এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৬
খণ্ড ২১
কীৰ্ত্তন-ঘোষা
ব্ৰহ্মা আদি কৰি দেৱৰ ঈশ্বৰ
তযু পাৱে নমস্কাৰ॥ ১৬
তোমাৰেসে মায়া- কৰ্ম্মে বন্দী হুয়া
সংসাৰে উপজো মৰো।
দুঃখ-সাগৰত ত্ৰাণ কৰা হৰি
তোমাৰ চৰণে ধৰো॥
তুমি অন্তৰ্যামী সমস্ত লোকৰ
তুমি মহেশ্বৰ দেৱ।
তুমিসি সৰ্ব্বজ্ঞ নৃসিংহ তোমাক
মনে কৰো আমি সেৱ॥ ১৭
সংসাৰ-চক্ৰৰ কৰৱতে চিৰে
নেড়ে মহামোহ ভয়।
তোমাৰ চৰণে পশিলো শৰণে
ৰক্ষা কৰা কৃপাময়॥
তুমি মহাগুৰু তোমাৰ চৰণে
মন যদি লৱে বাস।
পা ১৬॥ দেবৰ-জীৱৰ।