পৃষ্ঠা:Kirtan Ghosha.pdf/৬৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬
৬৪৭
ঘুনুচা-কীৰ্ত্তন


কৃষ্ণৰ আদেশে লক্ষ্মী তাৱক্ষণে
 দৌল লাগি চলি গৈল॥
নগৰীয়া গণে হুয়া ৰঙ্গ মনে
 থাকিলা আপুন ঠাৱে।
জগন্নাথে ৰঙ্গে ঘুনুচাৰ সঙ্গে
 আছিলা আনন্দভাৱে॥ ৯৮
ঘুনুচাৰ আগে প্ৰভু জগন্নাথে
 বুলিলা মৃদু বচন।
তুমি থাকা ঐত কালি প্ৰভাতত
 মই যাঞো নিজ ভুবন॥
ঘুনুচায়ে শুনি হেঠ মাথে গুণি
 অসন্তোযে নম্ৰভাৱে।
গদগদ বাক্যে বুলিবে লাগিলা
 মাধৱৰ ধৰি পাৱে॥ ৯৯
নমো জগন্নাথ ত্ৰিদশৰ নাথ
 মই যে বড় দুখিনী।
দিন কতিপয় থাকা কৃপাময়
 কৰা কৃপা যদুমণি ॥
নাহি পিতৃ আই  নাহি মোৰ ভাই
 সৱ গৈল পৰলোক।
ইসৱ সমস্তে তোমাৰ পাৱত
 অৰ্পিয়া গৈলেক মোক॥ ১০০


পা পদ ১০০॥ গ্ৰিদশৰ মাথ -নকৰা অনাথ।