পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
[ খণ্ড ৯
কীৰ্ত্তন-ঘোষা


পৰম মঙ্গল ৰাম নাম ইটো অনুপাম
 বৈষ্ণৱৰ যাক শুনি তুষ্টি।
দৈত্যগণ দুৰাচাৰে তাক কি শুনিতে পাৰে
 উচপিচ কৰি গৈল উঠি॥

বলিৰো নুশুনে হাক দানৱৰ বিচেষ্টাক
 মাধৱৰ চক্ৰে দেখি আছে।
জ্বলে যেন সূৰ্য্য় কোটি বিম্বাদশবদে উঠি
 ক্ৰোধে খেদি গৈল পাছে পাছে॥১৭

কৃষ্ণৰ কিঙ্কৰে ভণে শুনিয়োক সৰ্ব্বজনে
 স্থিৰ বুদ্ধি কৰি গুণা মনে।
আজি-কালি কৰি দিন  গৈল আয়ু ভৈল ক্ষীণ
 যাইবে লাগে যমৰ কৰণে॥

যতেক সংসাৰ-নয় সৱে স্বপ্ন মায়াময়
 অন্তকে কেশত আছে ধৰি।
ভাৰতত জন্ম পাই বিলম্বক নুযুৱায়
 সদায় ঘুৰিয়ো ৰাম হৰি॥ ১৮


পা ১৭॥ বিম্বাদশবদে - বিম্বাসবদে।