এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
ৰহঘৰা।
নেদেখাকৈ ডাক-বঙলাতো
পাৰিব পাৰি পাত।
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।
(১১)
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।
পূৰ্ব্বে গুণ-কৰ্ম্মত চাৰি জাতি,
এতিয়া বাঢ়িল পো-নাতি;
উপজিলেই যাৰে তাৰে
বন্ধা পৈতৃক জাত।
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।
(১২)
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।
জাতেই আমাৰ ধৰ্ম্মৰ সাৰ;
ছুৱা-সজৰো সুন্দৰ বিচাৰ,
ৰান্ধি দিলে যদিও খাওঁ,
ছুলে নৰয় জাত।
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।