পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
হৰিশ্চন্দ্ৰ উপাখ্যান।

মহাশোকে হিয়ে ভুকু মাৰি নৰনাথ।
হাপুত্ৰ বুলি কতো আস্ফালন্ত মাথ॥
কত উঠি উঠি ৰাজা পড়ন্ত আছাৰে।
কন্দলি বৃক্ষক যেন বাতাসে উৎপাড়ে॥ ৩৯২
পুত্ৰ মুখে মুখদিয়া কৰন্ত বিলাপ।
কিমতে এড়াইবো আবে তোহোৰ সন্তাপ॥
ইটো চক্ষু মুখ নাসা কপোল দেখন্তে।
হিয়া ফুটি নযাই প্ৰভো আছোহো জীৱন্তে॥ ৩৯৩
কোনে খেদি আসিবেক মাতা মাতা বুলি।
হৃদয় আন্দোলে কাক কোলে লৈবো তুলি॥
কাৰ ধূলি মাটি মোৰ লাগিবে কোলাত।
ভোক লাগে বুলি কোনে লগাইবেক মাত॥ ৩৯৪
মোহোৰ কোলাত কোনে ঘুড়িবেক আন্ধি।
কোনেনো মুখত চুম্বা দিবে গলে বান্ধি॥
প্ৰাণতো অধিক মোৰ স্নেহৰ পুতাই।
কৈক যাস মোক শোক সাগৰে পেলাই॥ ৩৯৫
মৎস্য যেন তোক মই বিকিলো পাপীষ্ঠে।
সেহি কষ্টে মোক জানো এড়ি গৈলা নিস্তে॥
হ বিধি এতেক কৰিয়া ক্ষমা নাই।
সৰ্প হৈয়া খাইলে মোৰ পুত্ৰক দুনাই॥ ৩৯৬