পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লমো
লল–সস
২৫১


লমো লমে দাড়ি—বিং, [ লম্বা লম্বা দাড়ি। ] ( উপকথা ) বাঘে হাবিত ছাগলীক দেখি কলে 'লমো লমে, ডাড়ি ঘনে কৰে বিণা, এই জন পুৰুষে খাটে বনবাস। ” বাঘে ছাগলী কেনেকুৱা জন্তু আগৈয়ে দেখা নাছিল। ছাগলীয়ে বাঘৰ অজ্ঞতা বুজিব পাৰি উত্তৰ দিলে-“বাঘ খালোঁ ছাগ খালোঁ আৰু খালোঁ হাতী, আঁকা-বকা খাবলৈ নাপাই খপিছোঁ হি ৰাতি। ” বাঘ নিজে আঁক-বাক। তাকে খাবলৈ ছাগলীয়ে খাপ দিছে বুলি ভাবি ভয়ত অস্থিৰ হৈ পলাই লৰ মাৰিলে। টেঙ্গৰ ছাগলীয়ে বুদ্ধিৰে বাঘৰ মুখৰপৰা সাৰিল। এতেকে,—দীঘল দাড়ি, a long beard.

লৰত ফেঁটী সাপৰ মূৰ ছিগা—ক্ৰি, ফেঁটী সাপ বৰ খঙ্গাল। সি ফেঁট তুলি মানুহক খোঁটে। এই স্থলত ইমান বেগেৰে লৰ মাৰে বোলা হৈছে, যে ফেঁটী সাপে ফেঁট তোলোঁতেই তাৰ মূৰ ছিগি যায়, সি খুটিবলৈ সময় নাপায়। এতেকে,—অতি কোবেৰে লৰ দিয়া, to run too fast.

লৰা পোৱা—ক্ৰি, সন্তান প্ৰসৱ কৰা। ( পোৱা=লাভ কৰা। ) to be delivered of a child.

লৰা-ছোৱালীৰ পেঁপেঁ-জেঁজেঁ —বিং , (পেঁপেঁ=পেঁপাৰ মাত। জেঁজেঁ= জিলিৰ মাত। ) লৰা-ছোৱালীৰ হাই-কোঢ়াল, confused noise made by children.

লৰা ভুৰুকিওৱা—ক্ৰি, মানুহে লৰাক ফাঁকটি কথাৰে ভুৰুকিয়ায় অৰ্থাৎ ছলনা কৰে। ( ‘ভাড়ে’ আৰু ভুৰুকিয়ায় মূলত একে। ) এতেকে,— লৰাক যেনেকৈ ফাক্-ফুক্ কথাৰে ফুচুলায় সেইৰূপে ফুচুলোৱা, লৰালি ফাঁকি কৰা, to play a childish trick.

লৰাহঁতৰ মাক—বিং, লৰা-ছোৱালীবিলাকৰ অৰ্থাৎ পুতেক-জীয়েকবিলাকৰ মাক, অৰ্থাৎ ঘৈণীয়েক, the mother of one's children i.e. a wife.

লৰ্ব্বাং লাখুটি—বিং, [ লৰবৰ লাখুটি ] লাখুটি লৰবৰ কৰি ফুৰে। এতেকে,— আত্মীয়-স্বজনবিহীন লৰি ফুৰা অকলশৰীয়া মানুহ, a vagabond.

লল-সস কৰা—ক্ৰি, (লল কৰা=জিবা লল কৰা অৰ্থাৎ খৰকৈ লৰোৱা। সস কৰা=সস কৰে কথা কোৱা অৰ্থাৎ বহু আলাপ কৰা। ) অতি