এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৫
২৯৭
কংস-বধ
পঞ্চবিংশ কীৰ্ত্তন
ঘোষা॥ গোৱিন্দ যদুদেৱ দীন-দায়াশিল।
তুমিসি বান্ধৱ কৃষ্ণ আৱেসে জানিলো॥২৫
পদ॥ অক্ৰূৰক পঠায়া গৃহক আগ কৰি।
লৈয়া গোপগণ সঙ্গে ৰঙ্গে ৰাম হৰি॥
পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত।
সিটো বিতোপন পুৰী দেখিলা সাক্ষাত॥ ৩০৫
স্ফটিকে গণ্ঠিত পুৰ-দ্বাৰ নুহি খাট।
লগায়াছে সুৱৰ্ণৰ বৃহত কপাট॥
হেনময় তোৰণ চিড়লে অলঙ্কত।
চতুৰ্ভিতি গড়খাই দেখি ভয়-ভীত॥৩০৬
বহুবিধ উদ্যান শোভিত কাছে কাছে।
সাৰি সাৰি গৃহসৱ প্ৰকাশন্তে আছে॥
হীৰা মৰকত ৰত্নে ৰঞ্জে ঠাৱে ঠাৱে।
শোভা কৰে পাৰাৱত ময়ূৰৰ ৰাৱে॥ ৩০৭
ৰাজপন্থ চৌপন্থাক সাঞ্জি-মাঞ্জি আতি।
পদুলি পদুলি দীপ-ঘট আছে পাতি॥
হেন নগৰত পশি গোপগণ-সঙ্গে।
ৰাজপথে চলি যান্ত ৰাম-কৃষ্ণ ৰঙ্গে॥ ৩০৮