এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
চণ্ডাল-কুমাৰী।
সাষ্টাঙ্গে পৰি শিৱ-লিঙ্গত
কৰিলে নমস্কাৰ;
দেখি ভাবিলে কাঞ্চনমতীয়ে-
শিৱ তেওঁতকৈ চৰি।
নতুন প্ৰেমৰ নতুন ৰসত
ওফন্দি উঠিল হিয়া;
মনে মনে কৰিলে ঠিক
কৰিব শিৱক বিয়া।
এনেতে এটা হৃষ্ট পুষ্ট
কুকুৰ ওলাল তাত,
যাওঁতে গাটো ঘঁহাই গ'ল
শিৱ-লিঙ্গৰ গাত।
ভাবিলে কন্যাই সামান্য নহয়
সৰমানন্দন এওঁ।
দেখাতে ডাঙৰ শিৱতকৈও
নহয় সমান কেওঁ।
ইয়াকে ভাবি ধৰিলে পিচত
কাঞ্চনমতীয়ে লৰ;
কুকুৰে গ’ই কৰিলে প্ৰবেশ
পাই চণ্ডালৰ ঘৰ।
আধা সিজা বৰাৰ মঙহৰে
পেটটো ভৰাই ঠাচি;
আছিল এটা ডেকা চণ্ডাল
চোতালত ধেনু চাঁচি।