আৰোপিত নকৰাকৈ দুঃস্থ নাৰীৰ দাৰিদ্ৰ্য ৰূপায়িত কৰা হৈছে। ভাদৈৰ প্ৰতি পঢ়ুৱৈৰ মনোযোগ ধাৱিত হৈছে। সেই চৰিত্ৰটিৰ দ্বাৰা সংঘটিত ঘটনাৰ জৰিয়তে গল্পকাৰৰ অৱস্থান নিৰ্ধাৰণ কৰিব পাৰে— “নৈতিকতাৰ প্ৰতি আকুলতা অনুভূত হয়ঃ মই যেন আকাশৰ পৰাহে পৰিলোঁ। ৰাজধানীৰ ক’ত পায় মেট্ৰিকৰ চাৰ্টিফিকেট।”
চৰিত্ৰৰ মানসিকতাক পঢ়ুৱৈৰে পোনপটীয়া সংযোগ স্থাপনেৰে ‘কথন বৰ্হিভূত' (non-narrative) ৰূপৰ আধুনিকতাৰ প্ৰতি স্বাভাৱিকতে বিপুল খাটনিয়াৰৰ অনুৰাগ নাই। মূলতঃ বাহ্যিক বাস্তৱতাৰ ৰূপায়ণেই বিপুল খাটনিয়াৰৰ মূল উপজীব্য। কিছুমান গল্পত ইয়াৰ অনুসংগ হিচাপে যৌনতা, বৈধ-অবৈধ খাটনিয়াৰৰ গল্পলৈ আহে। এই যৌনতা লোকভাষাৰ জৰিয়তে মূৰ্ত হয় আৰু তেনেদৰেই যৌন আনুপুংখিক বৰ্ণনাক নিপুণ গল্পকাৰে নেওচা দিছে।
মিটশ্বেল এ লিচকাৰ কথাৰ পোহৰত ক'ব পাৰি যে বিপুল খাটনিয়াৰে গল্প এটা তেওঁৰ মনত যি ধৰণে গঢ় দি লয় পঢ়ুৱৈৰ অনুভূতি আৰু দৃষ্টিভংগীত তাৰ প্ৰভাৱ পৰে। কি দৃষ্টিকোণ বা কোনবোৰ দৃষ্টিকোণৰ মিশ্ৰণ আৰু কল্পলোকৰ দৃষ্টিৰ তাৰতম্যৰে সম্পূৰ্ণ কাৰ্যকৰীভাৱে গল্পকাৰে পঢ়ুৱৈৰ মাজলৈ নিব সেয়া খাটনিয়াৰৰ নখ-দৰ্পণত যেন লাগে।
‘বেংগ্ৰা’ৰ ৰাজনৈতিক বাস্তৱতাৰ আতংকময় পৰিৱেশ অপূৰ্ব দক্ষতাৰে গল্পকাৰে ফুটাই তুলিছে। প্ৰথম পুৰুষৰ গল্পৰ লেখকৰ অভিপ্ৰেত মনোভংগী পঢ়ুৱৈৰ ওপৰত জাপি দিয়াৰ যি প্ৰৱণতা সাধাৰণতে দেখা যায় গল্পটোত সেয়া সচেতনভাৱে পৰিহাৰ কৰি চলা হৈছে। কিন্তু কথক সন্ত্ৰাসবাদৰ পথত ভৰি দিয়া আৰু তেওঁৰ জিঘাংসু ৰূপৰ ন্যায্যতা প্ৰতিপন্ন কৰাৰ প্ৰয়াস গল্পটোত নাই, বৰঞ্চ আমাৰ গা-মন সিৰসিৰাই যোৱাকৈ একপ্ৰকাৰৰ অনুশোচনাত দগ্ধ মনৰ জুই-পোহৰে আমাক হতচকিত কৰি তোলে —
“মাণিক শৰ্মাৰ গাল দুখন ফটা মেলখোৱা। সেইফালেৰে কিম্ভুত কিমাকাৰ
ৰূপত দুয়োপাৰি দাঁত জিলিকি পৰিছে। এখন হাত, হয়, বাঁওহাতখন
কিলাকুটিৰ পৰা তলৰছোৱা নাই। বুকু আৰু পেটৰ বহু ঠাই ৰেপি ৰেপি
কটা। জুহালৰ জুইকুৰাৰ কঁপা কঁপা পোহৰত এনে লাগিল সেৰেঙা
চিলাইবোৰৰ মাজেৰে যেন পেটৰ নাৰী-ভূঁৰু আটাইবোৰ ওলাই আহোঁ
আহোঁ কৰিছে।”
গল্পটিৰ সমাপ্তিয়ে তাৰ প্ৰায়শ্চিত্ত বিচাৰি লৈছেএনে বীভৎসতাৰ মাজত—