এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬
নতুন "ভোজন-ব্যৱহাৰ।"
সবাৰে শেহত আলহী ভাগত
চকা পানী টোপা পালে।
আলহী-চকুৱে দুচকু মুদালে;
ভজা মাছ মাটিতে থ’লে;
চুকত লুকুৱা বোন্দা মেকুৰীয়ে
থাপতে সামৰি ল'লে।
"লাগিবনে কিবা?" গহীন মাতেৰে
গৃহস্থে বাতৰি ল'লে;
ন আলহীয়ে মুখৰ লাজতে
নালাগে বুলিয়ে ক'লে।
আধাপেটী হ’ই, কোৱাৰি চেলেকি
আলহী পৰিল উঠি;
ন ৰান্ধনীয়ে চেতনা লভিলে
পালে ওৰণিয়ে ‘ছুটি'।
ৰাতি পুৱালতে সকলো কাহিনী
শুনি পালে নাৰী নৰ;
গতি-গোত্ৰ দেখি উজনিৰ আলহী
ভাটা এৰি দিলে লৰ।
⸻