অশ্বক্ৰান্তত দুটি মন্দিৰ আছে। এটি কূৰ্মৰূপী ভগৱান জনাৰ্দন বিষ্ণুৰ আৰু আনটি অনন্তশায়ী বিষ্ণুৰ মন্দিৰ। মন্দিৰৰ পূব অংশত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত ভগৱান বিষ্ণুৰ পাদপদ্মৰ চিহ্ন আছে।
স্বৰ্গদেউ শিৱসিংহৰ দিনত ১৭২০ খৃষ্টাব্দত অনন্তশায়ী বিষ্ণুৰ মন্দিৰটি নিৰ্মিত হৈছিল। জনাৰ্দন বিষ্ণুৰ মন্দিৰ দৰঙী ৰজাই সজায় বুলি জনা যায়। যোগিনীতন্ত্ৰত অশ্বক্ৰান্তৰ উল্লেখ আছে আৰু কামৰূপৰ বুৰঞ্জীৰ মতে এই তীৰ্থৰ উত্তৰে দ্বাদশ তীৰ্থ, গয়া তীৰ্থ আৰু বিষ্ণুপদ আছে। বিষ্ণুপদত পিণ্ডদান পিতৃপুৰুষৰ আত্মাৰ সদ্গতিৰ কাৰণে এক পবিত্ৰ কাৰ্য।
গেজেটিয়াৰৰ মতে ১৭৫১ খৃষ্টাব্দত ৰাজেশ্বৰ সিংহৰ দিনত দীৰ্ঘেশ্বৰী বা সীতা পৰ্বতৰ ওপৰত য'ত সতীৰ কেশ পৰিছিল তাতে এটি মন্দিৰ নিৰ্মিত হৈছিল। কামৰূপৰ বুৰঞ্জীৰ মতে অশ্বক্ৰান্ত আৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ মাজৰ অংশতে বৃন্দাবন ক্ষেত্ৰ অবস্থিত। জনশ্ৰুতি মতে এসময়ত দুয়োটি তীৰ্থ ক্ষেত্ৰৰ মাজৰ স্থানক বৃন্দাবন ক্ষেত্ৰ নাইবা কাশী ক্ষেত্ৰ বোলা হৈছিল।
১৬৩৬ শকত মহাৰাজ ৰুদ্ৰসিংহই বংগদেশ জয় কৰাৰ আশাৰে ৰজাদুৱাৰত উপস্থিত হয়। কিন্তু তেওঁৰ বৰ্তমান ৰুদ্ৰেশ্বৰৰ দৌল থকা ঠাইত বসন্ত ৰোগত পৰলোক প্ৰাপ্তি হৈছিল। পিছত তেওঁৰ পুত্ৰ প্ৰমত্ত সিংহই ৰাজপাটত উঠি ১৬৭১ শকত সেই স্থানত এটি মন্দিৰ নিৰ্মাণ কৰি ৰুদ্ৰেশ্বৰ শিৱৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰিছিল।
ইয়াৰ উপৰিও মণি শৈল পৰ্বতত মণিকৰ্ণেশ্বৰ শিৱৰ মন্দিৰ আছে। এই মন্দিৰ ৰাজেশ্বৰ সিংহৰ দিনত ১৬৭৭ শকত নিৰ্মাণ কৰা হৈছিল। কামৰূপৰ বৰঞ্জীত মণিকৰ্ণেশ্বৰ পৰ্বতক চাহবুৰুজ বোলা হৈছে। যোগিনীতন্ত্ৰ আৰু কামৰূপৰ বুৰঞ্জীৰ মতে কাষেৰে মংগলা বা বৰনদী বৈ গৈছে।
নগৰৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ বুকুত কলি পৰ্বতত কলিৰ মূৰ্তি আছে। সেই ফালে চালে সকলো পুণ্য নষ্ট হয় বুলি মানুহৰ বিশ্বাস। কামৰূপৰ বুৰঞ্জীয়ে স্থানখনিক কৰ্মনাশা বুলিছে।
লুইতৰ বুকুত এটি দ্বীপত উমানন্দ মন্দিৰ আছে। কালিকা পুৰাণ আৰু
যোগিনীতন্ত্ৰৰ মতে এই দ্বীপক ভস্মাচল বা ভস্মশৈল বোলে। ইয়াতে মহাদেৱে
কামদেৱক ভস্ম কৰিছিল বুলি প্ৰসিদ্ধি আছে। উমাক আনন্দ দিবৰ কাৰণে
মহাদেৱ হেনো এই স্থানত চিৰ জাগ্ৰত আৰু বিদ্যমান। উমানন্দ মন্দিৰ গদাধৰ
সিংহৰ পৃষ্ঠপোষকতাত গড়গঞা সন্দিকৈ ফুকনে ১৬১৬ শকত নিৰ্মাণ কৰাইছিল।