আদৰি লৈছিল। কিন্তু ক’তো সংকলনখনৰ আলোচনা-সমালোচনা প্ৰকাশ পোৱা নাছিল। এদিনাখন আমাৰপৰা এই কথাৰ সম্ভেদ পাই তেখেতে একপি গল্পপুথি খুজি নিলে। দুমাহ-তিনিমাহ পিছত ‘নতুন পৃথিৱী’: পঁচিশ বছৰ, ২ সংখ্যা, এপ্ৰিল- জুন, ২০০৪ সংখ্যাত ‘পুথি পৰিচয়’ শিতানত শোভা খনিকৰে লিখা ‘পৰীক্ষিত বৈশ্যৰ গল্প সংকলন : ডেউকা ভগা পখীৰ ক্ৰন্দন’ শীৰ্ষক পুথি সমালোচনাটো হাতত পৰাতহে বুজি পালোঁ যে সেয়া বিপুল খাটনিয়াৰৰ এজন উদীয়মান গল্পকাৰৰ প্ৰতি মৰমৰহে ফচল। সমালোচনা প্ৰকাশ হোৱাৰ পিছতহে আমি শোভা খনিকৰৰ স’তে চিনাকি হওঁ আৰু তেৱেঁই আমাক কৈছিল যে গল্পপুথিখনৰ সমালোচনাটি লিখিবলৈ তেওঁক বিপুল খাটনিয়াৰে দায়িত্ব দিছিল। আকৌ এনে মৰম পাইছিলোঁ— তেওঁৰ দ্বাৰা সম্পাদিত আৰু নতুন সাহিত্য পৰিষদৰ ডিগবৈ শাখাই প্ৰকাশ কৰা ‘নিলিখা গল্প’ সংকলন ওলোৱাৰ সময়ত। “নিলিখা গল্প’ সংকলনখন প্ৰকাশ হোৱাৰ কিছুদিন পূৰ্বে ‘গুৱাহাটী প্ৰেছ ক্লাব’ত ইছমাইল হোছেইন(জ্যেষ্ঠ)ৰ ‘পল ৰবছন’ গ্ৰন্থখনৰ উন্মোচন সভাত বিপুল খাটনিয়াৰে আমাক লগ পাই সুধিলে, “বৈশ্য হাতত কিবা নতুন গল্প আছে নে কি??
মই ক'লোঁ, ‘একেবাৰে নতুন নাই। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰক বিষয়বস্তু হিচাপে লৈ লিখা গল্প এটা আছে। অৱশ্যে ‘নতুন পৃথিৱী’ত (বৰ্ষপূৰ্তিৰ বিশেষ সংখ্যা, ২০০৮) প্ৰকাশ পাইছে।’
‘সোনকালে দি পঠাবচোন।’— তেওঁ কৈ উঠিল।
কিছুদিন পিছত গল্পটো পঠাই দিলোঁ আৰু গল্পটো ‘নিলিখা গল্পঃ প্ৰথম প্ৰকাশ, ২০১০ ত প্ৰকাশ পালে।
মৃত্যুৰ দুই-তিনিবছৰ আগলৈকে আমি বিপুল খাটনিয়াৰৰপৰা এনে অনেক মৰম-চেনেহ বিশেষকৈ লিখা-মেলা আৰু প্ৰগতিশীল চিন্তা-চেতনা প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত পাই আহিছিলোঁ। তেওঁ আমাৰ গল্পবোৰ পঢ়ি সদায় অভিযোগ কৰিছিল, ‘আপুনি গল্পবোৰ বৰ খৰখেদাকৈ ৰচনা কৰে। তেনে নকৰিবচোন। কমেও দুই- তিনিবাৰ লিখিহে প্ৰকাশ কৰিব। তেতিয়াহে পাগত উঠিব।’
আজি বিপুল খাটনিয়াৰৰ দেহাৱসানৰ পিছত এনে প্ৰেৰণাদায়ক স্মৃতিবোৰ মনৰ মাজত অগাডেৱা কৰিব লাগিছে। এনেবোৰে স্মৃতি স্মৰণেৰে এইগৰাকী বিশিষ্ট গল্পকাৰ, গ্ৰন্থ সম্পাদক, সাহিত্য সংগঠকলৈ যাচিলোঁ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি। আমাৰ গভীৰ বিশ্বাস এনেবোৰ চাৰিত্ৰিক বিশেষত্ব, চিন্তা-চেতনাৰ বাবেই মানুহৰ মাজত তেখেত স্মৰণীয় হৈ থাকিব।❐
(লেখক ‘নতুন সাহিত্য পৰিষদ’ৰ ৰাজ্যিক কমিটিৰ সদস্য)