পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তেওঁৰ বয়স চাৰিকুৰি বছৰ হৈছিল। তেওঁ হেনো ভালেমান বছৰ জীয়াই থাকিব। তেওঁৰ দুকুৰি বছৰ বয়স হলে হেনো তেওঁ আৰু বৃন্দাবনত নেথাকিব, উত্তৰা খণ্ডত অৰ্থাৎ হিমালয়ৰ কোনো নিভৃত ঠাইত গৈ যোগত বহিব। এইদৰে কথা-বতৰা হৈ হেনো আমাৰ অসমীয়া বৈষ্ণৱ জনক সেই মহাবৈষ্ণবীয়ে বিদায় দিছিল। পাঠক-পাঠিকাসকল! এতিয়াও এই মহাপ্ৰাণ, মহাসতী, কৃষ্ণৰ আচল গোপী এই বৈষ্ণবী মাতৃজনা জীয়াই আছেনে নাই আমি কব নোৱাৰো। যদি যোগ সঁচা হয়, ভক্তিৰ বল সঁচা হয়, যদি যোগ বলেবে মানুহ দীৰ্ঘজীবী হব পাৰে তেন্তে এই মহাবৈষ্ণবী হয়তো বৃন্দাবনতে গুপ্তভাৱে, নহয় হিমালয়ৰ গতি ওখ ঠাহত সিদ্ধাশ্ৰমত--এতিয়াও জীয়াই আছে।