এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩
৫৬৩
উৰেষা-বৰ্ণন
দীৰ্ঘ দশ যোজন পথালি পাঞ্চ সীমা।
কি কহিবো সিটো মহা ক্ষেত্ৰৰ মহিমা।৷
পৰম আচৰ্য্যময় মনোহৰ থান।
ইন্দ্ৰদ্যুম্ন নৃপতি দেখিলা বিদ্যমান॥ ২৩
দুনাই মুনিগণে পাছে পুছিলা ব্ৰহ্মাত।
পূৰ্ব্বত প্ৰতিমা কিয় নাছিল তথাত।৷
কৰিয়ো সংশয় ছেদ প্ৰভু প্ৰজাপতি।
বোলা হৰি হৰি পাপ যাউক অধোগতি॥ ২৪
তৃতীয় কীৰ্তন
ঘোষা॥ ৰাম ৰাম বোলা তাৱে।
যমে নতু ধৰে যাৱে॥ ৩
পদ॥ ব্ৰহ্মায়ে বোলন্ত শুনিয়ো কথা।
যি কাৰ্য্যে প্ৰতিমা নাছিল তথা॥
পূৰ্ব্বত মেৰুৰ শিখৰে হৰি।
বসিয়া আছন্ত আনন্দ কৰি।৷ ২৫
প্ৰণামি জানু-শিৰে লক্ষ্মী মাৱে।
কৰিলন্ত প্ৰশ্ন স্বামীৰ পাৱে॥
কোন কৰ্ম্ম-ভূমি মনুষ্য লোকে।
সদায়ে আক নেৰে দুঃখে-শোকে।৷ ২৬