকুৰি কান্দি যায়। দূৰৈত এটা মানুহে ঢোল কোবাই অহা শুনা যায়। পিছত ঢোল পিটা মানুহটোৱে ষ্টেজৰ ভিতৰ সোমাই চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰে,-

ঢোলপিটা মানুহ৷ চৰকাৰৰ হুকুম! চৰকাৰৰ হুকুম!! আজিৰ পুৱাৰ পৰা ২০ ঘণ্টাৰ ভিতৰত “লহৰ-জান উৰা-জাহাজৰ ঘাটিৰ” ৫ মাইলৰ ভিতৰৰ গাঁও ফুলগুৰি, ভেলেঙিচুক, দাধৰা, চেঁচনি, হোলোংগুৰি, বৰহাবি, ডাংধৰা, হুদুমৰা, কেহেৰুখন্দা আৰু চক্‌চকি গাঁৱৰ মানুহে গাঁও খাৰিজ কৰি যাব লাগিব। যি নাযাব তাক মিলিটেৰী চিপাহী লগোৱাই খেদোৱা হ’ব। আৰু মিলিটেৰী আইনমতে শাস্তি দিয়া হ’ব। চৰকাৰৰ হুকুম, চৰকাৰৰ হুকুম। (ঢোল পিটে।) [ ২৩ ]
 
আজিৰ পৰা ২০ ঘণ্টাৰ ভিতৰত। (ঢোল পিটে।) “লহৰ-জান উৰা-জাহাজৰ ঘাটিৰ” (এইবুলি কেইবাবাৰো কৈ ওলাই যায়।)

এটা গাঁৱলীয়া৷ হে’ এনে কথা হ’ব পাৰেনে? সাত-পুৰুষীয়া ভেটি, গৰু-গাই, ভঁড়ালৰ ধান এৰি ৰাতিটোতে গাঁওখন এৰি উঠি যাব লাগে! চৰকাৰ পগলা হ’ল ঔ! চৰকাৰ পগলা হ’ল! হে’ প্ৰভু! হে’ ঈশ্বৰ!

এনেতে কেইটিমান মিলিটেৰীয়ে এজাক ল’ৰা-ছোৱালী আৰু মতা-তিৰোতাক ঠেলি-হেঁচুকি লৈ আহে। মানুহবোৰৰ পিঠিত বোজা । কাৰো মূৰত টোপোলা, উঘা, চেৰেকী, হাঁহ, পাৰ, ছাগলী। আটাইবোৰ মানুহে খঙাখঙিকৈ কথা-বতৰা পাতি যাওঁ নেযাওঁ কৈ আহে! তিৰোতাবোৰে উচুপি উচুপি আহে!

এটা মিলিটেৰী৷ (মানুহবোৰক হেঁচুকি) যা যা জল্‌দি

এজনী তিৰোতা৷ (কান্দি) ক’লৈ যাওঁ অ’ অ’? কি কৰো ? আজি বোপা-ককাৰ দিনৰ পৰা ইয়াতেই থাকি অতকাল গ’ল! হে বিধাতা, আজি কিহে পালে ঔ! অ’ মোৰ ভঁড়ালৰ ধানখিনিৰনো কি হ’ব ঔ! অ’ মোৰ গৰু কিজনীনো কোনে চাব ঔ! অ’ মোৰ পিতাই কি আছিল! এতিয়া কি হ’ল ঔ!

আৰু কিছুমান মানুহ মিলিটেৰীয়ে ঠেলি-হেঁচুকি লৈ আহে আৰু তাৰ পৰা সিহঁতক খেদি নিবলৈ চিঞঁৰি-বাখৰি হুলস্থূল লগায়। [ ২৪ ] এনেতে বাহিৰত বহুত উৰাজাহাজ উৰি অহাৰ শব্দ হয়। মানুহবোৰে ভয়ত বেছিকৈ চিঞৰ-বাখৰ কৰে। এণ্টি এয়াৰ ক্ৰেফ্‌ট্‌ৰ শব্দ হয়।

মিলিটেৰী। পলা পলা। ভাগ ভাগ।

(মানুহবোৰ যেনিয়ে তেনিয়ে দিহা-দিহি যায়।)
[ ২৫ ]


তৃতীয় দৰ্শন

লভিতাহঁতৰ ঘৰ। ঘৰৰ পোৰা ভেটিটোৰ মাজতে লভিতা বহি মূৰ গুজি ফেকুৰি ফেকুৰি কান্দি আছে৷ চোতালত ২৷৪ জন গাঁৱৰ পৰা খেদা-খোৱা মানুহ টালি-টোপোলা লৈ আমন-জিমনকৈ বহি হুমুনিয়াহ পেলাইছে। এনেতে এজন গাঁৱলীয়া এ, আৰ, পি ভলণ্টিয়াৰ সোমাই আহে।

এ, আৰ, পি। ৰাইজসকল! আপোনালোক ইয়াৰ পৰা সোণকালে য’ক। গাঁৱৰ প্ৰায় সকলো মানুহ গ’ল। আপোনালোকে কিয় নোযোৱাকৈ আছে?

চোতালৰ মাহ এজন। “হে ঈশ্বৰ যাওঁ কলৈ? ক’তনো মূৰটো থমগৈ।”

এ, আৰ, পি। সেইবোৰ আং বাং বকি থাকিলেনো কি হব? গৱৰ্ণমেণ্টৰ হুকুম, যাবই লাগিব। যদি নাযাৱ, এতিয়াই মিলিটেৰী পুলিচ আহি ডিঙিত ধৰি গতিয়াই কোবাই কিলাই খেদাই দিবহি।।

(লভিতাই থিয় হৈ চকুপানীৰে খঙত কয়।)
লভিতা। বুজিছা তোমালোক পগলা হৈছা। কি মিলিটেৰী, মিলিটেৰী কৰি ভয় দেখুৱাইছা? তোমালোক আমাৰ [ ২৬ ]
 

গাঁৱৰ লৰা হৈ গঁঞাৰ অত আলৈ-আহুকাল বিপদ-তালৈ নাচাই চিপাহীবোৰৰ লগতে হোৱা দিছা কিয়?

এ, আৰ, পি। (খঙেৰে) কি হোৱা দিয়া দেখিলা?

লভিতা। অৱশ্যে হোৱা দিছা। গৱৰ্ণমেণ্টৰ মানুহে কৈছে গাঁৱলীয়াই গাঁও এৰি বাৰ ঘণ্টাতে যা৷ তোমালোকেও তাতেই চিঞঁৰি ফুৰিছা। কিন্তু এই গাঁৱৰ মানুহবোৰ যাব ক’লৈ? অতবোৰ বয়-বস্তু, সম্পত্তি কি হব? গৈ থাকিবগৈ ক’ত? ঘৰ পাব ক’ত? খাব কি? সেইবোৰৰ একোৰে একোটোৰে ব্যৱস্থা নোহোৱাকৈ অতবোৰ প্ৰজাক আলৈ-আথানি কৰিছে গৱৰ্ণমেন্টে। তাৰ লগতে তোমালোকেও পোছাকটো পিন্ধি তাকেই চিঞঁৰি ফুৰিছা।

এ, আৰ, পি। আমি কি কৰিম? আমি আমাৰ কৰ্ত্তব্য কৰিছো।

লভিতা। (কাঠ হাঁহি মাৰি) কৰ্ত্তব্য—কৰ্ত্তব্য কৰিছা। এটা বিচাৰ নোহোৱা শত্ৰুৰ আক্ৰমণত তৎ নাপাই পগলা হোৱা এটা গৱৰ্ণমেণ্টৰ পৰা পোছাক এটা আৰু পইচা কিছু পায়েই ৰাইজৰ মানুহ হৈ ৰাইজকে গৰকিব খুজিছা? তোমালোকে এনে বিলই-বিপত্তিবোৰৰ বাবে গৱৰ্ণমেণ্টক ধৰিব নোৱাৰা? যদি মানুহ গাঁও এৰি যাবই লাগে তেন্তে আন ঠাই কলৈ যাব ক’ত থাকিব—তাত ঘৰ কৰিবলৈ, সকলো ঠিক-ঠাক কৰি লবলৈ কিয় গৱৰ্ণমেণ্টে সকলো সুবিধা কৰি নিদিব?

এ, আৰ, পি। সেইবোৰ আমি কি জানো? সেইটো আমাৰ [ ২৭ ]
 
ডিউটি নহয়। আমাৰ কেৱল বোমা-পৰা মানুহবোৰক শুশ্ৰুষা কৰাহে ডিউটি।

লভিতা। (খঙত দাত কামুৰি) যা, যা পপীয়া, যা। যত বোমা পৰি আমেৰিকানহঁত মৰিব ধৰিছে তালৈ যা আমাৰ ওচৰলৈ কিয় আহিছ?

এ, আৰ, পি। খং নেদেখুৱাবি ছোৱালী! তোৰ নিচিনা বহুত দেখিছো। এতিয়াই মিলিটেৰী বাপেৰহঁত আহি ধুন দেখুৱাবহি ৰ–

এই বুলি গৰপ গৰপকৈ এ, আৰ, পি গুচি যায়। লভিতাই ভেটিত বহি হুক্ হুক্‌কৈ কান্দিবলৈ ধৰে। অলপ পিছত এজন পুলিচ ইন্সপেক্টৰ আৰ্ম পুলিচ লৈ সোমাই আহে।

পুলিচ ইন্স্‌পেক্টৰ। (মানুহবোৰলৈ চাই) অ’ তোমালোক দেখোন ইয়াত আহি ভেম মাৰি বহি আছাহি? মানুহে ভালেৰে কলে কথা নুশুনে। কেলৈ শুনিব, কপালত দুখ আছে নহয়।

এজন মানুহ। ইন্স্‌পেক্টৰ বাবু' যাবলৈতো কৈছে। পিছে যাওঁ কলৈ কওকচোন? ধান, চাউল, পাই-পইচা হাতত এটিও নাই। কালিৰ পৰা মিলিটেৰী চিপাহীখনে যি হুহুমুহিখন লগাই দিছে–ক’ৰ বস্তু কলৈ গ’ল, ক’ৰ বাহানি কলৈ গ’ল, তাৰ ঠিকনা নাই। যাওঁৱেই বা কলৈ?

পুলিচ ইন্স্‌পেক্টৰ। এতিয়া যদি গৱৰ্ণমেন্টে, পুলিচ মিলিটেৰীয়ে কলৈ যাব, ক’ত থাকিব তাকো সৰু ল'ৰা-ছোৱালীৰ দৰে [ ২৮ ]
 

পদে পদে দেখুৱাই ফুৰিব লাগে—তেন্তে কেনেকৈ হব? জাপানীৰ দৰে দুৰ্দান্ত শত্ৰুক কোনোমতে গৱৰ্ণমেন্টে যুঁজ কৰি ৰাখিছে। গঁঞাৰ ভালৰ কাৰণেই গৱৰ্ণমেন্টে আঁতৰি যাবলৈ কৈছে। নহলে জাপানী বোমাৰ কোবত ৰাইজ ধূলি হৈ উৰিব। গঁঞাই নিজে হাত ভৰি লৰাই ক’ত থাকিব, কি কৰিব তাৰ উপায় উলিয়াই লব লাগে নহয়—গৱৰ্ণমেণ্টনো কিমান কৰিব? ৰাইজে বুজিব লাগে নহয়। উঠক, উঠক ৰাইজ! মিছাকৈয়ে সময় নেখেদাব।

(লভিতালৈ চায়-ওচৰলৈ গৈ) পিছে আইদেউ! কান্দি-কাতি থাকিলেনো কি হব? যাব লাগে আইদেউ! যাব লাগে।

লভিতা। (চকুৰ পানীৰে বহুত পৰ ইন্স্‌পেক্টৰৰ মুখলৈ চাই থাকে।) ক—লৈ যাম? থাকিম... ক’...ত?

ইন্স্‌পেক্টৰ। আইদেউ! তাৰ ব্যৱস্থা তুমি নিজেই কৰি লোৱাগৈ। কত ওচৰৰ গাঁও আছে, মানুহ আছে, সেইবোৰতে কিবা এটা কৰি থাকিব লাগিব।

লভিতা। এতিয়া লোকৰ ঘৰে ঘৰে খুজি-মাগি খাবলৈ যাম। নাযাওঁ নাযাওঁ। পিতাইৰ ইয়াতেই সকলো শেষ হ’ল। ময়ো ইয়াতেই পৰি নাখাই নবৈ মৰিম।

মাটিত ঢাচ্ কৰে পৰে।
ইন্স্‌পেক্টৰ। বুজালেও যদি মানুহে নুবুজে তেন্তে আৰু কি উপায়? [ ২৯ ]
 
বাহিৰত মটৰৰ হৰ্ণ-মটৰ ৰখোৱাৰ শব্দ। লগে লগে চাহাবী ডিঙিৰ শব্দ আহে; “জল্‌দি জল্‌দি আদ্‌মি ভাগ যাও।” আৰু লগে লগে য়ুৰূপীয় এজন চুপাৰিন্‌টেন্‌ডেন্টৰ লগত এদল সশস্ত্ৰ বেয়নেটধাৰী সৈন্য আহে। ইন্স্‌পেক্টৰ আৰু চিপাহীবোৰে চেলিউট কৰে।

পুঃ চুপা। ক্যা দেখতা হ্যায়-যাও–যাও–যাও। ইন্স্‌পেক্টৰ হোৱাট আৰ ইউ ডুইং-ড্ৰাইভ ভিজ আউট-আউট্ আউট। ক্যা দেখতা হ্যায়-ভাগো ভাগো-

(মানুহবোৰক খেদে। মানুহবোৰ ভয়ত পেপুৱা খায়। লভিতাক দেখি।)

হেয় ছোৱালী! কি হৈছে? কেলেই কান্দিছে? যাব লাগে। যাব লাগে-বোমা পৰিব। মৰি যাব। উঠও উঠও, গেট আপ্ হেই-

(লভিতা ঘপককৈ থিয় হয়।)

লভিতা। অ’ অ’ অ’ মোৰ বোপই মৰিছে ইয়াতে। ময়ো মৰিম।

পুঃ চাহাব। টুমি কি কাৰণে মৰিব? যোৱান ছোৱালী আছে-বাচি থাকিব লাগে। কান্দিলে কিছু ফয়দা নাই আছে।

লভিতা। চাহাব! তোমালোকে যে মানুহবোৰক এইদৰে [ ৩০ ]
 
গৰু খেদোৱাদি খেদাই পঠিয়াই সিহঁত ক’ত থাকিব কি খাবগৈ তাৰ কি দিহা কৰিছা?

পুঃ চাহাব। আমি জাপানীৰ লগত ঢাৱা কৰিছে। ইমানবোৰ গাঁৱলীয়া মানুহক কেনেকৈ খবৰ কৰিব?

লভিতা। অতবোৰ লাখ লাখ চিপাহীৰ তোমালোকে থকা-মেলাৰ সুবিধা ৰাতিটোৰ ভিতৰতে কৰিব পাৰা, গাঁওকেইখনমানৰ কৰিব নোৱাৰা ৷ আন নহলেও অকণ অকণ লৰা-ছোৱালীবোৰৰ ৷

পুঃ চাহাব। হামি টোমাৰ লগত তৰ্ক কৰিবলৈ অহা নাই; হামি টোমাক কৈছে ইয়াৰ পৰা যাব লাগে হামি দুচুৰা বাত নাই জানে।

লভিতা। নাই জানে নাই জানে, তেনে কোনে জানিব? গৱৰ্ণমেণ্ট হৈ প্ৰজাৰ বাত নাই জানিলে কোনে জানিব ?

পুঃ চাহাব। (খং কৰি) বেছি বক্ বক্ মত কৰ। টুম বহুত বাত্ বল্‌তা হ্যায় ।

লভিতা।(কান্দি কান্দি) কি বক্ বক্ কৰাৰ কথা কৈছা। অন্যায়--অন্যায়। তোমালোকে অন্যায় কৰিছা।

পুঃ চাহাব। চুপ, চুপ, চুপ ৰহৌ ।

লভিতা খঙত একো নাই হৈ৷ নাই ৰহেগা, চুপ্ নাই-নাই-নাই ৰহেগা ।

পুঃ চাহাব। (গৰ্‌জন কৰি) যাও যাও যাও বদমাছ্ ডেম্ চোৱাইন্। গুলী কৰেগা। [ ৩১ ]
 

লভিতা। কৰ কৰ, গুলী কৰ।

পুঃ চাহাব। নাই মানেগা বাত্, নাই মানেগা, অল্ ৰাইট।

(সশস্ত্ৰ সৈন্যক হুকুম দিয়ে।)

পুঃ চাহাব। চা--ৰ্জ।

(তৎক্ষণাৎ পাঁচ, ছয়টামান বেয়নটধাৰী চিপাহীযে ঘেৰাও কৰি বেয়নেট্‌বোৰ টোৱাঁই পৰে। এনেতে চঃ চাহাবে হাত ডঙাত সিহঁতে সেই দৰেই টোৱাঁই ৰৈ থাকে। চাৰিও ফালৰ মানুহবোৰে চিঞঁৰি উঠে।)

লভিতা। (বলিয়া হৈ কান্দি কান্দি) হিঃ হিঃ হিঃ ভয় দেখুৱাইছা চাহাব ভয়—ভয়? হিঃ হিঃ হিঃ গুলী কৰিবা। চঙীনেৰে খুচি মাৰিবা? মৰণৰ ভয় দেখুৱাবলৈ আহিছা? আজিৰ ছোৱালীয়ে ভয় নাখায় চাহাব। গোটেই বৃটিছ্ গৱৰ্ণমেণ্টৰ বন্দুক, বৰতোপ আনিলেও চাহাব এই ভেটিৰ পৰা এক খোজে আঁতৰ কৰিব নোৱাৰা জীয়াই থাকো মানে। মোৰ ভেটি, মোৰ ঘৰ, মোৰ মাটি, মোৰ দেশ—ইয়াত মোৰ মাতিবৰ অধিকাৰ আছে। নাযাওঁ। নাযাওঁ। মই ভেটিৰ পৰা নাযাওঁ।

(লভিতাৰ মূৰ্ত্তি দেখি আটাইবোৰ সৰগ্ পৰা মানুহৰ দৰে থৰ হৈ থাকে।)

আঁৰ-কাপোৰ
———

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )