এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন'২২]
১২৭
প্ৰহ্ৰাদ-চৰিত্ৰ
তাত হন্তে পিতৃ নিস্তৰোক।
হেন অনুগ্ৰহ কৰিয়োক॥
তুনি দীন দয়াশীল দেৱ।
তোমাৰ চৰণে কৰো সেৱ॥ ২৪২
কহে কৃষ্ণ-কিঙ্কৰ শঙ্কৰে।
নেৰিবা কীৰ্ত্তন একো নৰে॥
আজি কালি মিলিবে মৰণ।
হৰি হৰি বোলা সৰ্ব্বজন॥ ২৪৩
দ্বাবিংশ কীৰ্ত্তন
ঘোষা॥ ও হৰি নমো দমোদৰ যাদৱানন্দ
দুঃখ নিৱেদিবো কত।
নভৈল ভকতি ইহ মনুষ্য জন্মত॥২২
পদ॥ নৃসিংহে বোলন্ত হাসি শুনিয়ো প্ৰহ্ৰাদ৷
দিবাক নলাগে তোক ইসৱ প্ৰসাদ॥
পৰম বৈষ্ণৰ তই পুত্ৰ ভৈলি যাৰ।
একৈশ পুৰুষ তাৰ কৰিলি নিস্তাৰ॥২৪৪