এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৬
[ খণ্ড ২৫
কীৰ্ত্তন-ঘোষা
সপ্তম কীৰ্ত্তন
ঘোষা॥ হৰি গোৱিন্দ কৃষ্ণ জয় জগন্নাথ।৷ ৭
পদ॥ যজন্ত বেড়ি যত ব্ৰহ্মঋষি।
কৃষ্ণক অৰ্চ্চন্ত ৰাজা হৰিষি।
কৰিলন্ত হোম কোটি প্ৰমাণ।
ৰথ গজ বাজী দিলন্ত দান।৷ ৭১
কোটি কোটি ৰথ গ্ৰাম নগৰ।
দাসী দাস ধেনু বৃষ বিস্তৰ॥
যেহি লাগে খোজে যতেক প্ৰজা।
নাহিকে নেদো নোবোলন্ত ৰাজা॥ ৭২
পুৰিলা মনোৰথ সমস্তৰ।
হৃষ্ট-পুষ্ট ভৈল সমস্তে নৰ।৷
সকল ঋষিক বোলন্ত বাণী।
প্ৰত্যেকে যাবে নোন্ত চক্ৰপাণি॥ ৭৩
প্ৰৱৰ্ত্তাৱা তাৱে যজ্ঞ আমাৰ।
এহি বুলি দান দেন্ত আপাৰ।৷
কোনে কৰিবেক দানৰ সীমা।
যজ্ঞৰ পৰম দেখি মহিমা॥ ৭৪
পা ৭২॥ ৰথ—ৰত্ন।