পৰ্ব্বতী বদতি প্ৰভূ দেৱ মহেশ্বৰ।
কহা সৃষ্টি কথা মহাপাপ পুৰুষৰ॥
বদতি শঙ্কৰ শুনা পৰ্ব্বত দুইটা।
সুধা মহীখান যেন কৰিলা সালংকৃত॥
ভূলোকে দিলা থান গন্ধৰ্ব্ব সবক।
সল্লোকে ইন্দ্ৰকে প্ৰতি ত্ৰিদশ দেৱক॥
অমৃতৰ ভাগ মানে দিলা সমন্তক।
মহল্লোকে থৈলন্ত অসুৰ দেৱ যাক॥
জন লোকে মহা মুনিগণ নৰেন্দ্ৰক।
তপলোকে থান দিলা সিদ্ধ সমস্তক॥
সত্য লোকে দিলা থান তিনিও দেৱক।
তপলোক হন্তে বায়ু মহা যাৱন্তক॥
পৰম শোভন সিটো ব্ৰহ্মাৰ নগৰ।
সিসবত কৰি আঙ্ক দেখি মনোহৰ॥
ব্ৰহ্মলোক হন্তে দুই অযুত প্ৰমাণ।
সেহিটো কৈলাস দেবী আমাৰ ইটো স্থান॥
তাহাৰ উৰ্দ্ধত দুই লক্ষৰ অন্তৰ।
দিলন্ত ৰহস্য কৰি বিষ্ণুৰ নগৰ॥
সিটো ৰহস্য স্থানে যথা নাহি বৈকুণ্ঠ।
তাহাৰে সে নাম জানা সম্ভানু বৈকুণ্ঠ॥
পঞ্চবিধ মুক্তি থাকে সিটো বৈকুণ্ঠন্ত।
পৰম যতনে দেবী নিৰ্ম্মিছে পৰ্ব্বত॥
যদি কোটি ইন্দ্ৰ খসি পৰে ব্ৰহ্মাগণ।
বৈকুণ্ঠবাসীৰ নাহি তথাপি পতন॥
সাতো থাৱৰ নৰকাখৰ মনোহৰ।
নাহিকে পতন জানা সিটো নগৰৰ॥৪৩০
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৭৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
ৰূদ্ৰ যামল।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/da/%E0%A7%B0%E0%A7%82%E0%A6%A6%E0%A7%8D%E0%A7%B0_%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A6%B2.djvu/page78-949px-%E0%A7%B0%E0%A7%82%E0%A6%A6%E0%A7%8D%E0%A7%B0_%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A6%B2.djvu.jpg)