[ vi ]
 

পাতনি।

⸺o⸺

 আমাৰ অসমীয়া ভাষাত শ্যেক্সপিয়েৰৰ ভাঙনি বা সেই মহাকবিৰ অনুকৰণ কৰি লেখা গ্ৰন্থ এখনি হে। সেই কিতাপ খনিৰ নাম ‘ভ্ৰমৰঙ্গ” (কবিৰ কমেডি অব্ এৰৰ্‌চ)। এই ভ্ৰমৰঙ্গই আমাক শ্যেক্সপিয়েৰৰে সৈতে প্ৰথম চিনাকী কৰি দিয়ে। সেই কিতাপখনি পচিশ বছৰমানৰ অগৈয়ে কে জনবান কলিকতাত পঢ়া অসমীয়া ডেকাই লেখে— আৰু ভৱানীচৰণ দত্তৰ লেনৰ মেচত ১৮৯৭ কি ১৮৯১ চনত তাৰ ভাৱনা হোৱা আমাৰ বেছ মনত আছে।

 পাছত ডাঙৰ হলত শ্যেক্সপিয়েৰলৈ আমাৰ মৰম আৰু শ্ৰদ্ধা বাঢ়িল। বিলাতত শ্যেক্সপিয়েৰৰ কেখনমান নাটৰ ভাৱনাও দেখিছিলোঁ। সেই দেখি শ্যেক্সপিয়েৰৰ মাৰ্চেন্ট অব ভেনিচ বুলি কিতাপখনৰ অসমীয়া ভাঙনি কৰি অসমীয়া ৰাইজসকলৰ আগত ধৰিছোঁ। আমি যে শ্যেক্সপিয়েৰৰ অনুবাদকৰ্ত্তা পক্স যোগ্য তাক নকওঁ। অসমীয়া ভাষাত শ্যেক্সপিয়েৰৰ ভ্ৰমৰঙ্গৰ বাহিৰে আন কোনো কিতাপ নোহোৱাৰ কাৰণেই আমাৰ “ভেনিচৰ সাওদ” উলিৱাৰ প্ৰধান কাৰণ। সেই দেখি দোষ গুণ যি ইয়াত আছে, পাঠক পাঠিকা সকলে আমাক যদি দেখুৱাই নিয়ে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হ'ম।

  ভেনিচৰ সাওদ উলিৱাৰ আৰু এটি কাৰণ হৈছে এই— ১৯১০ চনৰ পূজাৰ বন্ধত ছোটনাগপুৰৰ গিৰিডি বুলি ঠাইত বিশ্ৰাম লবলৈ বোৱাত তালৈ আমাৰ দৰে বিশ্ৰাম লবলৈ যোৱা কেজনমান বঙ্গালী কলেজৰ ছাত্ৰই মাৰ্চেন্ট অব্ ভেনিচ ভাৱনা কৰিছিল। [ vii ] সেই ভাৱনাৰ নিমিত্তে তেওঁলোকে আমাৰপৰা এই সম্বন্ধে অলপ সাহায্য পাইছিল। তেতিয়াই ভাবিলোঁ যে, অসমীয়া বহুতো মানুহ আছে যি সকলে ইংৰাজী ভাষা নজনাৰ গুণে এই জগৎ-কবিৰ নাটখনৰ বিষয়ে হয় তো বা একো নেজানে। সেই দেখি তাৰ অলপ পাছতে শ্যেক্সপিয়েৰৰ এখন কিতাপ আগত লৈ সাধুকথাৰ দৰে আৰু অনুবাদৰ দৰেও লেখিবলৈ আৰম্ভ কৰিলোঁ। কেপাতমান লেখি এবছৰমান মেজত এনেয়ে পেলাই থৈ দিছিলোঁ। হঠাৎ আকৌ ইচ্ছা হ’লত তাক শেহ কৰি বাঁহীৰ সম্পাদক প্ৰসিদ্ধ সাহিত্যিক শ্ৰদ্ধাস্পদ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত ছাপাখানাত দিবলৈ দিলোঁ। তেখেতে ইয়াৰ প্ৰুফ চাই দিয়াৰ বাবে আমি তেখেতৰৰ ওচৰত ঋণী, আৰু তেখেতক আমি ধন্যবাদ দিওঁ।

 ইয়াৰ দ্বাৰা যদি আমাৰ পাঠকসকলে শ্যেক্সপিয়েৰৰ মাৰ্চেন্ট অব ভেনিচৰ অলপমানো আভাস পায় আৰু শ্যেক্সপিয়েৰৰ বিষয়ে আৰু পঢ়িবলৈ আৰু জানিবলৈ ইচ্ছুক হয়, আমি আমাৰ শ্ৰম সাৰ্থক হ'ল বুলি মানিম।

 আমি দেখিছোঁ, শ্যেক্সপিয়েৰৰ নাটবোৰ যিমান পঢ়া যায়, সিমান তাৰ সোৱাদ বঢ়া হোৱা যেন লাগে। আমি কবিৰ বহুতো নাট বহু বাৰ পঢ়িছো। যিমান পঢ়োঁ আমনি নেলাগে। সেই বুলি আমি নকওঁ যে শ্যেক্সপিয়েৰৰ অৰ্থ সকলোবোৰ আমাৰ বোধগম্য হৈছে—অৰ্থাৎ শ্যেক্সপিয়েৰে কোনো কোনো কথা লেখোঁতে কি ভাবি লেখিছিল, তাক আমি কব পাৰোঁ। নানাম্ বিদ্বানলোকে নানান অৰ্থ কোনো কোনো কথাৰ কৰে। সি বাৰু যি হওক- আমাৰ কামৰ অৰ্থে আমি যি জানো তাৰেই কাম সুকলমে হব বুলি আশা কৰিছোঁ।
[ viii ]  শ্যেক্সপিয়েৰৰ নাটবোৰ পঢ়ি আমনি যে নেলাগেই নাটবোৰ পঢ়ি মনত হয় যেন শ্যেক্সপিয়েৰ বিংশতি শতাব্দীৰ আমাৰ সমসাময়িক হে। তেওঁ যি লেখিছিল যদিও প্ৰায় তিনিশ বছৰৰ আগৈয়ে লেখিছিল, তেওঁ মনত হয় আজি কালি হোৱাৰ কথাহে যেন লেখিছে। তেওঁ কোনো, জাতিগত কি ব্যক্তিগত কথা লেখি তেওঁৰ নাটবোৰ ৰচনা কৰা নাই। তেওঁৰ নায়ক নায়িকাবোৰ আৰু নাটৰ আন আন character বোৰ সকলে। জাতিৰ ভিতৰত সকলো সময়ত পোৱা যায়।

 তেওঁৰ লেখা ইংৰাজী ভাষাৰ সৰ্ব্বপ্ৰধান অলঙ্কাৰ। আমি কওঁ যে, শ্যেক্সপিয়েৰ যদিও ইংলণ্ডত জন্মগ্ৰহণ কৰিছিল— সকলো পৃথিবীয়ে তেওঁক নিজৰ বুলি কব পাৰে। আমি হ’লে তেওঁক ইংৰাজ কবি বুলি কব নোখোজোঁ। তেওঁ এই গোটেইখন জগতৰ কবি। এই খিনিতে কবিৰ সংক্ষিপ্ত জীৱনী দি এই পাতনি সামৰোঁ।

 ওৱাৰিকশ্বিয়েৰৰ ষ্ট্ৰেট্ফৰ্ড বুলি এখন ঠাইত খ্ৰীষ্টীয় ১৫৬৪ চনৰ এপ্ৰিল মাহত শ্যেক্সপিয়েৰৰ জন্ম হয়। তেওঁৰ পূৰা নাম উইলিয়েম শ্যেক্সপিয়েৰ। এই শ্যেক্সপিয়েৰৰ জন্মস্থান বুলি ষ্ট্ৰেট্‌ফৰ্ড আজি জগৎ বিখ্যাত। এই ঠাইৰ নৈখনৰ নাম এভন্‌। ইংলণ্ডত ষ্ট্ৰেট্ফৰ্ড বুলি আন ঠাই থকাৰ গুণে এই ঠাইক ষ্ট্ৰেট্‌ফৰ্ড-অন্-এভন্‌ বুলি কোৱাঁ হয়। তেওঁৰ পিতাক জন্ শ্যেক্সপিয়েৰৰ আৰ্থিক অৱস্থা উইলিয়ম ওপজাৰ কেবছৰমানৰ পাছত বেয়া হয়। উইলিয়েম শ্যেক্সপিয়েৰ তেওঁৰ জীৱনৰ শেহ কেটা দিন যদিও সঙ্গতিশালী আছিল, তত্ৰাচ পিতাকৰ আৰ্থিক অৱস্থাৰ পৰিবৰ্ত্তন হোৱাৰ গুণে তেওঁ সকলো ৰকম অৱস্থাৰ সোৱাদ পাইছিল।

 তেওঁৰ জীৱনী সম্বন্ধে সৰহ কথা গোটোৱা হোৱা নাই। যিবোৰ হৈছে, তাৰ কিছু অমূলক বুলিও মনত হয়। এনে এটা কথা প্ৰচলিত [ ix ] আছে বোলে তেওঁ হুনু স্যৰ টমাচ লুচি (Sir Thomas Lucy) নামৰ এজন সেই ঠাইৰ ধনী মানুহৰ বাৰীত কিবা অপহৰণ কৰিছিল। সেই লাজতে হুনু তেওঁ ষ্ট্ৰেট্‌ফৰ্ড এৰি লণ্ডনলৈ যায়। এই কথা কিমান বিশ্বাসযোগ্য আমি কব নোৱাৰোঁ। তেওঁ লণ্ডনলৈ যোৱাৰ আন কাৰণো থাকিব পাৰে। লণ্ডনলৈ নোযোৱা হ’লে কবিব ইমান বহুমূল্য পুথিবোৰ লেখা নহ’লহেঁতেন। যি কাৰণৰ নিমিত্তেই তেওঁ ষ্ট্ৰেট্‌ফৰ্ড এৰি লণ্ডনলৈ যাওক— তাৰ ফল যে পৃথিবীৰ পক্ষে উপকাৰী হৈছে ইয়াত সন্দেহ কি?

 আৰু এটি কথা আমাৰ অসমীয়া পাঠকৰ আচৰিত লাগিব। তেওঁ ওঠৰ কি উনৈশ বছৰ বয়সত এন্ হেথেওৱে বুলি তেওঁতকৈ আঠ ন বছৰৰ ডাঙৰ এজনা তিৰুতৰ পাণিগ্ৰহণ কৰে। তেওঁলোকৰ তিনটি সন্তান জন্মে।

 ষ্টেট্‌ফৰ্ডলৈ সিদিনা যাওঁতে আমি এন্ হেথেওৱেৰ ঘৰ চাই আহিছোঁ। ষ্টেট্‌ফৰ্ডৰপৰা ডেৰ মাইলমান দূৰ শ্বটাৰি (Shottery) নামে গাঁৱত সেই ঘৰ। আমি শ্যেক্সপিয়েৰৰ ঘৰ বাৰী চোৱাৰ পাছত পথাৰৰ মাজেদি সেই ঘৰ চাবলৈ গলোঁ। তেতিয়া আমাৰ মনত হৈছিল যে, সেই বাটেদিয়েই হয় তো বিবাহৰ পূৰ্ব্বে উইলিয়ম আৰু এন্ অহা যোৱা কৰিছিল। ষ্টেট্‌ফৰ্ডৰ বিৱৰণ ইয়াত দিবৰ ইচ্ছা নাই; এনেয়েহে ইয়াত সেই বিষয় উল্লেখ কৰিলোঁ।

 পৃথিবীতে মানুহ মহৎ হ’লে তেওঁলোকৰ বাল্যজীৱনৰ বিষয়ে নানান্ কথা ওলায়। শ্যেক্সপিয়েৰৰ যে তেনে নহব— ই আচৰিত। লণ্ডনলৈ গৈ প্ৰথমে থিয়েটৰলৈ যোৱা ডেকাবোৰৰ ঘোৰা ধৰি তেওঁ জীবিকা নিৰ্বাহ কৰিছিল। এই কথা সঁচা হওক কি মিছা হক, আমাৰ ইয়াৰে সৈতে সম্পৰ্ক নাই। এই ঘোৰা ধৰি জীবিকা-নিৰ্ব্বাহ [ x ] কৰা মানুহটিয়েই যে কেবছৰমানৰ পাছত এনেবোৰ পুথি লেখিছিল, যিবোৰ পুথি এই পৃথিবী থকালৈকে স্থায়ী হ’ব সিয়ো এটি আচৰিত কথা। আমাৰ মনত হয়, শ্যেক্সপিয়েৰ ইমান ডাঙৰ নোহোৱা হ’লে এই ঘোৰা ধৰা কথা কেতিয়াও নোলালহেঁতেন।

 শ্যেক্সপিয়েৰে সাতত্ৰিশখন নাটক লেখে। সেই সাতত্ৰিশখনৰ ভিতৰত “ভেনিচৰ সাওদ” নাটখনে আজি তিনি শ বছৰ নানান দেশৰ নানান জাতিৰ মানুহৰ মন মুহি আহিব লাগিছে। ইংৰাজী চন ১৬০০ ত “মাৰ্চেণ্ট অব ভেনিচ” ওলায়। শ্যেক্সপিয়েৰে এই নাটৰ ঘটনাৰ বিষয়টো আন পুৰণি কিতাপৰপৰা সংগ্ৰহ কৰিছিল বুলি প্ৰবাদ আছে। নানান্ মুনিৰ নানান্ মত এই বিষয়ে শুনা গৈছে। কোনোৱে কয় এখন কিতাপৰপৰা, আনে কয় আন এখনৰপৰা। এনেকৈ মতৰ অনৈক্যতা দেখা যায়। সি যি হওক, শ্যেক্সপিয়েৰক যাক ইংৰাজীত Plagiarism কোৱা হয় (অৰ্থাৎ শব্দ চুৰ, ভাব চুৰ কৰা,) সেই দোষ দিব নোৱাৰি।

 শ্যেক্সপিয়েৰৰ সময়ত আৰু তাৰ আগৈয়েও ইহুদী আৰু খ্ৰীষ্টধৰ্ম্মাৱলম্বীসকলৰ মাজত বিৰোধ আছিল। সেই বিৰোধে যে ইমান উগ্ৰমূৰ্তি ধাৰণ কৰিব, তাত আশ্চৰ্য কি? শ্বাইলকক যিমান আমি আটায়ে দোষ দিওঁ, সিমান দোষ শ্বাইলকক দিয়া উচিত নহয়। শ্বাইলকৰো আন মানুহৰ দৰে দয়া, স্নেহ, হিংসা আছিল। ভেনিচৰ সাওদত শ্যেক্সপিয়েৰৰ বহুতো সাৰগৰ্ভ কথা আছে। যিমান দূৰ পৰা গৈছে, সেইবোৰ হুবহু অনুবাদ কৰিবৰ চেষ্টা কৰা হৈছে। “দয়াৰ” বিষয়ে, ডিউকৰ কছাৰীত শ্বাইলকৰ হৃদয় দ্ৰৱ কৰিবৰ নিমিত্তে দিয়া পোৰ্চিয়াৰ বক্তৃতাই যদিও শ্বাইলকৰ হৃদয় দ্ৰব কৰিব পৰা নাছিল, কিন্তু পৃথিবীৰ আন সকলো মানুহৰ হৃদয় দ্ৰৱ কৰিব লাগিছে।
[ xi ]  শ্যেক্সপিৰেৰৰ অগাধ বুদ্ধি, মানুহৰ স্বভাৱ চিনা বিষয়ত পাণ্ডিত্য গভীৰ। সেই দেখি দুই এজন মানুহে কয় যে, নাটকবোৰ শ্যেক্সপিয়েৰে লেখা নহয়— বিখ্যাত লৰ্ড বেকনেহে শ্যেক্সপিয়েৰৰ নাম দি লেখিছিল। ই যে একেবাৰেই অমূলক, পাঠকসকলক বোধ কৰোঁ কব নেলাগে।

 লণ্ডনৰ ভাৱনাৰ নিমিত্তেই শ্যেক্সপিয়েৰে নাটকবোৰ লেখিছিল। সেই সময়ত শ্যেক্সপিয়েৰে কেতিয়াও ভবা নাছিল যে, এই নাটকবোৰেই তেওঁৰ নাম পৃথিবীত অমৰ কৰিব। অৰ্থৰ নিমিত্তে কৰা কাম ভাল মতে কৰা নহয়, এনে এটা কথা আছে; কিন্তু এই শ্যেক্সপিয়েৰৰ নাটকবোৰ দেখিলে সেই কথা একেবাৰে মিছা বুলি মনত হয়। শ্যেক্সপিয়েৰে এই নাটকবোৰ টকা উপাৰ্জনৰ নিমিত্তেই লেখিছিল— এনেয়ে সাহিত্যপ্ৰণয়ী হৈ লেখা নাছিল।

 শ্যেক্সপিয়েৰৰ শেহ কেটা দিনৰ আৰ্থিক অবস্থা ভাল আছিল।

 ১৬১৬ চনত অৰ্থাৎ ৫২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। শ্যেক্সপিয়েৰৰ দৰে নাম থৈ মৃত্যু হোৱাক মৃত্যু কব নোৱাৰি, অমৃত হে কব লাগে।

 ছাপাখনালৈ পঠোৱাৰ লৰালৰিত দুটা এটা কথা ৰৈ গ’ল, কিন্তু, মূল নাটৰ কোনো ৰকম বিকৃতি ঘটা নাই।

৬নং মালেন্ ষ্ট্ৰীট্,
বালিগঞ্জ, কলিকতা;
২৫ মাৰ্চ, ১৯১২ চন।
শ্ৰীজ্ঞানদাভিৰাম বৰুৱা
 
 

 
[ xii ]
 

মোৰ দ্বিতীয়বাৰৰ নিবেদন।

⸺:⁎:⸺

 ১৯১২ খৃষ্টাব্দত ভেনিচৰ সাওদ অসমীয়া ভাষাত উলিউৱা হৈছিল। পাঁচ শ খন ছপাইছিলো। তাৰে কেবাখনো বন্ধু-বান্ধব, আত্মীয়-স্বজন, সুপৰিচিত, অলপ পৰিচিত মানুহক দিওঁতে গ'ল। কেবাখনো কোনো কোনো মানুহক বেচিব দিয়া হৈছিল। ১৯১৫\১৬ খৃষ্টাব্দৰ পৰা মানুহে এখন দুখন ধন দি কিনিবলৈ আৰম্ভ কৰে। কেবাখনো পোকে কাটি পেলায়। দুখন এখন এনেকৈ মানুহে কিনাৰ নিমিত্তে আৰু ওপৰত কোৱা কাৰণবোৰৰ নিমিত্তে কিতাপবোৰ এতিয়া নিঃশেষ হল— সেই দেখি আকৌ ছপাবলৈ আগ বাঢ়িলোঁ।

 মোৰ আসামত কিতাপ বেচি ধন ঘটা মানুহ অতি কম। মোৰ ইচ্ছা আছিল যে, শ্যেক্সপিয়েৰৰ সকলো নাটবোৰ এনেকৈ অসমীয়ালৈ ভাঙ্গি উলিয়াওঁ। সেই ভাবৰ বশবৰ্তী হৈ “পঞ্চৰত্ন” বুলি আৰু এখন কিতাপ ১৯১৯ খৃষ্টাব্দত উলিয়াইছিলোঁ। সেই কিতাপখনিত চমুকৈ শ্যেক্সপিয়েৰৰ পাচখনি নাটৰ বিষয়ে লেখা হৈছিল। ভেনিচৰ সাওদৰ যেনে অৱস্থা এই পঞ্চৰত্নৰো তেনে অৱস্থা। ভেনিচৰ সাওদৰ দ্বিতীয় তাঙ্গণ তেৰ বছৰৰ পাছত উলিয়াইবলৈ আগ বাঢ়িছোঁ —পঞ্চৰত্বৰ দ্বিতীয় তাঙ্গণ ১৯৩৯ খৃষ্টাব্দত চাগৈ উলিয়াম! যদি জীয়াই থাকোঁ।

 কিতাপ বেচা নেহোৱাৰ কথা সাহ কৰি লেখিছোঁ —এই কাৰণে, যে মোৰ এইবোৰ কিতাপবোৰৰ দোষৰ বাবে গালি, গুণৰ বাবে প্ৰশংসা পাবৰ অধিকাৰ নাই; দোষ গুণ শ্যেক্সপিয়েৰৰ। যি শ্যেক্সপিয়েৰে আজি তিনিশ বছৰৰকৈও সৰহ দিন আমাৰ এই পৃথিবীৰ সুসভ্য [ xiii ] ভাষাবিলাকক, বিশেষ ইংৰাজী ভাষাক, চহকী কৰি আছে। মোৰ দোষো নাই, গুণো নাই। অসমীয়া মানুহক এইবোৰ কিতাপ পঢ়ি এই জগৎকবিজনৰ গ্ৰন্থবোৰৰ অলপ সোৱাদ দিবৰ ইচ্ছাৰেহে এই কিতাপবোৰ সাহ কৰি উলিয়াইছিলোঁ।

 এই কিতাপখনি এইবাৰ বঢ়াবৰ ইচ্ছা আছিল, কিন্তু বঢ়াই ছপাখানাক সৰহ পৰচা দিবৰ ইচ্ছা নকৰি, এই দ্বিতীয় পাতনি আৰু নাটৰ ভাৱৰীয়া ভাৱৰীয়ানী সকলৰ নাম দিয়েই এই বাৰৰ নিবেদন সাং কৰিলোঁ।

 ভাৱৰীয়া সকলৰ নাম দিয়াৰ বাবে কলেজৰ ছাত্ৰ সকলেও এই কিতাপ পঢ়ি অলপ উপকাৰ পাব এই আশা কৰিলোঁ। এই সকলোবিলাক ভাৱৰীয়া আমাৰ ভেনিচৰ সাওদত নোলায়, কিন্তু শিক্ষিত মানুহৰ এই নামবোৰৰ সৈতে চিনাকী থকা ভাল। মূল কিতাপত কোন কোন অঙ্কত এওঁলোক ওলায়, তাকো দিয়া গ’ল। শ্বাইলক, পোৰ্শ্বিয়া, এন্টোনিও, বাচানিও, লোৰেঞ্জো, জেচিকা ইত্যাদিৰে সৈতে আমাৰ দেশৰ লৰা-ছোৱালীবিলাকৰ আৰু ভালকৈ চিনাকি হ’ব এই আশা ৰাখিলোঁ।

 মোৰ পাঠকপাঠিকা সকলক, বিশেষ লৰা-ছোৱালী সকলক, মোৰ আন্তৰিক শুভ ইচ্ছা জনাওঁ।

আৰ্ল ল কলেজ,
গুৱাহাটী;
২৭ জুলাই, ১৯২৫।
শ্ৰীজ্ঞানদাভিৰাম বৰুৱা