হয়। প্ৰতিদিনে দৈনিক ইংৰাজী বাতৰি কাকতখন কমেও আধাঘণ্টামান মনোযোগেৰে
পঢ়িব লাগে। বিশেষকৈ শীৰ্ষ শাৰী বা হেডলাইনবোৰৰ অসমীয়া অৰ্থ অভিধান ব্যৱহাৰ
কৰি হ’লেও উলিয়াই লৈ বুজিবলৈ যত্ন কৰিব লাগে। তদুপৰি প্ৰতিদিনে এক পৃষ্ঠামান
নিজাকৈ ইংৰাজী লিখাৰ অভ্যাস কৰিব লাগে আৰু এই ইংৰাজীখিনি প্ৰতিদিনে ইংৰাজী
জনা কোনো লোকক দেখুৱাই শুদ্ধ কৰি ল’ব লাগে। অৱশ্যে ইয়াৰ সমান্তৰালভাৱে
বিদ্যালয়ৰ শ্ৰেণী আৰু পৰীক্ষাৰ পাঠ্যক্ৰমতো যথোচিত গুৰুত্ব আৰোপ কৰিব লাগে।
ইয়াৰ উপৰিও বন্ধু-বান্ধৱীলৈ চিঠি-পত্ৰ লিখোতে ইংৰাজী ভাষাত লিখিবলৈও যত্ন
কৰিব লাগে। ভুল হোৱাৰ বাবে সংকোচ কৰিব নালাগে। এনেদৰে ধৈৰ্যসহকাৰে
আগবাঢ়িলে ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় তিনিমাহৰ ভিতৰত শুদ্ধ, সৰল ইংৰাজী লিখাত
নিশ্চিতভাৱে দক্ষ হৈ উঠিব আৰু ক্ৰমে জটিলতৰ ইংৰাজী ভাষা বুজিব আৰু লিখিব
পৰা হ’ব। লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ ইংৰাজী বিষয়টোৰ প্ৰতি থকা অহেতুক ভয়
আঁতৰি যাব আৰু এক নতুন আত্মবিশ্বাসেৰে এই বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব।
৩৪