পৃষ্ঠা:Kirtan Ghosha.pdf/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম খণ্ড
হৰ-মোহন
প্ৰথম কীৰ্ত্তন

ঘোষা॥ মুখে বোল ৰাম কৃষ্ণ সনাতন হৰি।
 হৰি-হৰ-লীলা-কথা শুনা কৰ্ণ ভৰি॥


পদ॥পৰীক্ষিত ৰাজাত কহন্ত মুনি শুকে।
 কহো কৃষ্ণ-কথা শুনা পৰম উৎসুকে॥
 বিপৰীত স্ত্ৰী-মায়া দেখি মাধৱৰ।
 শুনা যেনমতে কামাতুৰ ভৈলা হৰ॥ ১
 শুনিলন্ত হৰে পাছে কথা বিপৰীত।
 স্ত্ৰী-ৰূপ ধৰি হৰি হৰিলা অমৃত॥
 দেৱক ভূঞ্জাইলা দানৱৰ আশা ভঙ্গ।
 শুনি ত্ৰিনয়নৰ মনত মহাৰঙ্গ॥ ২.
 নয়নে দেখিবো বিষ্ণু ভৈলা যেন নাৰী।
 এহি বুলি বৃষভত চড়ি ত্ৰিপুৰাৰি।
 লগ লাগি গৌৰীও বসিল স্বামী কাছে।
 দেখি নন্দী আদি কৰি যত ভৃত্য আছে॥ ৩