পৃষ্ঠা:Mor Sowarani.djvu/১৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোড়শ সৰ্গ ১১১ কৰিলে; সুসমিধান দি নাপাহৰিবলৈ বুলি সিবিলাকক দেখুৱাই জেপৰ উমালৰ আগত গাখি এটা বাৰি থৈ মোৰফালে চাই এই বুলি সঙ্কেত দিলে “Padmanath should deal this subject in Banti in an early issue*। মই চকিত হৈ তলমূৰ উপস্থিত ভদ্ৰলোককেজনেও চকু চোৱা-চুই কৰিবলৈ ধৰিলে। ভংঙ্গীয়া ফুলাৰ বাহাদুৰে তৰিব নোৱাৰি বন্তিৰ লগত মোৰ সম্পৰ্ক থকাৰ কথা কৈ পেলালে। তাৰপৰা মোৰ পক্ষে লাভ আৰু লোকচান দুইটাই হল। লাভ এইবাবে যে মোৰ শত্ৰুপক্ষীয় লোকে মোৰ সেই গুপ্ত সম্পৰ্ক চৰ্কাৰৰ চকুত পেলাবলৈ বুলি খুচৰি থকা কু প্ৰবৃত্তিয়ে অলপ শাম কাটিলে; লোকচান এই হল যে মোৰ বিৰুদ্ধে তৎপুৰ্বৰেপৰা কাকতে-কাপে লাগি থকা দলে শাসনৰ ঘাই কৰ্তাজনৰ মুখে ওলোৱা সেই ৰহস্য ভাঙ্গনিত গঢ়িলা লৈ লাগিবলৈ এটা ভাল খোপনি পালে। সি যি হওক, ইয়াত বাজেও এইজনা চীফ কমিচনাৰৰ আমোলত গোটাদিয়ে লেখত লবলগীয়া কাৰ্য মই কৰিবলগীয়া হৈছিল। কিন্তু তাৰ মাজতে এই ক্ষুদ্ৰ জীৱনত কেইবাটাও ডাঙ্গৰ ঘটনা ঘটিছিল কাৰণে আগধৰি সেইকেইটা ঘটনাৰ বিষয়ে সুমৰিবলৈ মাননীয় ফুলাৰ বাহাদুৰৰ সংসৰ্গত সম্পাদিত হোৱা কাৰ্যাৱলীৰ বাকীছোৱাৰ বিবৃতি ইয়াৰ পাছৰৰ পাচৰ ছোৱা সেঁৱৰণীলৈ থোৱা হল।