এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ
যিটো সাধু নৰে সমস্তকে তেজি
ঈশ্বৰক সদা চিন্তে।
ব্ৰহ্মক সাক্ষাত কৰিয়া আছন্ত
সিসৱ মহা মহন্তে।
তাসম্বক হৃদি এৰিব নোৱাৰে
ভগৱন্ত কৃপাময়।
গুৰুকে ভাবিবা গুৰুকে চিন্তিবা
গুৰুৱে সৱে হোৱয়॥
চৈধ্য বন্ধু লৈ বাণিজ্য বেহালা
নৰলা একোকে বাকী।
পাপ-পূণ্য জোখোতে সাক্ষীহৈ ৰবগৈ
মাৰিব নোৱাৰা থাকি॥
অকৰ্ম্ম এৰিয়া মহন্তৰ সঙ্গে
ধৰিবা ধৰ্ম্মৰ গুৰি।
নিজেও তৰিবা আনকো তৰাইবা
ডাকি বোলা হৰি হৰি॥
.........................
৭৭। মূল ঘোষাঃ-
শঙ্খ-চক্ৰ-গদা-পদ্ম চতুৰ্ভূজ ধৰি।
ধৰাধৰি পূৰ্ণব্ৰহ্মা আসিলা মূৰাৰী॥
ভৈল শিশু ৰূপ তৈতে প্ৰভূ নাৰায়ণ।
নন্দ যশোদাৰ গৃহে কৰিলা পালন॥
পদঃ-
গোপী বোলে গকুলত কিনো অদভূত।
কাঠ-বাজী যশোদাই দেখে পুত্ৰ মুখ॥
খীৰ লৱন ঘৃত ভাণ্ড কৰি হাতে।
কৃষ্ণ দৰশনে হৈব কিনো সু-প্ৰভাতে॥
(১৪২)