পৃষ্ঠা:Kirtan Ghosha.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা


এয়োদশ কীৰ্ত্তন

ঘোষা॥ কেশৱ শিৱ শিৱ ঘুষিয়ো সদায়।
 ৰাম-নাম বিনা বান্ধৱ নাই॥ ১৩

পদ॥ কিসক দৈত্যেন্দ্ৰ আছা মনত বিকলে।
 তিনিও লোকক তুমি জিনিলা একলে॥
 তযু কটাক্ষতে কাম্পে দিগপালগণ।
 তোমাৰ চিন্তাৰ কিছু নেদেখো কাৰণ॥ ১৩৫
 হেন জানি হুয়ো ৰাজা মনত সন্তোষ।
 শিশু-ছৱালৰ কিছু নধৰিবা দোষ॥
 বৰুণৰ পাশে বান্ধি থৈয়ো কত কাল।
 আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল॥ ১৩৬
 এহি হোক বুলি আদেশিলা দৈত্যেশ্বৰ।
 শিখায়োক আক ৰাজনীতি নিৰন্তৰ॥
 হেন শুনি গুৰু-পুত্ৰে আনি প্ৰহ্ৰাদক।
 মহাযত্নে পঢ়াইলন্ত দৈত্যৰ শাস্ত্ৰক॥ ১৩৭
 তাক ভাল নমানয় প্ৰহ্ৰাদৰ মনে।
 কৰিলা নিবিড় চিত্ত কৃষ্ণৰ চৰণে॥
 পঢ়াই শুনাই গুৰু যেৱে গৃহকামে যান্ত।
 দৈত্য-শিশুসৱক মাতিয়া শিখাৱন্ত॥ ১৩৮