পৃষ্ঠা:Kirtan Ghosha.pdf/৫০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯০
[ খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

সবংশে আমিও গৈয়া তৈতে আসি স্নান।
বিপ্ৰক ভোজন কৰাই দেওঁ মহাদান॥
দানে-পুণ্যে হুয়ো মহা দুৰ্গতি নিস্তাৰ।
যেন মহা নাৱে সাগৰত কৰে পাৰ॥ ২২
কৃষ্ণৰ বচন শুনি যত যদুগণ।
তীৰ্থক যাইবাক সৱে কৰিল যতন॥
লৱড়া-লৱড়ি কৰি ভৈলা কাছ-পাৰ।
ৰথত তুলিলা আনি অনেক সম্ভাৰ॥ ২৩
নিশান কোবাই সৱে এক স্থান ভৈল।
বাল বৃদ্ধ স্ত্ৰী মাত্ৰ নগৰত ৰৈল॥
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ২৪

তৃতীয় কীৰ্ত্তন

ঘোষা॥ পৰমানন্দৰাম জোনো ছাড়সি মোক।
 হৰি জোনো তেজি যাহা মোক॥ ৩

পদ॥ যাইবে যদুগণ পাছে ভক্ত উদ্ধৱৰ কাছে
 বিহঙ্গম দেখি কাম্পে কায়।
 কৃষ্ণৰ বচন শুনি মনে বিমৰবি গুণি
 বুলিলস্ত সৱে অভিপ্ৰায়॥