পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২ ৰাভা জনজাতি ৰংদানি ৰাভাসকলে তেওঁলোকৰ প্ৰাচীন বীৰাংগনা ছিছোৰাক খোচি পূজাত মুখ্য দেৱী ৰূপে আৰোপ কৰিলেও বৰ্তমান কোনো কোনো অঞ্চলৰ ৰংদানি ৰাভাসকলৰ ‘খোচি’ পূজাৰ সলনি হাছং’ বা বাস্তুদেৱতাৰহে পূজা কৰে। কিছুমানে হাছঙক দেৱী মহামায়া হিচাপেও গণ্য কৰে। এই পূজাৰ সময়ত সামূহিকভাৱে আৰাধনা কৰি কৰা গীতৰ এফাকি উল্লেখ কৰা হ'ল। “ফই মাছি, ফই মায়, উই-উই-উই, বাছে, খোকছে ওয়ে-ওয়ে-ওয়ে”।

এ আয়া এ আয়া (ঘ) অগ্নি পূজাৰ গীত : ৰাভাসকলে সামূহিকভাৱে অগ্নি পূজা কৰে। কিছুমানে এই পূজা ‘খোচি’ পূজাৰ লগতে সহযোগী অনুষ্ঠান হিচাপে পালন কৰে। কাঠ বা বাঁহেৰে সাত থাক (খলপা) চিতাৰ দৰে সাজে। পূজাৰ শেষত ইয়াক পুৰি পেলায়। অগ্নি পূজাৰ আৰাধনাৰ গীত তলত যৎকিঞ্চিত উল্লেখ কৰা হ'ল। “আগাৰাণী ছানা দে ব্ৰহ্মাণী ছানা দে নাঙি পূৰ্বানি আচাৰবানি বিচাৰবানি ৰায়, চিঙি পালি প্ৰহৰিতাং, নাঙি চালাম চিঙি ৰায়।” সৰলাৰ্থ : হে আই অগ্নিদেবী। মাতৃ স্বৰূপিনী! আমি প্ৰাচীন আচাৰ নীতি সাৰোগত কৰি পৱিত্ৰ ঘিলা গুটিৰে মিহলি পৰিষ্কাৰ পানীৰে স্নান কৰি আহিছোঁ। আমি তোমাক সকলোৱে দেৱী জ্ঞান কৰি ভক্তি বিশ্বাসেৰে প্ৰণাম কৰি শ্ৰদ্ধাৰে অঞ্জলি যাচিছোঁ। (ঙ) কোচা ৰাভাসকলৰ ৰুন্তুকবাছেক পূজাৰ গীত : কোচবিহাৰ, জলপাইগুৰি জিলাত আৰু গোৱালপাৰা জিলাৰ উত্তৰ অঞ্চলত বাস কৰা কোচা ৰাভাসকলে গৃহদেৱী হিচাপে ৰুন্তুক আৰু বাছেক পূজা কৰে। এই পূজা কৰা হয় ভূত-প্ৰেত, বেমাৰ-আজাৰ, বিপদ-আপদৰ পৰা হাত সাৰিবলৈ। তদুপৰি ধন- ধান কামনা কৰাও এই পূজাৰ অন্যতম উদ্দেশ্য। তেওঁলোকৰ ধাৰণা, ৰুস্তুক আৰু বাছেক বায়েক-ভনীয়েক। সেয়ে, একেলগে দুয়ো দেৱীকে পূজা কৰে। পূজাৰ সময়ত দেউৰীয়ে (পূজাৰী) তলত উদ্ধৃত স্তোত্ৰ উচ্চ সুৰে গাই দেৱীৰ আৰাধনা কৰে। “হল জল জিনু'উ হল জল জিউ সোনা নাগু নাবুউ হাতীৰই তাছাই