পৃষ্ঠা:Kirtan Ghosha.pdf/৩১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


সপ্তবিংশ কীৰ্ত্তন

ঘোষা॥ সেৱক বুলিয়া  পালিয়ো ৰাম
 চৰণে শৰণ লৈলো।
 তোমাত ভকতি  নকৰি কৃপালু
 জনম বিফল কৈলো॥ ২৭


পদ॥ সুদামাক বৰ দিয়া দামোদৰ
 ৰাজপথে চলি যান্ত।
 চন্দনৰ পাত্ৰ সহিতে যুৱতী
 কুবুজাক দেখিলন্ত॥

 ওচৰ চাপিয়া পুছন্ত হাসিয়া
 সৰ্ব্ব-সুখ-দাতা হৰি।
 তুমি কোন কাৰ  চন্দন লৈ যাহা
 কৈয়ো কথা শীঘ্ৰ কৰি॥ ৩৩৬

 দোভাইক চন্দন দিয়ো আজি তোৰ
 হৈবেক কল্যাণ আসি।
 সৈৰিন্ধী বোলয় শুনিয়ো সুন্দৰ
 মইতো কংস ৰায়ৰ দাসী॥