পৃষ্ঠা:Mor Sowarani.djvu/১২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ মোৰ সোঁৱৰণী গীতি-কবিতা ৰচনা কৰা অনুজ্ঞাৰ বোজা পৰিল মোৰ মূৰত। সেই সিদ্ধান্ত অনুসৰি আমি তিনিও নিজ নিজ কাৰ্যত তৎপৰ হলোগৈ। সিবিলাক দুজনৰ কাৰ্য সহজে হৈ উঠিল; কিন্তু মোৰ কৰ্তব্য পালনত এফেৰি পলম ঘটিল। তথাপি যথাসময়ৰ পিচ নপৰাকৈ তলত উদ্ধৃত কৰা গীতি-কবিতাটি লৰালৰিৰ বেগত ৰচনা কৰি নি তিনিমূৰীয়া মেলৰ আগত দাঙ্গি ধৰিলোগৈ। সেই মেলে কবিতাটি বিষয়ানুযায়ীকৈ ৰূপহ হৈছে বুলি গ্ৰহণ কৰি এই সিদ্ধান্ত দিলে যে কবিতাটি “বস্তি”ৰ সম্পাদকীয় স্তম্ভত সোণালী আখৰেৰে ছপাই ঠিক সময়ত প্ৰচাৰ কৰিব লাগে, আক চীফ কমিচনাৰৰ জাহাজ আহি ঘাটত লগা মাত্ৰে আগতীয়াকৈ সেই সংখ্যা “বস্তি” খনচেৰেক কটন বাহাদুৰক অৰ্পণ কৰা হব লাগে। সেই কবিতাটি এই- (১) ( অজি) আহিছে কটন, যাবগই বুলি মাগিব বিদায় শেষ; আনন্দ বেজাৰ হইছে মিহলি সন্ধিয়া বেলিৰে বেশ। গইছে বিয়পি মাজতে হেবায় ভাব। উঠিছে উথলি উজাৰি বিচ্ছেদ তাপ। মুখৰে হাঁহিটি হুমুনিয়া এটি (২) (আজি) প্ৰাণৰ হেঁপাহে বিচাৰে কটন। লবলৈ বুকুত ঢাকি। হিয়াৰ ফলিত মোহন মূৰুতি থবলৈ যতনে আঁকি। জিৰণি সুমৰি যাবা তুমি এৰি যাবানে আমাক ভুলি? কটন কীতিয়ে দিয়ে সমিধান ‘ভুলো' ‘ভুলো’ বুলি। (৩) (বহু) সাধনাৰ ফলে লভিলে অসমে তোমাক দয়াল ৰজা; পাহৰি বিপত্তি পুৰ্ব শাসনৰ জিৰালে দুখীয়া প্ৰজা।