এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৬
[ খণ্ড ২০
কীৰ্ত্তন-ঘোষা
স্মৰ পৰিবঙ্গ উগ্দীথ পতঙ্গ
ক্ষুদ্ৰভ্ৰুক্ আৰো ঘৃণি।
এহি ছয় জন পৰম পৱিত্ৰ
আছে কাম-ক্ৰোধ জিনি॥
যৈসানি ব্ৰহ্মায়ে নিজ দুহিতাক
স্ক্ৰীড়া কৰিবাক চান্ত।
দেখি ছয়োজনে ব্ৰহ্মাক নিন্দিয়া
উপহাস্য কৰিলন্ত॥ ১৯
অসুৰ-যোনিক যাহা বুলি ব্ৰহ্মা
শাপ দিলা কোপ মনে।
হিৰণ্যকশিপু দৈত্যৰ তনয়
ভৈলা আসি ছয়োজনে॥
পাছে দৈৱকীৰ গৰ্ভতে ছয়োক
উপজায়া যোগমায়া।
ধৰি কংস ৰায় সৱাকো বধিলা
অধৰ্ম্ম একো নচায়া॥ ২০
সম্প্ৰতি তোমাৰ কাছতে আছন্ত
ছয়ো মোৰ শ্ৰেষ্ঠ ভাই।