এই দুই মন্দিৰৰ উপৰিও অশ্বক্ৰান্ত দেৱালয়ত আৰু এটি মন্দিৰ আছে। সেইটো ‘কূৰ্ম জনাৰ্দনৰ ফল্গুৎসৱৰ মন্দিৰ’। এই মন্দিৰটো উপৰ দেৱালয়ৰ ঘাই মন্দিৰৰ অলপ আঁতৰত দক্ষিণ-পূব কোণত অৱস্থিত। মন্দিৰটো আন দুটা ঘাই মন্দিৰতকৈ কিছু সৰু আৰু চাপৰ। কিছু বছৰ আগতে এই মন্দিৰটো ভাঙি- ছিঙি গৈছিল যদিও, বৰ্তমানে মেৰামতি কৰি লোৱা হৈছে। এই মন্দিৰৰ গাতো এখন শিলালিপি আছিল। ফলিখনৰ কথাবোৰ এনে ধৰণৰ—
অশ্বক্ৰান্ত কূৰ্ম-জনাৰ্দনৰ ফল্গুৎসৱৰ মন্দিৰৰ শিলৰ ফলি
“৺৭ স্বস্তি শ্ৰীশ্ৰীসুৰ গন্ধৰ্ব-বৃন্দ-ৱন্দিত-গীত-নৃত্য-বাদ্য-মঙ্গল-প্ৰীত্যুৎসুক-মায়া- মৰ্দ্দন-জনাৰ্দ্দন-দেৱ-দোলান্দোলন-ৱিনোদ-ৱিলসায় মহাৰাজাধিৰাজ শ্ৰীশ্ৰীশিৱ- সিংহ নৃপাজ্ঞয়া জনাৰ্দ্দন-পদ-পঙ্কজ-পৰায়ণ-শ্ৰীমদনুজ-দুৱৰা-বৃহৎফুক্কনেন জনাৰ্দ্দন গিৰৌ ফল্গুৎসৱ-দৌলোহয়মকাৰি ত্ৰিনয়ন-নয়নব্ধি-তৰ্ক্ক-শশভৃচ্ছাকে। ১৬৪৩। ”
অশ্বক্ৰান্ত দেৱালয়ত যাত্ৰীৰ উপৰিও সাধু-সন্ন্যাসী আদি থাকিবলৈ ‘ধৰ্মশালাৰো’ ব্যৱস্থা আছে। এই ধৰ্মশালাত যাত্ৰী, সাধু-সন্ন্যাসী, পণ্ডিত লোক বহুতো থাকি গৈছে। সীমিত থকা-মেলাৰ সুবিধাৰ কাৰণে ভালেমান দূৰণিবটীয়া যাত্ৰীয়ে সময়ে সময়ে থাকিব নোৱাৰি অসুবিধাৰ সন্মুখীন হয়। তদুপৰি ওচৰতে থকা কেবাটিও গুহা বিশেষকৈ নামদেৱালয়ৰ ওচৰত থকা গুহা দুটা সজাই দিব পাৰিলে তপ-জপধাৰীৰ আকৰ্ষণ বাঢ়িব।
বিগ্ৰহৰ পূজাঃ বিষ্ণু পূজা
‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ত ড॰ বাণীকান্ত কাকতিদেৱে বিষ্ণু-পূজা সম্পৰ্কে লিখিছে—“কালিকা পুৰাণ’ৰ বৰ্ণনাবোৰত বিষ্ণু-পূজাৰ কোনো প্ৰাধান্য দেখা নাযায়। বাসুদেৱ বিষ্ণুৰ বাহিৰে পীঠবোৰৰ নামমাত্ৰ উল্লেখ ব্যতিৰেকে আন কথা প্ৰায় একোৱেই নাই। যি যি ঠাইত সেইসকলৰ পূজা চলিছিল, সেই সেই ঠাইৰ নামে সৈতে মাত্ৰ পাঁচোটা আবিৰ্ভাৱৰ কথাহে বৰ্ণিত হৈছে—
(ক) বিষ্ণুয়ে হয়গ্ৰীৱ ৰূপে জৰাসুৰক মণিকূট নামে ঠাইত বধ কৰিছিল। (কালিকা পুৰাণ, ৮১/৭৫)।
(খ) মণিকূটৰ পূবে মৎস্যধ্বজ পৰ্বতত বিষ্ণু মৎস্য অৱতাৰৰূপে পূজিত
হৈছিল। (কালিকা পুৰাণ, ৮২/৫০)।