এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৭]
১১১
প্ৰহ্ৰাদ-চৰিত্ৰ
যত বুঢ়া দৈত্য আছে চৌপাশে।
কাম্পে পৃথিৱীত পড়িয়া ত্ৰাসে॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ১৮৪
সপ্তদশ কীৰ্ত্তন
ঘোষা॥ ও হৰি নৰহৰি হৰিয়ো কুমতি।
অস্তকালে হৰি-চৰণেসে গতি॥ ১৭
পদ॥ শুনি দৈত্যেন্দ্ৰৰ অন্তৰীক্ষ ভৈল ধাতু।
কোনে দিলে আটাস নেদেখি তাৰ হেতু॥
সত্য কৰিবাক লাগি নিজ-ভৃত্য-বাণী।
তন্তুতে বেকত ভৈলা প্ৰভু চক্ৰপাণি॥ ১৮৫
অদ্ভুত দেখিয়া দৈত্যপতি ভৈলা চুপ।
নুহি সিংহ নুহি ইটো মনুষ্যৰ ৰূপ॥
ঘোৰ-মুৰ্ত্তি ধৰি নৰসিংহ ভৈলা বাজ।
মহাত্ৰাসে কাম্পে দেখি দানৱ-সমাজ॥ ১৮৬
তপ্ত সুৱৰ্ণৰ সম জ্বলে চক্ষু দুই।
পৰ্ব্বত-সমান কায় আছে স্বৰ্গ ছুই॥
পা ঘোষা ১৭॥ ও হৰি-এ হৰি
হৰিচৰণেসে-মাধৱৰ চৰণে