এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ৰাস ক্ৰীড়া
বিষময় জল, অঘ পূতনাত,
ৰাখিল বৃষ্টিত হন্তে।
চক্ৰবাত বন-, বহ্নি আনো ভয়ে,
তাৰিলা তুমি অনন্তে।
আবে কেনে মন-, মথৰ হাতত,
আমাক মৰোৱা স্বামী।
তোমাৰ চৰণ, যেৱে দেখা পাওঁ,
পুনৰপি জীওঁ আমি?
নুহিকা যশোদা-, নন্দন গোবিন্দ,
নিশ্চয় বুলিলো বাক।
তুমি সমস্তৰে, বদ্ধি সাক্ষী সখি,
প্ৰাৰ্থিলা ব্ৰহ্মা তোমাক।
জগত ৰাখিবে, লাগি যদুকুলে,
আপুনি ভৈলা উদিত।
শুনা মহাভাগ, ভকতৰ ত্যাগ,
কৰিবে নুহি উচিত।